ৰমজানৰ ৩০টা ৰোজাৰ পাছত আহি পৰে ঈদ উল ফিটৰৰ সেই বিশেষ দিনটো৷ ইছলাম ধৰ্মালম্বীলোকসকলে ৰমজান মাহৰ ৩০ টা ৰোজা ৰখাটো ফৰজ [বাধ্যতামূলক]৷ ৰোজা মানেই অকল লোঘণে থকাটোকে নুবুজায় ৷ নিজৰ দেহ, মন আৰু চিন্তাধাৰাক সঠিক ৰূপত ৰাখি খং, অন্যায়, অবিচাৰ, অ-সামাজিক কাম আদিৰ পৰা নিজকে দূৰত ৰাখি সৃষ্টিকৰ্তা আল্লাহ য ঈশ্বৰৰ বাদাতয নাম স্মৰণ কৰাটোহে প্ৰকৃত ৰোজা৷ আনহাতে ৰমজানৰ এই পৱিত্ৰ মাহতেই দুখীয়াক দানযফিৎৰায জাকাত আদি দিয়াটোও প্ৰতিটো সামৰ্থবান পৰিয়ালৰ কৰ্তব্য৷

ঈদ উল ফিটৰৰ দিনটো অসমীয়া মুছলমানসকলৰ প্ৰতিটো পৰিয়ালে উলহ মালহেৰে উদযাপন কৰে৷ এই বিশেষ দিনটোৰ পুৱা গা পা ধুই নতুন কাপোৰ পিন্ধি ঘৰৰ পুৰুষসকলে ঈদগাহলৈ যায়৷ তাত সকলোৱে মিলি দুই ৰাকাত ঈদ উলফিটৰৰ নামাজ পঢ়ে৷ এই নামাজৰ পাছতে বিশ্ববাসীৰ শান্তি কামনাৰে সকলো ৰাইজে দোৱাযপ্ৰাৰ্থনা কৰে৷ ঈদ উল ফিটৰৰ দিনটোত প্ৰতিটো পৰিয়ালে সাধ্য অনুসৰি পিঠা পনা, পলাওঁ, চেৱাই, চৰবত আদি বনাই অতিথিসকলক আপ্যায়ন কৰে৷ ভাৰতীয় সংস্কৃতিয়ে আমাক সদায় এই কথাকে শিকায়৷ অতিথি দেৱ ভৱ৷ গতিকে, উক্ত দিনাৰ উৎসৱমুখৰ পৰিৱেশত নিজৰ বন্ধু বান্ধৱ, আত্মীয় সকলক নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰি বিভিন্ন ব্যঞ্জনেৰে এসাঁজ খুওৱাটো এক পৰম্পৰাগত অভ্যাস৷ ঈদ উল ফিটৰৰ সময়চোৱাত দুখীয়াসকলক নতুন কাপোৰ দান দিয়াটোও এক পৰম্পৰা৷ আমি সৰুৰে পৰা দেখি আহিছো ঈদ বুলিলেই আমাৰ সকলো বন্ধুৰ মাজত এক উৎসাহজনক পৰিৱেশে বিৰাজ কৰে৷ বিশেষকৈ অসমীয়া মুছলমান পৰিয়ালসমূহৰ মাজত এয়া হ’ল সম্প্ৰীতিৰ এক নিৰ্দেশন৷