পাকঘৰ [কণী আৰু আলুৰ দম] (ডাঃ নৱনীতা দাস) – Purbodix.com

পাকঘৰ [কণী আৰু আলুৰ দম] (ডাঃ নৱনীতা দাস)

ৰ. কণী জ্জ্ব টা ২. আলু চ্ছ্ৰ টা ৩. পিয়াজ ৩-চ্ছ্ৰ টা চ্ছ্ৰ. আদা আৰু নহৰু প্ত. নৰসিংহ পাত ২-৩ ডাল ৬. হালধী আধা চামুচ জ্জ. নিমখ আন্দাজ মতে জ্জ্ব. ক্ৰীম আধা কাপ জ্ঝ. কেঁচা জলকীয়া ৩ টা ১০. জিৰা গুড়ি আধা চামুচ ৰৰ. চেনী ৰযচ্ছ্ৰ চামুচ ১২. তেল চ্ছ্ৰ টেবুল চামুচ প্ৰদ্ধতি ঃ প্ৰথমতে কণী আৰু আলুখিনি সিজাই লৈ, তাত নিমখ আৰু হালধী সানি, ৰঙচুৱা হোৱকৈ ভাজি ল’ব৷ আদা নহৰুৰ পেষ্ট তৈয়াৰ কৰি ল’ব৷ পিয়াজখিনি €াইচাৰ [slicer] ৰ সহায়ত অতি মিহিকৈ €াইচ [slicer] কৰি ল’ব৷ এতিয়া কেৰাহীত প্ৰথমতে পিয়াজখিনি মজলীয়া জুইত ৰঙচুৱা হোৱালৈ ভাজি ল’ব৷ তাৰ পাছত তাত আদা-নহৰুৰ পেষ্ট, নৰসিংহৰ পাতখিনি, নিমখ, হালধী আৰু জিৰা গুড়িখিনি দি ৰ-২ মিনিট ভাজিব৷ তাৰ পাছত তাত কণী আৰু আলুখিনি সামান্য লৰাই তাত ক্ৰীমখিনি দি দিব৷ এতিয়া জুই কমাই আটাইখিনি সামগ্ৰী ভালকৈ মিহলি হোৱাকৈ লৰাব৷ এতিয়া প্ৰয়োজন অনুসৰি পানী দি থুপথুপীয়া হোৱাকৈ ভাত বা লুচি আদিৰ লগত গৰমে গৰমে পৰিবেশন কৰিব৷n

জাতি লাউ বা পানী লাউৰ পায়স

ৰ. গাখীৰ ৰ লিঃ ২. লাউ ৰয২ কেঃজিঃ ৩. চেনী ৰয২ কাপ চ্ছ্ৰ. ঘী ২ চামুচ¸ প্ত. কাজু জ্জ্ব-১০ টা ৬. কিচ্মিচ্ জ্জ্ব-১০ টা জ্জ. বাদাম প্ত-৬ টা জ্জ্ব. ইলাচী ২-৩ টা পদ্ধতি ঃ প্ৰথমতে লাউৰ বাকলি আৰু গুটি আঁতৰাই ভালদৰে মিহিকৈ কুটি [grate] কৰি ল’ব৷ তাৰ পিছত হাতেৰে চেপি অতিৰিক্ত পানী উলিয়াই ল’ব৷ এতিয়া পেন এখন ঘী গৰম কৰি লাউখিনি অলপ ভাজি ল’ব৷ এতিয়া চচ্পেনত গাখীৰ উতলাই৷ গাখীৰ উতলিলে তাত লাউখিনি দি পগাব৷ মাজতে কাজু, কিচ্মিচ্, বাদাম আৰু ইলাচিখিনি দি দিব৷ শেষৰ ফালে চেনিখিনি দি আৰু অলপ সময় পগাই পায়সখিনি যেতিয়া ডাঠ হ’ব, তেতিয়া জুইৰ পৰা নমাই দিব৷ পায়সখিনি ঠাণ্ডা হ’লে পৰিবেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *