

News ফট’গ্ৰাফী–অসমত বৰ্তমান এই ফট’ সাংবাদিকতা এক পেচা হিচাবে প্ৰতিষ্ঠিত হৈ পৰিছে৷ বিভিন্ন আন্তৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, ৰাজ্যিক Newspaper, ফট’ এজেঞ্চীত যথেষ্ট সংখ্যক কৰ্ম সংস্থাপন আছে আৰু লগতে আছে সা-সুবিধাৰ লগতে আকৰ্ষণীয় দৰমহা৷ কিন্তু ইয়াৰ বাবে লাগিব যথেষ্ট আধ্যয়ন, বুদ্ধিমত্তা, ফট’গ্ৰাফীৰ স্ক্ৰীণ লগতে নিজকে ফট’ সাংবাদিক হিচাবে প্ৰতিষ্ঠা কৰাৰ মানসিকতা৷ কিছু সংবাদ প্ৰতিষ্ঠানত কিছু সংখ্যক ফট’গ্ৰাফাৰ দেখা যায় যি সংবাদ প্ৰতিষ্ঠানৰ নিৰ্দেশত মেল, মিটিং ইত্যাদিলৈ যায় আৰু বিভিন্ন ঘটনাৰ ফট’গ্ৰাফী কৰে৷ কিন্তু প্ৰকৃত ফটো সংবাদিকৰ বাবে কেমেৰাটোৱেই হৈছে সাংবাদিকৰ কলমটো৷ তেওঁলোকে সাংবাদিকতা ধৰ্ম পালনেৰে কৰা News Photography য়ে একোখন দেশ, ৰাজ্যৰ ৰাজনৈতিক, সামাজিক পৰিৱেশ সলনি কৰি দিব পাৰে৷ নিজক সেই পৰ্য্যয়ৰ ফট’ সাংবাদিক হিচাবে গঢ়ি তুলিব পাৰিলে বিভিন্ন Media House ত চাকৰিৰ অভাব নোহোৱাৰ লগতে ফ্ৰি-লেঞ্চ হিচাবে কাম কৰিও একো একোখন আলোকচিত্ৰৰ পৰাও ভাল উপাৰ্জন কৰিব পাৰে৷
Shorts Photography ঃ অসমত বৰ্তমান Shorts Photography ৰ এক বেলেগ পেচা হিচাপে পৰিৱেশ গঢ়ি উঠা নাই৷ দুই এজনক বাদ দি গৰিষ্ঠ সংখ্যক Shorts Event তে ফট’ সংবাদিক সকলকে কাম কৰা দেখা নাই৷ কিন্তু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বিভিন্ন Shorts Events [যেনে বিশ্বকাপ, ICL, IPL] ইত্যাদিত বিশেষজ্ঞ Shorts ফট’গ্ৰাফাৰৰ প্ৰয়োজন হয়৷ এই ক্ৰীড়া Event সমূহত ফট’গ্ৰাফীৰ কাম লোৱা বিভিন্ন প্ৰতিষ্ঠানত ভাল দৰমহাৰে সংস্থাপনৰ ভাল সুযোগ আছে৷
Events Photography ঃ চৰকাৰী, বে-চৰকাৰীখণ্ডৰ উদ্যোগত অসমত বৰ্তমান যথেষ্ট Event অনুষ্ঠিত হয়৷ সঠিক ভাবে যদি যোগাযোগ আৰু নিজৰ জনসম্পৰ্ক ৰক্ষা কৰিব পৰা যায় এই Event Photography ও এক সুন্দৰ পেচা হ’ব পাৰে৷
Product Photography/Food Photography/ ই কমাৰ্চ Photography অসমত বৰ্তমান না না ধৰণৰ হোটেল ৰেষ্টুৰেণ্ট গঢ়ি উঠিছে৷ তেওঁলোকৰ বাবে তেওঁলোকৰ খাদ্য সমূহ বিভিন্ন মিডিয়া বা তেওঁলোকৰ বেভ চাইড বা চ’চিয়েল মিডিয়াত অকৰ্ষণীয় ৰূপত উপস্থাপন কৰাৰ প্ৰয়োজন৷ আনহাতে অসমৰ কিছু থলুৱা গহনা, কাপোৰ, ইত্যাদিৰ প্ৰচাৰ লগতে বৰ্তমান Flipkert, Snapdil, Amazon ইত্যাদি ই কমাৰ্চ চাইদত ফট’সমূহ সুন্দৰ উপস্থাপনৰ বাবে যথেষ্ট সংখ্যক বিশেষজ্ঞ ফট’গ্ৰাফাৰৰ প্ৰয়োজন৷ লগতে চৰকাৰী-বে-চৰকাৰী খণ্ডৰ পৰ্য্যটন উদ্যোগটো ঠণধৰি উঠাৰ বাবে, গ্ৰাহকৰ বাবে এইসমূহৰ আলোকচিত্ৰসমূহ সুন্দৰ, সৃষ্টিশীল ৰূপত উপস্থাপন হোৱাটো প্ৰয়োজনীয়৷ এই সমূহ খণ্ডটো বৰ্তমান ফট’গ্ৰাফীক পেচা হিচাপে লোৱাৰ ভাল সুযোগ সৃষ্টি হৈছে৷
