সঁচা নাৰী, সঁচা শৰীৰ আৰু সঁচা সৌন্দৰ্যৰ সঁচা কথাৰে (বিপাশা বৰা) – Purbodix.com

সঁচা নাৰী, সঁচা শৰীৰ আৰু সঁচা সৌন্দৰ্যৰ সঁচা কথাৰে (বিপাশা বৰা)

আই লাভ মাই ষ্ট্ৰেচ মাৰ্কচ, বিক’জ দে’ আৰ মাই চাইল্ড’ছ ফাষ্টৰ্ ড্ৰ’য়িং৷ মই মোৰ শৰীৰৰ শিপাবোৰক ভালপাওঁ, কিয়নো এয়া মোৰ শিশুটিয়ে অঁকা প্ৰথমখন ছবি৷ কিছুদিনৰ আগৰ কথা৷ ছ’চিয়েল মিডিয়াত এটা প’ষ্ট দেখি থমকি ৰৈছিলোঁ৷ ইনষ্টাগ্ৰাম আৰু টুইটাৰত চলি থকা সেই কেম্পেইনে মোক বাৰুকৈয়ে আকৃষ্ট কৰিছিল৷ সুলেখিকা এলেক্স এল আৰু ফ’ট’গ্ৰাফাৰ এৰিকা লেইনে আৰম্ভ কৰা ক্নlove your lines নামৰ কেম্পেইনটোৱে সমগ্ৰ পৃথিৱীৰে নাৰীসকলৰ মাজত সামাজিক মাধ্যমৰ জৰিয়তে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল৷ অজস্ৰ নাৰীয়ে পৃথিৱীৰ বিভিন্ন কোণৰপৰা ধুনীয়া ধুনীয়া কথা আৰু পংক্তিৰে সৈতে তেওঁলোকৰ শৰীৰৰ দাগসমূহৰ ফ’ট’ প’ষ্ট কৰিছিল৷ – কেন্সাৰে মোৰ শৰীৰত এৰি থৈ যোৱা দাগে ইমানদিনে পীড়া দি আছিল, এতিয়া সেই হীনমান্যতাৰ ডাৱৰ আঁতৰি গ’ল৷ সেই দাগবোৰে মোক আমৃত্যু সোঁৱৰাই থাকিব যে প্ৰকৃতাৰ্থতে মই এগৰাকী যুঁজাৰু৷ – সন্তানৰৈ জন্মৰ পিছত তলপেটত ৰৈ যোৱা প্ৰতিটো দাগৰ ভাঁজত মই হেৰোৱা সময়বোৰ খেপিয়াই চুই চাব পাৰোঁ৷ ইয়াতেই এটি আলফুল সপোনৰ অংকুৰণ হৈছিল, প্ৰথম হাত-ভৰি লৰাইছিল, হামিয়াইছিল আৰু পৃথিৱীৰ পোহৰ চাবলৈ নমাহ ধৰি আকুল হৈ বাট চাই আছিল৷
– আমি আমাৰ শৰীৰৰ নিম্নাংশৰ দাগবোৰৰ বাবে লাজ পোৱা অনুচিত৷ আমি কিয় ভাবি নাচাওঁ, পৃথিৱীৰ বহু নাৰীৰ বাবে এই দাগ পৰম আকাংক্ষিত অথচ সপোন হৈয়ে ৰৈ যায়৷ শৈশৱতে আমাক আমাৰ শৰীৰৰ খুঁতবোৰ আঙুলিয়াই দিয়া হয়৷ কেটেঙী-ঢেপেচী-খহুলী-বেমাৰী আদি অপ্ৰয়োজনীয় অভিধান গোটেই জীৱনৰ বাবে হীনমন্যতাৰ ভাৱ মনত প্ৰোথিত কৰি দিয়া হয়৷ এইবোৰে আমাৰ আত্মবিশ্বাস একেবাৰে নোহোৱা কৰি পেলায়, নিজৰ অস্তিত্ব আৰু আত্মবিশ্বাস সম্পৰ্কেও সন্দিহান আৰু সংকুচিত কৰি তোলে৷ চ’ছিয়েল মিডিয়াত জনপ্ৰিয় হোৱা ক্নlove your lines- ৰ অনুৰূপ আন এক আন্তৰ্জাতিক অভিযান হ’ল– ‘‘the body is not an apology’’৷ একে শীৰ্ষকৰ এটি কবিতা লিখি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল অভিযানটিৰ গুৰিধৰোতা, নাৰীবাদী কবি চ’নিয়া ৰেণী টেইলৰে৷ কোনে বাৰু জানিছিল– কেৱল সামাজিক মাধ্যমত এনে দুই-এটা প’ষ্টে বহু নাৰীৰ জীৱনচাৰ্যা সলাই পেলাই পাৰে, নীৰৱে আৰম্ভ হ’ব পাৰে আত্মপ্ৰেম আৰু আত্মবিশ্বাস গঢ়াৰ এক নতুন আন্দোলন, শৰীৰ-সবলীকৰণৰ দিশে আৰম্ভ হ’ব পাৰে এক নতুন খোজ/ এয়া কেৱল নিজৰ অসম্পূৰ্তাসমূহক সানন্দেৰে আকোঁৱালি লোৱাই নহয়, বৰং এয়া হৈছে– এখন সমাজক কিছু প্ৰচলিত ধাৰণা আৰু বিশ্বাস-ব্যৱস্থাটোৰ প্ৰতি জনোৱা এক শক্তিশালী প্ৰত্যাহ৩ান৷ আমি প’ষ্ট ট্ৰুথ জগতৰ বাসিন্দা৷ এতিয়া আৰু অখণ্ড সত্য বুলি কোনো কথা নাই জাগতিক সকলো কথাই কেৱল আপেক্ষিক বুলি ধৰি লোৱা হয়৷ প্ৰতি মুহূৰ্ততে একোটি একোটি নতুন কাহিনীৰ ৰচনা কৰা হয়৷ উদাৰীকৰণে সহজ অথচ জঁটিলতৰ কৰি পেলোৱা আমাৰ জীৱনত আমি যোৱাটো শতিকাৰ শেষাৰ্ধৰপৰাই অনেক পৰিৱৰ্তন দেখিছো৷ বাৰ্বীড’ল চি`˜মত ভূগি পুতলাৰ দৰে লাহী শৰীৰৰ সপোন দেখা কিশোৰীসকল, ৩৬’-২৪-৩৬- ৰ শৰীৰ এটাৰ বাবে অহোপুৰুষাৰ্থ কৰা qw নাৰীসকলেই কেৱল সুন্দৰনেঞ্জ
ভুৱা পুথিৱীৰ জকমকনি চাই ভাগৰ লগাৰ পৰত আমাৰ সন্মুখত থিয় দিয়েহি ভাৰতী সিঙৰ দৰে শাৰীৰিক সৌন্দৰ্যৰ সংজ্ঞা সলাই পেলোৱা এগৰাকী আদৰ্শ নাৰীয়ে৷ নিজৰ অসম্পূৰ্ণতাখিনি ঢাকি ৰখাৰ কৌশলসমূহ এৰি সকলোৱে নিজৰ সঁচাখিনিক স্বীকাৰ কৰিবলৈ শিকিছে৷ এচিড আক্ৰমণৰ ফলত ঘূণীয়া হোৱা নাৰীসকলে যেতিয়া স্বচ্ছন্দে ‘ৰেম্পৱাক’ কৰি, আত্মবিশ্বাসেৰে জলমল মুখ একোখনেৰে সৈতে আমাৰ সন্মুখত থিয় দিয়েহি, তেতিয়া আমি তেওঁলোকক ধুনীয়া নেদেখোনেঞ্জ আজি আমি আহি এনে এক সময়ত উপনীত হৈছোহি, য’ত আমি প্ৰত্যেকেই একক আৰু অনন্য বুলি বিশ্বাস কৰিবলৈ লৈছো৷ আমি হুবহু আমাৰ চিন্তাৰ দৰেই নিজকে ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছোঁ৷
শৰীৰৰ ভাষা অনেক, দাবী অনেক৷ শৰীৰৰেই একোটি কাহিনীৰ জন্ম দিয়ে, শৰীৰৰ লগতেই কাহিনী একোটিৰো মৃত্যু হয়৷ শৰীৰ এক অমোঘ অস্ত্ৰ, সৃষ্টিৰ মূল৷ সাধাৰণ ধাৰণাত নাৰীৰ বাবে শৰীৰেই দুৰ্বলতাজ্ব অথচ শৰীৰেই হ’ব পাৰে আটাইতকৈ শক্তিশালী প্ৰতিবাদ৷ শৰীৰৰ ৰাজনীতিয়ে পলকতে সলাব পাৰে এখন নিৰ্মিত দেশৰ ইতিহাস৷ ভাৰতীয় সৈন্যবাহিনীৰ বিশেষ আইনৰ বিৰুদ্ধে মণিপুৰৰ নাৰীসকলৰ সেই নগ্ন, মন-মগজু জোঁকাৰি যোৱা প্ৰতিবাদ জানো পাহৰিব পাৰিঞ্জ অথচ জন্মতে আমাৰ এই শৰীৰটো আছিল এখিলা উকা কাগজৰ দৰে৷ কাহিনীবোৰ লিখিছে শৰীৰৰ আঘাতবোৰে, টাট্ৰুবোৰে, তলপেট, বিভিন্ন কেন্সাৰৰ সৈতে যুঁজাৰ সাক্ষী ৰৈ যোৱা চিনবোৰে৷ আমাৰ শৰীৰৰ প্ৰতিটো দাগৰেই বুৰঞ্জী আছে, যন্ত্ৰণাদগ্ধ অথবা সুখৰ দিনৰ৷ আমি শৰীৰত আঁকি লোৱা পখিলাটোৱে অথবা আদ্যাক্ষৰটোৱেও একোটা কাহিনী ক’ব খোজে৷ কাহিনী সৰ্বত্ৰতে আছে৷ কিছুদিনৰ আগতে এগৰাকী বান্ধৱীয়ে নিজৰ চুলিখিনি সম্পূৰ্ণৰূপে ক্ষুৰাই পেলালে৷ সেয়া তাইৰ একান্তই নিজৰ জীৱন মাথোন৷ তাকে লৈ অন্যৰ ক’বলগীয়া একোৱেই থাকিব নালাগে৷ অথচ তাই ৰাস্তাইদি খোজ কাঢ়োতে, ৰাজহুৱা স্থানত অনেক ঠাট্টা-মস্কৰাৰ সন্মুখীন হ’ল৷ সমাজ-আৰোপিত ধাৰণা কিছুমানৰ ফলস্বৰূপে তাইৰ জীৱন হঠাতে দুৰ্বিষহ হৈ উঠিল৷ পুৰুষে ছোৱালীৰ চুলি ভালপায় বুলিয়েই তেওঁলোকৰ নয়ন-সাৰ্থক কৰিবলৈকে চুলি ৰখাতো কেনেধৰণৰ কথাঞ্জ এনে হ’ব লাগিছিল জানোঞ্জ নিজৰ চুলিখিনিৰ ৰং সলনি কৰিবলৈ মোৰো হঠাতে মন গ’ল৷ নিজৰ পছন্দেৰে ৰঙা ৰং কৰিলোঁ৷ সেই চিলভিয়া প্লাথৰ কবিতাৰ দৰে– ‘‘I rise with my red hair’’৷ মই মোৰ নিজৰ ৰঙা চুলিখিনিৰে সৈতে সাৰপাম// কেইদিনমান মনটো ভাল লাগি থাকিল৷ অনেকেই স্পষ্টভাৱে ক’লে, – ভাল লগা নাই৷ মই সুধিলো, – কিয়ঞ্জ – কিবা এটা অস্বাভাৱিক লাগিছে ৰঙা চুলিখিনিৰে৷ মই কেৱল হাঁহিলো৷ নিজ জীৱনটোত সন্তুষ্ট হৈ থকাটোহে ডাঙৰ কথা৷ নহ’লে জীৱনটোত কেৱল আনক ভালৰি লগাই থাকোঁতেই পাৰ হৈ যাব৷ নিজৰ শৰীৰটোৰ ওপৰতে যদি নিজৰ নিয়ন্ত্ৰণ নাই, ইচ্ছামতে জীয়াই থকাৰ সুখকণ নাই, আমিনো কিহৰ স্বাধীনতা আৰু সবলীকৰণৰ কথা কওঁঞ্জঞ্জ আৰু এই দুখ-যাতনাৰ চিহ্নবোৰ সৈয়েই, ত্ৰুটিপূৰ্ণই হওক বা নিখুঁতেই হওক, নিজৰ শৰীৰটো লৈয়েই আমি নাৰী৷ তাকেই ভালে-বেয়াই স্বীকাৰ কৰিব পাৰিলেহে তুমি মানুহ/

Leave a Reply

Your email address will not be published. Required fields are marked *