মমতা (মূল– ত্ৰিপুৰনেলি গোপীচাঁদ, অনুবাদ– বন্দনা বৰঠাকুৰ) – Purbodix.com

মমতা (মূল– ত্ৰিপুৰনেলি গোপীচাঁদ, অনুবাদ– বন্দনা বৰঠাকুৰ)

লাঠিদালত ভৰ দি মামা জোগায়য়াই পুখুৰীৰ পাৰত থকা জামু গছৰ কাষ পালেহি আৰু তলতে বহি পৰিল৷ ৰ’দৰ প্ৰকোপ বৰ বেছি৷ জোগায়াই চকুৰ ওপৰত হাতখন দি নিজৰ খেতি দৰালৈ চালে৷ খেতিৰ কাষৰ বাঁহ গছবোৰ তেওঁৰ চিনাকি৷ গছবোৰ জোগায়াৰ লগতে ডাঙৰ হৈছে৷ এবাৰ হালৰ বাবে বাঁহৰ দৰকাৰ হওঁতে তাৰ পৰাই দুডাল কাটিছিল৷ আজিও সেই পিনে চকু পৰিলে বৰ খালী যেন লাগে৷ ভাব হয় নিজ হাতে ডাঙৰ কৰা দুটা ল’ৰা যেন নাইকীয়া হ’ল৷ এটা হুমুনিয়াহ সৰি পৰিল৷ জোগায়াই পাগুৰীটো খুলিলে আৰু গছৰ তলত শুই পৰিল৷ তেওঁৰ তিনিটা ল’ৰা আৰু দুজনী ছোৱালী৷ ডাঙৰ ল’ৰা নৰমইয়াই খেতি পথাৰলৈ থাকে৷ দ্বিতীয়জনে কাপোৰৰ দোকান দি ৰোজগাৰ কৰে৷ ভেংকট সুকাইয়া সৰু সি ইংৰাজী পঢ়িছেহে মাত্ৰ৷ আটাইকেইটাই বাপেকক বৰ ভাল পায়৷ জোগায়াইও সিহঁতক বহুত ভাল পায়৷ কিন্তু পথাৰখনত সকলোতকৈ বেছি ভাল পায়৷ লাগিলে ল’ৰা-ছোৱালীকেইটাক নেদেখাকৈ এদিন থাকিব কিন্তু পথাৰ নেদেখাকৈ নহয় জোগায়াৰ ইচ্ছা তেওঁৰ ল’ৰা-ছোৱালীয়ে খেতিৰ কাম কৰক৷ তেওঁৰ ধাৰণা খেতি কৰিলেহে সিহঁতৰ জীৱন সাৰ্থক হ’ব৷ মাজু ল’ৰাৰ ওপৰত জোগায়া অলপ নাৰাজ৷ কথাই কথাই কয় মোৰ ল’ৰাটো ভালেই আছিল বোৱাৰীৰ কথা শুনিহে সি বেয়া হ’ল৷ জোগায়াৰ এশ একৰ মাটি আছিল৷ নিজে যথেষ্ট কষ্ট কৰিহে মাটি বঢ়াইছিল৷ তেওঁৰ বাবে মাটিতকৈ আপোন কোনো নাছিল৷ মাটি-বাৰী, খেতি দেখা শুনা কৰাৰ আনন্দ একোৰে লগত তুলনা নহৈছিল৷ খেতি ভাল হোৱাৰ বাবে যথেষ্ট কষ্ট কৰিছিল৷ নিজৰ প্ৰাণ হাতত লৈও ওচৰ-পাজৰৰ মাটিৰ বান্ধ ভাঙি নিজৰ পথাৰলৈ পানী আনিছিল৷ কোনোবাই যদি দেখি কিবা ক’বলৈ যায় তেতিয়া জোগায়াই হাতত এডাল মোটা লাঠি লৈ ইমান চিঞৰ বাখৰ কৰে যে কোনোৱে ওচৰ চপাৰ সাহস নকৰে৷ গোটেই গাঁও ভয়ত থৰহৰি কঁপে৷ শুকান পথাৰত যেতিয়া পানীৰে পূৰ্ণ হয় তেতিয়া জোগায়াৰ মনটো আনন্দৰে ভৰি পৰে৷ ল’ৰা-ছোৱালী কেইটাই জোগায়াক কয়, ‘‘বাবা আমি এতিয়া ডাঙৰ হৈছো তুমি পথাৰত ইমান কষ্ট কৰিব নালাগে৷ অলপ আৰাম কৰা ভগবানক চিন্তা কৰা৷’’ জোগায়াই একো নকয়, মনে মনে ভাবে ‘‘ইহঁত এতিয়াও সৰু হৈ আছে৷ মোৰ যে খেতি কৰাত কিমান আনন্দ সিহঁতে কি বুজিব?’’ প্ৰায় এমাহেই হ’ল জোগায়াৰৰ পত্নীৰ অসুখ৷ লাহে লাহে তাইৰ অৱস্থা বেয়াৰ পিনে যাবলৈ ধৰিলে৷ ১০ দিনমান চিঞৰিয়ে আছে বেমাৰত৷ জোগায়াৰৰ কোনে খবৰ নাই৷ ঘৰৰ কোনোবাই যদি এই লৈ কিবা কয় তেতিয়া সি মাত্ৰ কয় বেমাৰ মানুহৰ নহ’লে কাৰ হ’ব?
খেতি কৰাৰ সময় আহিল৷ ব্যস্ততাৰ অন্ত নাইকীয়া হ’ল জোগায়াৰৰ৷ ইমান সোনকালে যে পত্নীৰ বেমাৰ বেছি হ’ব জোগায়াৰে ভাও নাছিল৷ পুতেকে ক’লে, ‘‘বাবা তুমি মাৰ লগত থাকা৷ আমি খেতিৰ কাম চাম৷’’ ডাঙৰ পুতেকে কাতৰ ভাবে ক’লে৷ কিন্তু ক’লে কি হ’ব? জোগায়া ঘৰত শান্তিৰে থাকিব নোৱাৰে৷ এনেই পানীৰ বহুত সমস্যা৷ কোনে জানে যদি কোনোবাই পানী আহিবলৈ নিদিয়ে? কি হ’ব তেতিয়া? ডাঙৰ পুতেক বৰ শান্ত যদিও প্ৰতিটো ক্ষেত্ৰতে হুচিয়াৰ৷ কোনোবাই টানকৈ ক’লে গুচি আহে৷ যদি সমস্ত খেতিত পানী দিয়া নহয় তেনেহ’লে খেতি কৰি একো লাভ নাই৷ জোগায়াই এইবোৰ কথা জানে৷ সেয়েহে সাতযপাঁচ ভাবি জোগায়াই গাঁৱৰ বৈদ্যক মাতি আনিলে৷ চাৰিটা টেবলেট আৰু অলপ পানী পত্নীক খুৱাই ক’লে অলপ চকু জপাই শুই থাকা টোপনী আহিলে ভাল পাবা৷ এনেদৰে কৈ জোগায়া পথাৰলৈ ওলাল৷ গাঁৱৰ বাহিৰত থকা তেতেলী গছ জোপাৰ কাষ পাওতেই এজন মানুহে জোগায়াৰক খবৰ দিলে যে তেওঁৰ ডাঙৰ ল’ৰাটোক বেলেগ খেতিৰ মানুহে কৰ্ণা আৰু লাঠি লৈ মাৰিবলৈ আহিছে৷ কিন্তু তেওঁৰ পুতেকে একো কোৱা নাই৷ খবৰ পাইয়ে জোগায়া লৰালৰিকৈ পথাৰলৈ গ’ল৷
খেতি পাইয়েই খালৰ বান্ধ ভাঙিলে৷ হু হুকৈ পথাৰত পানী সোমাই আহিল৷ যিবোৰ মানুহে পুতেকক মাৰিবলৈ আহিছিল সিহঁতে মনে মনে চাই থাকিল৷ একোৱে কৰিব নোৱাৰিলে৷ জোগায়াই পানীলৈ চাই থাকিল যেন একো ক’ব নোৱাৰে তেওঁ৷ আছন্ন হৈ থাকলি জোগায়া৷ মাৰ এতিয়া কেনেকুৱা বাবা? পুতেক নৰসইয়ে জোগায়াক সুধিলে৷ সেই একেই আছে কষ্ট অকনমান কমিছে নে? অলপ কমিছে চাগে৷ ঠিক আছে মই তেনেহ’লে ঘৰলৈ যাওঁ৷ পুতেকৰ কথা শুনি জোগায়াই ক’লে পথাৰত সম্পূৰ্ণ পকী নোহোৱাকৈ কেনেকৈ যাবি? যিহ’লেও কিন্তু ঘৰততো কোনো নাই বাবা৷ হঠাৎ যদি কিবা হয় কি হ’ব? জোগায়াই ক’লে, ‘‘ঠিক আছে তই যা মই থাকিম৷’’ বাপেক যে নাযায় পুতেকে ভালকৈয়ে জানে৷ এই ধৰণৰ কথাবোৰ পুতেকে একেবাৰেই ভাল নাপায়৷ কিন্তু উপায়টো নাই৷ নৰসইয়াই ঘৰলৈ বুলি খোজ দিলে৷ কাউৰীটোৱে বৰকৈ চিঞৰি আছে৷ জোগায়াৰ মন গোন্ধালে৷ সি ঘৰলৈ যাবলৈ ওলাল৷ ঘৈনীয়েক যে বেছি সময় নাবাচে সেইয়া গম পাইছে জোগায়াই৷ কিন্তু পথাৰৰ এফালে পানী সোমাবলৈ ৰখীয়েই আছে৷ কি কৰা যায় এতিয়া? অলপ পিছতে পানী ভৰিল৷ ঘৰলৈ বুলি দৌৰ মাৰিলে জোগায়া৷ ঘৰলৈ গৈ দেখিলে ঘৈণীয়েকৰ যোৱা থোৱা অৱস্থা৷ কিন্তু এই মূমুৰ্ষ অৱস্থাতো ঘৈণীয়েক অকল সংসাৰৰ কথাই কৈ আছে৷
মাৰ এতিয়া কেনেকুৱা বাবা? পুতেক নৰসইয়ে জোগায়াক সুধিলে৷ সেই একেই আছে কষ্ট অকনমান কমিছে নে? অলপ কমিছে চাগে৷ ঠিক আছে মই তেনেহ’লে ঘৰলৈ যাওঁ৷ পুতেকৰ কথা শুনি জোগায়াই ক’লে পথাৰত সম্পূৰ্ণ পকী নোহোৱাকৈ কেনেকৈ যাবি? যিহ’লেও কিন্তু ঘৰততো কোনো নাই বাবা৷ হঠাৎ যদি কিবা হয় কি হ’ব? জোগায়াই ক’লে, ‘‘ঠিক আছে তই যা মই থাকিম৷’’ বাপেক যে নাযায় পুতেকে ভালকৈয়ে জানে৷ এই ধৰণৰ কথাবোৰ পুতেকে একেবাৰেই ভাল নাপায়৷ কিন্তু উপায়টো নাই৷ নৰসইয়াই ঘৰলৈ বুলি খোজ দিলে৷ কাউৰীটোৱে বৰকৈ চিঞৰি আছে৷ জোগায়াৰ মন গোন্ধালে৷ সি ঘৰলৈ যাবলৈ ওলাল৷ ঘৈনীয়েক যে বেছি সময় নাবাচে সেইয়া গম পাইছে জোগায়াই৷ কিন্তু পথাৰৰ এফালে পানী সোমাবলৈ ৰখীয়েই আছে৷ কি কৰা যায় এতিয়া? অলপ পিছতে পানী ভৰিল৷ ঘৰলৈ বুলি দৌৰ মাৰিলে জোগায়া৷ ঘৰলৈ গৈ দেখিলে ঘৈণীয়েকৰ যোৱা থোৱা অৱস্থা৷ কিন্তু এই মূমুৰ্ষ অৱস্থাতো ঘৈণীয়েক অকল সংসাৰৰ কথাই কৈ আছে৷ চোটুৰ বিয়াৰ বাবে তোমাক কিমান কৈ আছিলো কিন্তু মোৰ কথা গুৰুত্বই নিদিলা৷ জোগায়াৰ কাষত অভিযোগ কৰিলে৷ সৰু বোৱাৰীয়ে তেওঁৰ কথা নুশুনেই৷ ইমান এন্দুৰ হৈছে কাৰোবাক কৈ এন্দুৰৰ গাঁতবোৰ বন্ধ কৰোৱা৷ যাতে এন্দুৰ ওলাব নোৱাৰে৷ আকৌ হঠাৎ ধোবাই কাপোৰত মাৰ দিব নাজানে৷ মাজে মাজে মাখন বনোৱাৰ বাবে উঠি বহিব খোজে৷ চিঞৰি কয় ডাঙৰ বোৱাৰীয়ে মাখন বনাব নাজানে৷ দৈত আধা মাখন লাগি থাকে৷ তাইৰ এটাই চিন্তা, তাই মৰিলে সংসাৰখন কি হ’ব? জোগায়াই পত্নীক সান্তনা দিয়ে এইবোৰ কথা ভাবি এতিয়া কি হব? এতিয়া তুমি আৰামকে কৰা৷ কিন্তু স্বামীৰ কথা তাইৰ কাণলৈ নাযায় তাৰ আগতেই স্বামীৰ হাতখন ধৰিয়েই শেষ নিশ্বাস ত্যাগ কৰিলে জোগায়াৰ পত্নীয়ে৷ আজি ঠিক এমাহ হৈছে জোগায়াৰ পত্নী ঢুকুৱাৰ৷ পত্নীৰ স্বাস্থ্যৰ প্ৰতি চকু দিবলৈ সময় নহল জোগায়াৰ৷ নিজৰ জীৱনক বিপন্ন কৰি যি খেতি কৰিছিল তাৰ আজি ফচল হৈছে৷ পথাৰত কাম কৰা মানুহবোৰে কাম কৰি আছে৷ ল’ৰা-ছোৱালীবোৰে মনৰ আনন্দত গান গাইছে৷ জোগায়া জামু গছৰ তলত বহিল৷ তাৰ এতিয়া আগৰ দৰে মনৰ জোৰ নাই৷ মৰিবৰ সময়তো পত্নীয়ে সংসাৰ সংসাৰ কৰিয়ে গ’ল৷ আজিও জোগায়াই পাহৰা নাই সেইবোৰ কথা৷ যি আগতেই বুজি পাইছিল পত্নী নাবাচিব বুলি৷ কিন্তু মৰাৰ আগতে ইমান কথা কিয় কৈছিল? এইবোৰ কথা কাৰো কামত নাহে৷ সকলো এদিন যাবই লাগিব৷ জোগায়াৰ আজিও মনত ভাব হয় যেন পত্নী শুই উঠিব আকৌ কামত লাগিব৷ খেতি পথাৰৰ পৰা আনন্দৰ গান ভাহি আহিব৷ জোগায়াই এবাৰ চাৰিও ফালে ভালকৈ চালে৷ কিছুদিনৰ আগতে জোগায়াৰ নাতিনী আহিছিল পথাৰলৈ৷ জোগায়াক সুধিছিল ককা আমাৰ পথাৰৰ সীমা ক’ত? জোগায়াই গৰ্বৰে ক’লে সন্মুখলৈ চোৱা যিমান দূৰলৈ চকু যায় সকলো আমাৰ বুজিলা৷ এশ একৰ মাটি৷ সমুদ্ৰৰ পৰা যেনেদৰে দেখা নাযায় তেনেকৈ জোগায়াৰ মাটিৰ পাৰও দেখা নাযায়৷ নাতিনীক মাটি দেখুওৱাতে জোগায়াৰ মনটো আনন্দৰে ভৰি পৰিছিল৷ গৰু বিক্ৰী কৰিবলৈ সি প্ৰথমত এইখন গাঁৱলৈ আহিছিল৷ যিখন ঘৰত সি বলদ গৰু হাল বিক্ৰী কৰিছিল পিছলৈ সেইখন ঘৰৰে জোঁৱাই হৈছিল৷ বিয়াৰ পিছত মাত্ৰ কেইদিন মানৰ বাবেহে জোগায়া শহুৰেকৰ ঘৰত আছিল৷ তাৰ ব্যৱহাৰত বৰ সুখী হৈছিল শহুৰেক শাহুৱেক আৰু তাৰ বাবেই সিহঁতে জোগায়ক ঘৰ জোঁৱাই কৰিছিল৷ পৰিশ্ৰমী জোগায়াই বৰ কঠোৰ পৰিশ্ৰম কৰিছিল৷ যাৰ বাবে মাত্ৰ প্ত একৰ মাটি থকা শহুৰেকৰ প্ৰায় ১০ একৰ মাটি কৰিলে জোগায়াই৷ মৃত্যুৰ সময়ত শহুৰেকে কৈছিল জোগায়া তোমাক আমি আশ্ৰয় দিছিলো কিন্তু তুমি আমাৰ সন্মান ৰাখিলা৷ এই কথা শুনি জোগায়াৰ উপলব্ধি হ’ল যে সঁচাই তাৰ পৰিশ্ৰম সফল হ’ল৷ শহুৰেকে দেখি গ’ল জোগায়াৰ কৰ্মদক্ষতা৷ অলপ অলপ কৈ মাটি বঢ়াই বঢ়াই যি আনন্দ তেতিয়া পাইছিল এতিয়া সেই আনন্দ নাই৷ এতিয়া কেৱল সদায় খেতি চাবলৈ যোৱা কাম কৰা মানুহক নিৰ্দেশ দিয়াই তেওঁৰ কাম হৈ পৰিছে৷ সেই কাৰণে এতিয়া ইমান আনন্দ নাই কেৱল অভ্যাসৰ দৰেহে কাম কৰে এতিয়া৷ জোগায়াই আজি আহি জামু গছৰ তলত বহি বহিলহি৷ গছৰ পাতৰ মাজেৰে ৰ’দ আহি জোগায়াৰাৰ গাত পৰিছেহি৷ চকুত ৰ’দ পৰাত লৰালৰিকৈ উঠি বহিল জোগায়া৷ দেখিলে কাম কৰা মানুহবোৰ নাই৷ সিহঁতে অলপ দূৰত খাবলৈ বহিছে৷ কিছুমানে খাই আছে কিছুমানে মাটিত শুই আছে৷ জোগায়াই দেখি চিঞৰি উঠিল৷ উঠ উঠ কামত লাগিব লাগে৷ সিহঁতে মুখৰ ভিতৰতে ভোৰভোৰালে ইমান বয়স হৈছে তথাপি এতিয়াও কামৰ বাবে পাগল৷ সিহঁতে হাঁহি হাঁহি ক’লে বাবুজী এই মাত্ৰহে খাবলৈ বহিছো৷ তাৰ পাছত খোৱা শেষ কৰি সকলো পথাৰলৈ গ’ল৷ জোগায়াই এবাৰ পথাৰলৈ চালে দুপৰীয়া জামু গছ জোপাৰ তলত বহি সিও আহাৰ খায়৷ তাৰ নাতিনীয়ে তালৈ খোৱা বস্তু লৈ আহে৷ আজিও দেখা পালে নাতিনীয়েকক৷ আকাশত আজি মেঘ আছে, হয়তো বৰষুণ হ’ব পাৰে৷ নিজে তিতিলে একো নহয় কিন্তু নাতিনীজনী তিতিলেহে বেয়া হ’ব৷ এতিয়া যদি জোৰত বৰষুণ আহে তেনেহ’লে কঠাল গছৰ তলৰ সেই চালি দিয়া ঘৰটোত আশ্ৰয় ল’ব লাগিব৷ চালি ঘৰটো আিজৰ নহয়৷ জোগায়াই মাটি কিনিছিল তেতিয়াৰে৷ কিমান ধুমুহা, বতাহ, বৰষুণ, ৰ’দ গ’ল তথাপিও চালিখন একেই আছে৷ ককা এইয়া লোৱা তোমাৰ খানা৷ নাতিনীয়েকে টিফিন বাটিবোৰৰ ঢাকনি গুচাই দিলে৷ জোগায়াই ভাল পোৱা গোগুৰৰ চাটনিও আছিল৷ [গোগুৰ একপ্ৰকাৰ শাক] এই চাটনি দেখি জোগায়াৰ মুখলৈ পানী আহিল৷ বগা চাউলৰ ভাতৰ সুগন্ধ৷ নাতিনীয়েকে ক’লে ককা তুমি খাই থাকা মই এবাৰ পথাৰৰ পৰা আহো৷ কৈয়ে তাই নৰ’ল৷ জোগায়া লাহে লাহে থিয় হ’ল৷ কাপোৰ কানি জোকাৰি অলপ পৰিস্কাৰ কৰি ল’লে৷ পাগুৰিটো পিন্ধি লাঠিত ভৰ দি পুখুৰীটোলৈ গ’ল৷ মুখ-হাত ধুই পুনৰ গছৰ তলত বহি খাবলৈ ল’লে৷ আমৰ আচাৰ চুপিলে৷ একেই সোৱাদ৷ জোগায়াই চাই থাকিল মানুহবোৰে কাম কৰিছে৷ নাতিনীয়েও পথাৰৰ কাষত বহি কাম কৰা চাই আছে৷ কাম কৰা