অৰুণিমা মজুমদাৰ নতুনকৈ আহিছে কংক্ৰীটৰ অৰণ্য গুৱাহাটীলৈ। দুমাহ আগত তাই শিৱসাগৰৰ পৰা আহিছে, ইয়াত থকা ব্যক্তিগত ব্যৱসায়ীক প্ৰতিষ্ঠান এটাত বৰ্তমান কৰ্মৰত তাই। অৰুণিমাক লৈ জ্যোতিনগৰ মানে তাই থাকিবলৈ লোৱা ঠাইখিনি আৰু তাইৰ কৰ্মস্থান শিলপুখুৰী যথেষ্ট উৎসুক। দেখিবলৈ সাংঘাটিক ধুনীয়া নহ’লেও তাইৰ দীঘল জোঙা নাকটো আৰু ৰহস্যময় চুকুযুৰিৰ সৈতে তাই ধুনীয়াৰ শাৰীতে পৰে। সদায় অকলশৰে ন’মান বজাত তাই অফিচলৈ যায় আৰু সন্ধিয়া ছয়মান বজাত উভতি আহে। তাই অহা-যোৱা কৰা সময়খিনিত তাইক চাবলৈ বাটত বহুত মানুহ ৰৈ থাকে কিছুমানে ৰ’ লাগি আৰু আন কিছুমানে চাওঁ নাচাওঁকৈ তাইলৈ চায়। অৰুণিমাই সকলো জানিও অৱজ্ঞা কৰি তাইৰ কাবোৰ কৰি যায়। বজাৰ সমাৰো তাই অকলেই কৰে। তাইৰ প্ৰতিষ্ঠানটো গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠান হোৱাহেতুকে তাই সদায় বিভিন্ন মানুহৰ লগত কথা-বতৰা হ’ব লাগে তাৰে কিছুমানে তাইক সন্মানৰ চকুৰে আৰু আন কিছুমানে বৰ অসহায় অনুভৱ কৰিব লগা চাৱনিৰে আইলৈ চায়। অফিচৰ স্বত্ত্বাদিকাৰীজনক তাই দেউতাকৰ চিনাকিসূত্ৰে বৰতা বুলি সম্বোধন কৰে। লোহিত্য বৰুৱাইও তাইক জীয়েকৰ দৰে মৰম কৰে। প্ৰায়ে তাইৰ সুবিধা অসুবিধাৰ বুজ লয়। ইয়াৰ বাবে অৰুণিমা লাহে লাহে তাইৰ কিছুসংখ্যক সহকৰ্মীৰ ঈৰ্ষাৰ পাত্ৰীও হৈ পৰিছে। অইনবোৰে অৱশ্যে কথাটো সহজভাৱে লৈছে। এদিনাকন অৰুণিমাহঁতৰ অফিচলৈ এজন সুদৰ্শন যুৱক আহিল গাড়ী ক্ৰয়ৰ আৰ্থো ল’ৰাজনক দেখি অৰুনিমাৰ দুই অবিবাহিতা সহকৰ্মী তথা অৰুণিমাৰ বান্ধৱী ৰিমলী আৰু নীহাৰিকাই যথেষ্ট সপ্ৰতিভ ধৰণে তাক আকৰ্ষণৰ চেষ্টা চলালে। কিন্তু ল’ৰাজনে তেওঁলোকৰ সকলো আঁচনিক উপেক্ষা কৰি অৰুণিমাৰ টেবুলৰ ওচৰলৈ গৈ ক’লে, “এস্কুইজ মি, মিছ…” তাইৰ মূৰ তুলি চাই ক’লে–“অৰুণিমা, হয় কওকচোন”। ল’ৰাজনে ক’লে, “হাই, মই ৰণোজ্জ্বল চহৰীয়া, লোহিত্য আংকলক লগ পাম নেকি•” অৰুণিমাই ক’লে, “অকণমান ৰ’ব মই তেখেতক সুধি আহোঁ। তাই গৈ লোহিত্য বৰুৱাক ক’লে, “ধৰতা মিঃ ৰণোজ্জ্বল চহৰীয়াই আপোনাক দেখা কৰিব বিচাৰিছে।” বৰুৱাই ক’লে তেখেতক আহিবলৈ কোৱা, তাই আহি ক’লে, আপুনি যাব পাৰে। অলপ পিছত অফিচৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হেমেন আহি অৰুণিমাক ক’লে, বাইদেউ আপোনাক ছৰে কেবিনলৈ মাতি পঠিয়াইছে। অৰুণিমা যোৱাত লোহিত্য বৰুৱাই ৰণোজ্জ্বলৰ ফালে আঙুলিয়াই ক’লে, “মাতু (অৰুণিমাৰ ঘৰুৱা নাম) এয়া মোৰ স্কুলীয়া সহপাঠী আৰু বিখ্যাত ব্যৱসায়ী তথা বন্ধু প্ৰতাপ চহৰীয়াৰ একমাত্ৰ ল’ৰা আৰু ৰণ এয়া মোৰ বন্ধু দিগন্ত হাজৰিকাৰ কন্যা অৰুণিমা” ৰণোজ্জ্বলে ক’লে, “আংকল ইতিমধ্যে আমি চিনাকি হৈছোঁ।” লোহিত্য বৰুৱাই ক’লে “হয় নেকি• বাৰু মাতু, ৰণে কিবা এক কামত আহিছে, মই কামখিনি অলপ আবঢ়াই দিছোঁ বাকীখিনি কাম তুমি চাই দিবা”। তাই হ’ব বৰতা বুলি শলাগি কেবিনৰ পৰা ওলাই আহিল। লগতে ৰণো ওলাই আহিল। অৰুণিমাই যাৱতীয় কামখিনি কৰি কাগজগখন পত্ৰখিনি ৰণলৈ আগবঢ়াই দি ক’লে, “মিঃ চহৰীয়া আপুনি পেমেণ্টখিনি দি এতিয়াই গাড়ীখন লৈ যাব পাৰিব”। ৰণে চেক এখনত এমাউণ্ট লিখি চহী কৰি অৰুণিমাৰ হাতত জমা দিলে আৰু গাড়ীখন লৈ ওলাই গ’ল। তাৰ পিছৰ পৰা ৰণোজ্জ্বল কিবা কিবি কামৰ অজুহাতত অৰুণিমাৰ অফিচলৈ ঘনাই আহি থাকিল। আৰু অৰুণিমাৰ বাহিৰে সকলোৰে লগত সহজ হৈ পৰিল। অফিচৰ প্ৰত্যেকে কথাটো লক্ষ্য কৰিলে। ৰণে অৰুণিমাক লৈ আগ্ৰহী। অৰুণিমাই বুজি পায়ো ৰণক লৈ কোনো আগ্ৰহ নেদেখুওৱাত সকলো আচৰিত হ’ল। নীহাৰিকাইতো প্ৰকশ্যে এদিন কৈয়ে পেলালে, “ৰুণি তই সকলো জানিও চকু মুদা কুলিৰ ভাওঁ জুৰিছ কিয়• কিয় তই ৰণক ইমান দূৰত ৰাখিছ•” নীহাৰিকাৰ কথা শুনি অৰুণিমাই ক’লে “তই নুবুজিবি নীহা, জীৱন ইমান সহজ নহয়।মই বিচাৰিলেও কিছুমান সিদ্ধান্ত ল’ব নোৱাৰোঁ। বাৰু বাদ দে এইবোৰ মইতো ইয়ালৈ অহা প্ৰায় ছমাহ হ’ব অথচ তহঁতে এবাৰো মোৰ ঘৰলৈ যোৱা নাই, কালিটো ৰবিবাৰ, তহঁত আটাইকেইটা কালিলৈ মোৰ ঘৰতে দুপৰীয়াৰ সাঁজ খাবি বৰতাকো কম আৰু কালিলৈ তোক উত্তৰ দিম কিয় ৰণক মই নিজৰ কৰি ল’ব নোৱাৰোঁ। তই মাত্ৰ মোৰ এটা কাম কৰি দিবি ৰণক ফোন কৰি মোৰ ঘৰলৈ নিমন্ত্ৰণ জনাবি”। পিছদিনা আটায়ে উৎসুক মন এটা লৈ অৰুণিমাৰ ঘৰলৈ গ’ল। অৰুণিমাই প্ৰত্যেকক বহিবলৈ দি মাত লগালে “মাধৱকাই আটাইলৈ চাহ আনা”। আটায়ে চাহ খালে। তোমালোকক এটা বস্তু দেখুৱাম বুলি অৰুণিমা ভিতৰলৈ গ’ল, প্ৰত্যেকেই বৰ উৎকণ্ঠাৰে বিশেষকৈ ৰণে অৰুণিমা অহালৈ অপেক্ষা কৰি থাকিল। অলপ পিছত এজনী টোপনি গৈ থকা ১০ মহীয়া কেঁচুৱা লৈ তাই ওলাই আহিল আৰু ক’লে, “এয়া মোৰ ছোৱালী ৰিদ্ধিমা”। আটাইকেইটা শিল পৰা কপৌৰ দৰে ঠাইতে বহি ৰ’ল মাথোঁ অৰুণিমাই কৈ গ’ল– “মোৰ বিয়া হৈছিল পৰশ মজুমদাৰৰ সৈতে। তেওঁ কলিয়াবৰৰ আছিল যদিও গড়কাপ্তানী বিভাগৰ চাকৰিসূত্ৰে তেওঁ শিৱসাগৰৰ আমাৰ ঘৰৰ ওচৰত ভাড়াঘৰ লৈ আছিল। লাহে লাহে গঢ়ি উঠা আমাৰ প্ৰেমৰ সম্পৰ্ককক আমি এদিন