by Arup Kakoti
ঢোলৰ চাপৰে মনবোৰ ৰোমাঞ্চিত কৰি তোলে প্ৰতিজন অসমীয়াৰ। ন – ন কুঁহিপাতে যেন মিচিকি হাঁহে। কপৌ, তগৰৰ গোন্ধই আমোলমোলাই উঠে সেউজী ধৰা। বসন্তত হেঁপাহবোৰে যেন পোখা মেলে। যোৱা বসন্তত মহামাৰীৰ আতংকই নিস্তব্ধ কৰি তুলিছিল নববৰ্ষৰ আনন্দ। দুঃচিন্তা আৰু অনিশ্চয়তাই গ্ৰাস কৰিছিল মানুহৰ মন। সেয়ে এই বসন্তত নেদেখাজনৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছোঁ, ন কঁহিপাতে ধৰালৈ আনক হেৰাই যোৱা সপোন আৰু সম্ভাৱনাবোৰ। এইমাহৰ মায়াত আপোনালোকৰ বাবে আগবঢ়াইছোঁ সংস্কৃতিৰ পথাৰত ব্যস্ত হৈ থকা কেইগৰাকীমান সংস্কৃতিৰ সাধকৰ বসন্তৰ পৰিকল্পনা। পূৰ্বদিশ আলোচনীৰ তৰফৰ পৰা তেওঁ লোকলৈ জনাইছোঁ অনাগত শুভদিনৰ বাবে শুভকামনা।
বিপিন চাওদাং (কণ্ঠশিী)
“নাহৰ পাত এখিলি থিয় সমনীয়া
নাহৰ পাত এখিলি থিয়
ককা আজোককাই বিহু গাইয়ে গলে
আমিবা নগামে কিয়”
নমস্কাৰ। মই বিপিন চাউদাং। চাওঁতে চাওঁতে আকৌ পালেহি মনোমোহা ঋতু বসন্ত। কপৌ ফুল ফুলিলে, কুলিয়ে কান্দিলে, গছে পতে সলালে। লগে লগে পালেহি অসমীয়া জাতিৰ আয়ুস ৰেখা চেনেহৰ ৰঙালী বিহুটি। গতিকে এই ছেগতে এই আভাজনৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ স্নেহ, শ্ৰদ্ধা আৰু আগন্তুক ৰঙালী বিহুত শুভেচ্ছা জনালোঁ। যোৱাবছৰ কৰুণা ভাইৰাছে কালৰূপে থিয় দি মানুহৰ জীৱন জীৱিকাৰ পথ দিশহাৰা কৰিলে। সকলো মানুহৰ লগতে আমাৰ সাংস্কৃতিক কৰ্মীসকলে হতাশাত ভুগিব লগা হ’ল। কিন্তু আমি এইবাৰ সকলো আশাবাদী মতে আমাৰ জীৱনলৈ আৰু সেই অভিসপ্ত দিনবোৰ নাহক। আৰু সেই হেঁপাহেৰে আমি চেনেহৰ ৰঙালী বিহুটিত অসমৰ গাঁৱে-ভূঞে গীত পৰিবেশন কৰিবলৈ ককাঁলত টঙালী বান্ধি সাজু হৈছোঁ। সেয়েহে অসমৰ বিহুবলীয়া ৰাইজক যাতে আমাৰ বিহু নামেৰে নচোৱাব পাৰো, হহোঁৱাব পাৰো তাৰ বাবে আশীৰ্বাদ বিচাৰি শ্ৰোতা জনতালৈ দুহাত মেলি দিলোঁ।
সোণিত গগৈ (গীতিকাৰ, সুৰকাৰ, পৰিচালক) কেইবাবছৰো হ’ল বিহুত মোৰ ওপজা-আপোন গাঁওখনলৈ যোৱা নাই ককাই ভাইবোৰৰ সৈতে লগে ভাগে বিহু খোৱা নাই, হুঁচৰি গোৱা নাই। বিহুৰ আগে আগে কৰি থকা বিহু আৰু বিহুসুৰীয়া গানসমূহৰ কাম শেষ কৰি এইবাৰ ঘৰৰফালে এপাক মাৰিম বুলি ভাবিছোঁ। মনটো সতেজ কৰি লৈ ঘূৰি আহি, বহুদিনৰ পৰা পৰিকল্পনা কৰি থকা অথচ হৈ নুঠা নিৰ্দিষ্ট কাম কেইটামান এইবাৰ কিন্তু কৰি শেষ কৰিমেই।