ফেশ্বন ফট’গ্ৰাফী–ফট’গ্ৰাফীৰ জগতত ফেশ্বন ফট’গ্ৰাফী এক সুন্দৰ পেচা আৰু লগতে কলাৰো এক সাধনা৷ ফেশ্বন বুলিলে মানুহৰ দৈনন্দিন ব্যৱহৃত কাপোৰ, গহনা, Accessories, বাহন ইত্যাদিৰে এক সৃষ্টিশীল উপস্থাপন বুজাই যি এক নিৰ্দিষ্ট সময়ৰ এখন সমাজ জীৱনৰ প্ৰতিফলন৷ অসমত শুৱালকুছিৰ বাহিৰে বস্ত্ৰ খণ্ডৰ এক সংগঠিত ৰূপ দেখা নাযায়৷ হ’লেও বৰ্তমান এই বস্ত্ৰ উদ্যোগে অসমত এক গতি লাভ কৰাৰ বাবে বৰ্তমান বহুত ডিজাইনাৰৰ সৃষ্টি হৈছে আৰু ফেশ্বন ফট’গ্ৰাফাৰ সকলৰ সুযোগ সুবিধা বাঢ়িছে৷ ফেশ্বন ফট’গ্ৰাফাৰ সকলে বিভিন্ন বিভাগত কামৰ সুযোগ পায়৷ [ৰ] ফেশ্বন জগতৰ ডিজাইনাৰক আৰু মডেল সকলৰ লগত লগতে মডেল সকলে নিজক উপস্থাপন কৰা পৰ্টফলিঅ’ত [২] চিনেমা বা অভিনয় জগতৰ বাবে প্ৰয়োজন হোৱা পষ্টাৰ আদিকে ধৰি বিভিন্ন কাৰ্য্যৰ বাবে৷ [৩] বিভিন্ন প্ৰডাক্ট, গহনা, চাহপাত, নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ, মডেল লৈ বা নলৈ কৰা ফট’গ্ৰাফী৷ ইয়াত যিসমূহ ফট’গ্ৰাফী, ফেশ্বন মুখ্য হৈ থাকে ইয়াক ফেশ্বন ফট’গ্ৰাফী আৰু যি সমূহত ফেশ্বন গৌন হৈ পৰে [যেনে–অভিনয় জগতৰ প্ৰতি কৰা ফট’গ্ৰাফী] ইয়াক গ্লেমাৰ ফট’গ্ৰাফী আখ্যা দিব পাৰি৷ কিন্তু কোনোবা পাৰ্ক বা নৈৰ পাৰত ল’ৰা এটাক বা ছোৱালী এজনীক মডেল নাম দি পাছফাল ব্লাৰ কৰি কৰা ফট’গ্ৰাফীক ফেশ্বন ফট’গ্ৰাফী আখ্যা দিব নোৱাৰি৷ প্ৰকৃত ফেশ্বন ফট’গ্ৰাফী এক উদ্দেশ্য লৈ কৰা হয়, য’ত বহুত ব্যৱসায়িক কথাও নিহিত থাকে৷ ফেশ্বন ফট’গ্ৰাফী বিভিন্ন মাধ্যমৰ [যেনে–কাপোৰ, গহনা, জোতা, বেগ] ইত্যাদিৰ বাবে কৰা হয়৷ মাত্ৰ চ’চিয়েল মিডিয়াৰ লাইক আৰু Publish ৰ বাবে কৰা ফট’গ্ৰাফীক প্ৰকৃত ফেশ্বন ফট’গ্ৰাফী আখ্যা দিব পৰা নাযায়, আনহাতে ফেশ্বন শ্ব’সমূহো উপাৰ্জনৰ উৎস হ’ব পাৰে৷ কিন্তু অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা ফেশ্বন শ্ব’ বুলি কোৱা ত্তব্জ. আৰু Miss অমুক তমুক বুলি খিতাপ দিয়া প্ৰতিযোগিতাসমূহ প্ৰকৃততে ফেশ্বন শ্ব’ নহয়৷ এইসমূহ সৌন্দৰ্য্য প্ৰতিযোগিতাহে৷ নজনা সকলক ফেশ্বনৰ নাম দি বিপথে পৰিচালিত কৰা কাৰবাৰ৷ প্ৰকৃত ফেশ্বন শ্ব’ত এটা ৰেম্প থাকে মানুহৰ মাজলৈ সোমাই যোৱা য’ত দৰ্শকে ডিজাইনাৰে কৰা ডিজাইন সমূহ ওচৰৰ পৰা চাব পাৰে৷ কিন্তু সৌন্দৰ্য্য প্ৰতিযোগিতাত বিচাৰক থাকে তেওঁলোকে প্ৰশ্ন সোধে আৰু প্ৰতিযোগীৰ বাহ্যিক আৰু আভ্যন্তৰীণ সৌন্দৰ্য্য, জ্ঞান, বুদ্ধিমত্তাৰ বিচাৰ কৰে৷
ৱে’ডিং [বিবাহ] ফট’গ্ৰাফী–বৰ্তমান ফট’গ্ৰাফী জগতত আটাইতকৈ জীৱিকাৰ নিশ্চিত থকা আৰু যথেষ্ট ঈৰ্ষণীয় উপাৰ্জন কৰিব পৰাৰ সুবিধা থকা ফট’গ্ৰাফীৰ বিভাগটোৱেই হৈছে বিবাহ ফট’গ্ৰাফী৷ আগৰ দিনত ৰেডি ৰ, ২, ৩ বুলি মানুহক থিয় কৰাই ফট’গ্ৰাফী কৰাৰ দিনৰ পৰা বৰ্তমান মানুহে গম নোপোৱাকৈ ছবি তোলা Candid Photography ৰ দিনলৈ পৰিৱৰ্তন হৈছে৷ আজিৰ বিশ্বত বিবাহ Photography ৰ কৌশল হৈছে৷ নিউজ, ফেশ্বন, Candid আৰু Creativity ৰ সংমিশ্ৰ৷ বৰ্তমান অসমত ই এক উদ্যোগ হৈ পৰিছে য’ত সহজে প্ৰতিষ্ঠিত হ’ব পাৰি৷
