[ৰ]গ্গ ৰিচেপচনৰ ছোৱালীজনী… তাই হাইহিল যোৰেৰে খট খট খট খটকৈ কাণত খুঁচিব পৰা সুৰ এটা তুলি হোটেলৰ ভিতৰলৈ সোমাই যাওঁতে ৰিচেপচনৰ ছোৱালীজনীয়ে অভ্যাসবশতঃ মূৰ তুলি চালে৷ তাৰ ঠিক এক লহমাৰ আগতে তলমূৰ কৰি থকা ছোৱালীজনীলৈ চাই মূৰটো ঘূৰাইছিল তাই৷ দুইজনীৰ চাৰি চকুৰ মিল নহ’ল যদিও ৰিচেপচনৰ ছোৱালীজনীয়ে তাইক ঠিকেই চিনি পালে৷ কিন্তু তাই ছোৱালীজনীক চিনিব নোৱাৰিলে৷ ছোৱালীজনীয়ে কম্পিউটাৰৰ সন্মুখত বহি এমূৰৰ পৰা নামবোৰ চাই গ’ল৷ কিন্তু ক’তো ‘বৰেণ্যা সুবাসী’ নামৰ বুকিং নেদেখিলে৷ এবাৰ ভাবিলে হয়তোবা তাই ইয়াত কাৰোবাক লগ কৰিবলৈ আহিছে/ কিন্তু কাকঞ্জ তাকো ইমান সাজি কাচিঞ্জ লিফ্টৰ ৰঙা বুটামটো টিপি তাই ব্যস্ততাৰে ম’বাইলটোলৈ চাই উচপিচাই উঠিল৷ যেন কোনোবা তাইৰ বাবে ৰৈ আছে/ তাইৰ যেন খুউৱ দেৰি হৈছে৷ কপালত তাইৰ ফাউণ্ডেশ্যনৰ আৱৰণ ফালি বিৰিঙি উঠা বিন্দু বিন্দু ঘামৰ কণিকা৷তাই হাতৰ ঠাৰিত ওলমি থকা পাৰ্চটো খুলি ৰুমাল এখন উলিয়াই কঁপালখন আৰু নাকৰ ওপৰৰ অংশত লাহে লাহে হেঁচি ধৰিলে৷ লিফ্টৰ দুৱাৰখন খোল খোৱাত তাই খৰধৰকৈ ভিতৰলৈ সোমাই গ’ল৷


তাইৰ লগতে লিফ্টত সোমাই তাইৰ সন্মুখত থিয় দি থকা ল’ৰাটোলৈ চাই গাৰ চাদৰখন ওপৰলৈকে টানি ল’লে তাই আলফুলে৷ ল’ৰাটোৱে ওপৰৰ পৰা তললৈকে তাইলৈ বহুপৰ চাই জেপৰ পৰা ম’বাইলটো উলিয়াই পিটিকিবলৈ ধৰিলে৷ তাৰ চকু মুখত উৎসুকতাৰ ভিৰ৷ এইজনী ছোৱালীক সি ক’ৰবাত দেখিছে/ কিন্তু ক’ত দেখিছে/ ইমান চিনাকি চেহেৰাটো/ এই হাঁহি থকা চকু, টিকটিককৈ জোঙা নাক, মিঠা বৰণৰ কোমল আমল এই ছোৱালীজনী যেন তাৰ খুউব চিনাকি/ মনত পেলাবলৈ লৈ সি ৰৈ গ’ল৷ ফিফ্থ ফ্ল’ৰত, তাই মৃদু সুৰত নিজকে কোৱাদি কওঁতে তাৰ চিন্তাত ব্যাঘাত জন্মাত সি অলপ অপ্ৰস্তুত হ’ল৷ মৃদু জোকাৰণি এটা তুলি লিফ্টটো ফিফ্থ ফ্ল’ৰত ৰৈ যোৱাৰ লগে লগে তাই ঘৰ ঘৰকৈ লোহাৰ দুৱাৰ দুখন খুলি ল’ৰাটোক আঁৰ চকুৰে লক্ষ্য কৰি হিলযোৰে খটখটকৈ সুৰ তুলি দীঘলীয়া কৰিড’ৰটোৰে আগুৱাই গ’ল৷ তাইলৈ কোনোবাই এনেকৈ চালে তাই বৰ অস্বস্তি পায়৷ যেন তাইক নগ্ন ৰূপতেই দেখিছে সন্মুখৰজনে এনে অনুভৱ হয় তাইৰ৷