ৰাইজক আমোদ দিয়া কামবোৰ কৰি থাকোঁতে নিজৰ দেহাৰ আৰু পৰিয়ালৰ কথা ভাবিবলৈ সময়েই নাই বুলি ওলাওঁতে সোমাওঁতে সততে শুনিবলৈ পোৱা কথাষাৰৰ চোকটোও – এইকেইটা দিনতেই অলপ হ’লেও কমাবলৈ চেষ্টা কৰিম।
সংগীতা কাকতি (লতাশিল বিহু সম্ৰাজ্ঞী ২০০৫ বৰ্ষ)
পূৰ্বদিশ আলোচনীৰ জৰিয়তে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহু আহিলেই বিহু কৰ্মশালাবোৰত ব্যস্ত হৈ পৰো যদিও যোৱাবছৰ আমি কোনেও ৰঙালী বিহু উদযাপন কৰিব নোৱাৰিলোঁ। সাংগাতিক এটা বেয়া সময় পাৰ হৈ গ’ল। এইবাৰ মই পুনৰ বিহু কৰ্মশালাবোৰত বিহু নৃত্য শিকোৱাৰ সুবিধা পাইছোঁ। বিশেষকৈ Dy365 চেনেলৰ Dy বিহুৰাণীৰ সৈতে মই জড়িত। অসমৰ সকলো জিলাত বিহুৰ প্ৰশিক্ষণ দি এগৰাকীক নৃত্যশিল্পী নিৰ্বাচন কৰি ইতিমধ্যে বাকী কামবোৰো আৰম্ভ হৈছে। প্ৰতিযোগিতাৰ সময়ছোৱাত বিচাৰক হিচাপে থকাৰ সৌভাগ্য ঘটিছে। সম্পূৰ্ণ এবছৰ বিৰতিৰ পাছত অসমৰ বিভিন্ন ঠাইত বিহু নাচনী নিৰ্বাচন কৰিবলৈ গৈ বৰ আনন্দ লাগিছে। ঢোল, পেঁপাৰ শব্দৰ মাজত এক যাদুকৰি মায়া সোমাই আছে। ৰঙালী বিহুটিক যোৱা বছৰ আদৰিব নোৱাৰি প্ৰতিজন অসমীয়াই অতি মনোকষ্ট পাইছিল। দুঃসময় দুনই আৰু নাহক। এয়ে ঈশ্বৰৰ ওচৰত অকৃত্ৰিম প্ৰাৰ্থনা।
বৰ্ণালী কলিতা (কণ্ঠশিী)
সকলোকে আগন্তুক ৰঙালী বিহুৰ ওলগ জনালোঁ। আগন্তুক বসন্তত অনেক পৰিকল্পনা আছে। সুবিধা অনুযায়ী কামবোৰ অলপ অলপকৈ কৰি গৈছো। অসমৰ বিভিন্ন মঞ্চত বিহু গাবলৈ নিমন্ত্ৰণ পাইছো। বাদ্যযন্ত্ৰ সংগীসকলৰ সৈতে প্ৰায় সাজু হৈ উঠিছো। মোৰ নতুন গীত ‘ঠিকনা বিচাৰি’, ‘জেং বিহু’, মতলীয়া ফাগুণৰ কাম প্ৰায় সমাপ্তিৰ পথত। চিনেমা এখন কৰাৰ খুব হেপাহ আছে। পিছে এই কেইনিদতে আৰম্ভ কৰিব নোৱাৰিম। কিছুদিন সময় লৈ কৰিবলৈ চেষ্টা কৰিম। এটা ভাল খবৰ আছে যে মই মোৰ শৰীৰৰ পৰা ২৩ কিলো চৰ্বি কম কৰিলো আৰু ১২ কিলো কমাবলৈ প্ৰয়াস কৰি আছো। এইবাৰ বিহু মঞ্চত আগৰ সেই শকত বৰ্ণালীৰ সলনি এটা ভাল শৰীৰৰ গৰাকী বৰ্ণালীক দেখা পাব। আৰু এটা কথআ ক’ব লগা আছে– সংগীত ভাল পোৱা প্ৰায় মানুহেই আজিকালি গায়ক-গায়িকাসকলৰ নতুন কি গান কৰিছে সেই কথাত গুৰুত্ব প্ৰাদন কৰে যদিও মঞ্চত আকৌ তেওঁলোকে
