সপোন ভঙাৰ খেল নেখেলিবা (মামণি মহন্ত) – Purbodix.com

সপোন ভঙাৰ খেল নেখেলিবা (মামণি মহন্ত)

দুচকুত সেউজীয়া সপোন লৈ উৰিব বিচাৰো,
নীলিম আকাশৰ বুকুত৷
সুগন্ধি বিলাব বিচাৰো
ফুলি উঠা ফুল পাহিৰ দৰে,
পোহৰ বিলাব বিচাৰো
আন্ধাৰত উৰি ফুৰা
জোনাকীৰ দৰে৷
কিমান আনন্দত আত্মহাৰা হ’লে
সেন্দুৰ আৰু মুখৰ ৰং একাকাৰ হয় নাজানো,
সেই ৰঙেৰে উজ্বল হ’বলৈ বিচাৰো৷
গছৰ পাতৰ ফাঁকেৰে অহা
পুৱাৰ ৰ’দৰ জিলিঙনিৰ দৰেই
জিলিকি ববিচাৰো,
পলাশৰ ৰাঙলী আভাৰে আলোকিত
হ’বলৈ বিচাৰো৷
ম’ৰহা সপোনৰ দুখত
দুচকুৰ নিৰ্লজ্জ চকুৰ পানীৰে
দুগাল তিয়াবলৈ
নিবিচাৰোঁ……..
সপোন ভঙাৰ খেল নেখেলিবা৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *