১৯৯২ চনত ‘অগ্ৰদূত’ত এজন ষ্টাফ ৰিপৰ্টাৰ হিচাপে যোগ দিছিলোঁ৷ ‘অগ্ৰদূত’ৰ সম্পাদক মাননীয় শ্ৰীযুত কনকসেন ডেকা ছাৰৰ পৰামৰ্শৰ ভিত্তিত হেঙেৰাবাৰীৰ হাউছিং কলনিলৈ গৈছিলোঁ৷ উদ্দেশ্য আছিল প্ৰখ্যাত কমিউনিষ্ট নেতা হেমেন দাসৰ এটা দীঘলীয়া সাক্ষাৎকাৰ লোৱাৰ৷ তেতিয়া দিছপুৰত হিতেশ্বৰ শইকীয়াৰ চৰকাৰ৷ সেই যে হেঙেৰাবাৰীৰ হাউছিং কলনি আৰু হেমেন দাসৰ সৈতে পৰিচয় হ’ল, তাৰ পাছত হেমেন দাস ডাঙৰীয়াৰ ঘৰলৈ নিয়মীয়াকৈ যাবলৈ ল’লো৷ সৰলতা আৰু বাওঁ মতাদৰ্শৰ চিন্তা-চেতনাৰ বাবে মানুহজনক ভাল লাগিবলৈ ধৰিলে আৰু পাছলৈ খুড়া বুলিয়ে হেমেন দাসক মাতিবলৈ লওঁ৷

অগ্ৰদূত’ৰ বাবে বিভিন্ন সাক্ষাৎকাৰ আদি ল’বলৈ দুলাল বৰুৱা, গোলাপ বৰবৰা, গোলাম ওচমানিক বিচাৰি হেঙেৰাবাৰীৰ হাউছিং কলনিলৈকে গৈছিলোঁ৷ ম’বাইল ফোন নাছিল, গতিকে আজিৰ দৰে মবাইলতে কথাপাতি সাক্ষাৎকাৰ লোৱাৰ সুযোগ নাছিল৷
১৯৯৩চনৰ মাৰ্চ মাহ৷ হোমেন বৰগোহাঞিয়ে অসম বাণী কাকতৰ সম্পাদক হিচাপে যোগ দিছে৷ তেতিয়া গণেশগুৰি-হেঙেৰাবাৰী পথত বিশেষ ভিৰ নাছিল৷ মই ‘অগ্ৰদূত’ত, ললিত গগৈ সম্ভৱ নতুনকৈ প্ৰকাশিত ‘পূৰ্বাচল’ নামৰ সাপ্তাহিক কাকতখনৰ সাংবাদিক৷ ইতিমধ্যে ললিত গগৈ, ৰিপুঞ্জয় গগৈ, কুমুদ ৰঞ্জন দাস, সুকুমাৰ পাঠককে ধৰি আমি এমুঠি ৩০অনুধবৰ্ সাংবাদিকে গণেশগুৰিৰ লখিমীৰ সমুখত আবেলি আড্ডা দিওঁ৷ আড্ডা শেষ হোৱাৰ পাছত আমি লখিমীত ভাত খাই ঘৰাঘৰি হওঁ৷
আবেলি ৩-চ্ছ্ৰ মান বজাত হোমেন বৰগোহাঞিয়ে হেঙেৰাবাৰীৰ হাউছিং কলনিৰ ঘৰটোৰ পৰা খোজ কাঢ়িবলৈ ওলাই আহে৷ তেখেতে গণেশগুৰিলৈকে আহে আৰু গণেশগুৰিত শাক, বিস্কুট আদি বজাৰ কৰি পুনৰ ঘৰমুৱা হয়৷ ইতিমধ্যে হোমেন বৰগোহাঞিৰ লগত আমাৰ ঘনিষ্ঠতা বাঢ়িছিল আৰু মই, ললিত গগৈয়ে প্ৰায়ে গণেশগুৰিৰ পৰা তেখেতক ঘৰলৈকে সংগ দিওঁ৷ তেখেতৰ হাউছিঙৰ ঘৰটোত প্ৰায়ে বাতৰি কাকত, আলোচনী, ৰাজনীতিৰ কথা পাতিছিলোঁ৷
গুৱাহাটীত চলিবলৈ অৰ্থৰ প্ৰয়োজন হোৱাত কথাটো হোমেন বৰগোহাঞিক কৈছিলোঁ৷ ১৯৯৩ চনত ‘অসম বাণী’ত যোগ দিয়াৰ পাছত মোক নিয়মীয়াকৈ লিখাৰ কথা কৈছিল৷ তেখেত সম্পাদক হৈ থকা পাঁচবছৰে মই ‘অসম বাণী’ৰ প্ৰতিটো সংখ্যাত কেতিয়াবা এটা, কেতিয়াবা দুটা পৰ্যন্ত লিখিছিলো৷ ইয়াৰ বাবদ তেখেতে এটা ভাল মাননী ধৰি দিছিল৷ ‘অসম বাণী’ৰ তদানীন্তন সহ সম্পাদক গৰ্গ বৰ্মনে মোক মাননীখিনি দিছিল৷ হোমেন বৰগোহাঞিৰ
সহায়কাৰী
ফকৰুদ্দিনে
প্ৰতি
সোমবাৰে
মোৰ
লেখা
ঘৰৰ
পৰা
লৈ
গৈছিল৷
‘অসম
বাণী’ত মই লিখা এটা বাতৰিৰ ওপৰত এবাৰ আদালতত এজন লোকে গোচৰ তৰিছিল৷
সেই
কাহিনী
আজি
নিলিখো৷
হোমেন বৰগোহাঞিয়ে মোক বিশ্বাস আৰু মৰম কৰাৰ এটা কাৰণ আছিল তেখেতৰ অতি ঘনিষ্ঠ ডাঃ লক্ষ্মী গোস্বামী তথা দীপ বাইদেউৰ ঘৰ আমাৰ তেজপুৰৰ ঘৰখনৰ ওচৰতে বুলিব পাৰি৷
হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত বিৰোধী নেতা প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে মোৰ ঘনিষ্ঠতা আছিল৷ মহন্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত ব্যক্তিগতভাব মই এটা অনুৰোধ কৰিছিলোঁ যে অসমৰ নিৰ্দিষ্ট সংখ্যক লেখক, সাংবাদিকৰ সৈতে যোগাযোগত থাকিব লাগে৷
এই
মৰ্মে
দুজনমানৰ
নামো
ক’লোঁ৷ এইসকলৰ ভিতৰত এজন আছিল হোমেন বৰগোহাঞি৷
তেতিয়া
হোমেন
বৰগোহাঞিৰ
হিতেশ্বৰ
শইকীয়াৰ
সৈতে
মধুৰ
সম্পৰ্ক৷
সূত্ৰধাৰ,
জনক্ৰান্তিৰ
সৈতে
জড়িত৷
এদিন
মহন্ত
হেঙেৰাবাৰীলৈ
গ’ল৷ তাৰ পাছত প্ৰায় মহন্ত হেঙেৰাবাৰীলৈ
গৈছিল৷
১৯৯৭ চনৰ মাৰ্চত হোমেন বৰগোহাঞিয়ে ‘অসম বাণী’ এৰিলে৷ ১৯৯৭ চনৰ ২৫ ফেব্ৰুৱাৰীত মহন্ত চৰকাৰে মোক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ পঠালে৷ মহন্ত চৰকাৰৰ বাক স্বাধীনতা হৰণ আৰু সাংবাদিক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ‘অগ্ৰদূত’ গোষ্ঠী, কনকসেন ডেকা ছাৰ আৰু অসমীয়া প্ৰতিদিনৰ তদানীন্তন সম্পাদক অজিত কুমাৰ ভূঞা ডাঙৰীয়াই সবল প্ৰতিবাদ কৰিছিল৷ মোৰে দুৰ্ভাগ্য যে মহন্ত চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন সাংবাদিকৰ সন্দৰ্ভত হোমেন বৰগোহাঞি নীৰৱে থাকিল৷
তেতিয়া দূৰদৰ্শনৰ বাহিৰে কোনো ইলেক্টªনিক প্ৰচাৰ মাধ্যম নাছিল৷ তথাপি অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক হিচাপে পৰিচিত তুলতুল বৰুৱাই মোৰ গ্ৰেপ্তাৰ প্ৰসংগ টেলিফোনত জনোৱাত তেখেত ডিব্ৰুগড়ত ডাঃ নিৰ্মল চাহেৱালাৰ ঘৰত আলহী হৈ থকাৰ বাবে একো কৰিব নোৱৰা বুলি জনাইছিল৷ অথচ তদানীন্তন মুখ্যমন্ত্ৰী মহন্ত আৰু হোমেন বৰগোহাঞিক ওচৰ চপাই নিয়াত এটা ভূমিকা ময়ো লৈছিলোঁ৷
আমি পাঠ্যক্ৰমত দুটা প্ৰজন্মৰ সংঘাতৰ ওপৰত লিখা গল্প ‘হাতী’ পঢ়ি অভিভূত হৈছিলোঁ৷ পৰৱৰ্তী সময়ত ‘হালধীয়া চৰাইয়ে বাওঁধান খায়’ পঢ়ি শোষণৰ বিৰুদ্ধে চলা যঁুজখনে আমাক যুজাৰু হ’বলৈ শিকাইছিল৷
