জৱাহৰলাল নেহৰুৱে দেশবাসীৰ উদ্দেশ্যে অনাতাঁৰ যোগে ঘোষণা কৰিলে– ‘আমাৰ জীৱনৰ জ্যোতি হেৰাই গ’ল৷…’ দেশে দেশে বিয়পি গ’ল গান্ধীশূন্য পৃথিৱীৰ বেদনা৷ ভাৰতবৰ্ষৰ গাঁৱে গাঁৱে কান্দোনৰ ৰোল উঠিল৷ কেতবোৰ শোকস্তব্ধ লোকৰ হাতৰ পৰা ৰেডিঅ’ সৰি পৰিল৷ সেইসময়ত ম’বাইল ফোন, টিভি বা ইণ্টাৰনেট একোৱেই নাছিল৷ ৰেডিঅ’ও ঘৰে ঘৰে নাছিল৷ কিন্তু হৃদয়ৰ পৰা হৃদয়লৈ শোকৰ ধুমুহা বলিল৷ লাখ লাখ সাধাৰণ প্ৰজাৰ পাকঘৰত সেইনিশা চৌকা নজ্বলিল৷ ধূপ-ধূনা, নাম-কীৰ্তন, পূজা-পাতলেৰে মহাত্মাৰ প্ৰয়াণ জনমানসত এক অভূতপূৰ্ব ঘটনাত পৰিণত হ’ল৷ ভাৰতবৰ্ষৰ ৰাজ্য অসমৰ গহপুৰত এগৰাকী গৃহিণী কাঞ্চন প্ৰভা গোস্বামীয়ে নিজে লিখি শোকৰ গীত গাইছিল– ‘আজি দেশত নাই গান্ধী দেশবাসী উঠে কান্দি কোনে দিব হিত বুদ্ধি কাকে ল’ম কথা সুধিঞ্জ সূৰ্যে দিলে শক্তি কৃষ্ণে দিলে ভক্তি মহাত্মা বুলি৷ দেশী ভায়ে বঁটা দিলে বন্দুকৰ গুলী৷’

নিজৰ পিতৃ ঢুকুওৱাৰ দৰে বহুতৰ ঘৰত শ্ৰাদ্ধ পতা হৈছিল৷ মূৰৰ চুলি খুৰাইছিল৷ ব্ৰত পালন কৰিছিল৷ কাৰণ তেওঁক আখ্যা দিয়া হৈছিল জাতিৰ পিতা বুলি৷ পৃথিৱীৰ চুকে-কোণে গান্ধীৰ মৃত্যুত আচৰিত ধৰণৰ প্ৰতিক্ৰিয়া শুনিবলৈ পোৱা গ’ল৷ ফ্ৰান্সৰ সমাজবাদী নেতা লিঁয় ব্লামে নিজৰ অনুভৱ এনেদৰে লিখিছিল– ‘মই কোনোকালেই গান্ধীক দেখা নাছিলো৷ মই তেওঁৰ ভাষাও নাজানো৷ কোনোদিনেই তেওঁৰ দেশত মই খোজ দিয়া নাই৷ তথাপি মোৰ অনুভৱ হৈছে যেন মোৰ কোনো নিজৰ পৰিয়ালৰ এজন আপোন সদস্যহে হেৰুৱাইছো৷ এই অসাধাৰণ মানুহজনৰ মৃত্যুত সমগ্ৰ বিশ্ব শোকৰ সাগৰত বুৰ গৈছে৷’ কালিফ’ৰ্ণিয়াৰ এজনী তেৰবছৰীয়া ছোৱালীয়ে এখন চিঠিত লিখিছিল– ‘গান্ধীৰ মৃত্যুৰ খবৰ শুনি মই সঁচাকৈয়ে সাংঘাতিক দুখ পাইছো৷ মোৰ যে তেওঁৰ প্ৰতি ইমান আগ্ৰহ আছিল, সেয়া মই কেতিয়াও নাজানিছিলো৷ কিন্তু আজি এই মহৎ মানুহজনৰ মৃত্যুত মই দুখত ভাগি পৰিছো৷’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটেৰী অফ্ ষ্টেট জেনেৰেল জৰ্জ চি মাৰ্চালে কৈছিল– ‘মহাত্মা গান্ধী আছিল সমগ্ৰ মানৱ সভ্যতাৰ বিবেকৰ মুখপাত্ৰ৷’ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে লিখিলে– ‘ভৱিষ্যতৰ প্ৰজন্মই বিশ্বাস কৰিবলৈ টান পাব যে এনে এজন তেজ-মঙহৰ মানুহে এই গ্ৰহত খোজ দিছিল৷’ ইয়াৰ উপৰি আইনষ্টাইনে লিখিছিল– ‘আমাৰ যুগৰ প্ৰকৃত, শ্ৰেষ্ঠ ৰাজনৈতিক নায়কৰূপে মই মহাত্মা গান্ধীকেই গণ্য কৰোঁ৷… তেওঁ আছিল নিজৰ দেশৰ জনগণৰ নেতা৷ বাহিৰৰ কোনো কৰ্তৃপক্ষৰ দ্বাৰা তেওঁ সমৰ্থিত নাছিল৷ তেওঁ এনে এজন ৰাজনৈতিক নেতা আছিল, যাৰ সাফল্য কোনো কূটবুদ্ধিৰ ওপৰত নিৰ্ভৰশীল নাছিল৷ তেওঁ কোনো কৌশলগত যান্ত্ৰিকতাৰ দ্বাৰাও সাফল্য অৰ্জন কৰা নাছিল৷ তেওঁ সাফল্য লাভ কৰিছিল মানুহক বুজোৱাৰ ক্ষমতাৰ দ্বাৰা৷ তেওঁ এনে এজন বিজয়ী যোদ্ধা, যি বল প্ৰয়োগক সকলো সময়তে ঘৃণাৰ দৃষ্টিৰে চাইছিল৷ তেওঁ আছিল এজন জ্ঞানী আৰু বিনয়ী ব্যক্তি, যাৰ অস্ত্ৰ আছিল দৃঢ় সংকল্প আৰু অদম্য মানসিকতা৷ নিজৰ দেশৰ জনগণৰ উন্নতি সাধন তথা ভাগ্যৰ পৰিৱৰ্তনৰ বাবে তেওঁ নিজৰ সৰ্বশক্তি নিয়োগ কৰিছিল৷ ইউৰোপিয়ানসকলৰ নিষ্ঠুৰ হিংস্ৰতাক তেওঁ প্ৰতিৰোধ কৰিছিল সৰল মানৱীয় মৰ্যাদাবোধৰ দ্বাৰা৷ সেইবাবেই তেওঁ সৰ্বকালৰ এক সুমহান ব্যক্তিত্ব৷’ ঔপন্যাসিক পাৰ্ল এছ বাকে এই কৰুণ ঘটনাক আখ্যা দিছিল ‘অন্য এক ক্ৰুছবিদ্ধকৰণ (Another crucifixation)ক্স বুলি৷ উল্লেখ্য যে ত্ৰিশ জানুৱাৰীৰ সেই দিনটো আছিল শুকুৰবাৰ৷ নিউ ইয়ৰ্কত এজনী বাৰ বছৰীয়া ছোৱালীয়ে পাকঘৰলৈ সোমাইছিল পুৱাৰ চাহ-জলপান খাবলৈ৷ সেই সময়তে ৰেডিঅ’ৰ বাতৰিত প্ৰচাৰ হৈছিল গান্ধীহত্যাৰ খবৰ৷ লগে লগে সেই পাকঘৰৰ মজিয়াতে ঘৰৰ কামকৰা মানুহগৰাকী আৰু ফুলনিৰ মালীজনৰ সৈতে ছোৱালীজনীয়ে প্ৰাৰ্থনা কৰিছিল৷ তেওঁলোকে উচুপি উঠিছিল৷ বিশ্বৰ প্ৰান্তে প্ৰান্তে এটাই মাথোঁ দুখৰ বাৰ্তা বিয়পিছিল– ‘এজন ভাল মানুহৰ মৃত্যু হ’ল, যাৰ দৰে মানুহ পৃথিৱীয়ে দুনাই পোৱাটো কঠিন হ’ব৷’ পৃথিৱীৰ ভিন ভিন দেশৰ সেই দুখী মানুহবোৰৰ সৈতে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ কোনো সম্পৰ্ক নাছিল৷ কিন্তু গান্ধীৰ সৈতে তেওঁলোকৰ কি এক আচৰিত ধৰণৰ অদৃশ্য আত্মিক সম্পৰ্কই গঢ় লৈ উঠিছিলঞ্জ আৰু কিয়ঞ্জ ভাৰতবৰ্ষৰ কৰ্তৃপক্ষই বিদেশৰ পৰা গান্ধীৰ মৃত্যুত আনুষ্ঠানিকভাৱে মুঠ ৩,৪৪১ টা শোকবাৰ্তা পাইছিল৷ ৰাষ্ট্ৰসংঘৰ পতাকা অদ্ধৰ্নমিত কৰা হৈছিল৷ কিন্তু কিয়ঞ্জ কোন আছিল তেওঁঞ্জ ৰাষ্ট্ৰপতিঞ্জ প্ৰধানমন্ত্ৰীঞ্জ গান্ধীৰ কোনো পদবী নাছিল৷ বিপুল ধন-সম্পত্তিৰ অধিকাৰী ব্যক্তিও নাছিল৷ বিশেষ কোনো শিক্ষাগত চমকপ্ৰদ অৰ্হতাও নাছিল৷ এজন কৃতী বিজ্ঞানী, শিল্পী কিম্বা সাহিত্যিকো নহয়৷ তেওঁ আনকি কোনো ন’বেল বঁটা বিজয়ী লোকো নহয়৷ সাধাৰণ মানুহৰ মাজত কাম কৰা উদং গা আৰু চুটি চুৰীয়া পৰিহিত তেওঁ আছিল এজন অসাধাৰণ মানুহ৷ নাম তেওঁৰ মোহন দাস কৰমচাঁন্দ গান্ধী৷ কিন্তু পৃথিৱীৰ ইতিহাসত তেওঁ ৰৈ গ’ল মহাত্মা গান্ধীৰূপে৷ এজন মানুহ কেনেকৈ মহাত্মা হ’ব পাৰেঞ্জ ৭৮ বছৰ বয়সত মৃত্যু হোৱা মোহনদাস কৰমচঁান্দ গান্ধীয়ে জন্মৰ লগে লগেই ‘মহাত্মা’ হৈ এই পৃথিৱীলৈ অহা নাছিল৷ অন্য সাধাৰণ মানুহৰ দৰেই তেওঁৰ জীৱনলৈ বহুতো ভুল-ভ্ৰান্তি আহিছিল৷ ব্যক্তিগত জীৱনৰ কেতবোৰ ঘটনা আছিল আ(ৰ্যকৰ৷ কিন্তু অনুতাপ, উপলব্ধি আৰু সংশোধনেৰে ক্ৰমাৎ তেওঁ জীৱনক বিস্ময়কৰ কৰি আনিছিল৷ সত্যৰ সাধনাৰে ঢাপে ঢাপে তেওঁ নিজকে ৰূপান্তৰিত কৰিছিল ‘মহাত্মা’লৈ৷ সজল নয়নেৰে গান্ধীজীৰ দেহত পুষ্পাঞ্জলি দি লৰ্ড মাউণ্টবেটেনে ক’লে– ‘ইতিহাসত মহাত্মা গান্ধী বুদ্ধ আৰু যীশুৰ সৈতে ৰৈ যাব৷’ আৰু পাকিস্তানতঞ্জ তাতো কান্দোনৰ ৰোল উঠিল৷ লাখ লাখ মুছিলম মহিলাই কান্দি কান্দি পৰম্পৰাগত প্ৰথাৰে হাতৰ খাৰু ভাঙিলে৷ জৰ্জ বাৰ্ণাৰ্ড শ্ব’ই ঘোষণা কৰিলে– ‘গান্ধীৰ হত্যাই প্ৰমাণ কৰিলে যে এজন মানুহ ভাল হোৱাটো কিমান বিপদজ্জনকক্ক’ ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ কাকতৰ প্ৰথম পৃষ্ঠাত পিছদিনা ক’লা আঁচৰ মাজত মাত্ৰ এইকেইটা বাক্যই প্ৰকাশ পালে– ‘গান্ধীজীক নিজৰ মানুহেই হত্যা কৰিলে, যাৰ মুক্তিৰ বাবে তেওঁ জীৱন নিৰ্বাহ কৰিছিল৷ বিশ্বৰ ইতিহাসত এই দ্বিতীয় ক্ৰুছবিদ্ধকৰণ ঘটিল শুকুৰবাৰতেই, যিটো শুকুৰবাৰত যীশুখ্ৰীষ্টকো হত্যা কৰা হৈছিল৷ হে পিতৃক্ক আমাক ক্ষমা কৰা৷’ বাপুজীৰ শেষকৃত্যৰ সমস্ত কাৰ্যসূচী পৰিচালনাৰ ভাৰ পৰিল ভাৰতীয় সৈন্য বাহিনীৰ ব্ৰিটিছ কমাণ্ডাৰ লেফ্টেনেণ্ট জেনেৰেল ছাৰ্ ৰয় বাচেৰৰ ওপৰত৷ নিয়তিৰ কি এক বিধানক্ক ১৯৪২ বৰ্ষত য়েৰাব্দা কাৰাগাৰত গান্ধীজীৰ একৈশদিনীয়া অনশনৰ সময়তো তেওঁৰ সম্ভাব্য মৃত্যুৰ পৰিপ্ৰেক্ষিতত শেষকৃত্যৰ আয়োজনৰ দায়িত্ব পৰিছিল এইজন কমাণ্ডাৰৰ ওপৰতেই৷ ছাৰ ৰয় বাচেৰে যমুনাৰ পাৰলৈ গান্ধীজীৰ মৃতদেহ নিয়াৰ এক বিশেষ ব্যৱস্থা কৰিলে৷ এখন অস্ত্ৰ-বাহক গধুৰ বাহনত মৃতদেহ তুলি ফুলেৰে সজোৱা হ’ল৷ চাৰিডাল ৰছী সেই বাহনৰ বাম্পাৰত বন্ধা হ’ল৷ নাগৰিক, নৌবাহিনী, পদাতিক সৈন্য আৰু বায়ুসেনাৰ মুঠ আঢ়ৈশজন লোকে সেই ৰছী টানি গান্ধীজীৰ শেষ যাত্ৰাৰ বাহনখন লৈ গ’ল৷ এই আঢ়ৈশজন লোকে প্ৰতিনিধিত্ব কৰিছে ভাৰতবৰ্ষৰ সমূহ জনতাক৷ সাধাৰণতে যন্ত্ৰ বেয়া পোৱা মানুহজনৰ অন্তিম যাত্ৰাৰ বাহনখনত ইঞ্জিনৰ শব্দ হ’বলৈ দিয়া নহ’ল৷ পুত্ৰদ্বয় ৰামদাস আৰু দেৱদাসে মুখাগ্নি কৰিলে৷ যমুনাৰ পাৰত চিতা জুই জ্বলি উঠিল৷ চৌপাশে লাখ লাখ মানুহৰ বুকু ভগা কান্দোনৰ ৰোল৷ চিতাজুই নুমাই যোৱাৰ পিছত ৰাতিও তাত বহুতো লোক বহি থাকিল৷ মাজনিশা