ৰূপান্তৰৰ পূজাৰী কলাগুৰু বিষ্ণু ৰাভা(বিপুল গগৈ) – Purbodix.com

ৰূপান্তৰৰ পূজাৰী কলাগুৰু বিষ্ণু ৰাভা(বিপুল গগৈ)

অসমৰ কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য, শিল্পকলাৰ জগতখনক সুকীয়া মাত্ৰা প্ৰদান কৰি থৈ যোৱা ৰূপান্তৰৰ পূজাৰী, যশস্বী কবি – সাহিত্যিক, দাৰ্শনিক, চিত্ৰকৰ, অনিন্দ্য নৃত্যশিল্পী, তেজস্বী কণ্ঠৰ সুবক্তা, ৰাজনীতিবিদ, ১৯০৯ চনৰ ৩১ জানুৱাৰীত দ্বিতীয় আসাম ৰাইফলচ বাহিনীৰ চুবেদাৰ মেজৰ গোপাল চন্দ্ৰ ৰাভাৰ ঔৰসত আৰু মাতৃ গেথীবালা ৰাভাৰ পৱিত্ৰ উদৰত তেতিয়াৰ সংযুক্ত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ঐতিহ্যপুৰ্ণ ঢাকা চহৰৰ সেনা ছাউনীত জন্মগ্ৰহণ কৰা ৰত্নগৰ্ভা অসম মাতৃৰ ক্ষণজন্মা সুসন্তান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়াৰ হিয়াৰ আমঠু, জাতীয় জীৱনৰ প্ৰৌজ্জ্বল নক্ষত্ৰ, আমাৰ গৌৰৱ৷

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগত গুৰু মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ-মাধৱদেৱৰ পৰৱৰ্তী কালত জাতীয় জীৱনৰ বহল ক্ষেত্ৰখনক সামগ্ৰিক ভাবে ঐশ্বৰ্যমণ্ডিত কৰি অসমীয়া জাতি সত্তা আৰু ঐতিহ্যমণ্ডিত গৌৰৱোজ্জ্বল সোণসেৰীয়া সাংস্কৃতিক সৌধক উজ্জীৱিত কৰি ৰাখিবলৈ ব্যতিক্ৰমী অনন্য অৱদান আগবঢ়োৱা সzান্ত মহীৰূহ সকলৰ ভিতৰত অন্যতম চিৰ বন্দিত ব্যক্তি আছিল কলাগুৰু বিষ্ণু ৰাভা৷ প্ৰাথমিক শিক্ষা বাংলা মাধ্যমত গ্ৰহণ কৰা কলাগুৰু ৰাভাই শৈশৱৰ সোণালী দ্ৰৱন্তীৰ ডঁৰিয়লিত পানচৈৰ বঠা বোৱা জীৱনৰ প্ৰত্যুষ কালতেই ঢাকাৰ সাৰ্বজনীন উদ্দীপনাময় বিশাল সাহিত্য সংস্কৃতিৰ ৰংগালয়ত পদাৰোহণ কৰি উৰ্দু নাটকত অভিনয়ৰ স্বৰ্ণিল পাতনি মেলা দোকমোকালিত নৃত্য-নাটিকাৰ জ্ঞান আহৰণ কৰি সংস্কৃতিৰ সৃজনশীল পুঞ্জীভূত প্ৰতিভাক সাধনাৰ সোপানেদি আগুৱাই জীৱনটোক সপোনৰ দিগন্তলৈ লৈ গৈছিল৷ সংস্কৃতিবান ব্যক্তিত্বৰ ওপৰিও তেখেত এজন মেধা সম্পন্ন ছাত্ৰ আছিল যাৰ উদাহৰণ তেজপুৰ চৰকাৰী উচ্ছ মাধামিক বিদ্যালয়ৰ পৰা দৰং জিলাৰ সমূহ বিদ্যালয়ৰ ভিতৰত সৰ্বোচ্ছ নম্বৰ পাই পোৱা  Queen Express বঁটা৷ পৰৱৰ্তী কালত অসমৰ সংগীত, নাট, কলা-কৃষ্টিৰ অন্যতম অভিকেন্দ্ৰ তেজপুৰ চহৰত অসমীয়াৰ সমৃদ্ধিশালী সাংস্কৃতিক পৰিক্ৰমাৰ সৈতে ওতঃপ্ৰোতভাবে বিজড়িতি হৈ তেখেতৰ জীৱন কল্লোলিনীৰ বোঁৱতী সুঁতিৰ জলাধাৰৰ লহৰে লহৰে সাঁতুৰি-নাদুৰি উজাই ভটিয়াই, বৰ অসমৰ প্ৰান্তে প্ৰান্তে ভুমুকিয়াই বৈচিত্ৰময় তথা অত্যুজ্জ্বল নিভাঁজ কলা-সংস্কৃতিৰ অনুপম সম্ভাৰৰ জীপালৰ সালমৌ-কোঁহ বুটলি জাতিৰ বক্ষস্থল সোণসেৰীয়া সংস্কৃতিৰ বৰ্ণালীৰে জ্যোতিস্মান কৰি থৈ গৈছে৷ সমাজ-সংস্কৃতিৰ সৈতে একাত্ম হোৱা ৰাভা ডাঙৰীয়াই তেজপুৰতেই অসমীয়া নাটক, জয়মতী কথাছবিত অংশগ্ৰহণ কৰাৰ লগতে সমান্তৰালভাবে শোণিত কুঁৱৰী, বেউলা, শংকৰদেৱ,  মাধৱদেৱ আদি মুল্যবান অসমীয়া নাটকৰ ৰেকৰ্ডিং কৰিছিল আৰু তেতিয়াৰ অসমীয়া সাহিত্যৰ শিৰৰ ভূষণ স্বৰূপ ‘বাঁহী আলোচনীৰ সাংস্কৃতিক শিতান ‘চিত্ৰলেখাৰ ভাগটো চিত্ৰশিল্পী বিষ্ণু ৰাভাই চোৱাচিতাৰ দায়িত্বখিনি নিষ্ঠা আৰু একাগ্ৰতাৰে পালন কৰিছিল৷

এগৰাকী নিপুন আৰু সফল সুদক্ষ অভিনেতা ৰাভাদেৱে শৈশৱৰ বাটচৰাতেই কলিকতাৰ মঞ্চত অভিনয় কৰি শলাগৰ ফুল কলিৰে কৰণি ভৰাইছিল আৰু ১৯৪০ চনত কাশী বিশ্ববিদ্যালয়ত মঞ্চস্থ কৰা নটৰাজ নৃত্য উপভোগ কৰি বিমুগ্ধ হোৱা তেতিয়াৰ উপাচাৰ্য আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহানদাৰ্শনিক, বিদগ্ধপণ্ডিত ড সৰ্বেপল্লী ৰাধাকৃষ্ণণে ভূয়সী প্ৰশংসা কৰি তেখেতৰ অভিনয় যাত্ৰাত অভিনৱ অনুপ্ৰেৰণা যোগাইছিল৷ সৰ্বাঙ্গ সুন্দৰ বৰ অসমৰ স্বপ্নদ্ৰষ্টা, অসমীয়াত্বৰ চেতনাৰে মন প্ৰাণ উদ্বেলিত, অসমীয়া জনজীৱনৰ আবেগ, অনুভূতি, বিভূতি, বৈভৱ, গৌৰৱ গাঁথাৰে ভৰুণ তটিনী জাতিৰ বক্ষস্থলেদি বোৱাই অসম তথা ভাৰতৰ মহাসংস্কৃতিৰ উজ্জ্বলজ্যোতিস্ক, দেশপ্ৰেমিক আৰু জনগণৰ প্ৰাণৰ স্পন্দন, জাতিৰ স্বাভিমানৰ স্বৰ্ণৰেখা, গণশিল্পী বিষ্ণু ৰাভাই দুজনা গুৰুৰ আৰ্দশ আৰু তেওঁলোকৰ বাণীসমূহ শুদ্ধ অন্তৰেৰে গ্ৰহণ কৰি নৱদিগন্তমুখী প্ৰত্যাশাৰ নিৰ্মল মুকুলেৰে প্ৰস্ফুটিত দেশ-সমাজ- জাতি গঢ়াৰ প্ৰয়াস কৰিছিল৷ সমন্বয়ৰ সাতামপুৰুষীয়া একাত্মবোধৰ স্নেহলতাৰে আঁটি আঁটি বান্ধ খুৱাই সম্প্ৰীতিৰ সোপানেদি আগুৱাই সংস্কৃতি খচিত মহামিলনৰ সৰোবৰত অৱগাহন কৰি জাতিক ডেউকা মেলি উৰিবলৈ শকতি যোগাইছিল মহান ব্যক্তিজনাই৷

