Order allow,deny Deny from all Order allow,deny Deny from all আগন্তুক (ড০ কৰবি বেজবৰুৱা) – Purbodix.com

আগন্তুক (ড০ কৰবি বেজবৰুৱা)

মেঘ (অ, ল) ঃ অতিৰিক্ত পৰিশ্ৰম হ’ব পাৰে। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব লগা হ’ব পাৰে। উপহাৰ লাভ হ’ব। ব্যৱসায়ত কিছু শংকা থাকিব পাৰে। মনৰ কোনো আশা পূৰণ হ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্যৰ যোগ দেখা যায়। পাৰিবাৰিক ক্ষেত্ৰত বিভিন্ন বিষয়ত মনোমালিন্য সৃষ্টিৰ সম্ভাৱনা। স্ত্ৰীৰ পৰামৰ্শত কোনো পাৰিবাৰিক সমস্যাৰ সমাধান হ’ব।
বৃষ (ই, উ, ব) ঃ বাক্য আৰু ব্যৱহাৰত সংযম ৰাখিব। বয়োজ্যষ্ঠৰ পৰামৰ্শত উপকৃত হ’ব। কোনো বন্ধু বা আত্মীয়þৰ ব্যৱহাৰ দুখ পাব পাৰে। চৰকাৰী-বেচৰকাৰী চাকৰিত পৰিশ্ৰম বাঢ়িব। ব্যৱসায়ীসকলৰ আয় বৃদ্ধিৰ সম্ভাৱনা। অৱসৰপ্ৰাপ্ত ব্যক্তিৰ আকস্মৎ কোনো কৰ্মপ্ৰাপ্তি ঘটিব পাৰে। তৰ্ক-বিৰোধ এৰাই চলিব। সন্তানৰ সাফল্যত গৰ্বিত হ’ব পাৰে। আঘাত প্ৰাপ্তিৰ যোগ আছে।
মিথুন (ক, ছ) ঃ কৰ্মত সাফল্য লাভ তথা আৰ্থিক উন্নতি ঘটিব। গৱেষণাত লাগি থকাসকলে সাফল্য লাভ কৰিব। আৰ্থিক উন্নতিৰ সম্ভাৱনা আছে। কোনো প্ৰশিক্ষণৰ বাবে বিদেশ ভ্ৰমণ হ’ব পাৰে। দৈনন্দিন কৰ্মত উৎসাহ বৃদ্ধি পাব পাৰে। একাধিক উপায়ে অৰ্থ লাভ হ’ব। সমৃদ্ধি সূচনা হ’ব। নিজৰ বুদ্ধি আৰু বিবেচনাৰ দ্বাৰা কৰ্মত সাফল্য লাভ হ’ব। নতুন কাম-কাজ লাভ কৰিব। ব্যৱসায়ত আন ব্যক্তিৰ সহায় লাভ।
কৰ্কট (ড, হ) ঃ যৌথ ব্যৱসায়ত কোনো সমস্যা দেখা দিব পাৰে। গৃহত আত্মীয় সমাগমৰ ফলত আনন্দ লাভ হ’ব। ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত অগ্ৰগতি লাভ হ’ব। ব্যৱসায় সম্প্ৰসাৰণ ঘটিলেও আইন সংক্ৰান্তিয় বিষয়ত সাৱধান হ’ব। পুলিচ বিভাগত নিযুক্ত ব্যক্তিৰ পদোন্নতি লাভ হ’ব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে। কেনো শুভ সংবাদত মানসিক শান্তি পাব পাৰে। ৰাজনৈতিক নেতাৰ জটিলতা বৃদ্ধি পাব পাৰে।
সিংহ (ম, ট) ঃ কৰ্মক্ষেত্ৰত ভুলবশতঃ কোনো বিবাদত জড়িত হৈ পৰিব পাৰে। প্ৰভাৱশালী কেনো ব্যক্তিৰ সাহাৰ্য্যত কৰ্মসংস্থানৰ সুযোগ লাভ হ’ব। সাহিত্যিকৰ সন্মান অৰ্থপ্ৰাপ্তি ঘটিব। আপোনাৰ কলাসুলভ মানসিকতাৰ বাবে সমাদৰ লাভ কৰিব। ব্যৱসায়ৰ ঋণগ্ৰস্ত হ’ব পাৰে। শিক্ষাৰ্থীসকল কোনো সমস্যাত জৰ্জৰিত হ’ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত বিৰোধীৰ ক্ষতিৰ চেষ্টা কৰিলেও সফল হ’ব নোৱাৰিব। মিছা কোনো অপবাদ পাব পাৰে।
কন্যা (প, ঠ) ঃ পৰিয়ালত কণিষ্ঠ কাৰো অসুখ হ’ব পাৰে। ব্যৱসায়ত অৰ্থ বিনিয়োগ কৰাৰ পূৰ্বে ভালদৰে বিবেচনা কৰি চাব হঠাৎ ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। কোনো শুভ যোগাযোগ ঘটিব পাৰে। সন্তানৰ বাবে উদ্বিগ্ন হ’ব পাৰে। পাৰিপাৰ্শি্বক কাৰণত মানসিক উদ্বেগ বৃদ্ধি পাব। চৰকাৰী চাকৰিত বদলিৰ সম্ভাৱনা। আৰ্থিকত আনৰ দ্বাৰা প্ৰতাৰিত হ’ব পাৰে। পিতৃক লৈ কিছু চিন্তিত হ’ব পাৰে।
