আহোমৰ ৰাজশাসনৰ বেলিমাৰ গ’ল…
স্বভিমানী অসমীয়া বৃটিছ শাসনৰ তললৈ কৰতলতীয়া হিচাপে আহিল৷ অসমীয়াই বিদ্ৰোহ আৰম্ভ কৰিলে
গোলামী যেন অসমীয়াৰ তেজত নাই৷
বহুত ঘাত-প্ৰতিঘাত অসহযোগ সত্যাগ্ৰহৰ অন্তত গোমধৰ পিয়লি কুশল কোঁৱৰ, কনকলতাৰ ত্যাগৰ বিনিময়ত ভাৰতৰ লগতে অসমীয়াই ভাৰতীয়ৰ লগতে স্বাধীনতা পালেই য়াণ্ডাবু সন্ধি ৰদ হ’ল, আকৌ আহিল ৰাষ্ট্ৰ যন্ত্ৰৰ ষঢ়যন্ত্ৰ৷

অসম আৰু অসমীয়াই প্ৰাপ্তিৰ পৰা বহু ক্ষেত্ৰত
বঞ্চিত হ’ল৷ নায্য প্ৰাপ্তিৰ আন্দোলন হ’ল….
লাল বাল পালৰ দৰে অসমীয়াৰ তেজ আকৌ উথলি উঠিল৷ অসম আন্দোলনৰ সূচনা হ’ল৷
৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসম চুক্তি সম্পাদন হ’ল৷
আচৰিত আৰু মন কৰিবলগীয়া কথা তেতিয়ালৈকে অসমত
সসস্ত্ৰ আন্দোলনৰ কথা কোনেও চিন্তা কৰা নাছিল৷ অসম আৰু অসমীয়াক শোষণ আৰু বঞ্চনাৰ ইমান
চূড়ান্ত পয্যায় পালেগৈ যে, স্বাভীমানী অসমীয়াৰ সুঠাম জ্ঞানী শিক্ষিত কেইজনমান অসমীয়াই
জাতিটোৰ বাবে আলফাৰ সূচনা কৰিলে, চৰকাৰে নিসিদ্ধ ঘোষণা কৰিলে৷
সুভাষ বসুৰ দৰে সংগ্ৰামীসকল আঁতৰি যাব লগা
হ’ল,
নিষিদ্ধ ঘোষণাৰ পাছত জানো দেশত থকা উচিত?
আলফাৰ যে সকলো শুদ্ধ আছিল, এনে নহয়, সাৰ্বভৌমত্ব
ব্ৰেক মানেই হ’ল ভুল, কিন্তু এটা কথা ভেটিকানৰ দৰে যদি অসম সবাতোকৈ সৰু সাৰ্বভৌম ৰাষ্ট্ৰ
হ’লহেঁতেন,
আজিৰ অসমীয়াৰ ঘৰবোৰ সোণৰ পাট লগাই বনাব পৰা হ’লহেঁতেন৷
বিদেশী কোম্পানীক ৰঙাদলিচা পাৰি দিয়া হৈছে,
অসমীয়াই কিমান সংস্থাপন পাইছে, দুৰ্নীতিৰ কথা আজি দুৰৈত থ’লো৷
কালছাৰ্কি হ’ল? বৰ অসমীয়াৰ কালছাৰত পুষ্কৰম
সোমালে, মাঘ বিহু গুচি হোলিকা নে মোলিকা হ’ল৷
কোনোবাই কয় আলফাৰ সঞ্জয় ঘোষৰ হত্যাকাণ্ডৰ
কথা, খ্ৰীষ্টানিটী বঢ়োৱাৰ বাবে কিমান জাল
তৈয়াৰী কৰিছিল আমি কি নাজানো? ধেমাজিৰ কণ কণ ছাত্ৰ-ছাত্ৰী হত্যাক ক’লা
অধ্যায় বুলি কম, প্ৰশাসনো কিন্তু কম জগৰীয়া নহয়, তেওঁলোকে বম আছিল বুলি কিয় ধৰিব নোৱাৰিল
বিয়াগোম ৰহস্য৷ ৰাষ্ট্ৰসংঘত অসমৰ কথা সবিস্তাৰে প্ৰকাশ কৰিবলৈ কিন্তু তেওঁলোকে কুণ্ঠাবোধ
কৰা নাছিল৷
এটা কথা, আলফাই কাৰ কাৰণে কাম কৰিবলৈনো আত্মপ্ৰতিষ্ঠা
কৰিছিল, নি(য়কৈ অসমীয়াৰ বাবে৷ হাজাৰ ভুল কৰিছে নিজৰ মানুহৰ বাবে কাম কৰিবলৈ যাওঁতে
