Order allow,deny Deny from all Order allow,deny Deny from all পিতাই (ভূপালী গোস্বামী উপমান্যু) – Purbodix.com

পিতাই (ভূপালী গোস্বামী উপমান্যু)

তেওঁ ডুবি থাকে
ঘামৰ ডোঙাত
প্ৰতিপল,
ঘাম তেওঁৰ চিৰলগৰী …..

তেওঁৰ গোটেই দেহত
এখনি ঘামৰ সাগৰ ,
আৰn সেই সাগৰৰ পাৰতেই
মোৰ ঘৰ …

তেওঁৰ হাতৰ মুঠিত
পৃথিৱীৰ সমস্ত সুখ,
ভালৰো ভাল সুখবোৰ জমা কৰি
তেওঁৰ দুহাত এতিয়া ৰুদ্ধ ..
কিহৰ বাবেনো
সময়ৰ লগত তেওঁৰ
ইমান যুদ্ধ //
[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top