তাই মুগা বৰণীয়া দুৱাৰখনৰ সমুখত থিয় দিওঁতেই দুৱাৰখন খোল খাই গ’ল৷ যেন কোনোবাই দুৱাৰখন খুলিবলৈকে দুৱাৰমুখত ৰৈ আছিল তাইৰ বাবে এনে এক আচৰণেই দেখুৱালে তাই৷ তাই দুৱাৰৰ ভিতৰলৈ সোমাই খৰধৰকৈ দুৱাৰখন জপাই দিওঁতে তাইৰ চাদৰৰ আঁচলটোৰ এটা চুক দুৱাৰত লাগি ধৰিল৷ দ্বিতীয়বাৰৰ বাবে দুৱাৰখন খুলি আঁচলটো এৰুৱাওতে লিফ্টৰ ল’ৰাটো তাইৰ দুৱাৰৰ সমুখত থিয় দিলেহি৷ ঃ আপোনাৰ ৰুমালখন পৰি আহিছিল বাইদেউ৷ ঃ অস্, হয়নেকি৷ দিয়া দিয়া ৷ ধন্যবাদ দেই৷ তাই তাৰ হাতৰপৰা ৰুমালখন লৈ যেন সোনকালে তাক তাৰ পৰা বিদায় দিবলৈ পালেই ৰক্ষা পায়৷ সি তাইলৈ ৰুমালখন আগবঢ়াই দি কাণিদুৱৰীকৈ মেল খাই থকা দুৱাৰখনৰ সিপাৰলৈ জুমি চালে৷ এটা আগৰ দিনৰ পুৰণি টিনৰ সৰু বাকচৰ বাহিৰে আন একোৱেই তাৰ চকুত নপৰিল৷ এইবাৰ তাই তালৈ চাই দুৱাৰখন লাহেকৈ ঠেলি সোমাই যাওঁতে সিও অলপ ডিঙিটো বেঁকা কৰি ভিতৰলৈ উৎসুকতাৰে চালে৷ এইবাৰ যেন সি সফল হ’ল৷ ধকধককৈ বগা বিচনাচাদৰ পৰা বিচনাখনত ছটিয়াই থোৱা আছে অজস্ৰ ৰঙা গোলাপৰ পাপৰি৷ বিচনাত দুটা গাৰু৷ বিচনাৰ কাষৰ টেবুলখনত এটা গিলাচ ধুনীয়াকৈ ঢাকি থোৱা আছে৷ হয়তো এগিলাচ গাখীৰ৷ তাইৰ এইবাৰ খং উঠিল৷ অসন্তুষ্ট দৃষ্টিৰে তালৈ চাই তাই তাৰ মুখতে ধাম্ কৈ দুৱাৰখন জপাই দিলে৷ ল’ৰাটোৰ ওঁঠৰ কোণেৰে বেঁকা হাঁহি এটা বাগৰি যোৱা তাই দেখিলে৷ কিন্তু এইবোৰ হাঁহিৰ অৰ্থ যে তাই এতিয়া নুবুজে …৷ তাই লিফ্টেৰে ওপৰলৈ যোৱাৰ পিছৰে পৰাই ৰিচেপচন কাউণ্টাৰত বহি থকা ছোৱালীজনীয়ে একান্ত মনেৰে তাইৰ কথাই ভাবি থাকিল৷ চকুৱে মুখে তাইৰ অলেখ প্ৰশ্ন৷ বৰেণ্যা ইয়াত কিয়ঞ্জ ইমান সাজোন কাচোন, প্ৰসাধনেই বা কিয় বৰেণ্যাৰ গালে মুখে/ যেন আজি তাইৰ বিয়া …৷ আপোন চহৰখনত সকলোৱেই পাগলী বুলি জনা এসময়ৰ অতি চোকা ছাত্ৰী বৰেণ্যা সুবাসীক এনেকৈ দেখি ছোৱালীজনী আচৰিত হোৱাৰেই কথা…৷ ০০ ০০ ০০ [২]গ্গঅচিন চিনাকি মুখখন… ল’ৰাটোৱে নিজৰ ৰূমত সোমাই ওপৰমুৱাকৈ বিচনাখনত পৰি মূৰটো দুইখন হাতেৰে জোৰকৈ হেঁচি ধৰিলে৷ ক’ত দেখিছে সি ছোৱালীজনী/ কিয় ইমান চিনাকি লাগিছে তাৰ এই মুখখন / যেন বহুবাৰ দেখিছে, বহুবাৰ লগ পাইছে/ একেলগে বহু সময় পাৰ কৰিছে/ ভাবি ভাবি সি একো উত্তৰ উলিয়াব নোৱাৰিলে৷ সি একো কামতেই মনো বহুৱাব নোৱাৰিলে৷অফিচৰ বিভাগীয় কামত আহিছে সি৷ মদ, ভাং, জুৱা এৰি সিহঁত কেইটামান ল’ৰাই লগ লাগি এটা নতুন কামত হাত দিছে৷ চৰকাৰী, বেচৰকাৰী কেইবাটাও সংস্থাৰ সহায়ত সিহঁত সফল হৈছে৷ গাঁৱৰ, চহৰৰ ভালেসংখ্যক নিবনুৱাক এটা সংস্থাপন দিব পৰাকৈ সিহঁতে কাম আগুৱাই নিছে৷ নিৰ্দিষ্টকৈ এটা কাম নহয় সিহঁতৰ৷ গাঁৱৰ বিভিন্ন ঠাইত এনেই পৰি থকা মাটিত বিভিন্ন ধৰণৰ ফাৰ্ম খুলিছে, জীৱ-জন্তু, গছ-গছনিৰ পৰা আদি কৰি বোৱা কটালৈকে সিহঁতৰ কামৰ ভিতৰত আছে৷ বিভিন্ন ধৰণৰ থলুৱা আৰু স্বাস্থ্যসন্মত খাদ্য বস্তু তৈয়াৰ কৰা বজাৰখনে এটা ভাল লাভ কৰিবলৈ সক্ষম হৈছে৷ পুৱাৰ পৰা গধূলিলৈকে লেথাৰি নিছিগাকৈ, এক মিনিটৰ জিৰণি নোপোৱাকৈ কাম কৰিও নিজৰ ব্লাউজ এটা, পেটিকোট এটাৰ কাৰণে গিৰিয়েকহঁতৰ ওচৰত হাত পাতিবলগীয়া হোৱা কৰ্মী মহিলাসকলে জীৱনৰ, জীয়াই থকাৰ নতুন পথ দেখিছে৷ মদ খাই, জুৱা খেলি শ শ, হাজাৰ হাজাৰ টকা উৰুৱাই দিয়া গিৰিয়েকহঁতৰ পৰা দৰকাৰী বস্তু এটাৰ বাবে টকা বিচাৰি হাত পাতিলে পোৱা অপমানৰ পৰা মুক্ত হৈ আত্মসন্মানেৰে জী উঠিবলৈ শিকিছে৷ এই সকলোবোৰ কাম নিয়াৰিকৈ চলাই নিবলৈ নিজাকৈ অফিচ এটা হৈছে সিহঁতৰ৷ অসমৰ বাহিৰে ভিতৰে বিভিন্ন ঠাইত সিহঁতৰ উৎপাদিত সামগ্ৰীয়ে একোখনকৈ বজাৰ দখল কৰিছে৷ আৰু এই বজাৰৰ স্বাৰ্থত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰাৰ দায়িত্ব তাৰ হাতত পৰিছে৷ বাকীকেইটাৰ তুলনাত ই অলপ সংযমী আৰু দায়িত্বশীল হোৱাৰ সুবাদতে ইয়াৰ ওপৰত জাপি দিছে এই গধুৰ দায়িত্ব৷ সংযমী/ সঁচাই হয়নে সি সংযমী৷ মদ, ভাং, জুৱাৰ লগতে তিৰোতাৰ প্ৰতি প্ৰচণ্ডভাৱে আকৰ্ষিত হোৱা সেই ল’ৰামখাৰ মাজৰে সি নিজেও দেখোন এটা…আৰু সেই নিষিদ্ধ ছবিবোৰ/ নিষিদ্ধ ছবি/ ঠিকেই/ ঠিকেইটো/ হয়, এইজনীয়েই সেই ছোৱালীজনী৷ যাক সিহঁতে বহুতবাৰ দেখিছে…৷ ঠিক দেখিছে নহয়৷ চাইছে/ চাইছে/ কিন্তু ছোৱালীজনী ইয়াত কিয়ঞ্জ যাৰ নগ্ন ভিডিঅ’ লুকাই চুৰকৈ চাই চাই সিহঁতে সেই পুৰাতন সুখ লভিছিল৷ সেই ছোৱালীজনী ইয়াত কিয়ঞ্জ সিহঁতৰ উজাগৰী ৰাতিৰ সংগী সেই নিষিদ্ধ ছবিৰ নায়িকা ইয়াত কিয়ঞ্জ দিন দুপৰতে মহানগৰৰ এখন সুনাম থকা হোটেলত এইয়া সম্ভৱ জানো ঞ্জ নহ’লে ইমান সাজোন কাচোন, প্ৰসাধনেই বা কিয় তাইৰ গালে মুখে/ যেন এজনী নকইনাহে / আৰু বিচনাখন/ যদিও এসময়ত তাইৰ ভিডিঅ’বোৰ নোহোৱা হৈ গৈছিল৷ তাৰমানে ছোৱালীজনীয়ে এতিয়াও … ০০ ০০ ০০ [৩]গ্গবৰেণ্যা সুবাসী… জ্ঞ বনি, বনি, বনি… বিৰাটকায় অট্টালিকাটোৰ ভিতৰচ’ৰাত অনবৰতে গুঞ্জৰিত হৈ থকা এটা শব্দই হৈছে বনি৷ বৰেণ্যা সুবাসীৰ মৰমৰ নাম৷ বিখ্যাত ব্যৱসায়ী দেউতাক আৰু সমাজসেৱী মাকৰ একমাত্ৰ সন্তান তাই৷ সোণৰ চামুচ মুখত লৈ জন্ম হোৱা ছোৱালীজনী তিলমানো অহংকাৰী নহয়৷ ব্যস্ত মাক দেউতাকৰ অনুপস্থিতিত কামকৰা বাইদেউ আৰু আয়াকেইজনীৰ কোলাতে ডাঙৰ হোৱা বৰেণ্যা সুবাসী পঢ়া-শুনাতো অত্যন্ত চোকা৷ নম্ৰ, ভদ্ৰ, কথা বতৰাৰে অমায়িক ছোৱালীজনীৰ মাতত যেন সৰস্বতীৰ বসতি৷ পুৱা-গধূলি বৰগীতেৰে ঘৰখন সজাই তোলা ছোৱালীজনী অত্যন্ত মানৱ দৰদী৷ কিন্তু সেই মানৱদৰদী ছোৱালীজনীৰ প্ৰতি কাৰো দৰদ নোপজিল, আনকি ঈশ্বৰৰো… সাতমাহতে জন্ম হোৱা অকণমানি বনিজনী এদিন ডাঙৰ হ’ল৷ স্কুলৰ ডেওনা পাৰ হৈ কলেজৰ দুৱাৰদলিত ভৰি থ’লেগৈ তাই৷ সদায়েই অতি সাবধানেৰে নিজক বচাই