সশস্ত্ৰসংগ্ৰামীৰ সংগ্ৰাম যে ৰক্তেৰে ৰঞ্জিত হ’ব নিসন্দেহে সঁচা কথা৷ সেই বাবে এনেবোৰ সংগ্ৰাম
সাধাৰণ জনতাই কেতিয়াও মানি ল’ব নোৱাৰে৷ এইটোও ঠিক, যুদ্ধৰ অবিহনে ৰাজ্যজয় কৰিব নোৱাৰি৷
কিন্তু লক্ষণীয় আৰু পৰিতাপৰ কথাটো হ’ল যে,
আধুনিক অসমৰ বাবে পৰেশ বৰুৱাৰ এই যুঁজখন যেন এখন ধূসৰ প্ৰতিচ্ছবিহে৷ যিটো সময়ত অসমত
বিদেশী সমস্যাই গা কৰি উঠিছে, কোনোবা এটা ৰাজনৈতিক দলে যদি হিন্দু বাংলাদেশীক প্ৰাধান্য
দিছে কোনোবাই আকৌ মুছলমান বাংলাদেশীক, অৰ্থাৎ এতিয়া প্ৰধান ইচ্ছু হ’ল বিদেশী-বিদেশীৰ
এই অগ্ৰাসনৰ বাবে আজি সত্ৰৰ পৰা চৰণীয়া পথাৰলৈকে সকলো নিশেষ হ’ল,
বৰপেটাৰ দৰে সত্ৰ আজি বিদেশীৰ দখলত৷ অসমৰ নালাগে গুৱাহাটীৰ প্ৰায়ভাগ পাহাৰ আজি হয়তো
হিন্দু নাইবা মুছলমান বিদেশীৰ দখলত৷
অসমত আজি অসমীয়াৰ সংস্থাপন নাই, যাৰ বাবে
অসমৰ পৰা প্ৰায় চল্লিশ লাখ খিলঞ্জীয়া ল’ৰা পৰিব্ৰজিত হৈছে৷ আগতেই উল্লেখ কৰিছোঁ,
অসমীয়াৰ নাই কি? কিহৰ বাবে আজি অসমীয়াৰ এই অৱস্থা? অসমীয়াৰ বাবেই, যদি থলগিৰিৰ বাবেই
যদি আলফাৰ জন্ম হৈছিল, আলফা আজি নিমাত কিয়? অস্তিত্ব ৰক্ষাৰ বাবে কিমান অহোপুৰুষাৰ্থ
কৰিলে আজি আলফাই৷ ঠিক আছে বাৰু অসমীয়াৰ সংস্থাপনৰ বাবেই যদি চিন্তা কৰে তেন্তে বাৰে
বাৰে অসমীয়া ল’ৰাক কিয় হত্যা কৰে? অসমীয়া চাকৰিয়ালখিনিক অপহৰণ কৰি নিয়াতকৈ অনাঅসমীয়া
বৰ বৰ কাৰ্য্যবাহী বিষয়াসকলক কিয় অপহৰণ কৰি নিয়াৰ সাহস কৰিব নোৱাৰে?
ৰাষ্ট্ৰসংঘত কিয় বিদেশী বহিস্কাৰৰ বাবে এটা
স্পষ্ট বৈদেশিক নীতিৰ বাবে আলোচনা নকৰে৷ আমাক জাতিটো সুদৃঢ়কৈ একগোট হৈ থকাটো লাগে৷
অসমীয়াই বহুত হেৰুৱালে তৰ্জাৰ বেৰৰ জলঙা লগা অসমীয়াৰ ঘৰবোৰ আশীৰ উদ্ধৰ্ৰ পিতাৰ লগৰ
পিতাজনে হাজিৰা কৰিবলৈ অহা দেখিলে কোনোবা থলগিৰিয়ে খাবলৈ নাপায় আত্মহত্যা কৰিলে বুকু
কঁপে, কৰিবলৈ আছে যদি আৰ্থসামাজিক বিষয়টি এবাৰ মহোদয়ে চোৱাটো উচিত, বন্দুকেৰে নহয় কৰ্মৰে
অসমীয়া জাতিক আগুৱাই নিবলৈ বিছৰা পৰেশ বৰুৱাৰহে প্ৰাসংগিকতা আছে৷ পিতৃ নহ’লেও
ভীষ্মৰ দৰে স্থিতপ্ৰজ্ঞ অসমীয়াৰ বাবে এষাৰি মাত নি(য় মাতিব আমি আশাবাদী৷
কিন্তু, পৰেশ বৰুৱাৰ স্বাধীন অসমৰ ধাৰণা
বাস্তৱত লাহে লাহে অপ্ৰাসংগিক হৈ পৰিছে৷