by Arup Kakoti
এফালে বিশ্ব আতংক কৰ’ণাৰ মহামাৰীৰ ভয়াবহতা আৰু আনফালে ৰঙালীৰ উখল-মাখল বতৰতে অসম বাসীলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিলে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান, বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক অসম সন্তান বিশ্বজিত বৰাৰ ‘বেলকনিত ভগৱান’ [God on the Belcony]য়ে৷ ইতিমধ্যে মুক্তিৰ পূৰ্বেই প্ৰায় কুৰিখনতকৈয়ো অধিক চলচ্ছিত্ৰ মহোৎসৱত ছবিখনে আমন্ত্ৰণ লাভ কৰিছে আৰু এতিয়ালৈকে কেইবাখনো চলচ্ছিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈ শ্ৰেষ্ঠত্ব অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ লগতে পৰিচালক বিশ্বজিত বৰালৈও আহিছে শ্ৰেষ্ঠ পৰিচালকৰ বিৰল সন্মান৷ ই অসম বাসীৰ বাবে অতিকে আনন্দৰ খবৰ৷

বিশ্বজিত বৰা৷ অসমীয়া চলচ্ছিত্ৰ প্ৰেমীৰ বাবে অতিকে এটি চিনাকি নাম৷ বৰ্তমানৰ অসমীয়া চলচ্ছিত্ৰৰ নৱ প্ৰজন্মৰ সৃষ্টিশীল তথা অনুভৱী পৰিচালক সকলৰ মাজৰে এজন৷ সৰুৰে পৰা নাটক আৰু অভিনয় বলিয়া, সুন্দৰৰ আৰাধনাকে জীৱনৰ ব্ৰত হিচাবে লোৱা সপোন বিলাসী বিশ্বজিত নামৰ এই যুৱকজনে আমি জনাত শয়নে-সপোনে মাথো চিনেমাৰ কথাই চিন্তা কৰিছিল৷ সৰুৰে পৰাই চিনেমা শিল্পৰ প্ৰতি আকৃষ্ট হৈ দুই এখন অসমীয়া ছবিত অভিনয় শিল্পী হিচাপে ভূমুকি মাৰি চলচ্ছিত্ৰ জগতখনত কিবা এটা কৰাৰ অদম্য হেপাহেৰে সুদূৰ মুম্বাইলৈ ধাপলি মেলে৷ তাত কঠোৰ সংগ্ৰাম কৰি চলচ্ছিত্ৰ নিৰ্মাণ আৰু পৰিচালনা সম্পৰ্কে শিক্ষা লয়৷ সেই সময়চোৱাতে অসমৰ স্বনামধন্য চলচিত্ৰ পৰিচালক জাট্ৰু বৰুৱাকে প্ৰমুখ্য কৰি হিন্দী চলচ্ছিত্ৰ কেইবা গৰাকীও বিশিষ্ট পৰিচালকৰ সান্নিধ্য লাভ কৰি সম্পূৰ্ণৰূপে চলচিত্ৰ শিল্পৰ বিষয়ে জানি-বুজি লয়৷ বিভিন্নজন যশস্বী পৰিচালকৰ লগত সহকাৰী হিচাপে কাম কৰাৰ পাছত বিশ্বজিত বৰাই ‘‘এইচা য়ে জাহাঁ’’ শীৰ্ষক এখন হিন্দী চলচিত্ৰ প্ৰথম স্বাধীনভাবে পৰিচালনা কৰে৷ যিখন ছবিত হিন্দী চলচ্ছিত্ৰৰ কেইবা গৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ লগতে অসমৰো কেইবা গৰাকীও জনপ্ৰিয় শিল্পীয়ে অভিনয় কৰে৷ ছবিখন সাংঘাতিক ধৰণে বাণিজ্যিক ভাবে সফল নহ’লেও বিশ্বজিত বৰাৰ সু-পৰিচালনা আৰু সূক্ষ্ম সূক্ষ্ম চলচিত্ৰৰ সম্পৰ্কে থকা জ্ঞান দৰ্শক তথা সমালোচকৰ দৃষ্টি গোচৰ হয়৷ সকলোৱে ধাৰণা কৰে যে এই সম্ভাৱনাময় পৰিচালকজনৰ হাতৰ পৰশত অনাগত দিনত চিনে শিল্পই প্ৰাণ পাই উঠিব৷ দৰ্শকৰ সমালোচকৰ তেওঁৰ প্ৰতি থকা এই বিশ্বাস আৰু আস্থাক সম্পূৰ্ৰূপে সন্মান জনাই বিশ্বজিত বৰাই ‘‘বহ্নিমান’’ আৰু ‘‘ৰক্তবীজ’’ শীৰ্ষক দুখন বাণিজ্যিক সফল চলচ্ছিত্ৰ নিৰ্মাণ কৰে, যি দুখন ছবিয়ে অসমীয়া চলচ্ছিত্ৰত এক নতুন জোৱাৰ আনিবলৈ সক্ষম হয়৷ তাৰ মাজতে তেওঁ সকলো শ্ৰেণীৰ দৰ্শক আৰু চিত্ৰ সমালোচক সকলক সন্তুষ্ট কৰিব পৰাকৈ ‘‘ফেহুঁজালি’’ নামৰ এখন সুস্থ ৰুচিৰ মননশীল ছবি নিৰ্মাণ কৰে৷ য’ত বিশ্বজিত বৰাৰ পৰিচালনাৰ পৰিপক্কতাই দৰ্শক সমালোচক উভয়কে সন্তুষ্ট কৰিবলৈ সক্ষম হয়৷ যিখন ছবিয়ে কেইবাটাও ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ অসমলৈ সন্মান বুটলি আনিছিল৷
