প্ৰকৃতি …..
তুমি অপৰূপ তুমি মোহনীয়া
তুমিয়েই বিশ্বৰ মনোৰমা৷
গছে-বনে সেউজীয়া ৰঙে ৰূপে প্ৰয়োভৰা
সেউজী ধৰণী ধুনীয়া৷৷
প্ৰকৃতি, মানৱ জীৱনৰ এক অফুৰন্ত প্ৰেৰণা শক্তি, যি মানৱ জীৱনক ৰক্ষা কৰি আহিছে৷ এক কথাত, প্ৰকৃতিয়েই মানৱ জীৱনৰ বা জীৱজগতৰ প্ৰাণ৷ এই প্ৰকৃতি নহ’লে জীৱকূল জীয়াই থকা সম্ভৱ নহয়৷ কিন্তু সেই প্ৰকৃতি আজি বিনষ্ট হৈছে৷ প্ৰকৃতিৰ ওপৰত চলা নিৰ্বিবাদ অত্যাচাৰে কু-প্ৰভাৱ পেলাইছে প্ৰকৃতি প্ৰদত্ত সম্পদবোৰৰ ওপৰত৷ সুন্দৰ পৃথিৱীখনৰ বহু বস্তুৱেই যেন চিৰদিনলৈ হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ নোহোৱা হৈ পৰিছে প্ৰকৃতিৰ পূৰ্বৰ সেই ৰং-ৰূপ৷ ফলত পৰিৱেশ বিনষ্ট হৈ, এক কলুষিত বাতাবৰণে ছানি ধৰিছে আমাৰ মনোৰম বিনন্দীয়া পৃথিৱীখনত৷

আমাৰ চাৰিওফালে থকা পৰিদৃশ্যমান অৰ্থাৎ গছ-গছনি, বায়ু-পানী, নদ-নদী, পৰ্বত-পাহাৰ, সাগৰ-মহাসাগৰ, জীৱ-জন্তু আদিৰে পৰিবেষ্টিত ভূমিখণ্ডই হৈছে প্ৰকৃতি বা প্ৰাকৃতিক পৰিৱেশ৷ এই প্ৰকৃতিৰ লগত মানুহৰ এৰাব নোৱাৰা সম্বন্ধ অনাদি কালৰে পৰা চলি আহিছে আৰু চিৰদিন চলি থাকিব৷ কিন্তু এই পৰিৱেশক জীৱশ্ৰেষ্ঠ মানুহেই বিভিন্ন ধৰণে বিঘিনি ঘটাইছে৷ জীৱন ধাৰণৰ মানদণ্ড উন্ন কৰিবলৈ গৈ প্ৰকৃতিৰ ওপৰত নিৰ্বিচাৰে ধবংস যজ্ঞ চলাই প্ৰকৃতি ভাৰসাম্য একেবাৰে বিনষ্ট কৰি পেলাইছে৷ অত্যাধিক জনসংখ্যা বৃদ্ধি আৰু ডাঙাৰ ডাঙৰ উদ্যোগ, কলকাৰখানা স্থাপনে অধিক পৰিমানে প্ৰকৃতি বিনষ্ট হৈছে, গছ-বন কমি যোৱাৰ ফলত জীৱজগতৰ বাবে এক বিপদ সংকুল পৰিস্থিতি আহি পৰিছে৷
সৃষ্টিৰ আদিৰে পৰাই মানুহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে গছ-গছনি বা উদ্ভিদৰ বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰি চলি আহিছে৷ সভ্যতাৰ প্ৰগতিৰ লগে লগে, দিনক দিনে মানুহৰ সেই নিৰ্ভৰশীলতা বাঢ়ি গৈহে আছে৷ অৰ্থাৎ, গছ-গছনি অবিহনে মানুহ জীয়াই থকাটো অসম্ভৱ৷ সেয়েহে হয়তো মহান ভাৰতীয় বিজ্ঞানী ছাৰ জগদ্বীশ চন্দ্ৰ বসুৱে কৈছিল–‘গছ থাকিলেহে মানুহ থাকিব, গছ নাথাকিলে জীৱজগত বৰ্তি নাথাকে৷’’ সঁচাই মানুহে নিশাহত এৰি দিয়া বিষাক্ত কাৰ্বন-ডাই-অক্সাইড গেছ গছে শোষণ কৰি লয়, নহ’লে মানুহ পৃথিৱীত তিষ্টি থাকিব নোৱাৰিলেহেঁতেন৷ প্ৰাণীজগতে উশাহত অক্সিজেন গ্ৰহণ কৰি নিশাহত অনবৰতে কাৰ্বন-ডাই-অক্সাইড এৰি দিয়াৰ ফলত বায়ুমণ্ডল কাৰ্বন-ডাই-অক্সাইড গেছেৰে পৰিপূৰ্ণ হৈ পৰিলহেঁতেন৷ কিন্তু উদ্ভিদে কাৰ্বন-ডাই-অক্সাইড গেছৰ সহায়ত পাতৰ দ্বাৰা নিজৰ খাদ্য তৈয়াৰ কৰে