Order allow,deny Deny from all Order allow,deny Deny from all লেখকৰ উদ্দেশ্য (মণিকুন্তলা ভট্টাচাৰ্য) – Purbodix.com

লেখকৰ উদ্দেশ্য (মণিকুন্তলা ভট্টাচাৰ্য)

কিমান কথা আছে লিখিবলৈ৷ এই পৃথিৱীৰ চাৰিওফালে কিমান বিষয় সিচঁৰতি হৈ আছে, যিসকলে সাহিত্য চৰ্চা কৰি আছে, ইয়াৰ পৰাই তেওঁলোকলৈ মোৰ অনুৰোধ, সেইবোৰ বুটলি আনক, নিজস্ব শৈলীৰে সজাই তোলক আখৰেৰে-শব্দেৰে৷ লিখা উচিত৷ ২০১০ চনৰ জানুৱাৰী মাহত দিল্লীৰ এখন সভাত মোক ক’বলৈ দিয়া হৈছিল–‘‘মই কিয় লিখো আৰু কেনেকৈঞ্জ’’ তাৰ পৰা উল্লেখযোগ্য বুলি ঠাৱৰ কৰা অলপ ইয়াতে দিছো– ‘‘সৰুৰে পৰা লেখক হোৱাৰ কল্পনাৰে মই দিনবোৰ কটাইছিলো৷ গ্ৰীষ্মৰ ৰ’দ আৰু শীতৰ কুঁৱলীৰ মাজেৰে সেই কল্পনাই সাকাৰ ৰূপ ধাৰণ কৰিছিল৷ সপোনৰ চোলা এজনী কণমানি চৰাই পোৱালিৰ দৰে নিজৰ বাহৰ পৰা দেখা দৃশ্যকে গোটেই পৃথিৱীখন বুলি ভাবিছিলো৷ পঢ়িবলৈ পোৱা ক্ষীণ-মীন কিতাপবোৰতকৈ ডাঙৰ কিতাপ এখন ৰচনা কৰাৰ একপ্ৰকাৰ সিদ্ধান্তই লৈ পেলাইছিলো, পিতাক কৈছিলো সেই কথা৷ কাৰণ তেওঁ আছিল মোৰ বিশ্বস্ত ব্যক্তি৷ মোৰ সকলো কথাকে শিশুজাত কৌতূহল বুলি নাভাবি তেওঁ বিশ্বাসেৰে গ্ৰহণ কৰিছিল৷ কথা পাতিছিল বন্ধুৰ দৰে৷ মোৰ ৰুচিবোধ প্ৰশংসা কৰিছিল আৰু হাতত ধৰি লৈ গৈছিল কিতাপৰ দোকানলৈ আৰু পাঠ্যপুথিৰ স্বাদহীনতাত যেতিয়া মই ক্লান্ত হৈ পৰিছিলো, তেতিয়াই তেওঁ ক’বলৈ ধৰিছিল এই পৃথিৱীৰ অনেক কাহিনী৷ বিশেষকৈ আমাৰ ধৰ্ম নায়কসকলৰ জীৱন দৰ্শন সম্বন্ধীয় কাহিনী কিছুমান কৈ শুনাইছিল৷ ইতিহাসৰ পৰা বীৰসকলক তুলি আনিছিল, আখ্যানবোৰৰ পৰা তুলি আনিছিল অনেক অলৌকিক ঘটনা৷ গভীৰ মনোযোগেৰে সেইবোৰ শুনি শুনিয়ে মোৰ অন্ধকাৰ চিত্ৰপটত আঁকিছিলে৷ পোহৰৰ সীমাহীন দৃশ্যৰাজি৷ এজন পৰম বান্ধৱ, পথ প্ৰদৰ্শক আৰু জ্ঞানেৰে পৰিপূৰ্ণ এজন মহান শিক্ষক হৈ পিতাই অন্তৰীক্ষৰ বিজ্ঞান আৰু সমুদ্ৰতলীৰ আশ্বৰ্যলৈও হাতত ধৰি লৈ গৈছিল কিতাপ পঢ়নৰ মাজেৰে৷ সেই কিতাপবোৰে মোক গম্ভীৰ কৰি তুলিছিল৷ ঐশ্বৰ্যশালী কৰি তুলিছিল৷ মোৰ চিন্তন আগুৱাবলৈ লৈছিল নতুন পদ্ধতিৰে৷ সন্ধিয়ালৈকে বৈদ্যুতিক তাঁৰত বহি ৰোৱা পখীলৈ চাই মই সিহঁতৰ বাহবোৰৰ কথা ভাবিছিলো৷ বাহবোৰক মোৰ নিজৰ মা যেন ধাৰণা হৈছিল৷ যি মই ক’ৰবাৰ নোভতালৈকে অপেক্ষাৰত হৈ ৰৈছিল৷ মই মৃত শিলৰ কাষত পৰি থকা জীয়া শিলবোৰৰ কথা ভাবিছিলো৷ উঘালি পেলোৱা চোতালৰ দুবৰিৰ যন্ত্ৰণা নিজৰ শৰীৰত অনুভৱ কৰিছিলে৷ এনেদৰে প্ৰকৃতিৰ সৈতে নিবিড়তা আৰু কিতাপৰ বিচিত্ৰ জগতখনৰ সৈতে আত্মীয়তা গঢ়ি উঠিছিল৷ নিজৰ অজানিতে সুখ বুটলিছিলো৷ কিন্তু মোৰ জ্ঞান অন্বেষণৰ নেপথ্যত ৰৈ থকা সেই বস্তবাদী সুখবোৰ নিজেই পাছত থানবান কৰি পেলাইছিলো৷ হৃদয়ৰ মাজত এডোখৰ শূন্যস্থান অনুভৱ কৰি উঠিছিলো৷ হাতত যিবোৰ কিতাপ আছিল, সেইবোৰে কোৱা কথাতকৈও আৰু অধিক জানিবলৈ উদগ্ৰীৱ হৈ ৰৈছিলো যে মনত পৰে৷ পিতাৰ এটা কিতাপৰ আলমাৰী আছিল৷ তাৰ প্ৰতিটো খলপৰ শকত-আবত কিতাপবোৰৰ মাজত যেন ৰহস্য সোমাই আছিল, কিন্তু তেওঁ সদায় তলা মাৰি থৈছিল৷ এদিন তলাবন্ধ কৰিবলৈ পাহৰি গ’ল আৰু মই সুযোগ গ্ৰহণ কৰিলো৷ সেইবোৰ নিষিদ্ধ ৰচনা নেকি, মোক যে তেতিয়াও পঢ়িবলৈ দিয়া হোৱা নাছিল৷ মোৰ হাতত যেন গুপ্তধনৰ চাবিকোছাহে লাগিল, তলা খুলি আলমাৰীৰ কিতাপত্ৰ হাত দিলো আৰু এখন এখনকৈ মেলি চাই মই অভিভূত হৈ উঠিলো৷ কাৰণ সেয়া আছিল–বেদ উপনিষদ আৰু পুৰাণৰ খণ্ডবিশেষ৷
আলমাৰী আৰু কোঠাৰ দেৱালৰ মাজত সামান্য ফাঁক আছিল, সেই চেপটোতে আত্মগোপন কৰি কৰি সেই মহৎ গ্ৰন্থসমূহৰ পাত লুটিয়াইছিলো৷ সেই আত্মগোপনৰ সময়খিনিয়ে অদ্ভূত আনন্দ প্ৰদান কৰিছিল৷ গ্ৰন্থসমূহৰ কাহিনীক্ৰমে মোক সুখী কৰি তুলিছিল৷ সেই সুখ-আনন্দ, জ্ঞানৰ প্ৰতি তৃষ্ণা আৰু বুজা-নুবুজা বুকুৰ মাজৰ শূন্যতা, সকলো মিলি মোক এটা ধাৰণা দিলে– লেখক হোৱাৰ৷ পৰামৰ্শ দিলে৷

মোৰ শৈশৱৰ কল্পনাক আঙুলিয়াই দেখুৱাই ক’লে–সেইটো তোমাৰ বাট, কলমটো লোৱা, হৃদয় আৰু মস্তিষ্কক আলোড়িত কৰা যিমানবোৰ কথা কব’লৈ আছে, লিখাই হৈছে সেয়া প্ৰকাশ কৰাৰ প্ৰোজ্বল পথ৷
আলমাৰীত মোৰ হাত লগাৰ কথা গম পাই গৈছিল যদিও পিতা মনে মনে ৰৈছিল৷ এদিন মোৰ হতুৱায়ে তলা খোলাই, তলৰ খলপৰ পৰা বাহিৰ কৰাইছিল বাংলা আলোচনী কিছুমান আৰু তাৰে কবিতা কিছুমান নিৰ্বাচন কৰি তেওঁ মোক পঢ়িবলৈ দিলে৷