শিল্পীৰ কাম হ’ল শিল্প সৃষ্টি কৰা৷ গতানুগতিকতাৰ বাহিৰত সদাই নতুন বিষয় বস্তুৰে দৰ্শকক নতুনত্ব দিব বিচাৰে সৃষ্টিশীল পৰিচালকসকলে৷ সদায় নতুনত্বৰ সন্ধানত থকা অনুভৱী মনৰ সমাজ সচেতন পৰিচালক বিশ্বজিত বৰাৰ নৱতম সৃষ্টিয়েই হ’ল ‘বেলকনিত ভগৱান’ [God on the Belcony] নিজা কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে নিৰ্মাণ কৰা এই ছবিখনে নাম ঘোষণাৰ দিন ধৰিয়েই চৰ্চাত আছিল৷ চৰ্চিত এই ছবিখন মুক্তিৰ প্ৰতিক্ষাত আছে যদিও ইতিমধ্যে ছবিখনে বিশ্বৰ কেইবাখনো আগশাৰীৰ চলচ্ছিত্ৰ মহোৎসবলৈ নিমন্ত্ৰণ লাভ কৰাৰ লগতে কেইবাখনো হ’ল মহোৎসৱত প্ৰদৰ্শিত হৈ অসমলৈ বিৰল সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ মাইনা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা ছবিখন প্ৰযোজনা কৰিছে ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানীত ‘‘ৰজত কমল’’ বঁটা বিজয়ী প্ৰযোজক তথা সাংস্কৃতিক কৰ্মী নুৰুল চুলতানে৷ ইয়াৰ আগতে এইজনা প্ৰযোজকৰ দ্বাৰা নিৰ্মাণ হোৱা ছবি ‘‘জেতুকা পাতৰ দৰে’’ ছবিখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ‘‘ৰজত কমল’’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷
পৰিচালক বিশ্বজিত বৰাৰ জানিব পৰা মতে উৰিষ্যাৰ দানা মাজি নামৰ এগৰাকী ব্যক্তিৰ বাস্তৱ জীৱনত ঘটা এক জলন্ত সমস্যাৰ আলমতে ছবিখনৰ চিত্ৰ নাট্য ৰচনা কৰা হৈছে৷ এটি সঁচা কাহিনীৰ আলমত নিৰ্মাণ কৰি ছবিখনত আজি একবিংশ শতিকাৰ তথ্য প্ৰযুক্তিৰ যুগতো কি দৰে এখন পিছপৰা গাঁৱৰ মানুহে, আজি স্বাধীনতাৰ ইমান বছৰৰ পাছতো গাঁওখনত থকা একমাত্ৰ নদীখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ নোহোৱাত ভগা বাঁহৰ দলঙৰ ওপৰেৰে অতি কষ্টকৰভাবে জীৱন অতিবাহিত কৰিছে তাক সুন্দৰকৈ দেখুৱাইছে৷ এই ভগা বাঁহৰ দলঙখনেই তেওঁলোকৰ যাতায়তৰ একমাত্ৰ সম্বল৷ সেই গাঁৱৰ অভাৱ-অনাটনে জৰুলা কৰা খগেন দাস নামৰ এজন লোক আৰু তেওঁৰ সৰু পৰিয়ালটোৰ কাহিনীয়েই হৈছে ছবিখনৰ মূল উপজীব্য৷ লগতে ছবিখনত হাতী-মানুহৰ সংঘাতো দেখুৱা হৈছে৷ হাতীয়ে উপদ্ৰৱ কৰি আঘাত প্ৰাপ্ত কৰা খগেন দাসৰ পত্নীক,খগেন দাসে ভগা দলঙৰ ওপৰেদি চাইকেলত বান্ধি হস্পিটাললৈ নি পত্নীৰ জীৱন বচাব পাৰিলেনে…?? এনে বহুত প্ৰশ্নৰ উত্তৰ বিচাৰি পাব ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমালোচকৰ দ্বাৰা বিশেষভাৱে সমাদৃত হোৱা ‘‘বেলকনিত ভগৱান [God on the Belcony]’’ ছবিখনত৷