এইটোও সত্য যে হিতেশ্বৰ শইকীয়াৰ ঘনিষ্ঠ হৈয়ো খানাপৰাত থকা ৰেচম নগৰৰ তিনিশ জোপা গছ কাটিবলৈ লোৱা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সম্পাদকীয় লিখাৰ লগতে ৰাজপথৰ আন্দোলনত চামিল হৈ বৃক্ষ ৰক্ষা কৰিছিল৷ ‘কেব’ৰ বিৰুদ্ধে দেশৰ প্ৰগতিশীল সাহিত্যিক সকলে প্ৰতিবাদ কৰি সাহিত্য অকাডেমি সন্মান ঘূৰাই দিয়াৰ সমদলটোত হোমেন বৰগোহাঞিয়ো চামিল হৈছিল৷
হোমেন বৰগোহাঞি ডাঙৰীয়াক আমাৰ দৰে স্বাভিমানী সাংবাদিক, লেখকসকলে ভাল পোৱাৰ কাৰণ আছিল তেখেতে চৰকাৰী মানুহ তথা মন্ত্ৰী আদি উপস্থিত থকা সভা-সমিতিলৈ যাবলৈ আগ্ৰহী নাছিল বুলি লিখিছে৷ কাৰণ, এই মানুহবোৰে সাহিত্য বুজি নাপায়৷ সাহিত্যৰ সভালৈ এওঁলোক যেতিয়া যায় লগত অনাৱশ্যকভাৱে এসোপামান মানুহো লৈ যায়৷ সভাৰ মাজতে এওঁলোক যেতিয়া গুচি আহে তেতিয়া সাংগোপাংগবোৰো লগতে ওলাই যায়৷ ফলত আধাতে সভাঘৰ উৰুঙা হয়৷ সভাৰ মৰ্যাদা
হানি
হয়
আৰু
সাহিত্যিকজন
একেবাৰে
গুৰুত্বহীন
হৈ
পৰে৷
যি
সময়ত
সাধাৰণ
একোজন
ৰাজনীতিকৰ
পাছত
সাংবাদিক,
সাহিত্যিকসকল
দৌৰি
ফুৰা
দেখিছোঁ,
সেই
সময়ত
বৰগোহাঞি
ডাঙৰীয়াই সাংবাদিকৰ গৰিমা বঢ়াইছিল এনেদৰে৷
হোমেন বৰগোহাঞি ডাঙৰীয়াক শেষবাৰ লগ পাইছিলোঁ দীঘলীপুখুৰীৰ পাৰত থকা এন চি পিৰ চোতালত ‘কা’বিৰোধী সংগ্ৰামত৷
কিছুদিন পূৰ্বে সাংস্কৃতিক কৰ্মী, লেখক গোপাল জালানক মোৰ উপন্যাস ‘চিয়াহীৰ ৰং’ সম্পৰ্কত বৰগোহাঞি ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল৷ মোৰ খবৰ লৈছিল জালানৰ পৰা৷
তথাপি সাংবাদিক হিচাপে হোমেন বৰগোহাঞি ডাঙৰীয়াক মই কীৰ্তিনাথ হাজৰিকাৰ স্থানত ৰাখিব পৰা নাই৷ ‘দৈনিক অসম’ৰ সম্পাদক হৈ থাকোঁতে প্ৰথমটো কাৰ্যকালত মুখ্যমন্ত্ৰী মহন্ত কীৰ্তিনাথ হাজৰিকাৰ ঘৰলৈ চিপাহী, চন্তৰী, অসংখ্য বিষয়াৰ সৈতে যাওঁতে হাজৰিকা মহোদয়ে আপত্তি কৰিছিল৷ অসংখ্য গাড়ী, পুলিচৰ সমদল, বিষয়াৰ পাইচাৰিয়ে চুবুৰীয়াৰ মৌলিক অধিকাৰ হৰণ কৰা বুলি কীৰ্তিনাথ হাজৰিকাই অনুভৱ কৰিছিল৷ যাৰ বাবে মুখ্যমন্ত্ৰী মহন্ত তেওঁৰ ঘৰলৈ গ’লে অকলে যাব, নোৱাৰিলে নালাগে আহিব বুলি চুবুৰীয়াৰ স্বাৰ্থত কীৰ্তিনাথ হাজৰিকাই কৈছিল যদিও বৰগোহাঞি ডাঙৰীয়া এই ক্ষেত্ৰত ব্যতিক্ৰম হ’ল/
এজন নিপুণ কথাশিল্পী হিচাপে হোমেন বৰগোহাঞিৰ নাম সাহিত্যৰ বিশাল আকাশখনৰ পৰা কোনেও মচিব নোৱাৰে৷ অসমীয়া ভাষাটো কিমান মিঠা, কিমান শক্তিশালী সেয়া হোমেন বৰগোহাঞিৰ সাহিত্যত প্ৰতিফলিত হৈছে৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]