চলা ছোৱালীজনীয়ে জীৱনৰ পাকলগা সময়কণত নিজক বচাব নোৱাৰিলে, ঠিক নোৱাৰিলে নহয়, নাজানিলে৷ হেঁপাহৰ মাত এষাৰ, প্ৰেমময় আদৰ অকণৰ হেঁপাহতে প্ৰেম নামৰ মায়াৰ জাল এখনত সোমাই গ’ল তাই৷ সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হোৱা এটা অচিন কাঠৰ থোৰাক তাই জীৱনৰ লগত সংপৃক্ত কৰি ল’লে৷ তাৰ সেই মিঠা মিঠা কথা, প্ৰতি মুহূৰ্ততে তাইক দিয়া সংগে তাইক একেবাৰেই দুৰ্বল কৰি পেলালে৷ সৰুৰে পৰাই ব্যস্ততাৰ হেতু মাক দেউতাকে দিব নোৱাৰা মৰম, আদৰ আৰু ভালপোৱা তাইক সি দিলে৷ প্ৰেমেৰে তাইক সি এনেকুৱাকৈ উপচাই পেলালে যে তাই নিজৰ দৃষ্টিৰে একোৱেই নেদেখা হৈ পৰিল৷ প্ৰেম অন্ধ৷ প্ৰমাণ হ’ল, প্ৰেম সঁচাই অন্ধ৷ আৰু সেই অন্ধ প্ৰেমৰ হাতত ধৰি এদিন তাই ঘৰৰ পৰা ওলাই আহিল৷ এখিনি অচিনাকি মুখ, এটা কোঠা, এখন গোলাপৰ পাপৰিৰে সজোৱা বিচনা, এগিলাচ মাত্ৰ গাখীৰ আৰু এমুখ হাঁহিৰে কইনা সাজেৰে সাজি কাছি বহি থকা তাই নিজে…৷ অলপ আগতে প্ৰিয়তম পুৰুষৰ স’তে বিয়া হৈ আহিছে তাই৷ শিৰত তাইৰ সেন্দূৰীয়া আলি৷ শেষ নোহোৱা এসোপা হাঁহি তামাচা, নাচ-গান আৰু তাৰপিছত তাইৰ একো মনত নাই৷ তাই যেতিয়া সাৰ পাইছিল, ঠিক সাৰ পোৱা নহয়, তাই আচলতে চেতনা পাইছিল তেতিয়া সি তাইৰ লগত নাছিল, তাই সেই গোলাপৰ পাপৰিৰে সজ্জিত কোঠাত নাছিল৷ তাই নিজৰ কোঠাত শুই আছিল৷ কোঠাৰ বাহিৰত মাক দেউতাকে উচ্ছস্বৰে কাজিয়া কৰিছিল৷ মাকে দেউতাকৰ আৰু দেউতাকে মাকৰ ওপৰত দোষ জাপিছিল৷ তাই একো তত ধৰিব নোৱাৰি ধূসৰ আৰু দুৰ্বল চকুহালেৰে ইফালে সিফালে চাওঁতে তাইৰ কহুঁৱা কোমল আলসুৱা শৰীৰটো আয়াজনীয়ে বুকুত সুমুৱাই লৈছিল৷ তাইৰ শৰীৰৰ অ’ত ত’ত পৰা ক’লা চকলা চকল দাগবোৰত হাত ফুৰাই দিছিল৷ উচপ খোৱা কেঁচুৱাৰ দৰে তায়ো আয়াৰ বুকুলৈ কুঁচিমুচি সোমাই গৈছিল৷ ঃ কিয় গৈছিলাগৈ বনিঞ্জ কিয় গৈছিলাগৈঞ্জ সকলো কথা কোৱা আয়ামাহীক কিয় এবাৰো নক’লা তুমি