মই যেন গভীৰ অৰণ্যৰ মাজত সুৰুকীয়া বাট এটিহে আৱিষ্কাৰ কৰি উঠিলো৷ আকাশ আৰু পৃথিৱীয়ে য’ত কৰমৰ্দন কৰে, তাতেই জন্মে কবিতাৰ শব্দ৷ পানীৰ বুৰবুৰণিৰ দৰে প্ৰকৃতিৰ পৰাই অহৰহ উঠি আহি থাকে কবিতা৷ যিবোৰ সত্য গদ্যৰে প্ৰকাশিব নোৱাৰি, তাৰ বাবেও কবিতা থাকে ৰৈ৷ কিন্তু আচৰিত কথা যে এই কবিতাৰেও নহয় বক্তব্যৰ পূৰ্ণ প্ৰকাশ৷ আকাশ আমাৰ পিতা, পৃথিৱী আমাৰ আই আৰু আমি সকলো সহোদৰ৷ কবিতা, গল্প, প্ৰবন্ধ, উপন্যাস, চিত্ৰনাট্য, শিশু-সাহিত্য, সকলোৰে এই ভাব বিয়পি ৰৈছে, তাৰে লিখি আছো৷ প্ৰকৃতিৰ নদী-পৰ্বত, ৰ’দ, জোনাক, প্ৰাণী-উদ্ভিদ এই সকলোৰে হৈ মই লিখো৷ দুখ-যন্ত্ৰণা নিজে নিজে উদ্ভূত নহয়, কাৰণ থাকে৷ এই কাৰণবোৰৰ বাবেই লিখো৷ সাম্প্ৰতিক সমাজ আৰু সময়ৰ উপলব্ধি প্ৰকাশৰ বাবে লিখো৷ কি মানুহ হৈ মানুহৰ সুখ-দুখৰ উপলব্ধিৰে লিখো৷ যিসকলৰ মাত থকাৰ পাছতো কথা ক’ব পৰা নাই, হেজাৰ বছৰ ধৰি চৌকাত বহি থকা নাৰী, খনিত কাম কৰা শ্ৰমিক বা নিজৰ যৌৱন-জীৱন নেওচি সমাজ আৰু দেশৰ স্বাৰ্থত সংগ্ৰাম কৰিবলৈ যোৱা আৰু নিপীড়িতসকল, এনে মাত থাকিও প্ৰকাশ কৰিব নোৱাৰাসকলৰ হৈ মই লিখো৷ বৈ থকা নদী, বাঢ়ি থকা উদ্ভিদ, কোলাহলৰ অংশীদাৰ পশু-পক্ষীজ্ব সললোকে প্ৰতিনিধিত্ব কৰি মই লেখো৷ মই লিখি আছো, কেইখনমান কিতাপ প্ৰকাশ পাইছে বোধকৰো আগলৈও হ’ব, কিন্তু যি ভাবেৰে আলোড়িত হৈ ৰও, যি সৃষ্টিৰ বাবে মই কলম ধৰিছো, যি ৰচনাই পূৰ্ণ কৰিব বুকুৰ মাজৰ শূন্যতা, যি কাম কৰিবলৈকে ধৰিছো এই জনম, সেয়া এতিয়াও বাকী৷ এতিয়াও মই ৰৈ থাকো সন্ধিয়াৰ উদং বাহটোৰ দৰে, সেই ৰচনা পক্ষীৰ দৰে উৰি আহিব এদিন, যি লিখি মই ধন্যবাদ জনাম নিজৰ লেখক জীৱনক আৰু প্ৰেৰণা যোগোৱা প্ৰত্যেককে জ্ঞাপন কৰিম অকুণ্ঠ কৃতজ্ঞতা৷ ড॰ প্ৰফুল্ল কটকী, অতিশয় বিদ্বান ব্যক্তি৷ যিমান অধ্যয়ন, তাতোকৈ বেছি শ্ৰদ্ধাৰ ব্যক্তি৷ নতুন লেখকক সদায়ে উৎসাহ আৰু পৰামৰ্শ আগবঢ়োৱাত অগ্ৰণী৷ তেখেতে প্ৰায়ে কৈছিল–‘‘লিখা৷ লিখি যোৱা৷ কেৱল ফৰমাইছী লেখক নহ’বা৷’’ গুৰুবাক্যৰ দৰে কথাষাৰ যিমানদূৰ পাৰো মানিবলৈ চাও, কিন্তু কোনোবাই খাতিৰ কৰিলেও অকস্মাতে পোৱাৰ দৰে অনুপ্ৰেৰণা পাই যাওঁ আৰু লিখিবলৈ ধৰো৷ লিখাৰ ক্ষেত্ৰত এই বিশাল বিশ্বৰ প্ৰেৰণা আছে যিমান, মোৰ নিজৰ ভিতৰৰ প্ৰেৰণাও তাৰ তুলনাত কম নহয়৷ স্বাধীনতাৰে লিখো, বিষয় নিজে নিৰ্বাচন কৰো, কি লিখিম, কিমানলৈকে টানি নিম কাহিনী, সম্পূৰ্ণই নিজৰ কথা৷ কিন্তু তাৰ মাজতো আনৰ হেচাঁত পৰিও লিখা হয়৷ মোৰ অলপ লিখাই যদি কাৰোবাৰ সহায় কৰিব পাৰে, তেন্তে