মানৱ শৰীৰৰ পুষ্টি, শাৰীৰিক আৰু মানসিক শ্ৰীবৃদ্ধি, শক্তি যোগান আৰু নিৰোগী হৈ থকাৰ বাবে আইৰণ বা লৌহ পদাৰ্থৰ অত্যন্ত প্ৰয়োজন৷ অতীতৰপৰাই আইৰণক শক্তিৰ প্ৰতীক হিচাপে বিবেচনা কৰি অহা হৈছে৷ আজিৰপৰা কিছু বছৰ আগলৈকে যেতিয়া ৰন্ধন গেছ আৰু প্ৰেছাৰ কুকাৰ আদিৰ ব্যৱহাৰ হোৱা নাছিল, তেতিয়া আমাৰ পৰিয়ালবোৰত লোহাৰ কেৰাহী ব্যৱহাৰ হোৱাৰ মূলতে আছিল সামান্য পৰিমাণে হ’লেও লৌহ পদাৰ্থ আহাৰ হিচাপে শৰীৰক যোগান ধৰা৷ মানৱ শৰীৰত আইৰণৰ অভাৱ হ’লে নানা স্বাস্থ্যজনিত সমস্যা [বিশেষকৈ আইৰণৰ অভাৱজনিত ৰক্তহীনতা] দেখা দিয়ে৷


মানৱ শৰীৰৰ বাবে দৈনিক অন্তত .০১২ গ্ৰাম লোৰ প্ৰয়োজন৷ খাদ্যত আয়ৰণৰ অভাৱ হ’লেও এমিনিয়া হ’ব পাৰে৷ যকৃত যেতিয়া দুৰ্বল হৈ প্ৰয়োজনীয় ৰঞ্জক পিত্ত উৎপন্ন কৰিব নোৱাৰে, তেতিয়া ৰক্তহীনতা ৰোগে দেখা দিয়ে৷ আকৌ বিভিন্ন কাৰণত লোহিতকণাৰ সংখ্যা তেজত বেছি হ’ব পাৰে ৷ ইয়াৰ ফলত তেজৰ গতি লেহেম হয়, ৰক্তনলীৰ ভিতৰত তেজ গোট মৰাৰ নিচিনা অৱস্থা হয়৷ গছৰ পাতত থকা লোৰ বাবেই পাতবোৰ সেউজীয়া ৰঙৰ হয়৷ সেউজীয়া শাক-পাচলিত সেয়ে লোৰ পৰিমাণ অত্যাধিক৷ আলু, অমিতা, কাচকল, কলডিল, কোমোৰা ইত্যাদিত লো পৰ্যাপ্ত পৰিমাণে থাকে৷
গৰ্ভত থকা সন্তানটিৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ ব্যক্তিকে আইৰণৰ দৰকাৰ৷ আমাৰ দেহত থকা লোহিত ৰক্তকণিকাৰ হিম’গ্লবিন আৰু মাংসপেশীৰ মায়’গ্লবিন আইৰণৰদ্বাৰা গঠিত৷ প্ৰতি গ্ৰাম হিম’গ্লবিনত প্ৰায় ৩.৩৪ মিলিগ্ৰাম আইৰণ থাকে৷ লোহিত ৰক্তকণিকাৰ হিম’গ্লবিনত থকা আইৰণে মুখ্যতঃ অক্সিজেন কঢ়িয়াই নি শৰীৰৰ কোষবোৰক যোগান ধৰে৷ মায়’গ্লবিনে মাংসপেশীক শক্তি যোগায়৷ শৰীৰৰ বহুতো জৈৱিক প্ৰক্ৰিয়াত সহায় কৰা চাইটোক্ৰোম, কেটালেজ, এনজাইম আদিত আইৰণ থাকে৷ কেটাকলেমাইনৰ মেটাবলিজিমত, মস্তিষ্কৰ বৃদ্ধি আৰু কাৰ্যদক্ষতা বঢ়োৱা, মানসিক উৎকৰ্ষ সাধন কৰা, ৰোগ প্ৰতিৰোধ ব্যৱস্থাক এিKI×ব’ডি তৈয়াৰ কৰি সবল কৰা, শৰীৰৰ উত্তাপ সঠিককৈ ৰখা আদি কাৰ্যৰ বাবে আইৰণৰ আৱশ্যক৷ মানৱ শৰীৰত সাধাৰণতে তিনিৰপৰা পাঁচ গ্ৰাম আইৰণ থাকে৷ ইয়াৰ প্ৰায় ৬৫ ভাগ হিম’গ্লবিনত, পাঁচ ভাগ মায়’গ্ল’বিনত, ২৫ ভাগ ফেৰিটিন আৰু হিম’চিদ্ৰাৰিণ হিচাপে যকৃৎ, প্লীহা, অস্থিৰ মজ্জা আদিত জমা থাকে৷ বাকী প্ত শতাংশ ক্ষুদ্ৰান্তৰ প্ৰথমভাগ আৰু দ্বিতীয় ভাগত সিঁচৰিত হৈ থাকে৷ সাধাৰণ অৱস্থাত এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ শৰীৰপৰা প্ৰতিদিনে প্ৰায় এক মিলিগ্ৰাম আইৰণ প্ৰস্ৰাৱ, ঘাম, পিত্তৰস, ৰক্তক্ষৰণ আদিৰদ্বাৰা ওলাই যায়৷ মাহেকীয়া হোৱা মহিলা এগৰাকীৰ শৰীৰৰপৰা প্ৰতিদিনে দুই মিলিগ্ৰাম আইৰণ ওলাই যায়৷ যিহেতু শৰীৰে প্ৰাপ্তবয়স্ক লোহিত ৰক্তকণিকা ধ্বংস হ’লে নিৰ্গত হোৱা আইৰণকে পুনৰ ব্যৱহাৰ কৰে, সেয়েহে শৰীৰক প্ৰতিদিনে বাহিৰৰপৰা যোগান ধৰিব লগা আইৰণৰ পৰিমাণ অতি নগণ্য৷ অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিত আইৰণৰ আৱশ্যকতা বাঢ়ি যায়৷ গৰ্ভাৱস্থাত ৰক্তৰ পৰিমাণ বঢ়া আৰু কেঁচুৱাৰ বৃদ্ধিৰ বাবে, শিশুক দুগ্ধপান কৰোৱা মাতৃক, বাঢ়ি অহা শিশু আৰু বয়ঃসন্ধি কালৰ ল’ৰা-ছোৱালীৰ শাৰীৰিক আৰু মানসিক শ্ৰীবৃদ্ধিৰ বাবে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে, বৃদ্ধ অৱস্থাত সঠিককৈ স্বাস্থ্য ৰক্ষাৰ বাবে অতিৰিক্ত আইৰণৰ প্ৰয়োজন ৷ কমকৈ ঋতুস্ৰাৱ হোৱা, সহজেই ভাগৰ লগা, ঠাণ্ডা লগা, শৰীৰৰ কঁপনি, শেঁতা পৰা, মূৰ ঘূৰোৱা, চকুৰে ধোঁৱা ধোঁৱা দেখা, উশাহ-নিশাহত কষ্ট পোৱা, হৃৎপিণ্ডৰ ধপধপনি, শৰীৰ ফুলি উঠা, মূৰৰ বিষ, এলাহ ভাব, কোনো কামত মন নবহা, মনোযোগ কমি অহা আদি এইবিধ ৰক্তহীনতাৰ লক্ষণ৷ হিম’গ্ল’বিনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে আগেয়ে উল্লেখ কৰি অহা আইৰণযুক্ত আহাৰ খাব লাগে৷ গৰ্ভৱতী মহিলা, শিশুক দুগ্ধপান কৰোৱা মাতৃ, কন্যাকাল বাঢ়ি অহা শিশু আৰু বয়ঃসন্ধি কালৰ ল’ৰা-ছোৱালীসকলে আইৰণযুক্ত খাদ্য নিয়মীয়াকৈ খোৱাৰ উপৰি বছৰি অতি কমেও এশটা আইৰণ টেবলেট খোৱা উচিত৷ আজিকালি চৰকাৰীভাৱে বিনামূলীয়াকৈ গৰ্ভৱতী মহিলা, শিশু আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীক আইৰণ টেবলেট যোগান ধৰা হয়৷ এই আইৰণ টেবলেটবোৰ বাহিৰৰ বতাহ আৰু তাপ নোপোৱাকৈ ঢাকনিযুক্ত পাত্ৰত ৰাখি নিতৌ খালে এনেবিধ সমস্যা প্ৰতিৰোধ কৰিব পৰা যায়৷