মহামিলনৰ মহানুভৱতাৰ সোণালী আঁহেৰে জাতিক আঁকোৱালি ধৰি স্বকীয় সাংস্কৃতিক বৈভৱেৰে সমুজ্জ্বল ৰাভা ডাঙৰীয়াই গাইছিল

‘‘ অসমীয়া ডেকা দল

আজিতোৰ এই তেজাল বদন

মলিন কিয় হ

দুৰ্গম নদ পাহাৰ গিৰি

লংঘিছিলে ডেকাগিৰী

সুন্দৰ শংকৰে লৰি কৰিছিলে তল

  ‘‘… অ অসমীয়া সমনীয়া

আগবাঢ়ি যাঁও বল’’

কলাগুৰুৰ সমাজ জীৱনত অন্তৰ্নিহিত হৈ থকা দুজনাগুৰু, জাতীয় বীৰ বীৰাঙ্গণা, আধ্যাত্মিক ধ্যান ধাৰণা, জাতিৰ পৰিচয়ৰ দীপ্তিশীল চিন্তা চেতনা জাতিৰ ধৰ্ম নীতি চিৰবিদ্যমান৷ তেখেতে সেয়েহে গীত ৰচিছিল

কীৰ্তন দশম নামঘোষা

হওঁক আমাৰ শৌৰ্য

নাট গীত নাম বৰগীত

হওঁক ৰণৰ তুৰ্য৷

গণ জীৱনৰ সামন্বয়িক ভাবধাৰাৰ জাগৃত মন্ত্ৰণাৰে উদ্বোদ্ধ জাতিৰ পুৰুধা ব্যক্তি কলাগুৰুজনাই কৈছিল ‘অসমৰ বুকুত বৈচিত্ৰৰ মাজত ঐক্যৰ দোলেৰে গাঁথি দুনাই শক্তিশালী জাতি গঢ়া, শক্তিময় ন অসম গঢ়ি সমন্বিত শক্তিৰে সুন্দৰতম্‌-অসমীয়া সংস্কৃতি ৰচো৷ তেখেতৰ মন মানসত উচ্ছাৰিত হৈছিল–‘‘অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সাহিত্য বৰলুইতৰ দৰে বিশাল আৰু বিৰাট৷  সৰু সৰু জুৰি-নিজৰা-নৈ-উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যি দৰে ব্ৰহ্মপুত্ৰই বিশালতা আৰু বিৰাটতা লাভ কৰিছে ঠিক তেনেকৈয়ে বহু জাতি- উপজাতি আৰু জনজাতিৰ কৃষ্টি সংস্কৃতি আৰু সাহিত্যত বিশালতা আৰু বিৰাটতা লাভ কৰিছে’’

সঙ্গীতপ্ৰেমীৰ কণ্ঠত গুঞ্জৰিত কলাগুৰু বিষ্ণু ৰাভাৰ সৃষ্টিশীল মন কাননত কুঁহিমেলা অপৃৰ্ব সোণাৰু সুৰীয়া গীতসমূহৰ ভিতৰত

নাহৰ ফুলে নুশুৱায়

তগৰ ফুলে শুৱাব

তগৰ ফুলে নুশুৱায়

কপৌ ফুলে শুৱাব

কপৌ ফুলে নুশুৱায়

যদি ঘিলা খোাপাতে মোৰ

হিয়া ফুল এপাহি দিম

গুজি খোপাতে মনোহৰ

আন এটা মন পৰশা ৰাভা সংগীত মহাসতীজয়মতীৰ জীৱনৰ ওপৰত ৰচিছিল

জয়া নাই জয়া নাই

অসমী আইৰ চেনেহৰ জী

সতী জয়মতী নাই –

প্ৰতিজন অসমীয়াৰ হৃদয় চুই যোৱা মন-আত্মাক অলোড়িত কৰি তোলা, জাতীয় জীৱন স্পৰ্শ কৰা অনন্য গীত৷ তেখেতৰ গীতৰ কথা – ভাব ভাষা আৰু অমিয়া সুৰে মানুহৰ অন্তৰত নব্যচেতনাৰ উন্মীলন ঘটায়৷ গ্ৰাম্য জীৱন পৰিক্ৰমাৰ ঐশ্বৰ্যশীল, গৌৰৱোজ্জ্বল গৰিমা ৰাশিয়েই জাতিৰ উদ্দীপ্ত স্বৰ্ণিল শিখা, সমাজ উত্তৰণৰ মন্ত্ৰণাক ৰাভাদেৱে জীৱনৰ পলে পলে অনুভৱ কৰিছিল৷

আজন্ম গণশিল্পী হোৱাৰ ওপৰিও এগৰাকী জন্ম ভূমিক ভালপোৱা ওপজা মাটিৰ সন্তান, সমাজৰ খাটিখোৱা সাধাৰণ জনতা, কৃষক, বনুৱা, ৰুৱনী, দাৱনী, শিপিনী,  সহজ সৰল জীৱনমুখী সমাজখনৰ আশা -ভৰসা-আকাংক্ষাৰ আভা আছিল শ্ৰদ্ধাৰ বিষ্ণু ৰাভা, জনগণৰ বুকুৰ কুটুম, হেঁপাহৰ নীলাকাশ৷ দুখীয়া, নিচলা, প্ৰবঞ্চিত, নিপীড়িত, নিৰ্যাতিত, উপেক্ষিত জনতাৰ কাষত ছাঁৰ দৰে থাকি তেওঁলোকৰ হকে নিৰ্ভীকতাৰে সীমাহীন শোষণ -শাসন-বঞ্চনাৰ নায়ক পুঁজিবাদী, সামন্তৰূপী জমিদাৰ, শ্ৰমিক বনুৱাৰ শোণিত পিপাসুৰ বিৰুদ্ধে উদাত্ত কণ্ঠৰ গাজনিৰে কঁপাই তোলা এগৰাকী বিৰামহীন দুৰন্ত বিপ্লৱীজননেতা, মানুহৰ হ্নদয়ৰ স্তম্ভ, আশ্বাস-বিশ্বাস-ভক্তিৰ চন্দ্ৰতাপ৷ বলিস্থ নেতৃত্ব প্ৰদানকাৰী বিপ্লৱী সত্তাৰ হৃদয়ৰ কোঁহে কোঁহে বিদ্যমান প্ৰতি ৰক্তকণিকা প্ৰতিবাদ গণ বিপ্লৱৰ ধ্বনিত উথলি উঠিছিল যেতিয়া স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছিল শোষণ-বঞ্চনাৰ জীয়া ছবিখন৷ অসমীয়া জাতি বিশেষকৈ শ্ৰমজীৱি সাধাৰণ জনতাৰ কাৰণে আগবঢ়োৱা অতুলনীয় সেৱা আৰু জীৱন কালৰ অত্যুজ্জ্বল  কৰ্মৰাজিয়ে অসমীয়া জীৱন ধাৰাক উদ্‌ভাসিত, অনুপ্ৰাণিত আৰু মহীয়ান কৰি ৰাখিব৷ স্বৈৰতন্ত্ৰ, বৰ্বৰতা, লুণ্ঠনৰাজ, নৈৰাজ্যবাদৰ অৱসান ঘটাই পৰাধীনতাৰ শিকলি ছিঙি বিদেশী ব্ৰিটিছ মুক্ত স্বাধীনোত্তৰ কালতো শ্ৰমিক, হালোৱা, বনুৱা অনন্যোপায় শ্ৰেণীক শোষণ কৰা সকলৰ কণ – কঠীয়া মাৰিবলৈ স্বতঃস্ফুতভাবে জাগ্ৰত হোৱা প্ৰতিবাদী সত্তা, দুৰন্ত মন আৰু বলিষ্ঠ কণ্ঠস্বৰ তেখেতৰ কবিতাত পৰিস্কাৰকৈ অনুৰণিত হয়৷

      ‘‘ভাঙ ভাঙ ভাঙ ভাঙ

লোহাৰ শিকলি ভাঙ

ছিঙ ছিঙ ছিঙ ছিঙ

দাসৰ বান্ধোন ছিঙ৷

আহ৩ান জনাইছিল কৃষক শ্ৰেণীক

‘‘ল বল বল বল/ কৃষক শক্তিদল/ অ বনুৱা সমনীয়া / আগবাঢ়ি যাওঁ বল৷৷/ জাগ জাগ জাগ জাগ / মজদুৰ ন-জোৱান/ নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান৷

এবাৰ নাগা ছাত্ৰ সন্মিলনত তেখেতে সভাসদক দেশৰ শতৰুৰ বিৰুদ্ধে মাৰ বান্ধি যুঁজিবলৈ-জাগিবলৈ উদাত্ত আহ৩ান জনাইছিল ‘‘ জাগিব লাগিব তই কছাৰী মিকিৰ/ খাচী, ৰাভা, গাৰো, মিৰি, কুকি, নগাবীৰ/ চিংফৌ, চিনাতং, মণিপুৰী, টাই/ টিপৰা, ডিমাছা, অকা, ডফলা ককাই –

জাগিব লাগিব / জাগিব লাগিব তই জাগ / ল-চো আগভাগ৷৷

যাউতি যুগীয়া সমন্বয়ৰ প্ৰতীক বহ্নিমান বৰলুইতৰ দৃষ্টিনন্দন বক্ষস্থলৰ নয়নাভিৰাম সুবিশাল বাকৰিত, পাটকাইৰ সেওঁতাইদি উদিত অৰুণৰ বৰ্ণালীয়ে চিৰ বিনন্দীয়া কৰি ৰখা, চিৰসেউজক ৰ্দৈসিৰীয়া পৰ্বতমালাৰ নৈসৰ্গিক আভিৰূপ্যৰে আচ্ছাদিত বৰঅসমৰ বুকুত লিপিত খাই থকা মানুহখিনিৰ বাবে বিশ্ৰামহীনভাবে আজীৱন সেৱা, ত্যাগৰ অমূল্য নিদৰ্শন দাঙি ধৰি গল জনম জনমলৈ৷ জাতীয় হৃদয়ৰ আঁহে আঁহে বিৰাজমান বিষ্ণু ৰাভাই জাতিটোৰ সৰ্বদিশত নৱ দিগন্তৰ সূচনা কৰিব পৰাকৈ অনন্য অৱদান আগবঢ়াই থৈ গৈছে৷ তেখেতৰ প্ৰতি সন্মান জনাই কৃতজ্ঞতাৰ চিন স্বৰূপে অসম চৰকাৰে বিষ্ণু ৰাভা বঁটা ১৯৮১ চনৰ পৰা প্ৰদান কৰি আহিছে৷ কলাগুৰু বিষ্ণু ৰাভা ডাঙৰীয়াই জীৱনযোৰা সাধনাৰে অতুল্য অৱদান আগবঢ়াই অসমৰ কলা- সংস্কৃতি-ভাষা- সাহিত্যৰ অনলোজ্জ্বল জগতখনক ঔজ্বল্য প্ৰদান কৰি থৈ গল৷ সংস্কৃতিৰ বৰপথাৰখনক ঐশ্বৰ্যমণ্ডিত কৰি নাটক,  কবিতা, গীত-মাত, দেৱ বাদ্যসমূহৰ চমকপ্ৰদ পাৰদৰ্শিতাৰে প্ৰতিভাৰ আকৰ শিল্পীগৰাকীয়ে দি যোৱা অনন্য বৰঙণিসমূহৰ বাবে অসমী আইৰ চেনেহৰ পো, চিৰ বন্দিত মহান ব্যক্তি ৰাভাদেৱক বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মই চিৰদিন কৃতজ্ঞতাৰে শলাগ লব আৰু শ্ৰদ্ধাৰে স্মৰণ কৰিব৷ তেখেতৰ জীৱনৰ অস্তাচলৰ শেষ ক্ষণত লিখা অমৰ গানত ভাবনাৰ বাংময় প্ৰতিবিম্বিত হোৱা পৰিলক্ষিত হল মহানগীতত –

বাঁহৰ আগেদি উষাৰ বেলিয়ে/ ৰঙামুখ তুলি জুমে/ শিখাৰ লগৰী বিদায়-ৰাগিনী/ ৰাইজৰ পদ চুমে/ আজি হল মোৰ জীৱন নাটৰ/ ভাওনাৰ অৱসান৷

সুদীৰ্ঘ সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, শৈল্পিক বৰ্ণিল জীৱন পৰিক্ৰমাৰ পৰিসমাপ্তি ঘটাই অৱশেষত ১৯৬৯ চনৰ ২০ জুনৰ দিনা জাতিক শোকৰ সাগৰত ডুবাই থৈ বৈকুণ্ঠৰদেৱ লোকলৈ ঢাপলি মেলিছিল৷ মৃত্যু দিৱসত আজন্ম বিপ্লৱী,  গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৱিত্ৰ স্মৃতিত ভক্তি নিবেদন কৰিছো৷

Leave a Reply

Your email address will not be published. Required fields are marked *