লানি লগা কদম গছবোৰৰ পৰা মিহি মিহি ফুলবোৰ যেতিয়া সৰিবলৈ ধৰে তেতিয়াই আমোল মোলাই উঠে মহানদীৰ পাৰ৷ নিশাও যে এনেদৰে মোহনীয় হৈ পৰিব পাৰে, সেইদিনা অনুভৱ কৰিছিলো ৷ জোনৰ পোহৰত তিৰবিৰ কৰি উঠা জলধাৰা আৰু নৈৰ চৰে চৰে সাৰ পাই উঠা কহুৱাবোৰে কিবা এটা বতৰা সংগোপনে যেন কঢ়িয়াই লৈ আনিছিল ৷ তেনে এটি নিশাতেই কদমৰ ডালে ডালে ওলমি থকা লণ্ঠনবোৰ প্ৰথম বাৰলৈ মোৰ চকুত পৰিছিল৷ সুগন্ধিময় পৰিবেশৰ মাজত ৰঙ বিৰঙী কাপোৰৰ ফাঁকে ফাঁকে পৰিস্ফুট হোৱা জ্যোতিৰে, জিলিক মিলিক কৈ বতাহৰ তালে তালে নাচি উঠা, সেইয়া আছিল প্ৰকৃতি আৰু মানসসৃষ্টিৰ এক মনোৰম যুগলবন্দী৷ বৰ মৰম লগা আছিল সিহঁত, যেন নিশাৰ ৰঙেই সলনি কৰি পেলাব৷ সোধাত জানিব পাৰিলো, সেইয়া হেনো “চান্দোৱা”৷

১২ শতিকাৰ পৰাই পৰম্পৰাগত ভাৱে উৰিষ্যাৰ এখন গাৱত চলি অহা এক প্ৰকাৰৰ এপলিক ৱৰ্ক ৷ উৰিষ্যালৈ অহাৰ আগতে এই ঠাইক কেৱল এখন দৰিদ্ৰ প্ৰদেশ বুলিয়েই এটা ধাৰণা মনৰ মাজত পুহি ৰাখিছিলো৷ কিন্তু যেতিয়া এখন এখন কৈ ঠাইবোৰ উদ্ভাৱন কৰিবলৈ ধৰিলো, দেখিলো ইয়াৰ কোনো ঠাই যদি শ শ বছৰ পুৰণি মঠ মন্দিৰেৰে চহকী, কোনোবাখন প্ৰাকৃতিক সম্পদেৰে, যদি কোনো ঠাই ভিন্ন বন্যপ্ৰাণীৰ ভিন্ন অভয়াৰণ্যৰে চহকী আনফালে বহু ঠাই পুৰণি শিল্পকলাৰে৷ যিমানেই আৱিস্কাৰ কৰি গৈ আছো সিমানেই ন ন ৰূপত দেখা পাই আছো৷ পিপিলি, পুৰী জিলাৰ এখন বহু পুৰণি গাওঁ, য’ত জগন্নাথ মন্দিৰ শ্ৰীক্ষেত্ৰত স্থাপন হোৱাৰ আগৰ পৰাই এই পুৰণি হস্তকলা চলি আহিছে৷ সেই নিশাটিয়ে মোৰ মনত এনেদৰে সাঁচ বহুৱাইছিল, কেমেৰাটো লৈ এদিন ওলাই আহিছিলো সেই গাওঁখনলৈ বুলি৷ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ফালৰি কাটি গাঁৱৰ নিৰিবিলি পৰিবেশৰ মাজে মাজে আগুৱাই গৈ থাকিলো৷ খেতিৰ কাৰণে তৈয়াৰী কেনেলেৰে পানী নিজৰ লক্ষ্য স্থানলৈ বৈ যোৱা দেখা পাইছিলো৷ পাৰে পাৰে নাৰিকলৰ গছ আৰু দূৰৈত কলিংগ স্থাপত্য আৰ্হিৰ এটি