আগতে গোৱা পুৰণি গীত গাবলৈ অনুৰোধ কৰে। নতুন গানৰ প্ৰতি হাবিয়াস দেখিলে প্ৰতিজন গায়ক-গায়িকাৰ মানসিক ছাপ বাঢ়ি যায়। এতিয়া প্ৰশ্ন হয় বিহু মঞ্চত গীত গাবলৈ এটা নতুন গান কৰিবই লাগিব নেকি• শ্ৰোতাই প্ৰকৃততে এটা নতুন গান কৰিবই লাগিব নেকি• শ্ৰোতাই প্ৰকৃততে কণ্ঠস্বৰ ভাল পায় নে নতুন গান• আচলতে শ্ৰোতাইহে নিৰ্ণয় কৰা উচিত যে আমাৰ পৰা তেওঁলোকে কি বিচাৰে• মোৰ বোধেৰে এগৰাকী সংগীত সাধকৰ কণ্ঠক আদৰণি জনাইহে তেওঁক আগুৱাই যাবলৈ শ্ৰোতাই আশীৰ্বাদ দিয়ক।
মণ্টুমণি শইকীয়া (কণ্ঠশিী)
অসমৰ সমূহ ৰাইজলৈ বসন্তৰ ওলগ জনালোঁ। বিহুৰ পৰিকল্পন বুলি ক’বলৈ গ’লে বিহু মঞ্চবোৰৰ বাবে সাজু হৈছো অসমৰ ৰাইজৰ আশীষ বুটলিবলৈ। মোৰ নতুন দুটা গান বুলি খুড়ী আৰু ৰঙা নীলা পখিলাক শ্ৰোতাই যেনেদৰে আদৰি লৈছে তাৰ বাবে তেওঁলোকৰ ওচৰত মই চিৰঋণী। বিহুৰ অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰাৰ কাম আৰম্ভ হৈছেই। কেইটামান অনুষ্ঠআন কৰিলো আৰু বিহুৰ সময়ছোৱাত অসমৰ বিভিন্ন মঞ্চত গীত গাবলৈ আমন্ত্ৰণ পাইছো। যোৱা বছৰ মহামাৰীৰ আতংকত সময়বোৰ পাৰ হ’ল। বিহু মঞ্চবোৰত ৰাইজৰ প্ৰত্যক্ষ মৰম আৰু সঁহাৰিৰ পৰা আমি বঞ্চিত হৈছিলো। এইবাৰ ৰাইজৰ চেনেহে বুটলিবলৈ যাব পাৰিছো বাবে মনটো ভাল লাগিছে। বিহু অনুষ্ঠাবোৰ কৰিবলৈ যাওঁতে বহুঠাইত শেষৰ ফালে অপ্ৰীতিকৰ ঘটনা ঘটে। বিহু সমিতিবোৰে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি সুন্দৰ অনুষ্ঠান আয়োজন কৰক। প্ৰত্যেকেই একতাৰ বান্ধোনেৰে বান্ধ খাই থাকক। সম্প্ৰীতি, ভাতৃত্ববোধ জীয়াই ৰাখক তাকে অন্তৰৰ পৰা কামনা কৰিলো।
দ্বীপজ্যোতি কেওঁট (জন¿¶য় অভিনেতা, বেহৰবাৰী আউট প©)
প্ৰথমেই পূৰ্বদিশ আলোচনীৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজক বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। বিহু মঞ্চত পৰিৱেশন কৰিবলৈ আমি নৃত্যৰ আখৰা কৰি আছো। নতুন নতুন কৌতুক লৈ ৰাইজৰ মাজলৈ আহিম বুলি ভাবিছো। বিহু গীতেৰে আমাৰ মঞ্চৰ অনুষ্ঠানৰ আৰম্ভণি কৰিম। নৃত্য, গীত, কৌতুকৰ সমাহাৰেৰে আমি সাজু হৈছো। মই ঢোল বজাই বৰ ভাল পাওঁ। পুৰণি ঢোলটো টনোৱাই বজাব পৰা কৰি লৈছো। বিহুৰ ওপৰত আমাৰ বেহৰবাৰী ধাৰাবাহিকখনতো নতুন খণ্ড পল্লৱদাই সাজু কৰিব। বেহৰবাৰী আউট প’ষ্ট ধাৰাবাহিকখনক দৰ্শকে ইমান মৰম দিয়াৰ বাবে সমূহ কলা-কুশলীৰ হৈ মায়াৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিলো। ২০২০ বৰ্ষৰ মৃত্যুৰ শংকাবোৰ দুনাই ঘূৰি নাহক। অসমীয়া নৱবৰ্ষ প্ৰতিজন অসমীয়াই আনন্দেৰে পালন কৰিব পৰা হওঁক বুলি ঈশ্বৰৰ ওচৰত খাটিছো। সকলোৰে ভাল হওঁক। কুশলে থাকক।