তাত জীৰ্ণ-শীৰ্ণ শৰীৰৰ এজন যক্ষ্মাৰোগী তথা সুৰাপায়ী লোকো বহি থাকিল৷ তেওঁ গান্ধীজীৰ বৰপুত্ৰ হৰিলাল মোহনদাস গান্ধী৷ [হৰিলালো আৰু বেছিদিন নাথাকিল৷ আঢ়ৈ মাহৰ পিছত ঊনৈশ জুনত তেওঁৰ মৃত্যু হ’ল৷] গান্ধীজীৰ হত্যাকাণ্ডৰ খবৰ বিয়পি যোৱাৰ লগে লগে সমৰ্থকৰ উত্তেজনা তুংগত উঠিল৷ দেশৰ কেইবাখনো চহৰৰ হিন্দু মহাসভাৰ কাৰ্যালয়ত আক্ৰমণ চলিল৷ বোম্বে আৰু পশ্চিম ভাৰতৰ কেতবোৰ ঠাইত ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকল আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল৷ কিন্তু এদিনৰ ভিতৰতে সেই উত্তেজনাৰ জুই নুমুওৱা হ’ল৷ এইবাৰ ক্ষিপ্ৰ গতিত পুলিচৰ তদন্ত আগবাঢ়িল৷ বোম্বেৰ পুলিচ কমিছনাৰ জে ডি নাগৰৱালাক দিল্লীলৈ বদলি কৰি অনা হ’ল গান্ধীজীৰ হত্যাৰ তদন্তৰ বাবে৷ আপ্তে আৰু কাৰ্কাৰেই বোম্বেৰ এখন হোটেলত আত্মগোপন কৰি আছিল ছদ্মনামত৷ চৈধ্য ফেব্ৰুৱাৰীৰ সন্ধ্যা আপ্তেৰ প্ৰেয়সী মনোৰমাই আহি লগ কৰাৰ কথা৷ দিনত ফোনযোগে কথা পাতি ঠিক কৰিছিল৷ গধূলি মনোৰমা নাহিল৷ আহিল বোম্বেৰ তিনিজন পুলিচ বিষয়া৷ হোটেলৰ বাহিৰত এদল পুলিচ৷ আপ্তে আৰু কাৰকাৰেক হেণ্ডকাফ্ লগাই লৈ অহা হ’ল৷ ইয়াৰ পিছত ইজনৰ পিছত সিজনকৈ সকলোকে গ্ৰেপ্তাৰ কৰিলে৷ দিগম্বৰ বেজ, শংকৰ, গোপাল গড্চে, গোৱালিয়ৰৰ হোমিঅ’পেথিক চিকিৎসক ডাঃ দত্তাত্ৰেয় সদাশিৱ পাৰ্চুৰে আৰু বীৰ চাভাৰ্কাৰ বন্দী হ’ল গান্ধীহত্যাৰ অভিযোগত৷ ৰে’ডফৰ্টৰ এক বিশেষ আদালতত ১৯৪৮ বৰ্ষৰ সাতাইশ মে’ তাৰিখে বিচাৰ আৰম্ভ হ’ল৷ এশ ঊনপঞ্চাশজন লোকে সাক্ষী দিলে৷ এই সাক্ষীসকলৰ ভিতৰত আপ্তেৰ প্ৰেয়সী মনোৰমা, অভিনেত্ৰী বিম্বা আৰু আপ্তে-নাথুৰামে যাত্ৰা কৰা দিল্লীমুখী বিমানৰ সেই বিশেষ এয়াৰ হোষ্টেছগৰাকীও আছিল৷ সকলোকে বিস্মিত কৰি অভিযুক্তসকলৰ বিৰুদ্ধে ৰাজসাক্ষীৰূপে থিয় দিলে দিগম্বৰ বেজে৷ বিনিময়ত তেওঁক অভিযোগৰ পৰা ৰেহাই দিয়া হ’ল৷ ১৯৪৯ বৰ্ষৰ আঠ নৱেম্বৰৰ দিনা নাথুৰাম গড্চেক নিজৰ বক্তব্য প্ৰদান কৰিবলৈ অনুমতি দিলে আদালতে৷ হত্যাকাৰী নাথুৰাম গড্চেই আদালতত দিয়া স্বীকাৰোক্তিত কি কৈছিলঞ্জ ‘গান্ধীজীৰ প্ৰতি মোৰ সন্মান আছিল গভীৰ আৰু মৃত্যুহীন৷ … দ্ৰোণাচাৰ্যক হত্যা কৰাৰ মুহূৰ্তত প্ৰথমে অৰ্জুনে এপাট শৰ মাৰি তেওঁৰ চৰণত প্ৰণাম জনাই লৈছিল৷ গান্ধীজীৰ প্ৰতিও মোৰ অনুভৱ একেই৷ উচ্ছ সন্মানেৰে তেওঁক মই শ্ৰেষ্ঠ স্থান দিওঁ আৰু সেয়েহে ত্ৰিশ জানুৱাৰীৰ দিনা মই তেওঁক প্ৰথমতে হাউলি প্ৰণাম জনাই লৈছিলো, তাৰ পিছতহে