বনিমাঞ্জ শেষ কৰি দিলে/ মোৰ ফুলকলিহেন ছোৱালীকণক শেষ কৰি দিলে … আয়াৰ বিৰবিৰণি আৰু উচুপনিত বৰেণ্যাৰ যেন সম্বিত ঘূৰি আহিছিল৷ আয়াক সাবটি থকা হাত দুখনৰ খামোচাটো শিথিল হৈ এৰি গৈছিল৷ বেৰখনত ওলমি থকা ঘড়ীটোৰ তাৰিখটোৱে তাইলৈ চাই যেন অট্টহাস্য কৰিছিল৷ এদিন দুদিন নহয়, সাতদিন/ সাতদিন পাৰ হৈ গ’ল তাই তাৰ লগত গুচি যোৱাৰ৷ প্ৰিয়তম পুৰুষৰ লগত গুচি যোৱাৰ৷ অথচ তাইৰ একোৱেই মনত নাই৷ তাইৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ মানুহখিনি, কোঠাটো, বিচনাখন, গাখীৰ গিলাচ আৰু সাজি কাছি তালৈ অপেক্ষা কৰি থকা কইনাজনীৰ বাহিৰে তাইৰ একোৱেই মনত নাই…৷ তাই দুইহাতেৰে নিজৰ চুলিখিনিত খামুচি চিৎকাৰ কৰি উঠিল৷ আয়াজনীয়ে তাইৰ গাত ধৰি জোকাৰি দিলে, মৰমেৰে মূৰত হাত ফুৰাই দিলে, পানী এচলুৰে মুখখন মোহাৰি দিলে, শেঁতা পৰা ওঁঠ দুখন তিয়াই দিলে৷ মাক আৰু দেউতাকে তেতিয়াও বাহিৰত চিঞৰি থাকিল তেওঁলোকৰ বদনামৰ কথা, সমাজৰ কথা, সন্মানৰ কথা, লাজৰ কথা, অভিজাত্যবোধৰ কথা৷ লাহে লাহে তাইৰ চকুহাল জাঁপ খাই আহিল৷ দোষ তাইৰ, ভুল তাইৰ , অপৰাধী তাই৷ মাক দেউতাকক দোষী সজাব নোৱাৰে তাই৷ নোৱাৰে, নোৱাৰে ৷ দোষী তাইহে… তাইৰ চকুৰ আগত ভাহি আহিল সেই কোঠাটো, বিচনাখন, গিলাচটো আৰু কইনাজনী৷ আয়াজনীৰ কোলাত ঢলি পৰিল তাই… ঃ যিমান লাগে সিমান টকা দিম, মুঠতে কোনেও আৰু একো দেখিব নালাগে৷ যিকোনো মূল্যৰ বিনিময়ত সেই ভিডিঅ’টো নোহোৱা কৰিব লাগে৷ শুনিছা তুমিঞ্জ কিমানজনীনো হৈছে বনিজনী মোৰ/ তাইৰ গোটেই জীৱন পৰি আছে, মই তাইৰ লগত খেলিবলৈ আছে , ফুৰিবলৈ আছে৷ টকা ঘটাৰ মোহত ইমানেই অন্ধ হৈ গ’লো যে মই মোৰ ছোৱালীকণকো সময় অকণ নিদিলোঁ৷ তাইৰ দোষ নাই/ তাইৰ অলপো দোষ নাই৷ দোষ আমাৰ, দোষী আমি, অপৰাধী আমি…৷ এতিয়াৰ পৰা আমি প্ৰতিটো মুহূৰ্তত তাইৰ স’তে থাকিম… তাই সাৰ পাইছিল৷ ফোনত কাৰোবাক কথাখিনি কৈ শেষ নকৰাকৈয়ে দেউতাকে