মুক্তি পালে ‘‘হেকাৰ’’ (অৰূপ কাকতি) – Purbodix.com

মুক্তি পালে ‘‘হেকাৰ’’ (অৰূপ কাকতি)

মুক্তি পালে ‘‘আৰ. জি’’ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত বহু অপেক্ষিত ৱেব-চিৰিজ ‘‘হেকাৰ’’ৰ ট্ৰেইলাৰ৷ ট্ৰেইলাৰটি উপভোগ কৰিলেই আপোনাসৱে গম পাব যে, চিৰিজখনি কিমান অগতানুগতিক হ’ব পাৰে৷ ইয়াৰ পূৰ্বেও আমি ৱেব-চিৰিজখনিৰ সন্দৰ্ভত বহুতো কথা পাতিছো৷ শেহতীয়াকৈ ট্ৰেইলাৰটি মুক্তি লাভ কৰাৰ পাছৰে পৰা চিৰিজখনিক লৈ অধিক উৎসাহী হৈ পৰিছে প্ৰতিজন মনোৰঞ্জণ প্ৰেমী দৰ্শক৷ অৱশ্যে, ‘হেকাৰ’ৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনাৰ দায়িত্বত থকা ঋতু গোস্বামীৰ সৈতেও মই অৰূপ কাকতিয়ে এই সন্দৰ্ভত পাতিছিলো কিছু কথা৷ থ্ৰীলাৰৰ উপৰিও অসমীয়া দৰ্শকে ৱেব-চিৰিজখনিত আৰু বহুতো নতুন নতুন কিছুমান দিশ এইবাৰ উপভোগ কৰিবলৈ পাব৷ তদুপৰি চিৰিজখনিৰ সংক্ৰান্তত প্ৰত্যেকজন অভিনেতা তথা কলা-কুশলীৰে বহুতো কষ্টৰাজি নিহিত হৈ আছে বুলি গোস্বামীয়ে আমাক জানিবলৈ দিয়ে৷ লগতে গোস্বামীয়ে আৰু কয় যে, ‘‘আমি সকলোৱে চিৰিজখনৰ সংগীত, শব্দ, আদিবোৰক আপডেট কৰিবলৈ যথেষ্ট চেষ্টা কৰিছো৷ পোষ্ট-প্ৰডাকচনতো আমি আপডেট বস্তুসমূহেই ব্যৱহাৰ কৰিছো য’ত, অসমীয়া দৰ্শকে আপডেট বিষয় এটা উপভোগ কৰিবলৈ পাব৷’’
ৱেব-চিৰিজখনিৰ কাহিনী, সংলাপ আৰু পাণ্ডুলিপিৰ দায়িত্বত আছে ঋতু গোস্বামী৷ লগতে, দৃশ্যগ্ৰহণ কৰিছে অৰ্ণব, জিণ্টু আৰু মানৱজ্যোতি শইকীয়াই৷ ৱেব-চিৰিজখনিৰ বিভিন্ন চৰিত্ৰত ৰূপায়ণ কৰিছে অৰ্ণৱ, জিণ্টু, নিশান, কণিকাকে আদি কৰি নৱ প্ৰজন্মৰ বহুকেইগৰাকী যুৱক-যুৱতীয়ে৷ অহা জুন মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰতেই ‘আৰ. জি’ প্ৰডাকচন ইউটিউব চেনেলটিৰ মাধ্যমেৰে ৱেব-চিৰিজখনি মুকলি কৰা হ’ব বুলি ঋতু গোস্বামীয়ে আমাক জানিবলৈ দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *