কবিতা ৰচনাৰে ৰেকৰ্ড গঢ়া চান্দনীকা চৌধুৰী (অৰূপ কাকতি) – Purbodix.com

কবিতা ৰচনাৰে ৰেকৰ্ড গঢ়া চান্দনীকা চৌধুৰী (অৰূপ কাকতি)

বয়স মাত্ৰ ১৩ বছৰ ৩ মাহ৷ অষ্টম শ্ৰেণীৰ ছাত্ৰী, কিন্তু কৈশোৰ কালৰ টুকুৰা-টুকুৰ শব্দৰে প্ৰকাশ কৰা অনুভৱবোৰে কিশোৰীগৰাকীক কম বয়সতে কেইবাটাও উচ্ছমানৰ ৰেকৰ্ডৰ অধিকাৰী কৰি তুলিছে৷ ৭০ দিন ধৰি একেৰাহে ৭০ টা কবিতা ৰচনা কৰি প্ৰকাশ কৰাৰ বাবে অসম বুক অব ৰেকৰ্ডচত আৰু ৮০ দিন ধৰি ৮০ টা কবিতা ৰচনা আৰু প্ৰকাশেৰে বেংগল বুক অব ৰেকৰ্ডচত নিজৰ নাম অন্তভূৰ্ক্ত কৰিবলৈ সক্ষম হোৱা কিশোৰীগৰাকীয়েই হ’ল চান্দনীকা চৌধুৰী৷ NPত্ৰ ইণ্টাৰনেচনেল স্কুলৰ ছাত্ৰী চান্দনীকা অসমৰ কবি সমাজৰ এগৰাকী উল্লেখযোগ্য কিশোৰী কবি–যিগৰাকীয়ে ১২৫ দিনত ১২৫ টা কবিতা ৰচনা আৰু প্ৰকাশ কৰি ৱল্ডৰ্ ৰেকৰ্ডচ্ ইন ইনক্ৰেডিবল বুক অব ৰেকৰ্ডচ্ আৰু ব্ৰাড’ ইণ্টাৰনেচনেল বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডচত নিজৰ নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হৈছে৷
চান্দনীকাৰ স্বৰচিত কবিতা বিভিন্ন ধৰণৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় বাতৰি কাকত আৰু অনলাইন পয়েট্ৰি ফ’ৰামত প্ৰকাশ পাইছে৷ তদুপৰি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পয়েটেচ ফ’ৰামৰো তেওঁ কনিষ্ঠ সদস্য৷ লকডাউনৰ সময়ছোৱাত চান্দনীকাই বিভিন্ন ধৰণৰ অনলাইন ৰচনা প্ৰতিযোগিতা, ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ ৰচনাৰ বাবে পুৰস্কৃত হয়৷ লগতে ইউনেস্ক’, নতুন দিল্লীয়ে আয়োজন কৰা ‘পেন অনলাইন এছে কনটেষ্ট ২০২০’ ত সমগ্ৰ দেশৰ ভিতৰত ১০০ খন ৰচনাৰ মাজত শ্ৰেষ্ঠ ৰচনা হিচাপে চান্দনীকাৰ ৰচনাখন নিৰ্বাচিত হোৱাটো গৌৰৱৰ কথা৷ উল্লেখযোগ্য যে ইয়াত কিশোৰীগৰাকীয়েই আছিল অসমৰ একমাত্ৰ ছাত্ৰী৷ ইয়াৰোপৰি চান্দনীকা বিহু আৰু সত্ৰীয়া নৃত্যশিল্পী আৰু এগৰাকী বাস্কেটবল খেলুৱৈ হিচাপেও সুনাম অৰ্জন কৰিছে৷ উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে চান্দনীকাই ‘ৰয়েল এফেয়াৰ ৰিকগনাইজেচন এৱাৰ্ড চিজন-২’ ত [বিজু ফুকন ৰিকগনাইজেচন এৱাৰ্ড ২০২০] এচপেয়াৰিং পয়েটেচ হিচাপে সন্মান লাভ কৰে৷ প্ৰসিদ্ধ লেখক আৰু সাংবাদিক পাদাম অৰূপ কুমাৰ দত্তই [Padam Arup Kব্জ. Dutta] উন্মোচন কৰা ‘ভিউ অব ভিউৱাৰ্চ’ৰ প্ৰথম সংস্কৰণত দ্য ৱষ্টৰ্ ড্ৰিম নামৰ চুটিগল্প প্ৰকাশ পোৱা চান্দনীকা অসমৰ সৰ্বকনিষ্ঠ লেখিকা৷

Leave a Reply

Your email address will not be published. Required fields are marked *