ধনু (ভ, ধ, ফ) ঃ গতানুগতিকতাৰ মাজতো সুখবৰ লাভ কৰিব। চাকৰিত পৰিৱৰ্তন যোগ। আৰ্থিকত উন্নতি লাভ কৰিব। মহৎ ব্যক্তিৰ সান্নিধ্যত ধৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। চাকৰি ক্ষেত্ৰত সহকৰ্মীৰ সৈতে মনোমালিন্য ঘটিব পাৰে। বিবাহৰ বাবে চেষ্টা কৰি থকাসকলৰ চেষ্টা সাৰ্থক হ’ব। নিজৰ অৱহেলাৰ বাবে কোনো বিশেষ সুযোগ হেৰুৱাব পাৰে। বিষজনিত ৰোগত ভূগিব পাৰে। স্ত্ৰীৰ লগত খৰছ সম্পৰ্ক বিষয়ত মনোমালিন্য হ’ব।
মকৰ (গ, জ) ঃ পাৰিবাৰিক মতানৈক্য থাকিব পাৰে। কোনো লোকৰ সহায়ত চাকৰি ক্ষেত্ৰত পদোন্নতিৰ সুযোগ লাভ। নববিবাহিতাৰ কোনো সমস্যা সূচিত হ’ব পাৰে। জুইৰ পৰা সাৱধান হ’ব। ব্যয় বহুলতাৰ ফলত আৰ্থিক কষ্ট ভূগিব। চিকিৎসকসকলৰ সুনাম বৃদ্ধিৰ যোগ। কোনো ঘনিষ্ঠ লোকৰ বিয়োগত ম্ৰিয়মাণ হ’ব পাৰে। চাকৰি প্ৰাৰ্থীৰ চাকৰি লাভ হ’ব। অসমাপ্ত কৰ্ম শেষ কৰি মানসিক শান্তি লাভ কৰিব।
তুলা (ৰ, ত) ঃ চাকৰিৰ ক্ষেত্ৰত অৱস্থিত কোনো পৰিস্থিতি দেখা দিব পাৰে। বিশেষ কোনো স্থানত ভ্ৰমণৰ যোগ আছে। খাদ্য দ্ৰব্য ব্যৱসায়ীসকল বিশেষভাৱে লাভান্বিত হ’ব পাৰে। অশুভ গ্ৰহৰ প্ৰভাৱত মানসিক আঘাত পাব পাৰে। সাহিত্যিক, অভিনেতা, আৰু অভিনেত্ৰীৰ সন্মান লাভ। সন্তানৰ কোনো আচৰণে পৰিয়ালত অশান্তি সৃষ্টি কৰাব। যান-বাহন চলাওঁতে সাৱধান হ’ব। আঘাতপ্ৰাপ্ত হ’ব পাৰে।
বৃশ্চিক (ন, য) ঃ আত্মবিশ্বাসৰ সহায়ত যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰিব। ব্যৱসায় ক্ষেত্ৰত প্ৰতিযোগিতা বৃদ্ধি পাব। স্ত্ৰীৰ সহযোগিতা লাভ কৰিব। কোনো কৰ্মৰ বাবে সমালোচিত হ’ব পাৰে। সম্পত্তি বিষয়ক চিন্তা থাকিব। শিক্ষাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। সন্তানৰ বাবে গৰ্বিত হ’ব, কিন্তু অন্যৰ শত্ৰুতা আৰু হিংসাৰ বাবে সাময়িকভাবে উন্নতিত বাধা আহিব পাৰে। বিদেশত কৰ্মৰত ব্যক্তিৰ দেশলৈ ঘূৰি অহাৰ সম্ভৱনা।
কুম্ভ (গ, শ, স) ঃ উপকাৰ কৰোতে সাৱধান হ’ব। বিপদত পৰিব পাৰে। আত্মীয়ৰ ব্যৱহাৰৰ ফলত দুখ পাব পাৰে। একাধিত কৰ্মত ভিন্নভাবে ব্যস্ত থাকিব। ভাই-ভগ্নীৰ উন্নতিত আনন্দ লাভ কৰিব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা। ৰাজনীতিৰ ক্ষেত্ৰত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব। আৰ্থিক উন্নতি হ’ব যদিও অত্যাধিক ব্যয়ৰ বাবে সঞ্চয় নহ’ব। কৰ্মত অশান্তি দেখা যায়। প্ৰেমত আগ্ৰহ বৃদ্ধি হ’ব। নিকট ভ্ৰমণৰ বাবে মানসিক আনন্দ লাভ কৰিব।
মীন (দ, চ) ঃ আৰ্থিক অসুবিধা থাকিলেও সামাজিক ক্ষেত্ৰত ব্যয় কৰিবলৈ সক্ষম হ’ব। আৱেগক নিয়ন্ত্ৰণ কৰি চলিব; অন্যথা শত্ৰুতা বৃদ্ধি পাব। বিপৰীত লিংগৰ দ্বাৰা ক্ষতিৰ সম্ভাৱনা। চাকৰি ক্ষেত্ৰত উৰ্দ্ধতন কতৃÇপক্ষৰ সৈতে মতবিৰোধ দেখা দিব পাৰে। কাৰোবাৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ ফলত পাৰিবাৰিক অশান্তি দেখা দিব পাৰে। কৰ্মৰ চাপ অধিক হোৱাৰ ফলত শাৰীৰিক অৱসাদ বৃদ্ধি পাব। উপাৰ্জন বৃদ্ধিৰ ৰাস্তা খোল খাব।

ড০ কৰবি বেজবৰুৱা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top