বিয়াৰ ৰূপ দিছিলোঁ। আমি দুয়ো বৰ সুখত আছিলোঁ। এদিন পৰেশ কিবা কামৰ বাবে কলিয়াবৰলৈ যাব লাগে বুলি কৈ গুচি গৈছিল। পিছদিনা খবৰ পাইছিলোঁ পৰশৰ এক্সিডেণ্ট হৈছে। মই আৰু দেউতা আহি নগাঁৱৰ হাস্পাতালত পৰশক শেষ মুহূৰ্তত গৈ লগ পাইছিলোঁ। নাৰ্ছজনীয়ে আমাক কৈছিল দুৰ্ঘটনাৰ সময়ত পৰশৰ লগত এজনী তিৰোতা আৰু এটি কণমানি শিশুও আছিল। তিৰোতজনীৰ ঘটনাস্থলীতে মৃত্যু হৈছিল যদিও কণমানি শিশুটি দৈৱক্ৰমে ৰক্ষা পৰিছিল। পৰশৰ মুখেৰে মই মোৰ দুৰ্ভাগ্যৰ চৰম কাহিনী শুনিছিলোঁ, সি হেনো প্ৰায় মোৰ লগতে সমসাময়িকভাৱে আৰু এজনী ছোৱালীক পত্নীৰ মৰ্যাদা দিছিল। তাইৰ নাম আছিল উপাসনা যাৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ছোৱালীজনী সিহঁতৰে। পৰশক মই সুধিছিলোঁ মোক ইমান চৰম বিশ্বাসঘাটকতা কিয় কৰিলে। কিন্তু ইয়াৰ উত্তৰ দিয়াৰ আগতে পৰশ গুচি গৈছিল হয়তো উপাসনাৰ ওচৰলৈ। নাৰ্চগৰাকীয়ে অভিভাৱক হিচাপে মোক সুধিছিল কেঁচুৱাটোক কি কৰিব• মই তৎমুহূৰ্ততে সিদ্ধান্ত লৈছিলোঁ আমাক নিয়তিয়ে আৰু পৰশে বিশ্বাসঘাটকতা কৰিছে গতিকে এতিয়াৰ পৰা আমি এটাই আনটোৰ সহযাত্ৰী হ’ম। তাইৰ নাম কি আছিল মই জনা নাছিলোঁ মোৰ দেউতাই মোৰ সিদ্ধান্তক সন্মান জনাই কেঁচুৱাটিক ৰিদ্ধিমা নাম দি নাতিনী হিচাপে মানি লৈছিল। শিৱসাগৰত কথাটো ৰাজহুৱা কৰিব নিবিচাৰি মোৰ মন ভাল লগাবলৈ দেউতাই পৰিৱেশ সলনি কৰাৰ কথা চিন্তা কৰি বৰতাৰ সৈতে মোৰ সংস্থাপনৰ কথা পাতি মোক আৰু মাধৱকাইক ইয়ালৈ পঠিয়াই দিছিল। এখেতেই মোক মাৰ মৃত্যুৰ পিছত চোৱাচিতা কৰিছিল আৰু এতিয়া মাধৱাকাইয়ে মোৰ অনুপস্থিতিত ৰিদ্ধিমাক চোৱাচিতা কৰে। গতিকে এতিয়া আপোনালোকে কওক মোৰ সকলো কথা জানি মোক কোনে আঁকোৱালি ল’ব• ৰণ, তুমি কোৱা, তুমি ল’বা মোক জীৱনসংগী কৰি।” তন্ময়তা ভাহি সি ক’লে, “মই ঘৰলৈ যাব লাগে”। এই বুলি কৈ ৰণ ওলাই গ’ল। অৰুণিমাই ক’লে, “নীহা, এতিয়া তুমি তোমাৰ উত্তৰ পালানে”• নীহাৰিকাই মৌন হৈ মাথোঁ তলমূৰ কৰিলে। সেইদিনা যেনেতেনে ভাত খাই সকলো অৰুণিমাৰ ঘৰৰ পৰা ওলাই গ’ল। পিছদিনা অৰুণিমা অফিচ গৈ পোৱাৰ আগতে ৰণোজ্জ্বল আৰু মাক ৰৈ আছিল। অৰুণিমাক সুপ্ৰভাত জনাই ৰণে ক’লে, “ৰুণি, তুমি যদি সন্মত হোৱা মই ৰিদ্ধিমাৰ পিতৃৰ দায়িত্ব ল’ব বিচাৰোঁ।” মিছেছ চহৰীয়াই ৰণৰ কথাত যোগ দি ক’লে, “ৰণে মোক সকলো কৈছে। তোমাক আৰু ৰিদ্ধিমাক পালে আমাৰ ঘৰখন সম্পূৰ্ণ হ’ব”। অৰুণিমাই সেমেকা দুচকুৰে ৰণলৈ বাকৰুদ্ধ হৈ চাই থাকিল।