গীতাঞ্জলী দাস (কণ্ঠশিী)
অসমীয়া পূৰ্বদিশ আলোচনীৰ জৰিয়তে বহাগ বিহুৰ শুভকামনা জনালোঁ। আগন্তুক বিহুত অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছো। বিহুৰ পূৰ্বেও বহুকেইটা অনুষ্ঠান কৰাৰ সৌভাগ্য হ’ল। মোৰ নতুন গান এটা ৰাইজৰ বাবে সাজু কৰিলো। গীতটিৰ কথা-সুৰ ৰমেন দানাহৰ আৰু সংগীত কৰিছে উজ্জ্বল আৰঙে। বিহুৰ আগে আগে বিহুক লৈ এটা গীত কৰাৰ পৰিকল্পনা চলি আছে। হয়তো ঈশ্বৰে লগ দিলে শ্ৰোতাই শুনিবলৈ পাব। গৰু বিহুৰ দিনা মোৰ জন্মদিন। সেইদিনটোত অনুষ্ঠান থাকে বাবে ঘৰৰ মানুহৰ সতে সময় পাৰ কৰিবলৈ সুবিধা নাপাওঁ। ওপজা দিনটোত ৰাইজৰ আশীষ বুটলাৰ এটা সুযোগ পাওঁ, সেয়া মোৰ বাবে সৌভাগ্যৰ কথা বুলি মই ভাবো। কোভিড ১৯ ৰ বৰ্ষটো আমাৰ দৰে সাংস্কৃতিক কৰ্মীসকলৰ বহুত সমস্যা হৈছিল। এই নতুন বৰ্ষটিয়ে আটাইলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনক, ভাল দিনবোৰ উভতি আহক, সেয়াই মনৰ পৰা আশা কৰিলো।
নিৰ্মালী দাস (কণ্ঠশিী)
সকলো অসমীয়া ৰাইজৰ আশিৰ্বাদ শিৰত প্ৰস্তুতি চলাই আছো এইবাৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ। যোৱাবাৰ বিহুৰ আগে আগে কিছুমান বিহু সমিতিয়ে মোৰ সতে যোগাযোগ কৰিছিল। সেই পুৰণা সমিতিকেইখনে এইবাৰো মোক নিমন্ত্ৰণ কৰিছে। আমি যোৱা ২০২০ বৰ্ষত কোনেও অনুষ্ঠান পৰিৱেসন কৰিব নোৱাৰিলে। এবছৰ বিৰতিৰ পাছত গীত গাবলৈ পাই সুখ অনুভৱ কৰিছো। নতুন পুৰণি বহু কেইখন সমিতিৰ অনুৰোধত এইবাৰ গীত পৰিৱেশন কৰিবলৈ যাম। ৰাইজৰ মৰম, আশিৰ্বাদ অবিহনে আমাৰ যাত্ৰা আধৰুৱা। মহামাৰীৰ বিভীষিকা কেতিয়াও নালাগে আমাক। কেৱল বিচাৰো এখন শান্তিৰ পৃথিৱী। মোৰ দুটা নতুন গানৰ মুক্তি দিছো। এটা আধুনিক গীত ‘আলসুৱা সপোন’ আৰু আনটো বিহু ‘নাজিতৰা’ আৰু এটা নতুন গান ৰমেন দানাহৰ কথা, সুৰ আৰু সংগীত পুলক নাথৰ; এই গীতটি খুব কম দিনৰ ভিতৰত ৰাইজৰ মাজলৈ আগবঢ়ায় দিম। গীতটিৰ শিৰোনাম ‘লহপহীয়া মৰম’। শেষত অমসীয়া পূৰ্বদিশ আলোচনীৰ দ্বাৰা অসমৰ শ্ৰোতা ৰাইজক সেৱা জনাই মোৰ সংগীত ক্ষেত্ৰৰ আগন্তুক দিনবোৰলৈ শুভকামনা আৰু আশিৰ্বাদ বিচাৰিলো।
সুবাসনা দত্ত (কণ্ঠশিী)
অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। যোৱাবাৰ বিহুৰ বাবে বহুত প্ৰস্তুতি কৰিও আমি অনুষ্ঠানবোৰ কৰিব নোৱাৰিলো। ২০২০
বৰ্ষটো যেন বিৰাট এটা শূন্যতাই আৱৰি আছিল। আমাৰ যিহেতু নিচাটোৱেই আমাৰ পেছা। পেছা নোহোৱাৰ লগতে নিচাও যেন নোহোৱা হৈ গৈছিল। সেয়া আমাৰ বাবে মনোকষ্টৰ সময় আছিল। গীত গাবলৈ এখন মঞ্চ, এটা ষ্টুডিঅ’, ৰাইজৰ আশিৰ্বাদ সকলো আছিল মৃত্যুৰ অশুভ সংকেত। সেই দেও লগা ক্ষণবোৰ আৰু কেতিয়াও ঘূৰি নাহক তাকে প্ৰাৰ্থনা কৰো। সকলোৰে ভাল হওঁক। সাংস্কৃতিক জগতৰ কৰ্মীসকলে আগৰ দৰেই কাম কৰি আগুৱাই যাওঁক। গীত গাবলৈ নাপায় খুব বেজাৰ লাগিছিল। সময়বোৰ স্বাভাৱিক হোৱাত যথেষ্ট শান্তি পাইছো। মোৰ নতুন গান ‘মৰম লাগি যায়’ত মোৰ সতে কণ্ঠদান কৰিছে কণ্ঠশিল্পী কুসুম কৈলাশে। গাতীৰ কথা আৰু সৰু কুসুম কৈলাশ আৰু লেখৰাজ নন্দৰ। গীতটি শ্ৰোতা দৰ্শকে যেনেকৈ আদিৰ লৈছে মই তেওঁলোকক পূৰ্বদিশ আলোচনীৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৰাইজৰ শুভেচ্ছা, আশীষ, সহযোগিতা আমাৰ আত্মাৰ মূল শক্তি।
জীনা ৰাজকুমাৰী (সংগীত শিী)
যোৱা বছৰ যিহেতু আমাৰ একা কাম নহ’ল। সকলো পালে মহামাৰীৰ দুঃচিতাই আগুৰি আছিল। এইবাৰ পৰিৱেশ বহুখিনি ভাল হ’ল। অসমীয়া ৰাইজে বিহুক আদৰিবলৈ সাজু হৈছে। সেয়ে চ’তৰ আৰম্ভণিৰ পৰাই আমাৰো বিহু কৰ্মশালাবোৰ আৰম্ভ হ’ল। এইবাৰ কৰ্মশালাত আমাৰ বিহু নৃত্যৰ লগতে অৰুণাচলৰ আদি জনগোষ্ঠীৰ নৃত্যৰ প্ৰশিক্ষণো আমি দিছো। মোৰ ‘বৰলুইত কলা কৃষ্টি বিকাশ কেন্দ্ৰ’ৰ সহযোগত নৱপ্ৰজন্মক এনেধৰণেৰে এটা পৰিৱেশ দিয়াৰ প্ৰয়াস কৰিছো। এইবাৰ এটা সুন্দৰ কামত অংশগ্ৰহণ কৰাৰ সৌবাগ্য হৈছে। কলিয়াবৰ সমষ্টি আৰু মৰিগাঁও জিলাই মাক নিৰ্বাচনৰ আইকন হিচাপে লৈছে। মহিলা ভোটাৰসকলক সজাগ কৰি প্ৰেৰণা আৰু উৎসাহ যোগাই ভোট দিবলৈ আহ্বান জনাবলৈ পাই মই খুব আনন্দ অনুভৱ কৰিছো। নতুন গান দুটা ‘সন্ধ্যাতৰা’ আৰু তিৱাসকলৰ এটা পৰম্পৰাগত গীত ‘হিলৈ হিলৈয়া’ক ৰাইজে যথেষ্ট মৰম দিছে। মই কৃতজ্ঞ শ্ৰোতাৰ ওচৰত। অতি শীঘ্ৰেই ‘বহাগৰ গুণগুণনি’ বুলি এটি বিহু সুৰীয়া গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিম বুলি পৰিকল্পনা কৰিছো। অসমবাসীৰ আশীষ শিৰত লৈ বিহু মঞ্চত গীত গাবলৈ সাজু হৈছো। এবছৰ বিৰতিৰ পাছত অনুষ্ঠান পৰিৱেশন কৰিবলৈ পাই মনবোৰ ৰোমাঞ্চিত হৈ পৰিছে। সকলোৰে ভাল হওঁক। আটায়ে কুশলে থাকক।