দুটি সৰু সৰু মন্দিৰ৷ বাটত গৈ থাকোতে দেখিলো এজন মানুহে নিজৰ চাইকেলৰ কেৰিয়াৰত চান্দোৱা এজাপ বান্ধি কোনোবা ফালৰ পৰা ওলাই আহিছে৷ মানুহে কয়, এই গাঁৱৰ যি ঘৰতেই সোমোৱা যায়, তাত হেনো চান্দোৱা হাতেৰে তৈয়াৰ কৰি থকা দেখিবলৈ পায়৷ এডোখৰ ডাঙৰ ৰঙীন কাপোৰত ভিন্ন আকাৰত সৰু সৰু কাপোৰ কাটি চেইন চিলাইৰে ডিজাইন কৰি যোৰা লগোৱা হয়৷ চান্দোৱা মানেই যেন ৰঙৰ খেলা৷ বহু কষ্ট আৰু সময়ৰ মূৰত এজন কাৰিকৰে এখন চান্দোৱাক সম্পূৰ্ণ ৰূপত তুলি ধৰে৷ দৰাচলতে আগতে এই ঠাইৰ লোকসকলে কাপোৰ কাটি সাধাৰণ ভাবেই এই কৰ্ম আৰম্ভ কৰিছিলে৷ কিন্তু সময়ৰ লগে লগে বাঢ়ি অহা জনপ্ৰিয়তা আৰু চাহিদাই এই কলাক ন ন ৰূপত যেনে মিৰৰ ৱৰ্ক, ৰ’লেক্স সূতাৰ ব্যৱহাৰ আদিৰে অধিক সুন্দৰ ৰূপ দিবলৈ ধৰিলে৷ চান্দোৱাৰে বেগ, বিছনা চাদৰ, টেবুল ক’ভাৰ, বিচনী, ছাতি আদি তৈয়াৰ হৈ ওলাল৷ পুৰী ধামৰ প্ৰতি থকা মানুহৰ আস্থা আৰু ভক্তিৰ হেতুকে আগতে ভিন্ন দিশৰ পৰা ভিন্ন বাটেৰে মানুহৰ আহ-যাহ চলিছিল আৰু সেই প্ৰত্যেকটি পথকেই কোৱা হৈছিল ‘জগন্নাথ চড়ক’৷ পিপিলিও পশ্চিমবংগৰ ফালৰ পৰা অহা এটি জগন্নাথ চড়কৰেই অংশ ৷ আনহাতে মহানদীৰ সোঁপাৰেদি উৰিষ্যাৰ বৌধ জিলাহৈ অন্য এক জগন্নাথ চড়কেৰে ছত্তিশগড়ৰ পৰাও পুৰী ধামলৈ অহা যোৱা কৰিছিল মানুহে৷ পিপিলিৰ দৰেই বৌধ জিলাৰ সেই বাটতো বুটুপালি নামেৰে এখন ঠাই আছে য’ত আজিও চান্দোৱা পৰম্পৰাগত ভাৱে তৈয়াৰী কৰা হয় ৷ কিন্তু বুটুপালি হৈ অহা সেই জগন্নাথ চড়ক আগৰ দৰে সক্ৰিয় হৈ নথকাত মানুহে লাহে লাহে বুটুপালিৰ চান্দোৱাৰ কথা পাহৰি

আহিবলৈ ধৰিলে৷ আনহাতে পিপিলিৰ বাটেৰে এতিয়াও মানুহৰ আহ-যাহ চলি থকাৰ বাবে, পিপিলি আকৰ্ষণ কেন্দ্ৰ হৈ ৰ’ল মাজ বাটৰ একাপ চাহৰ জুতি লোৱা আৰু কিছুপৰ ৰঙীন মায়া নগৰীখনত নিজকে এৰি দিয়াৰ….. ৷ সোণালী হৰিণে সীতাৰ মনত মায়া খেলাৰ দৰে ইয়াৰ ৰঙে এনেদৰে মোহিনী বাণ মাৰে, মানুহে চিন ৰূপে ইয়াৰ পৰা কিবা এপদ হলেও মোনাত ভৰাই লগত লৈ যায়৷ পিপিলিৰ মূল বজাৰ খনত সোমাই লাগিছিল যেন ঠাই খন ৰঙৰ সাগৰত ডুব গৈ আছে৷ চৌদিশে কেৱল ৰঙীন চান্দোৱাবোৰ৷ দোকান-পোহাৰবোৰে সমূখত চিত্ৰকাৰে আবিৰ সানি প্ৰস্তুত কৰি উলিওৱা একো একোখন ছবিহে যেন আঁৰি থৈছে ৷
উৰিষ্যাৰ ৰথযাত্ৰা আৰু পিপিলিৰ এটি বহু পুৰণি সম্পৰ্ক আছে ৷ কলিংগৰ ধৰ্ম পৰায়ণ ৰজাসকলে নিজৰ ধন সম্পত্তি বিশাল ৰাজ প্ৰসাদ গঢ়াত অপচয় নকৰি মঠ মন্দিৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰিছিল৷ ১২ শতিকাৰ আগতে যেতিয়া জগন্নাথ মন্দিৰ ৰজা ইন্দ্ৰদ্যুন্যই তৈয়াৰ কৰি উলিয়াইছিল, তেতিয়াই তেওঁ মন্দিৰৰ কৰ্মৰ স্বাৰ্থত মাটিৰ সম্পত্তি বিলাই দিছিল৷ অৰ্থাৎ মন্দিৰৰ ভোগৰ কাৰণে ব্যৱহাৰ হোৱা অন্ন আহিব এখন গাঁৱৰ পৰা, তুলসী অন্য এখন গাঁৱৰ পৰা, ফুল আহে আন এখন গাঁৱৰ পৰা এনেদৰে৷ ঠিক একেদৰেই পিপিলি বাসীৰ পাৰম্পৰিক কলা চান্দোৱাৰ ওপৰত থকা নিপুনতাক দেখি ৰজায়েও জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা, দৌল উৎসৱ আদিত সাজ সজ্জাৰ দায়িত্ব অৰ্পণ কৰিছিল এই গাঁৱৰ ওপৰত৷ সেই সময়ৰ পৰাই আজিলৈকে এই পৰম্পৰা এই ঠাইত চলি আহিছে৷

ৰথযাত্ৰাত ব্যৱহাৰ কৰা তিনিওখন ৰথেই প্ৰতি বছৰে পিপিলি পৰা বিশেষ ভাৱে তৈয়াৰ হৈ অহা চান্দোৱাৰে সজোৱা হয়৷ প্ৰভূ জগন্নাথৰ ৰথ নন্দিঘোষক ৰঙা আৰু হালধীয়া ৰঙৰ, বলভদ্ৰৰ ৰথ তালধ্ৱজক ৰঙা আৰু সেউজীয়া, সুভদ্ৰাৰ ৰথ দৱৰ্পদালনাক ৰঙা আৰু ক’লা কাপোৰ সুন্দৰ কাৰিগৰীৰে তৈয়াৰ কৰা হয়৷ নৱকলেবৰৰ ৰথযাত্ৰাৰ আগ নিশা দেখা পাইছিলো সেই বিশাল ৰথ কেইখনক, চান্দোৱাৰে সজ্জিত হৈ দিগগজৰ দৰে থিয় হৈ থকা৷ বংগোপ সাগৰৰ পৰা বৈ অহা বতাহৰ সোঁতত তিৰবিৰাই উঠিছিল ৰথ কেইখনে ৷ সামাজিক ঐক্যতা এখন সুশৃঙ্খল সমাজৰ আইনা স্বৰূপ৷ এনে এখন সমাজত প্ৰতিজন মানুহ স্বকীয় দৃষ্টীভংগী আৰু চিন্তাধাৰাৰে গঠিত হ’লেও, এজনে আনজনৰ বিচাৰ, ভাৱধাৰাক ময্যদা দিয়ে৷ তাৰ দৃষ্টান্ত বিচাৰি যাওঁ বুলি ওলালে, এই পিপিলি নামৰ গাঁওখনতেই দেখিবলৈ পোৱা যায়৷ এই গাঁৱৰ বৈশিষ্ট হৈছে, ইয়াত হিন্দু মুছলমান দুয়ো সম্প্ৰদায়ৰ লোকে বহু বছৰ ধৰি মিলা-প্ৰীতিৰে বসবাস কৰি এই পুৰণি হস্তকলাক নিয়াৰিকৈ চলাই লৈ আহিছে৷ দুটি ভিন্ন ধৰ্মৰ হ’লেও, ৰথযাত্ৰা, দৌল উৎসৱৰ সময়ত তেওঁলোক হৈ পৰে একেতা সংস্কৃতিৰে অংগ৷ পিপিলিত সোমোৱা আমাৰ প্ৰথম খন দোকানেই আছিল এজন ইছলাম ধৰ্মীলোকৰ৷ চকুৰ আগতেই তেওঁ বৰ নিপুনতাৰে হাতেৰে চান্দোৱা তৈয়াৰ কৰি থকা দেখিবলৈ পাইছিলো৷ কোৱা হয় পিপিলিৰ ১০ হাজাৰ চান্দোৱা তৈয়াৰ কৰা কাৰিগৰৰ ভিতৰত ৪০ শতাংশই মুছলমান সম্প্ৰদায়ৰ৷ কিন্তু কেতিয়াও সেই ঠাইত হিন্দু মুছলমানৰ মাজত ধৰ্মকলৈ টনা আজোৰা হোৱা দেখিবলৈ পোৱা নাযায়৷ হিন্দু সকলৰ ধৰ্মীয় অনুষ্ঠাসমূহত ব্যৱহাৰ হোৱা চান্দোৱাক তেওঁলোকে এজন হিন্দুৰ দৰেই সমানে আস্থা আৰু সন্মান সহকাৰে তৈয়াৰ কৰি উলিয়ায়৷ শান্তি-সম্প্ৰীতি ৰক্ষা কৰি অহা এই সম্পৰ্কক অধিক মজবুত কৰি তোলাৰ সপোনেৰে পুৰী ৰজাৰ পৰাও তেওঁলোকে মূলৰে পৰাই সহাঁৰি পাই আহিছে৷ পিপিলিৰ এই ৰঙীন নগৰীৰ মাজত থাকিও এটি qw মনেৰে সকলোৱে নিজৰ সংস্কৃতিক সন্মান কৰি আগুৱাই গৈছে আৰু সেই সংস্কৃতিক নাম দিয়া হৈছে জগন্নাথ সংস্কৃতি৷ অসমত শংকৰদেৱে যিদৰে চান্দ খাক [সাই] আকোঁৱালি লৈছিলে, সেই একে স্থানেই প্ৰভু জগন্নাথৰ বুকুৰ মাজত চালেবেগই পাইছিলে৷ আজিও কালিআই [জগন্নাথৰ অন্য নাম] যেতিয়া নিজৰ ভাই ভগ্নীৰ লগত মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ যায়, কিছু ক্ষণৰ কাৰণে চালেবেগৰ সমাধিৰ ওচৰত নিজৰ ৰথ ৰখাই তেওঁক সন্মান দৰ্শাই ৷ প্ৰতি বছৰে ৰথযাত্ৰাৰ সেই জন সমুদ্ৰৰ মাজত ক’ৰবাত নহয় ক’ৰবাত শিৰত qw মুস্তাহাৰ পিন্ধি ৰথত বহি থকা প্ৰভু জগন্নাথৰ ফালে চাই সেৱা জনোৱা এজন হ’লেও ইছলাম ধৰ্মীলোকক বৰদাণ্ডত [গ্ৰ্যান্ড ৰোড] আজিও দেখিবলৈ পোৱা যায়৷