by Arup Kakoti
গৰিষ্ঠ সংখ্যক মানুহৰে কি হৈছে, কিতাপ, আলোচনী একেবাৰে নপঢ়ে৷ গাড়ীত, ৰে’লত যাওঁতে, ডাক্তৰৰ বাবে অপেক্ষা কৰাৰ সময়ত খুব কম মানুহকে [শিক্ষিত চামৰ কথা কৈছো] কিতাপ-আলোচনী পঢ়াৰ আগ্ৰহ বা পঢ়ি থকা দেখা যায়৷ পুথিভঁৰাল বিলাকতো মানুহৰ সংখ্যা সেৰেঙা৷ আজিৰ ম’বাইল কেন্দ্ৰিক ব্যস্ততাৰ মাজত কেৱল ম’বাইলতে ব্যস্ত নাথাকি মাজে সময়ে আলোচনী, কিতাপো কিনি পঢ়িব লাগে৷ এনেয়ে থম থমকৈ বহি থাকিব, আবোল-তাবোল কথা পাতি থাকিব তথাপি কিতাপ-আলোচনী নপঢ়ে৷ প্ৰকাশ, সাতসৰী, গৰীয়সী, বিস্ময়, প্ৰান্তিক জাতীয় সাহিত্য তথা বাৰ্তালোচনীৰ চাৰ্কুলেশ্যন [পাঠক-পাঠিকা] অসমৰ উচ্ছ শিক্ষিত জনসংখ্যাৰ তুলনাত যথেষ্ট কম৷ প্ৰকাশৰ এটা যুগ পাৰ কৰা ‘সখী’, ‘নন্দিনী’ৰ দৰে প্ৰতিষ্ঠিত আলোচনীৰো চাৰ্কুলেচ্যন আশাব্যঞ্জক নহয়৷ বিস্ময়, ৰহস্য জাতীয় মনোৰঞ্জন তথা তথ্যধৰ্মী জনপ্ৰিয় আলোচনীৰো পাঠক-পাঠিকা কমিছে৷ কিতাপ-আলোচনীতো দূৰৰে কথা বাতৰিকাকত পঢ়া লোকৰ সংখ্যাই কমিছে৷
বৰষুণ দি থাকোঁতে বন্ধৰ দিনত, এনেয়ে বহি থাকোঁতে খিৰিকী খুলি লৈ ভাল- কিতাপ-আলোচনী এখন পঢ়াৰ যিটো আমেজ, তুলনাবিহীন৷ যিয়ে এই আমেজ অনুভৱ কৰিব পাৰিছে সিয়ে জানে৷ নিশা শোৱাৰ আগতে নিৰিবিলি সময়ত বিচনাত কিতাপ-আলোচনী পঢ়িবলৈ মজা৷ বা ৰাতিপুৱা সোনকালে সাৰ পালে নিৰিবিলি সময়ত বিচনাত কিতাপ-আলোচনী পঢ়িবলৈ ভাল৷ আধাঘণ্টা বা এঘণ্টা হ’লেও পঢ়িব লাগে৷ কিতাপ-আলোচনীয়ে যিটো জ্ঞান, চিন্তা, সচেতনতা বা জীৱনৰ বা জগতৰ এনে এটা নজনা বিষয়ৰ সন্ধান দিয়ে যিটো আপুনি ভবাই নাছিল৷ গল্প, উপন্যাস বা প্ৰবন্ধৰ কিতাপ এখনে যি আনন্দ দিয়ে সেয়া ম’বাইলে দিব নোৱাৰে৷ ম’বাইলত তথ্যহে পায়৷ আপোনাক, আপোনাৰ ল’ৰা-ছোৱালীক ম’ৰেলিটী শিকাব নোৱাৰে৷ বেলেগ ধৰণৰ আনন্দ দিব নোৱাৰে৷ লেখকৰ জ্ঞান, চিন্তা সাধাৰণ মানুহতকৈ বহুত ওপৰত তাৰ পৰা আপুনি কিবা অলপ ভাল চিন্তা পাব৷ ইমান কষ্ট কৰি সাহিত্যিক-মনীষীসকলে বেদ, উপনিষদ, গীতা, বাইবেল, কোৰাণ, ৰামায়ণ, মহাভাৰত, ইলিয়াদ, ওডিছী লিখিছে৷ সেইবোৰৰ লগতে দেশ-বিদেশৰ, আমাৰ ৰাজ্যত লেখকসকলে লিখা কালজয়ী গল্প-উপন্যাস, কবিতা, প্ৰবন্ধ বা অনুবাদ গ্ৰন্থ বা বিভিন্ন আলোচনী পঢ়ি.ব লাগে৷
জাপান, আমেৰিকা, ইউৰোপৰ দেশসমূহ আমাতকৈ ধনী, আধুনিক, অতি ব্যস্ত৷ তথাপি সময় উলিয়াই গ্ৰন্থ পঢ়ে৷ সেইকাৰণে তাত আজিও কিতাপ বেষ্টচেলাৰ হয়, কিতাপ লিখি লেখক ধনী হয়৷ সেইবোৰ দেশত লিখাতো জীৱিকা হয়৷ সেইবোৰ দেশৰ সাহিত্যিকে নোবেল বঁটা বেছিকৈ পায়৷
আহক, আমি কিতাপ, আলোচনী পঢ়ো৷ মাতৃভাষাক জীয়াই ৰাখো৷ লেখকসকলক প্ৰেৰণা দিও৷ কাৰণ তেওঁলোক আমাতকৈ ওপৰত৷ তেওঁলোক আমাতকৈ গৰীব হ’ব পাৰে কিন্তু চিন্তা, জ্ঞানত চহকী৷


নিস্বাৰ্থভাবে বাল্মিকী, হোমাৰ, কালিদাস, শংকৰদেৱ, মাধৱ কন্দলী, ছেক্সপীয়েৰ, চক্ৰেটিছ, টলষ্টয়, ডষ্টয়ভস্কী, ডােKI×, বাট্ৰাণ্ড ৰাছেল, ৰোমা ৰোঁলা, আইনষ্টাইন, ষ্টীফেন হকিং, প্ৰেমচান্দ, গান্ধী, ৰবীন্দ্ৰনাথ, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰদাসৰ দৰে মনীষী, চিন্তাবিদ-সাহিত্যিকে যদি কিতাপ নিলিখিলেহেঁতেন, আপুনি, মই, আপোনাৰ ল’ৰা-ছোৱালীয়ে কি পঢ়ি জীৱিকা আৰ্জনৰ বাবে ডিগ্ৰী, জ্ঞান ল’লোহেঁতেন৷ সেইকাৰণে কিতাপ-আলোচনী পঢ়ি কিতাপক জীয়াই ৰাখিব লাগিব, ম’বাইল, ইণ্টাৰনেট, টিভি আৰু চাকৰি, ব্যৱসায়, কামৰ ব্যস্ততাৰ মাজতো৷ নহ’লে কিতাপ জীয়াই নাথাকিলে আপোনাৰ নাতি-পুতিয়ে কি পঢ়ি ভাল নাগৰিক হ’ব?