মানুহবোৰে তাইক চোট মেমচাহাব বুলি কয়৷ তাই পিন্ধি থকা ঘাগৰাটো হাতেৰে ধৰি ককাকৰ ফালে উভতিল৷ তাই যাবলৈ ধৰোতেই দেউতাকক দেখিলে৷ বাপেকে তাইক সুধিলে এই ধুনীয়া ঘাগৰাটো পিন্ধি কিয় পথাৰলৈ আহিছে? তাই ক’লে ককায়ে ভাল পায় সেইকাৰণে মোক পিন্ধি আহিবলৈ কৈছিল৷ মোক ঘাগৰা পিন্ধিলে কেনেকুৱা লাগে ককাই চাব বিচাৰিছিল৷ ঃ আটছা ককাই তোমাক দেখিলে নে? ঃ তাই হাঁহি ক’লে ককাই খাই আছে৷ ককাই পাহৰিয়ে গৈছে৷ ঃ ককা ক’ত আছে এতিয়া? ঃ সেই জামু গছৰ তলত৷ বাপেক জীয়েক জামু গছৰ ওচৰলৈ যাব ধৰিলে৷ কলা মেঘে আৱৰি ধৰিলে বৰষুণ আহিব সোনকালে৷ বাপেকে এই বয়সত খেতিৰ কাম কৰা পুতেকে ভাল নাপায়৷ পথাৰত খোৱা দিবলৈ অহাটো একেবাৰে বেয়া পায়৷ পুতেক নৰাসইয়া গাঁৱৰ পঞ্চায়ত বৰ্ড’ৰ সভাপতি৷ নিজৰ পদমৰ্যাদা লৈ থাকিবলৈ বিচাৰে৷ কিন্তু এইবোৰ ভাবি একো লাভ নাই৷ বাপেকে এই কথা কেতিয়াও নুশুনে ক’লে ক’ব মই পথাৰত খালে তোৰ সন্মান যাব নেকি? হঠাৎ মেঘে গৰজি উছিল, বিজুলী মাৰিলে৷ বৰষুণ টোপাল পৰিল৷ বৰষুণৰ পানী জিভাত পৰিবলৈ নৰসইয়াই জিভাখন মেলি দিলে৷ নৰসইয়াই জামুগছৰ ওচৰলৈ খৰকৈ গ’ল৷ সি দেখিলে বাপেকে তেতিয়াও গছৰ হেলাম দি বহি আছে৷ লাঠি আৰু পাগুৰি কাষত থোৱা আছে৷ চকু জপাই যেন কিবা ভাবিহে আছে৷ চিন্তা থাকক বা নাথাকক চিন্তা কৰি থাকিবই সেইটো বাপেকৰ বহুদিনৰ অভ্যাস৷ হাতৰ মুঠিত কিবা যেন লৈ আছে জোগায়াই৷ কি বা আছে হাতত? মাটি নে ফুল? শুকাই যোৱা যেন লাগিছে৷ নহয় নহয় হাতত এইয়া ফুল নহয় মাটি হে ভিজা মাটি৷ সি দেউতাকক মাতিলে বাবা বাবা৷ কিন্তু জোগায়াই একো উত্তৰ নিদিলে৷ আকৌ মাতিলে জোৰকৈ বাবা, বাবা, বাবা৷ বৰ লাহেকৈ জোগায়াই সুধিলে কি? হঠাৎ হাতৰ মুঠিৰ পৰা মাটি পৰি গ’ল আৰু জোগায়া ঢলি পৰিল৷ হাতৰ মুঠিত লাগি ৰ’ল মাটিৰ চিন৷ যি মাটি তাৰ প্ৰাণৰো আপোন আছিল৷ পুনৰ মাতিলে পুতেকে বাবা, বাবা৷ নাই এইবাৰ কোনা উত্তৰ নাহিল….৷

Leave a Reply

Your email address will not be published. Required fields are marked *