আইন আৰু বীজাণু (ড॰ চিত্ত ৰঞ্জন বৰুৱা) – Purbodix.com

আইন আৰু বীজাণু (ড॰ চিত্ত ৰঞ্জন বৰুৱা)

বীজাণু নিৰ্মূল আৰু প্ৰতিৰোধৰ কৰা আইনী প্ৰক্ৰিয়া আজিৰ নহয়৷ পৌৰাণিক মধ্যযুগীয়া আৰু আধুনিক ভিন্ন আইনী ব্যৱস্থাৰে বীজাণু বা ভাইৰাচ বা সময়ে সময়ে ভূমুকি মৰা মহামাৰী অতিমাৰী বা তেনে ধৰণৰ সোঁচৰা বেমাৰৰ প্ৰতিৰোধৰ ব্যৱস্থাত ভিন্ন ভিন্ন৷ পৌৰাণিক সময়ত বা আদিম যুগত হোৱা মহামাৰী ৰোধ, নিবাৰণ প্ৰতিৰোধ আদিত সেই সময়ত, সেই সময়ৰ মানৱ সমাজে বৈজ্ঞানিক চিন্তা-চেতনা আৰু প্ৰতিৰোধৰ ব্যৱস্থা আমি বহু ধৰ্ম গ্ৰন্থ পৌৰাণিক কাহিনী-উপকাহিনী আদিত উমান-প্ৰমাণ আৰু প্ৰতিৰোধৰ বিধান অন্যতম হিচাপে বিদ্যমান৷ ধৰ্মগ্ৰন্থ-শাস্ত্ৰ [সৰ্বধৰ্ম] আদি মূল্যবান গ্ৰন্থত বনৌষধ [বনদৰৱ] আৰু আৰ্য়ুবেদিক বা প্ৰাকৃতিক নিয়মেৰে সমাধান, সমাস্য সমাধানৰ ব্যৱস্থা আদি অতি লক্ষণীয়৷ যিবোৰক আধুনিক বিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান তথা গৱেষক সমাজে– [ৰ] অধ্যয়নৰ সমল ; [২] অধ্যয়নৰ দ্বাৰা আধুনিক উপায়েৰে উন্নীতকৰণ; [৩] প্ৰাকৃতিক আধুনিক সংমিশ্ৰণৰ যুটীয়া উপায় উদ্ভাৱন ইত্যাদি৷
সেই চিকিৎসা সেৱা ব্যৱস্থাৰ সমানেই ইয়াৰ প্ৰকৃত নিয়ম আৰু আইনী বিধানেৰে চিকিৎসা প্ৰদান আদিৰ অনুষ্ঠান কৰাত চকুত পৰে৷ বেমাৰ বা বীজাণু বা ভাইৰাচৰ বিঘিনি হোৱা ভয়াৱহতা, লক্ষণ আৰু পৰিসৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধান দুটা বিষয় আৰু নামাকৰণেৰ চিহ্নিত কৰাতো আজিৰ কথা নহয়৷ কাহানিবাই চিকিৎসা বিজ্ঞানে আৰু আইন প্ৰণেতা তথা কাৰ্যপালকসকলে উমৈহতীয়া ইয়াক দুটা দিশৰ উন্মোচন কৰিছিল৷ [ৰ] Epidemic (ট্ট flu epidemic)জ্ব [২] Pandemic জ্ব (an epidemic occuring world wide) এই দুয়োটাই চিকিৎসা বিজ্ঞান আৰু আইন-শাস্ত্ৰৰ উমৈহতীয়া শব্দ-বিষয়৷ থাউকতে উল্লেখ কৰা ভাল যে ওপৰত উল্লেখ কৰা দুয়োটাই মহামাৰী আৰু অতি সোঁচৰা Infectious diseases মূলৰ৷ কিন্তু তাত্বিক আৰু ব্যৱহাৰিক দিশত ইয়াৰ চৰিত্ৰৰ-সোঁচৰা পৰিসৰ বহু বেলেগ সেয়ে আমি Epidemic আৰু Pandemic ৰ চাৰিত্ৰিক পৰিসৰ চিকিৎসা আৰু আইনী প্ৰতিৰোধ ব্যৱস্থা এটাৰ পৰা আনটো পৃথক৷ এতিয়া আমি অতি সহজ অৰ্থত অতি চমু চিন্তাৰে ব্যাখ্যা কৰিব বিচাৰো৷ Epidemic (a flu epidemic) ‘মহামাৰী’ হ’লেও ইয়াৰ বীজাণু পৰিসৰ বিশ্বব্যাপি নহয়৷ দুই এখন