আজিকালি দেখা যায় যে বহুত কম বয়সৰ পৰায়ে সকলোৱে চুলিৰ আৰু ছালৰ সমস্যাত ভোগে৷ চুলি আৰু ছালৰ যত্ন গৰম আৰু ঠাণ্ডা দুয়োটা ঋতুতে যত্নলোৱাটো খুব আৱশ্যক৷ সাধাৰণতে দেখা যায় যে চুলি আৰু ছালৰ সমস্যাৰ অন্যতম কাৰণ সমূহ এনেধৰণৰ যেনে মানসিক চাপ, অত্যাধিক শাৰীৰিক পৰিশ্ৰম, ভেজাল খাদ্য গ্ৰহণ, খুববেছি তেলিয়া বা ফাষ্টফুড জাতীয় অহাৰ গ্ৰহণ, উচিত পৰিমাণৰ পানীসেৱন নকৰিলে ইত্যাদি ৷ যৌৱন পিদিকা আদিও স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এক বিশেষ সমস্যা৷ কিন্তু আজিকালি দেখা যায় চুলি পকা আৰু চুলি সৰাটো এক অন্যতম সমস্যা ৷


আজিকালি দেখিবলৈ পোৱা যায় বহুতে কৃত্ৰিম পদ্ধতিৰে নিজৰ কেঁকুৰা চুলি চিধা কৰে আৰু মিহি চিধা চুলি কেঁকুৰা কৰে য’ত দেখা যায় যে পৰৱৰ্তী সময়ত ইয়াৰ উচিত যত্ন নললে চুলিৰ বিভিন্ন সমস্যায়ে দেখা দিয়ে৷ যেনে অধিক পৰিমাণত চুলি সৰা, চুলিপকা, চুলি পাতল হোৱা, চুলি ফটা আদি৷ সেইবাবে যদিও কৃত্ৰিম পদ্ধতি অৱলম্বন কৰে তথাপিও ইয়াৰ যদি যত্ন সময়ে সময়ে লৈ থাকে তেনেহলে ছাল আৰু চুলিৰ সুন্দৰভাবে ৰাখিব পাৰে৷ অৱশ্যে কিছুসংখ্যক লোকৰ ছালৰ আৰু চুলিৰ সমস্যা বংশগত ৷ অৱশ্যে ছালৰ আৰু চুলিৰ যত্ন বা সমস্যাৰ পৰা হাত সাৰি থাকিব বিচাৰিলে ঘৰতে উপলব্ধ কিছুমান সহজ বিধি ঘৰতে প্ৰস্তুত কৰি অৱলম্বন কৰিব পাৰে–
ৰ৷গ্গ যিহেতু আমাৰ শৰীৰটোত ৭০ণক্ম পানী উপলবদ্ধ গতিকে প্ৰত্যেকেই দিনে কমে ও২.প্ত পৰা ৩ লিটাৰ পানী সেৱন কৰাটো খুব আৱশ্যক ৷ ২৷গ্গ পানীয় বা বিভিন্ন বতৰত উপলব্ধ ফলৰ ৰস, ডাৱৰ পানী, বেলৰ চৰবত, পদিনাৰ চৰবত, আমলখি, শিলিখাৰ ৰস, ছালকেুঁাৱৰীৰ ৰস আদি সেৱন কৰিব লাগে৷ ৩৷ গ্ৰীষ্ম দিনত ছাল পৰিষ্কাৰ কৰিবলৈ আলুৰ ৰস, পুদিনাৰ ৰস, তিয়ঁহৰ ৰস আদি ব্যৱহাৰ কৰিব পাৰে৷ অৱশ্যে শুকান ছালৰ ব্যক্তিয়ে আলুৰ ৰসৰ পৰিবৰ্তে লিচুৰ ৰস বা মৌচুমী ৰস ব্যৱহাৰ কৰিব পাৰে৷ চ্ছ্ৰ৷গ্গ আলু ৰয়২, তিয়ঁহ ৰয২ মিহিকৈ লেপন বনাই ছালত সপ্তাহত দুবাৰকৈ ঘঁহি ১৫ মিনিট ৰাখি শীতল পানীৰে ধুই দিলে ছাল পৰিষ্কাৰ হয়, শীতল হয় আৰু ক’লা দাগৰ পৰা উপশম পায়৷ প্ত৷গ্গ পুদিনাৰ পাত মিহিকৈ লেপন বনাই তাত আমলখি ৰস মিহলাই মুখত সপ্তাহত দুবাৰকৈ ঘঁহি ১৫ মিনিট ৰাখি শীতল পানীৰে ধুই দিলে যৌৱন পিডিকা, কলাদাগ, ছালত তেলেতিয়া ভাৱৰ পৰা উপশম পায়৷ ৬৷গ্গ তিয়ঁহ আৰু আলু চকলিয়াই চকুৰ ওপৰত, গাল, মুখত আৰু ডিঙিত ব্যৱহাৰ কৰিলে ছালৰ দাগ, ছাল সুতুৰা পৰা, ৰশ্মি শক্তিয়ে পুৰিলে, শালমইনাৰ পৰা উপশম পায়৷ জ্জ৷গ্গ আলু, তিয়ঁহ পিছি সেইখিনি চকুৰ পতা দুখনত নিতৌ এবাৰকৈ লগালে চকুৰ তলৰ কলা দাগ নোহোৱা হয়৷ জ্জ্ব৷গ্গ পুদিনা পাতৰ পেষ্ট ৰ চামুচ, আমলখিৰ পেষ্ট ৰ চামুচ, ছালকেুঁাৱৰী মাজৰ অংশখিনি ৰ চামুচ, ৰয২ চামুচ কৰ্পূৰৰ গুঞ্জৰি মিশ্ৰণ কৰি সেই লোপনি নিতৌ এবাৰকৈ গাত ঘঁহিলে গৰম দিনত ছালত হোৱা ঘামচি, পিঠিত ওলোৱা শালমইনা, শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধৰ পৰা উপশম পায়৷ জ্ঝ৷গ্গ আমলখিৰ ৰস নিতৌ দুটাকৈ সেৱন কৰিব লাগে কাৰণ চুলিৰ আৰু ছালৰ বাবে ভিটামিন চি খুব আৱশ্যক৷ ১০৷গ্গ আমলখি ৰস, নেমুৰ ৰস একেলগে মিহলাই চুলিৰ গুৰিত ১৫ মিনিট সানি ৰাখি থৈ পিছত ধুই দিলে চুলি সৰা, চুলি পকা আৰু উফিৰ পৰা হাত সাৰিব পাৰি৷ ৰৰ৷গ্গ পিয়াঁজ, জেতুকাৰ পাত, মেথি সমপৰিমাণত নাৰিকল তেলত দি গৰম কৰিব ঠাণ্ডা হ’লে তেলখিনি চেকি সেই তেল সপ্তাহত দুবাৰকৈ ঘঁহিলে চুলি মিহি হয়, চুলি সৰা বন্ধ হয়, উফিৰ পৰা উপশম পায় আৰু টকৌয়ে খোৱা ঠাইত চুলি গজে৷ ১২৷গ্গ পিয়াঁজ, নহৰু, আমলখি সমপৰিমাণত নাৰিকলৰ তেলত দি গৰম কৰি অলপ কুহুমীয়া হোৱাত চুলিৰ গুৰিত ঘঁহিলে চুলি ঘন হয়, উজ্বলতা বৃদ্ধি হয় লগতে টকৌয়ে খালে উপশম পায়৷ কোনো বিশেষ ছালৰ বা চুলিৰ সমস্যাত ভুগিলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি উপৰক্ত বিধিসমূহ অৱলম্বন কৰাটো বাধ্যতামূলক৷