যোৱাবছৰ মধ্যপ্ৰদেশত সংঘটিত কন্যা সন্তানৰ হত্যাৰ ঘটনা জানি হৃদয়খন বিষাই গৈছিল৷ ঘটনাটোৰ সাৰাংশটো হ’ল অৰ্ধ- সামৰিক বাহিনীত চাকৰি কৰা এগৰাকী জোৱানে নিজৰ তিনিগৰাকী নিবীহ, নিৰপৰাধী কন্যা সন্তানক জলহীন গভীৰ কুঁৱা এটাত পেলাই দি হত্যা কৰে আৰু নিজেও আত্মহত্যা কৰে৷ এই কৰুণ, হৃদয়বিদাৰক ঘটনাটি সংঘটিত হোৱাৰ কাৰণ আছিল অন্ধবিশ্বাস৷ অন্ধবিশ্বাসটো হৈছে একেৰাহে তিনি গৰাকী কন্যা সন্তান জন্ম দিয়াৰ পাছত তিনি সন্তানৰ হত্যাকাৰী পুৰুষগৰাকীৰ পত্নীয়ে চতুৰ্থবাৰৰ বাবে পুনৰ কন্যা সন্তান প্ৰসৱ কৰাত খং আৰু হতাশাত পুৰুষগৰাকীয়ে নিজ তিনি সন্তানক হত্যা কৰি নিজে আত্মহত্যা কৰে৷ পুৰুষ প্ৰধান আমাৰ সমাজত এগৰাকী মহিলাই দুটি বা তিনিটি কন্যা সন্তান জন্ম দিয়া তথা এটাও ল’ৰা সন্তান জন্ম দিয়া নোৱাৰা বাবে মহিলাগৰাকীকে দায়ী কৰে স্বামী, শহুৰ-শাহু বা ঘৰৰ আন সদস্যই৷ কিন্তু আচলতে সেয়া হয় জানোঞ্জ এগৰাকী মহিলাই ল’ৰা সন্তান জন্ম দিব নে কন্যা সন্তান জন্ম দিব সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে তেওঁৰ স্বামীৰ ওপৰত৷ আমি জীৱ-বিজ্ঞানৰ জ্ঞানেৰে জানো যে পুৰুষ-স্ত্ৰীৰ একে ক্ৰম’জম [দ্ধ] আৰু [দ্ধ] ৰ দ্বাৰা পুৰুষৰ শুক্ৰাণু আৰু স্ত্ৰীৰ ডিম্বাণুৰ নিষেচন ঘটিলে স্ত্ৰীগৰাকীৰ গৰ্ভাশয়ত কন্যা সন্তানে স্থিতি লাভ কৰে৷ আনহাতে পুৰুষ-স্ত্ৰীৰ ভিন্ন ক্ৰম’জম [Y] আৰু [দ্ধ] নিষেচন ঘটিলে স্ত্ৰীগৰাকীৰ গৰ্ভাশয়ত ল’ৰা সন্তানে স্থিতি লাভ কৰে৷ গতিকে জীৱ-বিজ্ঞানে আৱিষ্কাৰ কৰা এই তথ্য জ্ঞান বহু নাৰী-পুৰুষে নজনাৰ ফলত বেছিকৈ কন্যা সন্তান জন্মিলে কিছুমান পৰিয়ালৰ লোকে কন্যা সন্তান জন্ম দিয়া মহিলা গৰাকীকে দোষ দিয়ে, নিৰ্যাতন কৰে বাঘৰৰ পৰা খেদি দিয়ে৷ কিছুমান পুৰুষে বা পৰিয়ালৰ লোকে গৰ্ভাৱস্থাতে পৰীক্ষা কৰি কন্যা ভ্ৰুণ হত্যা কৰে, প্ৰসৱৰ পাছত কন্যা সন্তানটি হত্যা কৰি মাটিত পুতি থয়, জাৱৰৰ দমত, ফুটপাথত পেলাই থৈ আহে, নদীত পেলাই দিয়ে, কুঁৱাত পেলাই দিয়ে, নিমখ খুৱাই, ডিঙি চেপি হত্যা কৰে, অনাথ আশ্ৰমত থৈ আহে ইত্যাদি ইত্যাদি৷ ৰাজস্থান, হাৰিয়ানা, গুজৰাট, বিহাৰ, মধ্যপ্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংশ ছত্তিশগঢ়, ঝাৰখণ্ড আদি ৰাজ্য সমূহত কন্যা ভ্ৰুণ হত্যা বা কন্যা সন্তান হত্যাৰ প্ৰকোপ বেছি৷ আলট্টাচ’ন’গ্ৰাফীৰ সহায়ত কন্যা ভ্ৰুণ নিৰ্ণয় কৰাৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি চৰকাৰৰ তৰফৰ পৰা নিষেধাজ্ঞা আৰোপ কৰাত কন্যা ভ্ৰুণ হত্যাৰ ঘটনা কমিছে যদিও এতিয়াও নিমূূৰ্ল হোৱা নাই৷ হাৰিয়ানাকে ধৰি কেইখনমান ৰাজ্যত কন্যা ভ্ৰুণ হত্যাৰ প্ৰকোপৰ বাবে পুৰুষৰ অনুপাতে নাৰীৰ জনসংখ্যাৰ অনুপাত বহুত কম৷ ক’ৰবাত ১০০০ পুৰুষৰ বিপক্ষে ৮০০ ৰ পৰা ৭০০ লৈকে কমিছে৷ তাৰ তুলনাত অসমৰ দৰে ৰাজ্যত অসমীয়া সমাজত কন্যা সন্তানৰ প্ৰতি আতংক গ্ৰস্ততা বা ঋণাত্মক মনোভাৱ ইমান ভয়ংকৰ নহয় বাবে কন্যা ভ্ৰুণ হত্যা বা কন্যা সন্তান হত্যাৰ জঘণ্য ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা হোৱা নাই৷ অৱশ্যে বাতৰিকাকত বা বৈদু্যৎতিন মাধ্যমৰ যোগেদি দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হ’বও পাৰে যদিও পোহৰলৈ অহা নাই৷ অসমীয়া কন্যা সন্তানৰ প্ৰতি ইমান আতংক নাই৷ উত্তৰ-পশ্চিম আৰু মধ্যভাৰতৰ ৰাজপথত কন্যা সন্তানৰ প্ৰতি ইমান আতংকৰ কাৰণ কিঞ্জ সাধাৰণভাৱে চালে মধ্যবিত্ত পৰিয়ালত কম উপাৰ্জনক্ষম পৰিয়ালসমূহত কন্যা সন্তানৰ প্ৰতি আতংকৰ প্ৰধান কাৰণ হৈছে কন্যা সন্তানৰ বিবাহৰ বাবে উপযুক্ত হৈ উঠিলে দৰা পক্ষৰ পৰা বিয়া কৰোৱাৰ বাবদ যৌতুকৰ নামত যি নগদ ধন আৰু লগত গাড়ী, টি ভি, ফ্ৰীজ আদি বিলাসী সামগ্ৰীৰ দাবী দিয়া হয় সিয়ে কন্যাৰ অভিভাৱকসকলক সৰ্বশ্ৰান্ত কৰে৷ দৰাৰ পেছাৰ ওপৰত নিৰ্ভৰ কৰি ধন দাবীৰ পৰিমান কম-বেছি হয়৷ ডাক্তৰ, ইঞ্জিনীয়াৰ, আৰক্ষী বিষয়া, কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনিক বিষয়া, ডাঙৰ ব্যৱসায়ী, মন্ত্ৰী-এমেলে পৰ্যায়ৰ দৰাৰ যৌতুকৰ ৰেট পাঁচৰ পৰা দহ-বিছ লাখ বা তাৰ ওপৰতো হ’ব পাৰে৷ যৌতুকৰ ধন আদায় দিবলৈ গৈ বহু পৰিয়াল সৰ্বশ্ৰান্ত হয়, ঋণগ্ৰস্ত হৈ পৰে৷ কেতিয়াবা কন্যাৰ লগত সময়মতে যৌতুক দিব নোৱাৰাব বাবদ-কন্যাৰ বিয়া ভাঙি যায় বা বিয়াৰ পাছত শহুৰ- স্বামীৰ গৃহত কইনা চৰম নিৰ্যাতনৰ বলি হয়৷ শহু গৃহৰ লোকৰ দ্বাৰা আনকি কইনাক হত্যা কৰি জ্বলাই দিয়া ঘটনাও ঘটে৷ বিবাহকাৰ্য যৌতুকৰ বাবদ কিছুমান পৰিয়ালৰ ধন ঘটা আহিলা স্বৰূপ হৈ পৰিছে৷ নিম্ন বিত্ত, মধ্যবিত্ত পৰিয়ালত সেইকাৰণে কন্যা হত্যা, ভ্ৰুণ হত্যা ঘটনা বেছিকৈ সংঘটিত হয়৷ আজিকালি যৌতুকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন কৰা বাবে ইয়াৰে আতিশস্য অলপ কমিছে৷ কিন্তু নিৰ্মূল হোৱা নাই৷ সমাজত শিক্ষিতৰ সংখ্যা বৃদ্ধি হোৱা বাবে শিক্ষিত কন্যা সন্তান যৌতুকৰ বিৰুদ্ধে প্ৰতিবাদী হৈ উঠিছে৷ মিডিয়াও এনে ঘটনাৰ বিৰুদ্ধে আলোকপাত কৰি থকা বাবে যৌতুকৰ প্ৰকোপ কমিছে৷ কিন্তু আৰক্ষী বিভাগ যৌতুক জনিত অপৰাধৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা নাযায়৷ বহু আৰক্ষী বিষয়াই ধনৰ বিনিময়ত যৌতুক বিচৰা দৰা পক্ষক সহায়হে কৰে৷ আমাৰ অসমীয়া সমাজত গৌৰৱ কৰিবলগীয়া বিষয় হৈছে অসমীয়া বিয়া-সংস্কৃতিত যৌতুকৰ ইমান ভয়ংকৰ দাবী দুষ্কৃতি নাই৷ অৱশ্যে বাহিৰৰ মানুহৰ প্ৰভাৱত অসমীয়া সমাজতো যৌতুকৰ নামত ধন দাবী কৰা দুই এটা ঘটনা নঘটা নহয়৷