ছবিখনৰ মুখ্য তিনিটা অভিনয় কৰিছে কেইবাখনো হিন্দী ছবিৰ সফল অভিনেতা তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হৰিশ খান্নাই৷ আন দুটা মুখ্য চৰিত্ৰৰ অভিনয় কৰিছে বলিষ্ঠ অভিনেত্ৰী তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক প্ৰণামী বৰা আৰু পৰিনাধি জিমা চুলতানে৷ ছবিখনৰ অন্যান্য শিল্পীসকল হ’ল অৰুণ হাজৰিকা, দীনেশ দাস, ৰাজীৱ ক্ৰ, কৃষিমন্ত্ৰী অতুল বৰা, শোণিত বৰা, সাংবাদিকদ্বয় ইভা মহন্ত আৰু ৰাজদ্বীপ বাইলুং, পবিত্ৰ বৰুৱা, গৌৰী ভূঞা, যতীন খনিকৰ, আলোক বৰুৱা, সুব্ৰত পৰাশৰ, ৰঞ্জন শৰ্মা, মনোৱাৰা চুলতানা, সুনীল শইকীয়া আদিয়ে৷ ছবিখন সম্পাদনা কৰিছে পৰিচালকে নিজে৷ চিত্ৰ গ্ৰহণ চিতাংসু খামাৰী [মুম্বাই] মুখ্য সহকাৰী পৰিচালক, প্ৰণাম দেশাই, সহযোগী পৰিচালকদ্বয় সুহাসিনী বৰা আৰু প্ৰজ্ঞা নাভ বৰাৰ৷ স্থিৰ চিত্ৰ পল্লৱ মহন্তৰ, ৰূপ সজ্জা আকাশ গগৈ, সাজ-সজ্জা লোপামুদ্ৰা গগৈ, কলা নিৰ্দেশনা জয়ন্ত জিন ফুকন৷ শব্দ গ্ৰহণ জ্যোতি চেতিয়াৰ৷ আৰু কালাৰ কাৰেকচন সুজিত বৰাৰ৷ আবহ সংগীত বিশাল ক্ষেত্ৰীৰ [মুম্বাই], ছবিখনৰ মুখ্য প্ৰযোজনা নিয়ন্ত্ৰক হিচাবে আছে অসমী শইকীয়া৷ সহযোগী কুমুদ বৰা৷
এই প্ৰতিবেদন যুগুত কৰি থকাৰ সময়তো ছবিখন বিশ্বৰ বিভিন্ন চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ আছে৷ ইতিমধ্যে আমি পোৱা খবৰ অনুসৰি ছবিখেনে কলিকতা, পূনে, বাৰ্লিন, বুছান, ৰাজস্থান, কেৰেলা ইটালী আদি আন্তৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰিও স্পেইনৰ মাদ্ৰিদ, ঢাকা, কানাডা, নিউইযৰ্ক আদি আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱতো প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে৷
অলপতে অনুষ্ঠিত হৈ যোৱা চ্ছ সংখ্যক কলিকতা ইণ্টাৰনেচনেল ফ্লিম ফেষ্টিভেলত প্ৰদৰ্শিত হৈ ছবিখনে পৰিচালক বিশ্বজিত বৰালৈ ‘‘গল্ডেন ৰয়েল বেংগল টাইগাৰ’’ শীৰ্ষক শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰে অসমলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ আনহাতে ২৪ মাৰ্চত ৰাজস্থানৰ যোধপুৰত অনুষ্ঠিত হৈ যোৱা সপ্তম সংখ্যক ৰাজস্থান ইণ্টাৰনেচনেল ফ্লিম ফেষ্টিভেলত প্ৰদৰ্শিত হৈ দৰ্শক সমালোচকৰ ভূয়শী প্ৰশংসা আদায় কৰাৰ লগতে ছবিখনে ভাৰতীয় আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰিও ইটালীৰ বিছুৰিয়াত অনুষ্ঠিত হৈ যোৱা ইণ্টাৰনেচনেল ফ্লিম ফেষ্টিভেলত ছবিখন প্ৰদৰ্শিত হৈ প্ৰসংশিত হোৱাৰ লগতে পৰিচালক বিশ্বজিত বৰাই পুনৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ বিশ্ব বিভিন্ন চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ থকা ছবিখনে দৰ্শক সমালোচকক এক সুস্থ ৰুচিবোধৰ লগতে এক নতুনত্ব দিবলৈ সক্ষম হৈছে বুলি প্ৰযোজক নুৰুল চুলতান আৰু পৰিচালক বিশ্বজিত বৰাই জানিবলৈ দিয়ে৷ লগতে সকলো ঠিকে থাকিলে অহা শাৰদীয় বতৰতে ছবিখন অসমৰ চিত্ৰগৃহত মুক্তি লাভ কৰিব বুলি জানিবলৈ দিয়ে৷ আমিও আশা প্ৰকাশ কৰিছোঁ, ছবিখন প্ৰদৰ্শিত হ’ব লগা বাকী চলচ্ছিত্ৰ মহোৎসৱ সমূহতো সুনাম অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনক৷ লগতে চিত্ৰ গৃহত মুক্তি লাভ কৰি দৰ্শকৰ মন জয় কৰি অসমীয়া চলচ্ছিত্ৰ জগতত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হওঁক৷