আহাৰ মাহ আৰn ষাঁঠৰ সম্পৰ্ক (অলকা মহন্ত বৰুৱা) – Purbodix.com

আহাৰ মাহ আৰn ষাঁঠৰ সম্পৰ্ক (অলকা মহন্ত বৰুৱা)

‘ব’হাগ মাহত গছৰ ডালত ফুলে কপৌফুল জেঠমহীয়া ৰ’দৰ তাপত শৰীৰ বিয়াকুল আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম শাওণমহীয়া বৰষুণত সাধু শুনাই কাম’ নাইবা– ‘অপৰূপ বাৰিষাৰ তৰংগ ৰাশিয়ে নাচে নৱ সৃষ্টিৰ গানে’ এই কবিতা দুফাকিত অসমৰ গ্ৰাম্য জীৱনৰ এক নিবিড় সম্পৰ্ক তথা চহা জীৱনৰ এখন সুন্দৰ ছবি ফুটি উঠিছে৷ আহাৰ মাহ মানেই অসমত খেতিৰ ভৰপক উঠাৰ বতৰ৷ ধানখেতি কৰাৰ এই দিনখিনিত অসমৰ কৃষিজীৱী লোকে কাহিলি পুৱাৰে পৰা সন্ধ্যা পৰ্যন্ত ব্যস্ত থাকে পথাৰত৷ এইখিনি সময় হ’ল খেতি পথাৰ চহাই কঠীয়া ৰুবৰ বাবে পথাৰৰ মাটি সাজু কৰাৰ সময়৷

ৰ’দৰ দুপৰীয়াৰ চমকত গাঁৱৰ বাট-পথত একাঁঠু বোকা, সেই বোকাময় পথেৰে কান্ধত নাঙলখন লৈ পুৱাই কৃষকৰ পথাৰলৈ যাত্ৰা৷ নিশাটো দোপাল পিটা বৰষুণৰ পিছত পুৱাই মাছৰ উজান৷ ৰাইজৰ কাৰোবাৰ হাতত জাল, কাৰোবাৰ হাতত বৰশীটো৷ কোনোবাই পুৱাই গৈ পথাৰৰ পৰা উঠাই আনিছে চেপাটো অথবা খোঁকাটো৷ হাতৰ খালৈটো তেতিয়া চেপা অথবা খোঁকাত লগা মাছেৰে ভৰ্তি৷ চেপা অথবা খোঁকাত লগা গৰৈ-চেঙেলী [চেং] ঘৰৰ কুঁৱা অথবা খালটোৰ কাষত বহি মহিলাসকল মাছ বছাত ব্যস্ত৷ পুঠি, খলিহনা, ডঁৰিকনা, মোৱা-বটিয়া মাছ৷ এয়া হ’ল আহাৰ মাহৰ একো একোখন নিভাঁজ ছবি৷ এনেধৰণৰ ছবি বহুতৰ বাবে এতিয়াহৈ পৰিছে এক প্ৰকাৰে নষ্টালজিয়া৷ কাৰণ অসমৰ গ্ৰামাঞ্চলতো এতিয়া আহাৰ মাহৰ সেই চিৰ পৰিচিত দৃশ্যবোৰ দেখিবলৈ নোহোৱা হৈছে৷ বহু গাঁৱত বোকাৰে পোত গৈ থকা পথ এতিয়াও আছে৷ কিন্তু সেই পথৰ ওপৰত এতিয়া আৰু আগৰ দৰে কৃষক ৰাইজক চলা-ফুৰা কৰা দেখা নাযায়৷ পথৰ বোকা গচকি কান্ধত নাঙল আৰু আগে আগে গৰু হাললৈ যোৱা কৃষক দেখা দৃশ্য এতিয়া দুৰ্লভ হ’ল৷
বৰষুণ আগৰ দৰেই হৈ আছে৷ সেই বৰষুণৰ পানীত আগৰ দৰে পথাৰ, খাল-বিল পানীৰে ভৰি পৰিছে৷ কিন্তু সেই পানীত এতিয়া মাছৰ উজান নুঠে৷ ক’ৰবাত মাছৰ উজান উঠিলেও এতিয়া আৰু মাছ ধৰিবলৈ মানুহ নাই৷ জাল, পল, জাকৈ-খালৈ, বৰশী, লাহনী আদি হৈ পৰিছে দুৰ্লভ সামগ্ৰী৷ এতিয়াৰ প্ৰজন্মই সেইবোৰ দেখা নাই৷ কল্পনা কৰক চোন, আহাৰ মাহৰ এটা ভৰ দুপৰীয়াৰ কথা পথাৰৰ কামৰ মাজতে ঘৰৰ পৰা গৈ পায় দুপৰীয়াৰ কলপচলাৰ সৈতে ভাত৷ পথাৰৰ কাম এৰি কৃষকজন পথৰ কাষৰ ডাঙৰ গছজোপাৰ ছাঁত বহি পথাৰৰ কাষৰ নদী অথবা জুৰিত ধুই অহা ভৰি, হাত আৰু মুখখন কান্ধৰ গামোচাখনেৰে মচে৷ চকু মেলিব নোৱৰা পৰিৱেশ৷ টিকা-ফটা, ভমক ভমক চকুত ছাট মাৰি ধৰা ৰ’দ৷ গছৰ ছাঁত বহি কান্ধৰ গামোচাখন হাতেৰে ঘূৰাই দেহত বা অথবা অকণ মান বতাহ লৈ কৃষকজনে পথৰ দাঁতিতে কলপচলা, বুট আৰু আলুৰ শুকান ভাজি, লগত এটুকুৰা ভোট-জলকীয়া আৰু অকণমান খৰিচাৰে পূৰ্ণভাতসাঁজ তৃপ্তিৰে খাই অকণমান সময় জিৰণি লৈ পুনৰ পথাৰলৈ গৈছে৷ কি যে এক নিভাঁজ সৰল পৰিৱেশ/
আহাৰ মাহৰ প্ৰথমছোৱাত সাধাৰণতে মাটি চহাই কঠীয়া ৰুবৰ বাবে সাজু কৰি মাজভাগৰ পৰাই বোকা ৰোৱা অথবা কঠীয়া ৰোৱা পৰ্ব আৰম্ভ হয়৷ সেই সময়লৈ জেঠত পৰা কঠীয়া ৰুবৰ বাবে সাজু হৈ উঠে৷ তাৰ পূৰ্বে পথাৰ চহোৱাৰ সমান্তৰাল ভাৱে পথাৰৰ আলি বোকাৰে নতুনকৈ বন্ধা কামো সম্পূৰ্ণ কৰা হয়৷ এই আহাৰ মাহৰ লগতেই ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আমতি চুৱা বা অম্বুবাচী জ্যোতিষ ¸শাস্ত্ৰ মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনি পাদ অতীত হ’লে চতুৰ্থ পাদ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয়৷ এই সময়খিনিকে অম্বুবাচী বা আমতি চুৱা বোলে৷ অম্বুবাচী এক লোকাচাৰ৷ সংস্কৃত শব্দ ‘অম্বু’ আৰু ‘বাচী’ শব্দ দুটাৰ পৰা ‘অম্বুবাচী’ শব্দটি গঠিত হৈছে বুলি পণ্ডিতসকলে ক’ব খোজে৷ অম্বুবাচী শব্দটিৰ ‘অম্বু’ শব্দটোৱে পানী আৰু ‘বাচী’ শব্দটোৱে প্ৰকাশ কৰা বুজায়৷ গ্ৰামাঞ্চলত বাস কৰা জনগণে সৰল বিশ্বাসত নানা নিয়ম – নীতিৰ মাজেৰে পৰম্পৰাগত ভাৱে অম্বুবাচী পালন কৰি আহিছে৷ জেঠৰ শেষৰ তিনি দিন আৰু আহাৰৰ প্ৰথম তিনি দিনক একেলগে ‘ষাঁঠ’ বুলি কোৱা হয়৷ অম্বুবাচীৰ লগত এই ষঁাঠৰ বিশেষ সম্পৰ্ক থাকে৷ সাধাৰণতে প্ৰতি বছৰে ছয় নতুবা সাত আহাৰৰ পৰা দহ নাইবা এঘাৰ আহাৰলৈ অম্বুবাচীৰ যুগ থাকে৷ অম্বুবাচী আৰম্ভ হ’বৰ দিনটোক ‘অম্বুবাচী প্ৰবৃত্তি’ আৰু শেষৰ দিনটোক ‘অম্বুবাচী নিবৃত্তি’ বোলে৷ পৃথিৱীখনক সাধাৰণতে মাতৃ জ্ঞান কৰা হয়৷ লোকবিশ্বাস মতে, অম্বুবাচীৰ সময়ত ধৰিত্ৰী ৰজঃস্বলা হয়৷ সেয়ে এই ধৰিত্ৰী ৰজঃস্বলা হোৱাৰ বাবে গঞাৰ কৃষি জীৱিলোক সকলে এই অম্বুবাচী নানা ধৰণে পালন কৰি আহিছে৷ আহাৰ মাহটো কৃষকসকলৰ বাবে বৰ গুৰুত্বপূৰ্ণ মাহ ৷ কৃষকসকলে এই মাহটোত পূৰ্বতে সিঁচি থোৱা কঠীয়াখিনি ৰুবলৈ পথাৰত মাটি সমূহ চহাবলৈ আৰম্ভ কৰে৷ ধৰিত্ৰী ঋতুমতী হোৱা বাবে কৃষক সকলে চাৰিদিন হালখটি কৰে৷ ধৰিত্ৰী অশুদ্ধি হৈ থাকে বুলি বিশ্বাস কৰিয়েই হিন্দু ধৰ্মাৱলম্বী লোক সকলে মাংগলিক কাম কৰাৰ পৰা বিৰত থকাৰ উপৰি মাটি খন্দা, ফল মূল ছিঙা কাৰ্যবোৰৰ পৰাও বিৰত থাকে ৷ বিশ্বপ্ৰসিদ্ধ শক্তিপীঠ কামাখ্যা মন্দিৰৰ পূজা-সেৱাও বন্ধ থাকে এই সময়খিনিত৷ এইদিন কেইটাত বিধৱাসকলে জুই স্পৰ্শ নকৰে৷ সেয়ে জুইৰ লগত সম্পৰ্ক থকা খাদ্য ভক্ষণ নকৰি ফল মূল, চাগু, দৈ আদি ভক্ষণ কৰে৷ এই সময়ত বাৰীত আম, কঁঠাল, লেচু, পনিয়ল, কলাজাম, প্লাম আদি পকি গোন্ধত আমোল–মোলাই থাকে৷ সধৱাসকলে ব্ৰত পালন কৰে৷ কৃষক সকলে ভঁৰাল ঘৰত উঠি ধান নমাই ননাৰ লগতে গোঁসাই ঘৰ, মাৰৈ ঘৰতো প্ৰৱেশন কৰে৷ প্ৰতিটো পৰিয়ালৰে একেবাৰে লাগতিয়াল বস্তুখিনিৰ বাহিৰে আন বস্তুবোৰ একাষৰীয়াকৈ ৰাখে আৰু এই বস্তুখিনি পৰিয়ালৰ কোনো সদস্যই স্পৰ্শ নকৰে৷ চাৰিদিনৰ পিছত অৰ্থাৎ নিবৃত্তিৰ দিনা গাঁৱৰ প্ৰতিঘৰৰে জীয়ৰী-বোৱাৰীহঁতে কাপোৰ-কানি, চৰু-হাৰি, ঢাৰি-ঢকুৱা আদি ধোৱাৰ উপৰিও ঘৰ-চোতাল মচা-কচা কৰি পৰিষ্কাৰ কৰে৷ সিদিনাই পুৰণি বাঢ়নীসমূহ চুৱা বুলি মানি লৈ সেইবোৰ পেলাই নতুন বাঢ়নী ব্যৱহাৰ কৰে৷ লোক বিশ্বাস মতে, ফল নধৰা গছত আমতিৰ চুৱা বাঢ়নী বান্ধি দিলে ফল ধৰে৷ সেয়ে ফল নধৰা আম-কঁঠাল গছত চুৱা বাঢ়নী বান্ধি দিয়া দেখা পোৱা যায়৷ শিপিনিসকলে তাঁতশালত নব’হে৷ অম্বুবাচীৰ সময়ত কম-বেছি পৰিমাণে প্ৰতিঘৰৰলোকে এই সময়ছোৱাত পকা ফলসমূহ ভক্ষণ কৰে৷ এই অম্বুবাচীৰ কেইদিনত ‘আমতি বুঢ়া’ মানুহৰ ঘৰলৈ আহে বুলি জনবিশ্বাসত প্ৰচলিত আছে৷ দেশৰ অন্যতম প্ৰাচীন শক্তিপীঠ কামাখ্যা মন্দিৰত বিভিন্ন উৎসৱ অনুষ্ঠিত হয় যদিও আহাৰ মাহত অনুষ্ঠিত হোৱা ‘অম্বুবাচী মেলা’ আটাইতকৈ জনপ্ৰিয়৷ জনবিশ্বাস মতে, অম্বুবাচীৰ সময়ত কামাখ্যা দেৱী ঋতু প্ৰাপ্ত হয় আৰু ঋতুধৰ্মৰ যি অশুচিতা, সেয়া কঠোৰ ভাৱে পালন কৰা হয়৷ অম্বুবাচীত নাৰী সম্পৰ্কীয় কিছুমান ধ্যান–ধাৰণা আছে৷ পৃথিৱীক মাতৃৰ লগত ৰিজোৱা হয়৷ বিশ্বাস কৰা হয় যে কৃষি পদ্ধতি আদিতে নাৰীয়েই আৱিষ্কাৰ কৰিছিল৷ অম্বুবাচী বা ষাঁঠৰ দিনত আই বসুমতী ৰজঃস্বলা হোৱা বুলি বিশ্বাস কৰা হৈছে৷ অম্বুবাচী আহাৰ মাহৰ ষষ্ঠদিনৰ পৰা প্ৰায় ৮৪ ঘণ্টা পৃথিৱী এনে অৱস্থাত থকা বুলি বিশ্বাস কৰা হয়৷ ঋতুমতী নাৰীক যেনেকৈ কাম–কাজৰ পৰা জিৰণি দিয়া হয়, তেনেদৰে মাতৃ বসুমতীকো অম্বুবাচীৰ সময়ত জিৰণি দিয়া দিয়ে৷ কৃষি কৰ্ম নহয়, হালখতি হয়, মাটি কৰ্ষণন কৰে৷ এই সময়ছোৱাত অৰ্থাৎ তিনি দিন বন্ধ থাকে মন্দিৰৰ দুৱাৰ৷ সেই তিনি দিন নদৰ্শনাৰ্থীক দৰ্শন কৰিব দিয়া নহয়৷ চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচীৰ নিবৃত্তিৰ দিনা ৰীতি-নীতিৰে দেৱীৰ স্নান পূজা আদি সম্পন্ন কৰাৰ পিছত মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে খুলি দিয়া হয়৷ ভক্তসকলে এই দিনটো দেৱীদৰ্শনৰ বাবে আটাইতকৈ শুভদিন বুলি মানি আহিছে৷ কামাখ্যাৰ অম্বুবাচী মেলাত ভাৰতবৰ্ষৰ দূৰ-দূৰণিৰ পৰা বহু যাত্ৰীৰ সমাগম হয়|

দেশ বিদেশৰ সাধু-সন্ন্যাসীৰ উপস্থিতি এই মেলাৰ বিশেষ আকৰ্ষণ৷ অম্বুবাচী যোগত কামাখ্যা দেৱীৰ ৰক্ত বস্ত্ৰৰ মাহাত্ম্য হিন্দুমাত্ৰেই বিদিত আছে৷ জনবিশ্বাসত এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট ফল লাভ হয় আৰু এই ৰক্তবস্ত্ৰ লগত ৰাখি আন ঠাইত জপ পূজা কৰিলেও ভক্তৰ কামনা পূৰ্ণ হয় বুলি এক জনবিশ্বাস আছে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যাধাম দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ এই উৎসৱ লৈ দেশ-বিদেশৰ ভক্তৰ আগমণ ঘটে৷ ধৰ্মীয় উৎসৱ উপলক্ষে কোনো স্থানলৈ অহা পৰ্যটকক ধৰ্মীয় পৰ্যটক বোলা হয়৷ অসমৰ পৰ্যটকৰ উৎকৃষ্ট স্থানৰ মৰ্যাদা দিছে৷ অম্বুবাচী উৎসৱক কেন্দ্ৰ কৰি কামাখ্যাত ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰূপে গঢ় দিয়াৰ বহু সমল আছে৷
বৰ্তমান সময় তথ্য-প্ৰযুক্তিৰ সময়৷ সেয়েহে অম্বুবাচীৰ বিষয়ে যথা সম্ভৱ দেশে-বিদেশে প্ৰচাৰ কৰা উচিত৷ বৈদ্যুতিন মাধ্যমত ইয়াৰ এটা প’ৰ্টেল থাকিব লাগে, যাতে মা কামাখ্যাৰ সংস্কৃতিৰ বিষয়ে এটা আগতীয়া ধাৰণা এটি পৰ্য্যটকে পায়৷ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় দূৰদৰ্শন মাধ্যমে অম্বুবাচী উৎসৱৰ বৰ্ণনা ৰাষ্ট্ৰীয় ভিত্তিত সম্প্ৰচাৰ কৰা উচিত৷ বৈদ্যুতিন মাধ্যমত পূজা-অৰ্চনাৰ পদ্ধতি সমূহ যাৱতীয় খৰচ পাতি আৰু সম্ভব্য দৰ্শনৰ সময় আগতীয়া কৈ উপলদ্ধ হ’লে মন্দিৰ প্ৰাংগণত ভিৰ হ্ৰাস হোৱাৰ লগতে শৃংখলাবদ্ধ হ’ব৷৷ এসময়ত কামাখ্যাধামত দেওধনী নৃত্য অনুষ্ঠিত হৈছিল৷ অম্বুবাচীৰ সময়ত দেওধনী নৃত্যৰ দৰ্শনৰ দ্বাৰা ভক্ত সকলক পূজা-অৰ্চনাৰ লগতে অসমৰ লোকসংস্কৃতিৰ ওপৰতো আভাস দিব পৰাৰ ব্যৱস্থা অসমৰ সাংস্কৃতিক মন্ত্ৰণালয়ে কৰিব পাৰে৷ অম্বুবাচীৰ সময়ছোৱাত ভক্তিৰ লগতে যাতে শুদ্ধ বিনোদনৰো জুতি পৰ্যটকে পায়, তাৰ ব্যৱস্থা কৰিলে এচাম নিবনুৱাও লাভাম্বিত হ’ব৷ আটাইতকৈ উল্লেখযোগ্য বিষয়টো হৈছে মন্দিৰ প্ৰাংগণত শৃংখলা বৰ্তাই ৰখাটো৷ কোনো ভক্ত যাতে লাঞ্ছনাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্যৰ খাটো সকলোৰে কৰ্তব্য৷ [বিভিন্ন প্ৰৱন্ধৰ পৰা সহায় লৈ যুগুতোৱা হৈছে৷]

Leave a Reply

Your email address will not be published. Required fields are marked *