হুকহুকাই উচুপি উঠিল৷ তাইক জোৰকৈ বুকুত সাবটি থকা মাকৰ যত্নপালিত লাহী শৰীৰটো বাঁহপাত এখিলাৰ দৰে কঁপি থাকিল৷ দেউতাকৰ কথাকেইষাৰ শুনি দ্বিতীয়বাৰলৈ তাইৰ মূৰত সৰগ ভাগি পৰিল৷ তাৰমানে আৰু একোৱেই বাকী নাই৷ তাই আকৌ ঢলি পৰিল৷ চকুৰ আগত চক্ৰাকাৰে ঘূৰি থাকিল সেই বিচনা, গাখীৰ গিলাচ আৰু কইনাজনী…৷ বৰেণ্যা সুবাসী এটা অধ্যায়৷ এই অধ্যায় হয়তো তাইৰ উশাহৰ স’তে একেলগেই শেষ হ’ব৷ যাৰ হাতত ধৰি এজনী মৰম আকলুৱা ছোৱালী ঘৰ এৰি গুচি গৈছিল, সি যে টকাৰ বাবে তাইৰ লগত ইমানদিনে ভালপোৱাৰ অভিনয়হে কৰি আছিল সেই কথাৰ তাই উমানেই নাপালে৷ ৰঙাবেলি এটা আঁকি প্ৰিয়জনৰ দুবাহুত নিজক এৰি দিওঁতে যে সি এনে এখন জাল তৰিছিল তাই নাজানিলে৷ টকাৰ বাবেই তাইৰ আলসুৱা শৰীৰৰ এখন বজাৰ হ’ল সেই কথাও তাই নাজানিলে৷ তাইৰ অচেতন অৱস্থাত তাইৰ শৰীৰৰ লৈ যি খেলা হ’ল সেই খেলৰ যে তাই একো খবৰেই নাপালে… আজিকালি মাজে মাজে তাইৰ এনেকুৱাই হয়৷ সুস্থ যেন লগা মানসিকভাৱে অসুস্থ ছোৱালীজনীৰ আচৰণ হঠাৎ আচহুৱা হয়৷ অস্পষ্ট ৰূপত তাইৰ চকুৰ আগত কিছুমান সময়ে ধৰা দিয়ে৷ তাইৰ কইনা সাজিবলৈ মন যায়৷ মাক-দেউতাকে ক’ৰবাত তাইৰ বাবে এটা কোঠা সজাই দিবলগা হয়৷ এজনী সুস্থ মানুহৰ দৰে তাই কোনোবা এখন বিউটি পাৰ্লাৰত নিজে কইনা সাজি আহে৷ গোলাপৰ পাহিৰে সজোৱা এখন বিচনা, এগিলাচ গাখীৰ আৰু এমুখ হাঁহিৰ কইনাজনীৰে কোঠাটো ভৰুণ হৈ উঠে৷ খিল খিল হাঁহিৰে পিন্ধি থকা কাপোৰবোৰ, গহনাবোৰ লিৰিকি বিদাৰি বহি থাকে, যেন প্ৰিয়তম পুৰুষলৈ অপেক্ষাৰত বিয়াৰ ৰাতিৰ কইনাজনীহে আৰু এসময়ত কিবাকিবি বিৰবিৰাই তাই ঢলি পৰে৷ মাক দেউতাকৰ অপৰাধী, উদাসী চকুৰে মাথোঁ চাই থাকে তাইক৷ ৰৈ থাকে তাই ঢলি পৰা সময়লৈ৷ নহ’লে আৰু কৰিবইনো কি/ তেওঁলোকৰ স’তে কটাব লগীয়া বনিৰ শৈশৱ, কৈশোৰ, যৌৱনৰ সময়বোৰ আৰু তাইৰ মানসিক ভাৰসাম্যতা যে এতিয়া তেওঁলোকৰ টকাৰে কিনিব নোৱাৰে…৷