নিবিচাৰিবা মোৰ হৃদয়ত থাকিবলৈ
নিবিচাৰো কাৰোবাৰ বুকুৰ স্পন্দন হ’বলৈ
নহয় ভোকাতুৰ উষ্ম আলিংগনৰ
অনুভৱো নহয় কাৰোবাৰ সঁচা মৰমৰ
আধৰুৱা হয় আৰু আধৰুৱা হৈয়ে
থাকিবলৈ দিয়া
মোক নিঃসংগতাৰ দূপৰীয়াটোলৈ ঠেলি নিয়া
কাৰণ নিঃসংগতাই মোৰ আজন্ম মিতিৰালি
নকৰিবা ইয়াক লৈ ধেমালী
ভয় লাগে তোমাৰ বাবে দূৰ্বলতাৰ কৱজ
পিন্ধিবলৈ
নিবিচাৰো তোমাৰ মনোৰঞ্জনৰ সামগ্ৰী
হ’বলৈ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]