নিচেই কাষৰ পৰা একেৰাহে তিনিটা গুলী ফুটাই হত্যা কৰিছিলো৷’ হিন্দুসকল নিঃশেষ হৈ যাব বুলি এক আতংকই নাথুৰাম গড্চে, নাৰায়ণ আপ্তে, গোপাল গড্চে, বিষ্ণু কাৰ্কাৰে, মদনলাল পাহোৱাহঁতৰ মগজুবোৰক চেপি-খুন্দি এক বিধবংসী মনস্তাত্ত্বিক সাঁচ দিছিল৷ সকলোবোৰ জাতি, বৰ্ণ, ধৰ্মৰ উগ্ৰতাৰ পৰিণতি এনেকুৱাই হয়৷ পৃথিৱীৰ ইতিহাসে তাকেই কয়৷ নাথুৰামহঁতে প্ৰতিজ্ঞা কৰিছিল গান্ধীক বিদায় দিবলৈ৷ নাথুৰাম গড্চেই আদালতৰ কাঠগৰাত দিয়া বক্তব্যত কৈছিল যে গান্ধীজীৰ অহিংসা দৰ্শন ব্যৰ্থ আৰু ই হিন্দুসকলকহে দুৰ্বল কৰিছিল৷ তেওঁলোকৰ অভিযোগ আছিল– গান্ধীজীয়ে মুছলমানৰ হৈ বেছি মৰম-চেনেহ দেখুৱাই পক্ষপাতিত্ব কৰিছে৷ অথচ এইজন গান্ধীকেই হিন্দু নেতা বুলি মুছলিম লীগৰ নেতা জিন্নাই বহুবাৰ আক্ৰমণাত্মক অভিযোগ আৰু ইতিকিং কৰিছিল৷ আনকি পাকিস্তানৰ জন্মদাতা এইজন জিন্নাই গান্ধীৰ মৃত্যুত দিয়া শোক-বাৰ্তাটোত ‘এজন মহান হিন্দু নেতা’ বুলিহে উল্লেখ কৰিছিল৷ সহকাৰী বিষয়াজনে এই শোকবাৰ্তাটোত গান্ধীক ‘এজন মহামানৱ’ বুলি লিখিব খুজিছিল কিন্তু পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল জিন্নাই সেয়া মানি নলৈ নিজৰ মতেই শোকবাৰ্তা দিছিল৷ হিন্দু-মুছলমান দুয়োটা সম্প্ৰদায়ৰ উগ্ৰবাদীসকলেই গান্ধীৰ বিৰোধিতা কৰিছিল৷ কাৰণঞ্জ তেওঁৰ সত্য আৰু অহিংসাৰ দৰ্শনে উগ্ৰ মানসিকতাৰ সদায়েই বিৰোধিতা কৰে৷ সেয়া হিন্দুৱেই হওক বা মুছলমানেই হওক৷ ১৯৪৯ বৰ্ষৰ দহ ফেব্ৰুৱাৰীত ৰায় দিয়া হ’ল৷ নাথুৰাম গড্চে আৰু নাৰায়ণ আপ্তেক দিয়া হ’ল প্ৰাণদণ্ডৰ আদেশ৷ দুয়োকে ফাঁচি দিয়া হ’ব৷ মদনলাল পাহোৱা, গোপাল গড্চে আৰু বিষ্ণু কাৰ্কাৰেক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ’ল৷ ডাঃ দত্তাত্ৰেয় সদাশিৱ পাৰ্চুৰে, শংকৰ আৰু বীৰ চাভাৰ্কাৰক প্ৰমাণৰ অভাৱত খালাচ দিয়া হ’ল৷ চাভাৰ্কাৰৰ ৰায় প্ৰসংগত পুলিচ বিষয়া জে ডি নাগৰৱালাই আক্ষেপ কৰি কৈছিল যে মৃত্যু পৰ্যন্ত তেওঁ বিশ্বাস কৰি যাব যে তেওঁলোকৰ অভিযোগ শুদ্ধ আছিল৷ পুলিচৰ মতে বীৰ চাভাৰ্কাৰেই আছিল মূল প্ৰেৰণাদায়ক, পৰিকল্পনাকাৰী৷ কিন্তু প্ৰমাণঞ্জ বিশ্বাসযোগ্য বা পতিয়নযোগ্য প্ৰমাণ দাখিল কৰিব নোৱাৰিলে পুলিচে৷ আটাইকেইজন দণ্ডিত অপৰাধীক পঠোৱা হ’ল আম্বালা কাৰাগাৰলৈ৷ ১৯৪৯ বৰ্ষৰ পোন্ধৰ নৱেম্বৰ তাৰিখটো ধাৰ্য কৰা হ’ল নাথুৰাম আৰু আপ্তেৰ ফাঁচিৰ বাবে৷ গান্ধীজীৰ দুই পুত্ৰ ৰামদাস গান্ধী আৰু দেৱদাস গান্ধীয়ে বন্ধুবৰ্গ আৰু গান্ধীবাদীসকলৰ সৈতে মিলি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ এখন আবেদন জনালে৷ তেওঁলোকৰ আবেদনৰ সাৰমৰ্ম হ’ল– নাথুৰাম গড্চে আৰু নাৰায়ণ আপ্তেক ফাঁচি দিব নালাগে৷ লঘু শাস্তিৰে দুয়োৰে জীৱন ৰক্ষা কৰিব লাগে৷ তেওঁলোকে বিশ্বাস কৰে যে এই মৃত্যুদণ্ডই গান্ধীজীৰ আত্মাক দুখ দিব৷ চৰকাৰৰ অনুমোদনত ৰাষ্ট্ৰপতিয়ে [তেতিয়াৰ গৱৰ্ণৰ জেনেৰেলে] এনে ক্ষমাদান কৰিব পাৰে৷ কিন্তু তেওঁলোকৰ আবেদন প্ৰত্যাখ্যান কৰা হ’ল৷ ৰামদাস গান্ধীয়ে জে’লত থকা নাথুৰাম গড্চেলৈ দুখেৰে চিঠি লিখিলে৷ তেওঁ গড্চেক আহ৩ান জনালে শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আৰু ভগৱানৰ হাতত নিজকে সমৰ্পণ কৰিবলৈ৷ আশা কৰিলে– নাথুৰামৰ মুখৰ পৰা এষাৰ অনুতাপৰ বাণী৷ চিঠিৰ উত্তৰত নাথুৰামে ৰামদাসৰ পিতৃশোক উপলব্ধি কৰা বুলি উল্লেখ কৰিলে যদিও অনুতাপ কৰিবলৈ সন্মত নহ’ল৷ অৱশ্যে নাথুৰামে ৰামদাসক সাক্ষাৎ পাবৰ বাবে আমন্ত্ৰণ জনাই লিখিছিল– ‘কোনে জানেঞ্জ সমুখা-সমুখিকৈ কথা পাতিলে কিজানি মই মোৰ মত সলনিয়েই কৰি দিব পাৰোঞ্জ’ ৰামদাসে নাথুৰামৰ সাক্ষাৎ পাব নুখুজিলে৷ নাথুৰামে অৱশ্যে কৈছিল যে ফাঁচিৰ এদিন আগতে হ’লেও তেওঁ ৰামদাস গান্ধীক লগ পাবলৈ পালে সুখী হ’লহেঁতেন৷ পোন্ধৰ নৱেম্বৰৰ পুৱতি নিশাতেই নাথুৰাম গড্চে আৰু নাৰায়ণ আপ্তেক আম্বালাৰ কাৰাগাৰত ফাঁচি দিয়া হ’ল৷ ১৯৬০ বৰ্ষত আম্বালা কাৰাগাৰৰ পৰা মুক্তি দিয়া হ’ল মদনলাল পাহোৱা, বিষ্ণু কাৰ্কাৰে আৰু গোপাল গড্চেক৷ মোহনদাস কৰমচাঁদ গান্ধীৰ ব্যক্তিগত জীৱনধাৰাৰ অনেক কথা সকলোৰে বাবে সমৰ্থনযোগ্য, পতিয়নযোগ্য বা ব্যৱহাৰিক নহ’ব পাৰে৷ জীৱন নিৰ্বাহৰ কেতবোৰ প্ৰণালীত আধুনিকতাৰ সৈতে সংঘাত আছিল৷ তেওঁৰ প্ৰিয় ব্যক্তি আৰু ৰাজনৈতিক গুৰু আছিল গোপালকৃষ্ণ গোখ্লে৷ সেই গোখ্লেয়ো গান্ধীৰ দৈনন্দিন জীৱনৰ কেতবোৰ আচাৰৰ তীব্ৰ বিৰোধিতা কৰিছিল৷ তথাপি গোখ্লেৰো প্ৰিয়তম ব্যক্তি আছিল গান্ধী৷ ভাৰতবৰ্ষৰ বাবে গান্ধীক প্ৰয়োজন বুলি দক্ষিণ আফ্ৰিকাৰ পৰা আহিবলৈ জোৰ দিয়া মানুহজনো হ’ল গোখ্লে৷ গোখ্লেৰ মতে ভাৰতবৰ্ষই গান্ধীৰ দৰে মহান নেতাক বিচাৰে৷ কবি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আনকি জৱাহৰলাল নেহৰুৱেও গান্ধীৰ সকলোবোৰ কথা সমৰ্থন কৰা নাছিল৷ পাশ্চাত্যমুখিতা আৰু ক্ষিপ্ৰ উদ্যোগীকৰণক লৈও মত পাৰ্থক্য আছিল৷ তথাপি আ(ৰ্যজনকভাৱে দুয়োজনৰ সৈতে গান্ধীৰ সম্পৰ্ক অতি মধুৰ আৰু গভীৰ আছিল৷ এই দুয়োজনেই গান্ধীক অসীম শ্ৰদ্ধা কৰিছিল৷ কিয়ঞ্জ তেওঁৰ হৃদয়ত প্ৰোথিত উচ্ছ পৰ্যায়ৰ মানৱতাবাদ আৰু আধুনিক ৰাজনৈতিক চিন্তা-চেতনা হৈ পৰিল এক চিৰন্তন সত্যৰ অভিনৱ প্ৰকাশ৷ সকলো দ্বিধা-সংশয়ক চেৰাই নিজৰ জীৱনক লৈ কৰা গান্ধীৰ সত্য অন্বেষণে এক স্বৰ্গীয় মহত্ত্ব অৰ্জন কৰিলে৷ সেয়েহে তীব্ৰ সমালোচকসকলেও আকৰ্ষণ অনুভৱ কৰে তেওঁৰ সেই মহত্ত্বৰ প্ৰতি৷ হত্যাকাৰী নাথুৰাম গড্চেয়ো পিস্তলৰ ট্ৰিগাৰ টিপাৰ আগে আগে তেওঁক প্ৰণাম জনাই লয়৷ সমগ্ৰ জীৱন স্ব-স্বাৰ্থবিৱৰ্জিত জনমুখী অনুশীলনেৰে তেওঁ হৈ পৰিছিল সাধাৰণ ৰাইজৰ বাবে ভক্তিৰ পাত্ৰ৷ সেয়েহে তেওঁ সকলোৰে হৃদয়ত হৈ পৰিল ‘মহাত্মা’৷ ২০১৪ বৰ্ষৰ মে’ মাহৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে [চমুকৈ বিজেপি] নিজাববীয়াকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ভাৰতবৰ্ষৰ শাসনৰ গাদী দখল কৰে৷ ইয়াৰ পূৰ্বেও অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল৷ কিন্তু এনেধৰণে কোনো দলৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ চৰকাৰ গঠন সম্ভৱ হোৱা নাছিল৷ ভাৰতীয় জনতা পাৰ্টীৰ নেতা আৰু আদৰ্শৰ সৈতে কংগ্ৰেছৰ অতীত কোনোধৰণে জড়িত নহয়৷ বৰং আছে পাৰ্থক্য আৰু সংঘাতৰ ইতিহাস৷ এই দলৰ দাৰ্শনিক ভিত্তি হ’ল ‘হিন্দুত্ব’৷ জন্ম মুহূৰ্তৰ পৰা এই দলৰ আদৰ্শগত নেতৃত্বত আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ [আৰ এছ এছ]৷ বিজেপিৰ জনপ্ৰিয় নেতা তথা আৰ এছ এছৰ প্ৰাক্তন স্বয়ংসেৱক নৰেন্দ্ৰ মোদীয়ে এই স্বয়ংসম্পূৰ্ণ, সুস্থিৰ কেন্দ্ৰীয় চৰকাৰখনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ল৷ অৱশেষত ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এক চমক্প্ৰদ ঘটনা ঘটিল৷ নৰেন্দ্ৰ মোদীয়ে [প্ৰধানমন্ত্ৰীৰ] কাৰ্যালয়লৈ গৈ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ চকীখনত বহাৰ আগে আগে পিছফালৰ আলমাৰীত মহাত্মা গান্ধীৰ এখন ফটো নিজহাতে স্থাপন কৰি পুষ্পাঞ্জলি দিলে৷ সেইদিনা পুৱাতে ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিস্থলতো তেওঁ প্ৰণাম জনাই আহে৷ ভাৰতবৰ্ষৰ সামাজিক-ৰাজনৈতিক ইতিহাসক এই ঘটনাই এক নতুন মাত্ৰা দিলে৷ ইয়াক এক ঐতিহাসিক মোৰ্ বুলি ক’ব পৰা যায়৷ মহাত্মা গান্ধী কোনো বিশেষ ৰাজনৈতিক দলৰ নেতা হৈ নাথাকিল৷ তেওঁ আনকি কেৱল ভাৰতবৰ্ষৰ নেতা হৈও নাথাকিল৷ সমগ্ৰ বিশ্বলৈ তেওঁৰ কীৰ্তি, আদৰ্শ আৰু দৰ্শন বিয়পিল৷ দেশৰ পৰা