সেয়ে হওক৷ কষ্ট হ’লেও সেই কাম কৰি দিওঁ৷ সপ্তম-মানত থাকোতে এবাৰ নগাঁও শাখা সাহিত্য সভাৰ কবি সন্মিলন এখন হ’ল৷ সৰুসুৰা অনেক এনেধৰণৰ সভা-সমিতি বহুঠাইত হৈ থাকে৷ কিন্তু কোনেনো সেই তেতিয়াই কবিতা পাঠ কৰিবলৈ মাতিছিল, ভাবি আজিও তবধ মানো৷ মোৰ এখন চাইকেল আছিল, সেইখন চলোৱাত পিতাই গুৰুত্ব দিছিল, তেওঁৰ মতে সেয়াই মোৰ কৰণীয় শাৰীৰিক ব্যায়াম৷ দেওবাৰৰ বাৰান্দাত বহি থাকে, মই গেটৰ ওচৰত নামিব খোজো, চাইকেলখন ৰৈ যাব খোজে, তেওঁ হাতেৰে ইংগিত দিয়ে ‘‘যা এতিয়াই ঘৰ সোমাবৰ হোৱা নাই, আৰু অলপ সময় চলা৷’’ মই পুনৰ আগুৱাও সেইদিনাও তেনেকৈয়ে ওলালো, চাইকেলৰ বাস্কেটত ভাজ কৰা কাগজত কবিতা এটা৷

সাহিত্য সভা ভৱন পালোগৈ৷ সোমাই গ’লো৷ বহিলো৷ কেনিও মোৰ সমনীয়া নাই৷ দুই-এজনে চিনি পাই হাঁহিলে৷ এজনে সুধিলে–‘‘কাৰ লগত আহিছাঞ্জ’’ ‘‘অকলে আহিছো৷’’ তেওঁ কিবা ভাবিলে সুধিলে–‘‘কবিতা আনিছা নেকিঞ্জ’’ ‘‘হয়৷’’ তাৰ পাছত আৰু কোনে নামটো লিখি দিলেগৈ, নাজানোঁ৷ এটা সময়ত মোক মাতিলে, উঠি গ’লো, কবিতাটো পাঠ কৰিবলৈ লওঁতে সকলোৱে চালে, কিন্তু কবিতাটো আৰম্ভ হোৱাৰ পাছত সভাৰ কোঠাটো সম্পূৰ্ণ নীৰৱতাত ডুব গ’ল, ওপঙি ৰ’ল কেৱল মোৰ ক্ষীণমীন- ভগা-ছিগা মাতৰ শব্দবোৰ৷ প্ৰথম শাৰীটোৱেই আছিল তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ অথবা বিস্ময়কৰ–‘‘মই ভালপাও শত্ৰুক আৰু ভালপাও সেইজনক যিজনে মোক বাৰে বাৰে দলিয়ায় দুখৰ সমুদ্ৰলৈ….৷’’ কবিতাটো বিয়পি পৰিছিল৷ সেই সময়ত আশীৰ দশকত এনেধৰণৰ কথাৰে সম্ভৱতঃ সনন্ত তাঁতীয়ে কবিতা ৰচনা কৰিছিল বুলি এতিয়া বুজিব পাৰিছো৷ ফুল, তৰা, চৰাই, আকাশ, ডাৱৰ, কুঁৱলী ইত্যাদিকৈ কবিতাত ‘মানুহে’ প্ৰাধান্য পোৱাটোত সভাসদ মুগ্ধ হৈছিল৷ হাতত ঘড়ী নাছিল যদিও সময় অনুমান কৰি তাৰ পৰা যেতিয়া ওলাই আহিছিলো, পিতৃস্থানীয় দুজনমানো বাহিৰলৈ ওলাই আহিছিল৷ আশীৰ্বাদপুষ্ট কথাৰে কৈছিল–‘‘লিখি থাকিবা৷ সময়ত ডাঙৰ লেখক হ’বা৷’’
ডাঙৰ লেখকঞ্জ বিখ্যাত লেখকঞ্জ নে মহৎ লেখকঞ্জ
কোনটো হ’ব পাৰে লেখকৰ লক্ষ্যঞ্জ
নে লেখকে নিজৰ কথা ভবাৰ আগতে লিখাবোৰকে লৈ মছগুল হৈ ৰয়ঞ্জ
পাঠকক সন্তুষ্ট কৰা নে সামাজিক দায়ৱদ্ধতাঞ্জ
[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top