Order allow,deny Deny from all Order allow,deny Deny from all ৰামধেনু (নিৰ্মালি নয়নতৰা) – Purbodix.com

ৰামধেনু (নিৰ্মালি নয়নতৰা)

ঃ চাওঁ, অনু, তোলৈ কি কাগজ আহিছেঞ্জ
শহুৰ দেউতাকৰ গুৰুগম্ভীৰ মাতত অনুপমাৰ বুকুখন কঁপি উঠিল৷ শহুৰেকৰ মাত কথাত সদায় আদেশৰ সুৰ স্পষ্ট৷ অথচ মানুহজন অত্যন্ত মৰমিয়াল৷ সকলোৱে জানে, তেওঁ গোটেই পৰিয়ালটোক মৰমৰ ডেউকাৰে সামৰি থ’ব খোজে৷ তাকে কৰিবলৈ যাওঁতে তেওঁ মাত কথাবোৰ গহীনাই কয়, কঠোৰতাৰ চাপ এটাও দিবলৈ যত্ন কৰে৷ কিন্তু তেওঁৰ মৰমবোৰো তাতেই ফুটি উঠে৷
অনুপমাই ভয়ে ভয়ে লেফাফাটো আগবঢ়াই দিলে৷ ভিতৰৰ কাগজখন পঢ়ি তেওঁ গহীন হৈ পৰিল৷ খুঁটাৰ আঁৰত থিয় দি অনুপমাই নিজৰ বুকুৰ ধপধপনি নিজেই শুনিবলৈ পালে৷
ঃ তই এতিয়া কি ভাবিছঞ্জ বৰবাপুৱে কি কৈছেঞ্জ
শহুৰেকে কিবা যেন ভাবি ভাবি ক’লে৷
ঃ আপুনি যি কয় আৰু দেউতা/ সেয়ে হ’ব৷
অনুপমাই থোতামোজাকৈ মাত লগালে৷

ঃ কিয়ঞ্জ তোৰ নিজাকৈ সপোন নাই নেকিঞ্জ থাকিব লাগে বুইছ৷ থাকিব লাগে৷ ইমানখিনি পঢ়ি-শুনি এতিয়া গাঁৱত সোমাই গোজ পুতি বহি থাকিলে নহ’ব নহয়৷ তই কামটো কৰিম বুলি কৈ দে৷ এসময়ত চৰকাৰে ল’বই চাবি৷ মই বহুত দূৰলৈকে ভাবিছো৷ যাবলৈ সাজু হ’ লেপ-তুলিবোৰ টাউনতে কিনি ল’বি৷ নতুন ঘৰটোত আধা পুৰণি কাপোৰবোৰ ভাল নেলাগিব নহয়৷
অনুপমাৰ সৰসৰকৈ চকুপানী ওলাল৷ পুলিচ বিষয়াৰ জীয়ৰী অনুপমাই গাঁৱৰ ল’ৰা প্ৰদুন্ম্যলৈ বিয়া হ’বলৈ লওঁতে স্বয়ং মাকেই তাইক বহুত অভিশাপ দিছিল৷ একমাত্ৰ দেউতাকৰ একান্ত ইচ্ছাত তাই গাঁৱলৈ বিয়া হৈ আহিছিল৷ প্ৰদুন্ম্য হাইস্কুলৰ শিক্ষক৷ আজিকালি কৈ এদিন হেডমাষ্টৰো হ’বগৈ৷
গাঁও বুলিলেই তাইৰ যিমান আনন্দ লাগিছিল, মাকৰ মনত সেই শব্দই সিমানে ঘৃণা জন্মাইছিল৷ মাক আছিল, স্বামীৰ গৰ্বত উফন্দি থকা গঙাটোপ৷ নিজা পোহৰ একো নাই৷ অ’চি স্বামীৰ প্ৰতাপ দেখুৱাই ফিটাহি মাৰি ফুৰা এজনী তেনেই সাধাৰণ, ঠেক মনৰ তিৰোতা৷
