নাৰী আৰু সৌন্দৰ্য্য যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ প্ৰকৃতিৰ অৱদান নাৰীৰ সৌন্দৰ্য্যত আৰু সোণত সুৱগা চৰে, যেতিয়া এগৰাকী নাৰীয়ে নিজক যতন লৈ লাস্যময়ী কৰি ৰাখে৷ সৌন্দৰ্য্যৰ যতন বুলি ক’লে কেৱল মুখমণ্ডলৰেই নহয়, হাত ভৰি যতন লোৱাটোও বৰ দৰকাৰী৷ দেখা যায় যে সাধাৰণতে আমাৰ নাৰীসকলে ঘৰুৱা বিভিন্ন লেঠাৰ বাবে যেনে–সঘনে বাচন-বৰ্তন, কাপোৰ ধোৱাৰ বাবে বিশেষকৈ আমাৰ হাতখন খুবেই খহটা হৈ থাকে৷ ঠিক সেইদৰে ঘৰুৱা কামৰ ব্যস্ততা বা এলাহৰ বাবে নাৰীসকলৰ আন এটা সমস্যা অৰ্থাৎ ভৰি ফটাৰ সমস্যাই দেখা দিয়ে৷ যাৰ ফলত ভৰি দুখন দেখাত এলাগী হৈ পৰে৷ এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ আমি তলত দিয়া ধৰণে ঘৰুৱা পদ্ধতিৰে হাত-ভৰিৰ যতন ল’লে নি(য় সুফল পাব পাৰিম৷
ৰয প্ৰথমে এটা গামলাত কুহুমীয়া পানী লৈ সেই পানীখিনিত এফাল নেমু চেপি লগতে ঘৰত থকা যিকোনো ফুলৰ পাহি [যেনে গোলাপ, নাৰ্জী, খৰিকাজাঁই] দুপাহমান সেই পানীত দি হাতখন অলপ সময়ৰ বাবে ডুবাই ৰাখক৷
২য তাৰ পাছত এটা বাতিত অলপ মচুৰ দাইলৰ গুড়ি, মৌ আধা চামুচ, নেমু এচামুচ, দুচামুচ দৈ লৈ গোটেইখিনি ভালদৰে মিশ্ৰণ কৰি এটা প্ৰলেপ বনাই ল’ব৷ তাৰ পাছত হাত দুখনত লাহে লাহে তল ওপৰ কৰি মালিচ কৰিব পাঁচ মিনিট মানৰ বাবে৷ ঠিক সেইদৰে অলপ সময় ৰখাৰ পাছত আপোনালোকে হাত দুখন ধুই দিব৷
৩য তাৰ পাছত এখন শুকান কাপোৰেৰে হাত দুখন মচি অলপ নাৰিকল তেল লগাই হাত দুখন দুই মিনিট মালিচ কৰিব৷ দেখিব আপোনাৰ হাত দুখন আগতকৈ মসৃন হৈ পৰিব৷
ঠিক সেইদৰে ভৰি দুখনতো যতন যদি আমি তলত দিয়াৰ ধৰনেৰে লওঁ নি(য় আমি সুফল পাম৷
ৰয প্ৰথমে এটা গামলাত কুহুমীয়া পানী লৈ সেই পানীত নেমু এফাল, নিমখ অলপ, এপেকেট চেম্পু লৈ পানীখিনিত সকলো মিশ্ৰণ কৰি ভৰি দুখন দহ মিনিট সময়ৰ বাবে ডুবাই ৰাখিব৷
২য তাৰ পাছত এডাল পুৰণি দাঁত ঘহা ব্ৰাছেৰে ভৰিৰ নখৰ লগতে ভৰি ফটা অংশবোৰত লাহে লাহে ঘঁহি দিব৷
৩য তাৰ পাছত এফাল নেমুত কেইটামান চেনী লৈ ভৰি দুটাত তেতিয়ালৈকে ঘঁহিব যেতিয়ালৈকে চেনীখিনি গলি শেষ হৈ নাযায়৷
চ্ছ্ৰয তাৰ পাছত পুনৰ পৰিষ্কাৰ পানীৰে ভৰি দুখন ধুই এখন শুকান কাপোৰেৰে মচি অলপ অলিভ অইল বা নাৰিকল তেলেৰে মালিচ কৰিব৷
প্ৰিয় সখীসকল আপোনালোকে এইদৰে ঘৰুৱা ভাবে নিজৰ হাত ভৰি কেইটা যতন লৈ চাবচোন৷ নি(য় সুফল পাব৷