আৰু সেই বিক্ৰিয়াৰ ফলত বায়ুমণ্ডললৈ অক্সিজেন গেছ এৰি দিয়ে৷ ফলত অক্সিজেন গেছ শেষ নহয় আৰু কাৰ্বন-ডাই-অক্সাইড গেছো বাঢ়ি নাযায়৷ এক ভাৰসাম্য ৰক্ষা হৈ থাকে৷ আনহাতে, দৈনন্দিন জীৱনৰ লাগতিয়াল বস্তুবোৰলৈ মনি কৰিলেই দেখা যাব উদ্ভিদ বা গছ-গছনিৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে মানুহ জীৱন৷ খাদ্য দ্ৰব্যৰ পৰা আৰম্ভ কৰি দৰৱপাতি, নিত্য ব্যৱহায্য আচবাব-পত্ৰ, সাজ-পাৰ, শিক্ষা-দীক্ষাৰ সঁজুলি ইত্যাদি সকলোখিনিৰ বাবেই মানুহে উদ্ভিদৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছে৷ এইক্ষেত্ৰত হয়তো বহলাই কোৱাৰ প্ৰয়োজন নাই৷
প্ৰকৃতি অৰ্থাৎ গছ-গছনিয়ে মানুহ আৱশ্যকীয় সকলো বস্তুৰে যোগান ধৰিছে, গতিকে প্ৰকৃতি আমাৰ বুকুৰ আপোন৷ এই গছ-গছনিৰো জীৱ আছে৷ গতিকে প্ৰকৃতিৰ প্ৰতি আমি কেতিয়াও নিষ্ঠুৰ হ’ব নালাগে৷ প্ৰকৃতিৰো চেতনা শক্তি আছে৷ এই প্ৰকৃতিয়ে আমাক খাদ্য যোগান ধৰাৰ উপৰিও ৰ’দ-বৰষুণ, বতাহ-ধুমুহা, গড়াখহনিয়া আদি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰি আহিছে৷ গতিকে আমি কেতিয়াও অকাৰণতে গছ-গছনি কাটি ধবংস যজ্ঞ চলাব নালাগে৷ তাৰ পৰিৱৰ্তে আমি এটিকৈ হ’লেও গছ পুলি ৰোপন কৰি আমাৰ পৃথিৱীখনক সেউজীয়া কৰি ৰাখি বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে৷ আমাৰ বাবে অতি গৌৱৰ আৰু আনন্দৰ কথা, যি সময়ত মানুহে গছ-বন কাটি ডাঙৰ ডাঙৰ আট্টালিকা নিৰ্মাণ কৰিছে, সেইখিনি সময়তে পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াই গছ ৰোপনেৰে এখন সেউজী ধৰণী নিৰ্মাণৰ প্ৰচেষ্টা চলাইছে৷ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গেও বিভিন্ন স্থানত বিভিন্ন স্থানত গছ পুলি ৰোপন কৰি সমাজলৈ এক আদৰ্শ দাঙি ধৰিছে৷ এনে বহু লোক, বহু স্বেচ্ছাসেৱী সংগঠন আছে যি পৃথিৱীক গোলকীয় উষ্ণতাৰ পৰা ৰক্ষা কৰিবলৈ গছ পুলি ৰোপণৰ দৰে মহৎ কাৰ্যত ব্ৰতী হৈ আছে৷
গতিকে, মানৱ জাতিৰ ভৱিষ্যতৰ কথা মন ৰাখি পৃথিৱীৰ পাৰিপািৰ্«কতা সংৰক্ষণ কৰাতো বৰ্তমান চিন্তা কৰাৰ সময় আহি পৰিছে৷ নহ’লে অবাধ গতিত বন ধবংসৰ ফলত পৃথিৱী এদিন মৰুভূমিৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে, ব্যক্তিগত ভাৱেই হওঁক বা সমূহীয়াভাৱেই হওঁক উদ্ভিদ ৰোপন আৰু সংৰক্ষণত গুৰুত্বপ্ৰদান কৰি আসন্ন বিপদৰ পৰা পৃথিৱীক বচাওঁক৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কোৱাৰ দৰেই আমি সকলোৱে বিচাৰো গছ-গছনিৰে পৰিপূৰ্ণ এখন ধুনীয়া সেউজী ধৰণী৷