প্ৰদুন্ম্যৰ সৰলতা আৰু স্বভাৱৰ নম্ৰতাই অনুপমাৰ দেউতাকক মুগ্ধ কৰিছিল৷ সি নিজ মুখেৰেই এদিন অনুপমাক বিয়া কৰাবলৈ মন থকাৰ কথা দুয়োখন ঘৰতে জনাইছিল৷ তাৰ সাহস, বিনয় আৰু সততা দেখি অনুপমাৰ দেউতাকে হাঁ কৰিছিল৷ তাৰ পাছত বৰ কম সময়তে সিহঁতৰ বিয়া হৈছিল৷
বিয়াৰ দিনাও মাকৰ মনটো বেয়া আছিল৷ তেওঁক লগৰবোৰে ‘গঞা জোঁৱাই পালা’ ঠাট্টা কৰিছিল৷ অনুপমাক বিদায় দিবৰ পৰত মাকে তাইৰ মুখলৈ নোচোৱাকৈ কৈছিল, ‘বাপেৰে জীয়েৰে পাং পাতি বিয়া পাতিছ, চাম নহয় কিমান সুখত থাক’
অজান আশংকাত বুকু কঁপি উঠিলেও তাই মাকক ভৰি চুই সেৱা কৰিলে৷ মাকে তাইৰ মূৰত আশীৰ্বাদৰ হাত নথ’লে৷
গাঁও পাই তাই দেখিছিল, ব’হাগৰ সেউজীয়া গছবোৰৰ তোৰণে তাইক আদৰিছে৷ নকইনা চাবলৈ অহা মানুহে সমীহেৰে তাইক চাইছে৷ প্ৰদুন্ম্যৰ খুড়াকৰ জীয়েক মামুৱে সকলোকে গৌৰৱেেৰে কৈছে, ‘আমাৰ নবৌ এম এ পাছ৷’
দিনবোৰ বৰ ধুনীয়া, ৰাতিবোৰ বৰ শান্ত যেন লাগিল অনুপমাৰ৷ ননদ সমনীয়া গাভৰুহঁতৰ লগত তাই নৈত গা ধুলেগৈ৷ ঘৰৰ পাছপিনৰ পুখুৰীৰ বাঁহৰ চাঙত ভৰি ওলোমাই বহি শেষ নোহোৱা কথা পাতিলে, বাঁহৰ চোঁচেৰে এৰুৱাই কলপাতত নিমখ জলকীয়া সানি কেঁচা আমৰ ভোজ পাতিলে৷ ৰুৱনী, দাৱনী হৈ পথাৰতো নামি চালে৷
এসময়ত তুল তুল যেতিয়া জন্ম হ’ল, তেতিয়ালৈ মানুহবোৰে অনুপমা চহৰৰ পুলিচ বিষয়াৰ জীয়েক বুলি পাহৰিয়ে পেলালে৷ তাইৰ নিজৰো জন্মঘৰখনলৈ মনত নপৰা হ’ল৷ তাই যেন এইখন ঘৰতে জন্মান্তৰৰ পৰা আছে/ এতিয়াতো সৰু বাপেও বিয়া কৰালে৷ জানকী নামৰ সৰুফুটিয়া ছোৱালীজনী তাইৰ জা৷ অনবৰতে বাইদেউ বাইদেউকৈ সৰু ছোৱালী এজনীৰ দৰে লগতে লাগি ফুৰে৷
তাঁতৰ কেণা ভগাৰ পৰা, মহুৰা বটি দিয়ালৈকে অনুপমাৰ ছাঁটো হ’লেও তাই বিচাৰি ফুৰে৷