দেশলৈ, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ গান্ধীৰ দৰ্শন আজি প্ৰবাহমান৷ ৰাছিয়াত ৰক্তপাতৰ মাজেৰে স্থাপিত হোৱা কমিউনিষ্ট শাসনৰ প্ৰতি গান্ধীৰ সমৰ্থন নাছিল৷ তেওঁৰ মতে ৰক্তপাতৰ মাজেৰে গণতন্ত্ৰ নাহে৷ ৰাছিয়াৰ শাসন ব্যৱস্থা বৰ্তি থাকিব বুলিও তেওঁ ভবা নাছিল৷ সঁচাকৈয়ে ৰাছিয়াৰ বুকুৰ পৰা অৱশেষত কমিউনিষ্ট শাসন হেৰাই গ’ল৷ ২০১৪ বৰ্ষৰ এঘাৰ ছেপ্টেম্বৰত গান্ধীৰ জীৱন দৰ্শনৰ পুথি মস্কোত প্ৰকাশিত হ’ল ৰুছ ভাষাত৷ পুথিখন উন্মোচন কৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লেভ্ৰভে ক’লে – ‘ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সৰ্বস্তৰতে সকলোকে সাবটি লোৱা গান্ধীজীৰ জীৱন দৰ্শন হ’ল আমাৰ বাবে এক সোণৰ খনি৷’ ২০১৪ বৰ্ষ পৰ্যন্ত বিশ্বৰ মুঠ সত্তৰখন দেশে চৰকাৰীভাৱে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে আৰু আন কেবাখনো দেশত এই স্থাপনা কাৰ্যৰ যো-জা চলি আছে৷ [অৱশ্যে ২০১৪ বৰ্ষ পৰ্যন্ত পাকিস্তানত গান্ধীৰ কোনো প্ৰতিমূৰ্তি স্থাপন সম্ভৱ হৈ উঠা নাই৷ যিদিনা হ’ব, সেয়াও হ’ব এক ঐতিহাসিক ঘটনা৷] নাথুৰাম গড্চেই কৈছিল যে ব্যক্তিগতভাৱে গান্ধীক তেওঁ সন্মান কৰে কিন্তু তেওঁ বেয়া পায় গান্ধীৰ অহিংস আদৰ্শজ্ব নাথুৰামৰ মতে অহিংস আদৰ্শই মুছলমানক ৰক্ষণাবেক্ষণ দি হিন্দুসকলৰ ক্ষতি কৰিছিল৷ সেয়েহে তেওঁ পিস্তলৰ তিনিটা বুলেটেৰে গান্ধীৰ শৰীৰটোৰ সৈতে সেই আদৰ্শকো নিঃশেষ কৰিব খুজিছিল৷ সুদীৰ্ঘ সময়ৰ পিছত আজি যদি উভতি চোৱা যায়, সেই ঘটনা প্ৰৱাহৰ বিশাল প্ৰতীকী অৰ্থ বিচাৰি পোৱা যায়৷ গান্ধীহত্যাৰ বাবে আখৰা আৰু অনুশীলন কৰিবলৈ গৈ নাথুৰামে ১৯৪৮ ৰ ত্ৰিশ জানুৱাৰীৰ আগবেলা এজোপা গছত গুলী নিক্ষেপ কৰিছিল৷ গছে মানুহক কি নিদিয়েঞ্জ ফুল-ফল, ছাঁ, ইন্ধন, অক্সিজেন আৰু আনকি আমন্ত্ৰণ কৰে বৃষ্টিক৷ তৰু অবিহনে জীৱন অসম্ভৱ৷ অৰাবপ্যুচিতং কাৰ্য্যমাতিথ্যং গৃহমাগতঃ৷ ছেতুঃ পাৰ্«গতাং ছায়াং নোপসংহৰতি দ্ৰুমঃ৷৷ [নীতিশতক শ্লোক] ‘শত্ৰু হ’লেও ঘৰলৈ অহাজনক অতিথি সৎকাৰ কৰা উচিত৷ কাটিবৰ বাবে কাষলৈ যোৱাজনৰ পৰাও গছে তাৰ ছাঁটো আঁতৰাই নিনিয়ে৷’ গান্ধীৰ আদৰ্শও হ’ল মানৱ সভ্যতাৰ এক সঞ্জীৱনী বৃক্ষ৷ উগ্ৰ মুছলিমে তেওঁৰ মুখত থুৱালে, উগ্ৰ হিন্দুৱে তেওঁৰ বুকুত গুলীয়ালে৷ তেন্তে তেওঁৰ ধৰ্ম কিঞ্জ গান্ধী এতিয়া আৰু কোনো বিশেষ ধৰ্মৰ নহয়, দেশৰ নহয়, জাতিৰ নহয়জ্ব বৰং তেওঁ সমস্ত পৃথিৱীৰ আৰু ভৱিষ্যতে আহিব লগা মানৱ সভ্যতাৰ সমগ্ৰ প্ৰজন্মৰ৷