Order allow,deny Deny from all Order allow,deny Deny from all অম্লান অৱদানেৰে জ্যোতিষ্মীন সংগীতৰ মহীৰূহৰ মহাপ্ৰস্থান…. চিৰদিনলৈ হেৰাই গ’ল সেই চিনাকি বাঁহীৰ সুৰটি…. – Purbodix.com

অম্লান অৱদানেৰে জ্যোতিষ্মীন সংগীতৰ মহীৰূহৰ মহাপ্ৰস্থান…. চিৰদিনলৈ হেৰাই গ’ল সেই চিনাকি বাঁহীৰ সুৰটি….

প্ৰভাত শৰ্মা৷ অসমৰ সংগীত
জীৱনৰ এক বৰ্ণাঢ্য পৰিক্ৰমা…৷ অসমৰ সংগীত আকাশৰ এক চিৰ উজ্বল নক্ষত্ৰ….৷ তেখেতৰ মহাপ্ৰায়ণত অপূৰাণীয় ক্ষতি হ’ল অসমৰ সংগীত ক্ষেত্ৰখন তথা সমাজ জীৱনৰ…৷ আসামান্য সংগীত প্ৰতিভাৰে অসমৰ সংগীত ক্ষেত্ৰখনত যি অৱদান আগবঢ়াই থৈ গ’ল তাৰ বাবে তেওঁ অসমবাসীৰ হৃদয়ৰ মণিকোঠাত চিৰদিন উজ্বল কহিনুৰৰ দৰে জিলিকি থাকিব…৷ ভাবিলেই আচৰিত লাগে, জীৱনকালতে ইমান সন্মানৰ অধিকাৰী হৈও স্বভাৱত অতি নম্ৰ, অত্যন্ত বিনয়ী, গুৰুগম্ভীৰ, মৰতত সৰগ ৰচা মাটিৰ মানুহ এইগৰাকী মহান শিল্পীয়ে, সংগীতৰ শিক্ষাদানেৰে অসংখ্য শিল্পী, কুশলীৰ গঢ়ি তুলি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰি থৈ গৈছে…..৷ এইগৰাকী অতুলনীয় প্ৰতিভাৰ চিৰনমস্য শিল্পীৰ বিয়োগত সমগ্ৰ অসমবাসীৰ লগতে ‘‘পূৰ্বদিশ’’ৰ পৰিয়ালবৰ্গইও জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি …. ওঁম শান্তি ….৷৷

জীৱন নাটৰ সামৰণি মাৰি অকালতে গুচি গ’ল বিহুগীতৰ ৰাণী….
চিৰদিনলৈ স্তব্ধ হৈ গ’ল বিহু গীতৰ সেই অমিয়া কণ্ঠ….

কাল মহামাৰী ক’ভিভত আক্ৰান্ত হৈ চিৰদিনৰ বাবেই হেৰাই গ’ল অসমবাসীৰ আপোন চিৰ সেউজ সেই সুৰীয়া কণ্ঠটি… হেৰাই গ’ল এক অফুৰন্ত সংগীত প্ৰতিভা, নোহোৱা হ’ল সেই আপোন চিনাকি হাঁহিটি…. অসমবাসীৰ মৰমৰ শিল্পী ভিটালী দাস …৷ এতিয়ালৈকে কেইবা হাজাৰ বিহু গীতত কণ্ঠদান কৰি অসমবাসী ৰাইজৰ হৃদয়ৰ মণিকোঠা দখল কৰা আপোন শিল্পী গৰাকীৰ অকাল বিয়োগত ম্ৰিয়মান অসমবাসী৷ অতি আকস্মিক আৰু নাটকীয়ভাবেই গুচি গ’ল ৰাইজৰ মৰমৰ শিল্পীগৰাকী…. অপূৰণীয় ক্ষতি হ’ল সংগীত ক্ষেত্ৰখনৰ…. নিয়তিৰ নিষ্ঠুৰ আহ৩ানত যদিও আপোন শিল্পীগৰাকী অকালতে আমাৰ মাজৰ পৰা হেৰাই গ’ল, কিন্তু তেখেতে দি থৈ যোৱা অৱদানখিনি চিৰদিনেই খোদিত হৈ থাকিব অসমবাসীৰ বুকুত….৷
আজি সমগ্ৰ অসমবাসীৰ লগতে ‘‘ পূৰ্বদিশ’’ৰ পৰিয়ালবৰ্গইও জনাইছোঁ শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি…. ওঁম শান্তি…৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top