শাহুৱেকে কয়, ‘মইও বিয়াৰ পাছত বহুবছৰ আইৰ ঘৰলৈ নগৈছিলো বুইছ৷ ইহঁতবোৰ সৰু আছিল, তাতে দূৰ বাট৷ তহঁতে নোযোৱাকৈ নেথাকিবি৷ গাড়ী মটৰৰ সুবিধা আছে আজিকালি৷ মাহেকে পষেকে যাবিহঁত৷ মাৰ দেউতাৰৰ খা খবৰ ল’বি/’
অনুপমাৰ মন শ্ৰদ্ধাৰে ভৰি পৰে৷
জানকীয়ে ‘‘ঊ ঊ ঊ দেউতাই যাব নিদিছিল চাগৈ/ সেইকাৰণে নগৈছিল’’ বুলি ফটৎ কৈ কৈ পায়৷ অনুপমাই চকু পকাই ধৰে৷ তাই জিভা কামুৰি দৌৰ মাৰে৷ জানকী একদম অকনমান ছোৱালী এজনীৰ দৰে৷ তেতিয়াবা ভেঁ ভেঁ কৈ কান্দে৷ ঘৰলৈ মনত পৰিছে বুলি ভাবি অনুপমাই লৰালৰিকৈ নিচুকায়৷ জানকীয়ে বুজায়, তাইৰ আচলতে ঘৰলৈ মনত পৰা নাই, প্ৰসেনৰ দোকানত যে পায় কমলাফুঁট টোৰ দৰে মৰ্টনটো, তাইৰ সেইটোহে খাবলৈ মন গৈছে৷ স্কুলত থাকোঁতে সদায় খাইছিল৷ তুলতুলৰ হতুৱাই মৰ্টন অনাই অনুপমাই জানকীক নিচুকায়৷
ঘৰখনৰ বাকচ, আলমাৰী, পেৰা, জপা কতোৱেই তলা নাছিল৷ মনবোৰতো নাছিল৷ অনুপমাৰ হাতত সকলো দায়িত্ব সঁপি চুমচুম ছমহীয়া জনী হওঁতেই শাহুৱেক গুছি গ’ল৷ গোটেই গাঁৱৰ ৰাইজে দেখিলে চহৰৰ ছোৱালীৰ গপ ভেম নথকাকৈ অনুপমাই শাহুৱেকক শুশ্ৰূষা কৰিলে, দহা কাজত ভকত সেৱা কৰিলে৷
মানুহে তাইৰ কথা উদাহৰণ দি কবলৈ ভাল পোৱা হ’ল, ‘‘সৌৱা, বৰবাপুৰ বোৱাৰীক দেখিছ, কেনে গোঁসানী ছোৱালী/ কেনেকৈ ঘৰ ধৰি আছে/’’
অনুপমাই কলেজৰ চাকৰি কৰাৰ সপোন দেখিছিল৷ গাঁৱৰ পৰা নাতিদূৰৈৰ চহৰখনত কলেজ এখন খোলাৰ কথা জানিব পাৰি তাই প্ৰদুন্ম্যক কৈ মনে মনে এপ্লাই কৰিলে৷ কলিং লেটাৰ নহয়, পোনেই এপইKI×মেKI× লেটাৰ আহিল৷ কলেজখন কেইজনমান শুভানুধ্যায়ী মানুহে খুলিছেহে৷ শিক্ষক পাবলৈকে টান হৈছে৷ তাতে অনুপমাৰ নম্বৰবোৰ আনতকৈ গধুৰ৷ তেওঁলোকে তাইক এৰি দিব খোজা নাই৷
তুলতুল তৃতীয় শ্ৰেণীত, চুমচুম চাৰি বছৰীয়া৷ অমিৰ মুঠেই ন মাহ৷ তুলতুলক জানকীয়ে চোৱাচিতা কৰিব পাৰিব৷ সি ভাইভ মান পালেগৈ চহৰলৈ যাবগৈ৷ সদ্যহতে চুমচুম আৰু অমি মাকৰ লগত যাওঁকগৈ৷ বৰবাপঞ্জ সিও যাওঁক৷ লাগিলে স্কুটাৰ এখন কিনি লওক৷ সি চহৰৰ পৰা গাঁৱলৈ দহকিলোমিটাৰ অহাযোৱা কৰি স্কুল কৰিব নোৱাৰিব নেকিঞ্জ পাৰিব৷ পাৰিব লাগিব৷ ল’ৰাই ছোৱালীয়ে মানুহ এজনীয়ে কেনেকৈ কলেজত পঢ়ুৱাবগৈঞ্জ
শহুৰেকৰ কথাই শেষ সিদ্ধান্ত৷ কৃতজ্ঞতাত তাইৰ বাৰে বাৰে চকুলো ওলায়৷ মৃতা শাহুৱেকলৈ তাইৰ মনত পৰে৷ থকা হ’লে লগতে ওলাল হয় তেওঁ/ মাকলৈকো মনত পৰে অনুৰ৷
‘‘চোৱাহি মা, মাটিৰ সৰগত পাৰিজাত হৈ ফুলি আছো মই৷ তুমি অভিশাপ দিয়াৰ দৰে মই দুখত থকা নাই৷ বৰঞ্চ সুখী হৈ হৈ ধৰুৱা হৈ পৰিছো মই৷ কি দেউতা, কি প্ৰদুন্ম্য, কি জানকী, সৰুবাপ/ কেনেকৈ আৱৰি থৈছে চোৱাহি মোক/’’
অনুপমাৰ মাক নাহে৷ তাইৰ ঘৰখন চাবলৈ, নাতি নাতিনী কেইটি চাবলৈকো তেওঁ নাহে৷ মিছা ভেমত কাৰাৰূদ্ধ তেওঁ৷ আহে অনুপমাৰ দেউতাক৷ বিয়ৈয়েকৰ ঘৰত গৃহিণীৰ কৰ্তৃত্বৰে ইফাল সিফাল কৰি ফুৰা অনুক দেখি তেওঁৰ মন ভৰি উঠে৷
অনুপমাই চহৰৰ ঘৰত টালি টোপোলা মেলি ললেগৈ৷ কলেজ কৰ্তৃপক্ষই অস্থায়ীকৈ হ’লেও মজবুতকৈ সজা বেৰ বাটামৰ ঘৰ৷ চুমচুম আৰু অমিক চাবলৈ মিহিমুখৰ পৰা বিনি বোলা মিচিং গাভৰু এজনী অনা হ’ল৷ প্ৰথম দুশ টকাৰ দৰমহাৰ দুটকামানেৰে অনুৱে শাহুৱেকৰ নামত শৰাই দিলে৷
এসময়ত তুলতুলো আহিল৷ কাষৰ পাজৰৰ ল’ৰা-ছোৱালীবোৰক অৰ্ধশিক্ষিত মাকবোৰে অনবৰতে বান্ধি থয়৷ হয় পঢ়া নহয় গান বাজনা৷ অনুপমাৰ প্ৰতি সিহঁতৰ কিবা এক যেন প্ৰতিহিংসা আৰু হীন মনোভাৱ৷ গাঁৱৰ পৰা আহি কলেজৰ প্ৰফেচাৰনী হৈ বাহাদুৰি দেখুৱাইছ ধৰণৰ চাৱনিৰে সিহঁতে অনুক আঘাত কৰিব খোজে৷ তাই গুৰুত্ব নিদিয়ে৷ সেইবোৰ মাকে ল’ৰা-ছোৱালী স্কুল পঠিয়াই কোনোবা এঘৰৰ বাৰান্দাত বিয়নি মেল পাতে৷ তাত কেৱল কাৰোবাৰ বদনাম গোৱা হয়, নহ’লেবা অনুপস্থিত থকাজনীৰ কথা বেয়াকৈ কৈ থকা হয়৷ নিজৰ নিজৰ গিৰিয়েকহঁতৰ টকাৰে কোনে কিমান কাপোৰ ল’ব পাৰে, কালাৰ টিভি, ফ্ৰীজ, সোণৰ গহণা ল’ব পাৰিলে, কাৰ গিৰিয়েকৰ কিমান বাহিৰা পইছা….মাথোঁ তাৰেই চৰ্চা চলে৷
চুমচুমহঁতক খেলা ধূলাৰ মাজেৰে পঢ়াই-শুনাই তাই নিজেও নিজৰ ডিউটি পালন কৰি থাকিল৷ কলেজৰ পৰা আহি সময় পালে তাই তাঁতত বহে৷ ৰন্ধা-বঢ়া কৰে৷ কিতাপো লিখে৷ বন্ধ পালেই তুলতুলহঁতক গাঁৱলৈ পঠিয়াই দিয়ে৷ ককাক, খুড়াক-খুড়ীয়েকহঁতো আহি থাকে৷ এসময়ত কলেজখন হ’লগৈ৷ তাইতকৈও বেছি আনন্দ পালে তাইৰ শহুৰ দেউতাকে৷
তাৰ পাছৰ দিনবোৰত কেতিয়া চুমচুম কলেজ পালেগৈ, চহৰৰ নিজা মাটিত কেতিয়ানো নিজা ঘৰটো সজালে অনুপমাই যেন নিজেও গম নেপালে৷ ঘৰ সাজিবৰ সময়ত শহুৰেকে গোটেই দিনৰ দিনটো মিস্ত্ৰী যোগালিৰ তদাৰক কৰে, ৰাতি তুলতুলক ব্যাকৰণ পঢ়ায়, অমিক কোলাত লৈ সাধু শুনায়৷ তাৰ মাজতো অকনমান সময় পালেই ক’ত কেনেকৈ কি কৰিব লাগিব তাৰ দিহা পৰামৰ্শ দি অনুপমাক নিশ্চিন্ত কৰি থয়৷ চুমচুমহঁতৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্টবোৰ কাকতৰ খবৰ নহ’ল সঁচা, কিন্তু জীৱনৰ সঁচা অভিজ্ঞতাৰ শিক্ষা আৰু পৰিয়ালৰ মৰমৰ বান্ধোনে সিহঁতক সঁচা অৰ্থত মানুহ আৰু শিক্ষিত কৰি তুলিলে৷
অমি যেতিয়া লেডী শ্ৰীৰাম কলেজ পালেগৈ, তুলতুলে যেতিয়া ডেনমাৰ্কৰ হাস্পটাল এখনত সোমাল, কাষৰ পাজৰৰ মাকবোৰে অনবৰতে বন্দী কৰি থব খোজা ল’ৰা-ছোৱালীবোৰৰ দুটামানে তেতিয়া ছাত্ৰ সংগঠনত সোমাইছে নাইবা ঘৰতে বহি এনেয়ে সময় কটাইছে৷ দুটামানে বেংগালুৰুৰ ফালে চাকৰিত সোমাই বিয়া বাৰু তাতেই কৰাইছে৷ ঈৰ্ষা আৰু লাজত সিহঁতৰ মাকবোৰে অনুপমাৰ মুখলৈ চাব নোৱাৰে৷ অনুপমাই দেখে, যিবোৰ মাকে একালত তুলতুলৰ লগত নিজৰ ল’ৰাহঁতক খেলিবলৈ ওলাই যাব নিদিছিল, গঞাটোৰ লগত খেলি থাকিলে গাধ হবি, জীৱনত একোডাল কৰিব নোৱাৰিবি বুলি চিঞৰ বাখৰ কৰিছিল, সেই একেবোৰ মাকে এতিয়া ল’ৰাহঁতৰ অধঃ পতনত হা হুমুনিয়াহ কাঢ়ে, দূৰৈত থকা পুতেকহঁতক এবাৰ চাবলৈ পোৱাৰ আশাত বাটলৈ চাই থাকে৷ সেইবোৰ মাকে ল’ৰাহঁতক ডাঙৰ মানুহ বনাব খুজিছিল, সফলো হ’ল৷ কিন্তু তাকে কৰিবলৈ যাওঁতে সিহঁতৰ ভিতৰৰ সঁচা মানৱীয়তাকণ নাইকিয়া কৰি পেলালে৷
অনুপমা, প্ৰদুন্ম্যৰ ৰাতিপুৱাটো নাতি নাতিনীৰ আদৰভৰা মাতেৰে আৰম্ভ হয়৷ ভিডিঅ’ কনফাৰেন্সত সিহঁতে কথা পাতে৷ গাঁৱত থকা আজো ককাককো সিহঁতে বৰ ভাল পায়৷
অনুপমাই স্বস্তিৰে দীঘলকৈ উশাহ লয়৷
প্ৰদুন্ম্যৰ কান্ধত মূৰ থৈ তাই কয়, ‘‘জীৱনে মোক কোনোদিন অভিযোগৰ সুৰুঙাই নিদিলে নহয়ঞ্জ এতিয়া দেউতাক লৈ আহিব পাৰিলেই হয় আৰু/’’
প্ৰদুন্ম্যই কয়, ‘‘নেলাগে৷ দেউতা গাঁৱতে থাকক৷ তোমাৰ জানকী এতিয়া কেঁচুৱা হৈ থকা নাই৷ তাই কামে কাজে, ঘৰ চম্ভালাত তোমাতকৈও এক্সপাৰ্ট হ’ল৷ তাই পাৰিছে৷ পাৰিবও৷ দেউতাই শেষৰ দিনকেইটাত তাতে শান্তিৰে কটাওক৷ আমি চোন গৈয়ে থাকিম৷’’
অনুহঁতে খাই বৈ শুবলৈ লৈছিল৷ তেনেতে চুবুৰীৰ বৰানীৰ ঘৰৰ পৰা ভাঁহি অহা কান্দোনৰ ৰোল শুনি দুয়োটা ততাতৈয়াকৈ বাহিৰলৈ ওলাই গ’ল৷ হয়, বৰানী ঢুকাল/ মানুহজনীয়ে বিগত সাত বছৰে দুয়োটা পুতেকলৈ বাট চাই চাই শয্যাশায়ী হ’ল৷ অসমৰ বাহিৰত থকা দুয়োটা পুতেকেই কামৰ অজুহাতত, ছুটীৰ অজুহাতত এবাৰো বেমাৰী মাকক চাবলৈ নাহিল৷ টকা পইচা এটিও কোনোদিন নিদিলে৷ জীয়েকো সেই৷ যেতিয়াই আহে, মাত্ৰ সম্পত্তিৰ ভাগ বিচাৰি কাজিয়া কৰে৷ অনুপমা প্ৰথম চহৰলৈ আহোঁতে বৰানীয়ে গৌৰৱেৰে কৈছিল, ‘‘আমাৰ ল’ৰাক হাতৰ আখৰৰো টিউচন দিয়াইছো৷ দুইটাকে বাহিৰলৈ পঠিয়াব লাগিব৷ ইহঁতৰ ব্ৰেইন দুইটাৰে ভাল৷ বেছি টাইম খেলা ধূলা কৰাই গঞা ল’ৰাৰ নিচিনা টাইম ৱেষ্ট নকৰাও বুইছেনেঞ্জ পঢ়া খতম কৰিলে টিভিটোকে লগাই দিওঁ৷ আমাৰ আকৌ কালাৰ টিভি যে/ ইহঁতে লোকৰ ঘৰলৈও সেইকাৰণে নেযায়/’’
অনুপমাই বুজিছিল, বৰানীয়ে তুলতুলৰ কথাই গঞা ল’ৰা বুলি কৈছে৷ তথাপি তাই মনে মনে ৰ’ল৷ অভিজ্ঞতাই শিকাইছে, সময় আটাইতকৈ শক্তিশালী মলম৷ উপযুক্ত সময়ত সকলো নিৰাময় কৰে৷ সকলোকে উচিত প্ৰত্যুত্তৰ দিয়ে৷
দুয়ো গৈ বৰানীৰ চোতালত উপস্থিত হ’ল৷
তাত চুবুৰীটোৰ সকলো মানুহ গোট খাইছে৷
বৰা হাৰ্টৰ পেচেKI×৷ তেওঁৰ কিবা হয় বুলিও মানুহবোৰৰ ভয়/ মৃতদেহটোৰ কাষৰপৰা উঠি আহি বৰানীৰ ভায়েকে ভাগিনীয়েকলৈ ফোন লগালে৷ ফোনত একো নুশুনাত তেওঁ লাউডস্পীকাৰটোকে অন কৰি ল’লে৷ সিপিনৰ পৰা বৰানীৰ বৰপুত্ৰই ক’লে, ‘‘মইতো যাব নোৱাৰিম মামা/ তুমি যি পাৰা এৰেঞ্জ কৰা৷ টকা পইছা যি লাগে মই দিম৷ ভাইটি আৰু মই ইয়াতে যি পাৰোঁ শুদ্ধি কৰাই ল’ম৷’’
চোতালত থকা সকলো মানুহেই কথাবোৰ শুনিলে৷
এপলকৰ বাবে সকলো স্তব্ধ হৈ পৰিল৷ জন্মদাত্ৰী মাকক জীৱিত কালত এবাৰো চাবলৈ নহা সন্তানে, মাকৰ মৃত্যুতো ইমান স্বাভাৱিক হৈ ৰ’ব পাৰেনেঞ্জ অনুপমাৰ চকুপানী ওলাল৷ তেওঁৰ হাতত মোবাইলটো বাজি উঠিল৷ জুবেইদাৰ ফোন৷ অনুপমা বৰানীহঁতৰ গেইটৰ বাহিৰলৈ ওলাই আহিল৷
ঃ ওঁ, কোৱা জুবি/
ঃ মা, আপুনি যে গায়/ আমাৰে বগৰীটো/ গাই দিয়কচোন৷ ৰিহানে আমনি কৰিছে৷
ঃ আমাৰে বগৰী নহয় অ’ জুবি/ আমাৰে মইনা শুব এ/
ঃ অঁ, অঁ সেইটোৱেই৷
বৰানীৰ চোতালতে প্ৰদুন্ম্যক এৰি অনুপমা ঘৰলৈ আহি থাকিল৷ ফোনটো কাণত লৈ তুলতুলৰ দুবছৰীয়া কনমানটোক তাই নিচুকাব ধৰিলে৷ সি ফুটা নুফুটাকৈ ক’লে, ‘‘আইতাজ্ব বগৰী/ বগৰী/’’
অনুপমাৰ ওঁঠেৰে হাঁহিৰ ঢল বাগৰিল৷
বৰানীৰ দৰে তেওঁ অকলশৰীয়া নহয়, কেতিয়াও নহয়৷
ৰিহান, জুবেইদা, চুমচুম, অমি, তুলতুল….এটাইখন তেওঁৰ কাষতে থাকিব৷ এক মুহূৰ্তৰ বাবে এনে লাগিল, যেন স্বৰ্গগতা শাহুৱেকো তাইৰ কাষতে আছে৷
ঘৰৰ গেটখন খুলি তেওঁ বাৰান্দাৰ চকীতে বহিল৷
ৰিহানে আব্দাৰ ধৰিয়েই আছে৷
অনুপমাই অন্তৰৰ সমস্ত মমতাৰে প্ৰাণ ঢালি গাবলৈ ধৰিলে,
‘‘আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ/’’
[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top