ৰাজ্য, ৰাষ্ট্ৰ, অঞ্চল সামৰি এটা নিৰ্দিষ্ট সময়ৰ বাবে বা সময়ত ইয়াৰ প্ৰাৰ্দুভাৱ হয়৷ ইফালে Pandemic জ্ব an epidemic occuring world wide and Crossing international bounderies etc. অৰ্থাৎ Epidemic ৰ চাৰিত্ৰিক পৰিসৰ কোনো বিশেষ অঞ্চল, দেশ আদিৰ পৰিসৰৰ পৰা বিয়পি আন্তৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি একেসময়তে সমগ্ৰ পৃথিৱী জুৰি বা পৃথিৱী ব্যাপি অবিৰাম আৰু অনিয়ন্ত্ৰিতভাৱে হয়৷ কিন্তু Epidemic আৰু Pandemic দুয়োটাই Infectious diseases সংক্ৰমিত বীজাণুৰ সমাহাৰ৷ এই দুয়োটাৰ সৈতে প্ৰধানতঃ চাৰিটা বাহক জড়িত৷ [ৰ] Bacteria, [২] Virus, [৩] Fungi, [চ্ছ্ৰ] Parasites এতিয়া আহোঁ উল্লেখ কৰা বীজাণু বা ভাইৰাচ বা তেনে মহামাৰী সৃষ্টি কৰা – [ৰ] অঞ্চল, দেশব্যাপি; [২] সমগ্ৰ দেশ আৰু বিশ্বব্যাপি; বীজাণু ৰোধ বা নাশ কৰা আইনী ব্যৱস্থানো কি৷ হয় আমি বীজাণুনাশক আইনী ব্যৱস্থাক দুটা প্ৰধান ভাগত ভগাব পাৰো৷ যাৰ দ্বাৰা অঞ্চল, দেশ আৰু বিশ্বত মানৱ জাতিয়ে আইনীভাৱে যুঁজ দিব পাৰে– [ক] ৰাষ্ট্ৰীয় আইন (Domestic Act or Law or legislation), [খ] আন্তঃৰাষ্ট্ৰীয় আইন (International law)৷ ৰাষ্ট্ৰীয় আইনসমূহৰ মাজত পৃথিৱীৰ নিজ নিজ দেশসমূহে সেই নিৰ্দিষ্ট কৰা দেশৰ নিয়ম অনুসৰি আইন প্ৰণয়ন কৰি লৈছে৷ বিশ্বৰ গণতান্ত্ৰিক দেশসমূহে বিশ্বৰ গণতান্ত্ৰিক দেশসমূহে প্ৰস্তুত কৰাৰ দৰে বীজাণু, বেমাৰ, মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত আইন প্ৰণয়ন কৰা আৰু সেই আইন প্ৰচলন সময় উপযোগী অন্য এক পদক্ষেপ৷ একেদৰে আন্তঃৰাষ্ট্ৰীয় আইনৰ ঘোষণা আৰু সমূহীয়া তথা উমৈহতীয়া চুক্তি আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আদিও সমানেই উপলব্ধ৷ প্ৰথমে আহোঁ আন্তৰাষ্ট্ৰীয় আইনৰ প্ৰধান আৰু থুলমূল আভাষ লৈ– ৰ] ১৯৪৬ চনতেই The World Health Organisation (WHO) ৰ সংবিধানে স্বাস্থ্যৰ অধিকাৰ সম্পৰ্কত বিষয়তেই সাংবিধান লিপিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু উল্লেখ কৰিছে যে স্বাস্থ্য অধিকাৰ বিশ্ব মানৱ সমাজৰ এক মৌলিক অধিকাৰ৷ The Right to health is a fundamental part of our Human Rights আৰু মানৱ জাতি এটা ‘Standard and physical and mental Health’ ৰ অধিকাৰী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ [WHO ৰ সংবিধানৰ ওপৰত] [২] ১৯৪৮ চনত অন্য এখন আইন আৰু আন্তৰাষ্ট্ৰীয় ঘোষণাই স্বাস্থ্য সম্পৰ্কীয় ব্যাখ্যা দাঙি ধৰি কয় যে ‘Health is part of the Right to an adequate standard living’ Article-২৫, [৩] ১৯৬৬ চনত আৰ্থনৈতিক সামাজিক সাংস্কৃতিক সন্মিলনে মানৱ স্বাস্থ্যক মৌলিক অধিকাৰ হিচাপে পুনৰ নিৰ্ধাৰণ কৰিছে৷, [চ্ছ্ৰ] International Health Regulation গু Act ২০০৫ অনুসৰি অনুচ্চেদ প্ত, ৬ আৰু জ্জত [ট্ট) Diseases related eventজ্ব (B) Public Health Emergency, (ট্ৰ) National Health Suveillanceজ্ব ইত্যাদি সম্পৰ্কে উল্লেখ কৰিছে৷ এয়ামাত্ৰ কেইটামান আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সম্পৰ্কীয় আইনী ব্যৱস্থাৰ সাধাৰণ উদাহৰণহে৷ এতিয়া আহোঁ ভাৰতীয় সংবিধানৰ গণ্ডিত নিৰ্মাণ কৰা আইন আৰু স্বাস্থ্যসম্পৰ্কীয় আইন (Health Legislation or Act or Lawগ্গ আৰু শাস্তিমূলক Penalty ব্যৱস্থা সম্পৰ্কত ভাৰততত আজিও স্বাধীনতাৰ আগতে ব্ৰিটিছ সংসদত প্ৰণয়ন কৰা আইন, আইনী ব্যৱস্থা সংশোধিত বা অসংশোধিত ৰূপত প্ৰচলিত৷ যাক Prominent Public Health Legislation বুলি কোৱা হয়৷ (ৰ) Indian Penal Code, ১৮৬০ sections– ১৮৮, ২৬৯, ২৭০ and ২৭১, (২) Epidemic diseases Act ১৮৯৭, (৩) Indian Ports Act ১৯০৮, (৪) Livestock Importation Act ১৮৯৮, (৫) Drugs and Cosmetic Act ১৯৪০, (৬) Essential Services Maintenance Act ১৯৬৮, (৭) Indian Aircraft (Public Health Rules, ২০১৫, (৮) Consumer (Protection Act ২০১৯ ইয়াৰ উপৰিও (৯) Section–১৩৩ of Criminal Procedure Code ১৯৭৩ ৰ স্বাস্থ্যসন্মত আইনী সতৰ্কতা লক্ষণীয়৷ এই উল্লেখ কৰা আইনসমূহৰ ব্যৱস্থাৰ আধাৰত ভাৰতীয় মানুহৰ স্বাধীনতাৰ আগত আৰু স্বাধীনতাৰ পাছত স্বাস্থ্যৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে আইনী সুবিধা প্ৰদান কৰিছে৷ ইয়াত এই কথাও উল্লেখ কৰা সমীচীন হ’ব যে মহামাৰী ৰোধ কৰা বা তেনে বিশেষ স্বাস্থ্যজনিত কাৰণত মানৱ জাতি সমাজ আৰু একেদৰে ভাৰতীয় জনসাধাৰণক উদ্ধাৰ থকা আৰু নিৰাপত্তা দিয়াৰ স্বাৰ্থত অইন এখন অতি গুৰুত্বপূৰ্ণ আইন The disaster management Act ২০০৫ ৰ কথা আমি সজোৰে উচ্ছাৰণ কৰিব পাৰো৷ এই আইনৰ ধাৰা ৬, ১০, ৩৮ ঊআৰু ৭২ অনুসৰি লকডাউন বা তেনে নিষেধাজ্ঞাৰ ব্যৱস্থা আইনী ভাৱে দিয়া আছে বা ই প্ৰয়োগ হৈছে৷ ইয়াৰ দ্বাৰা দুৰ্যোগ প্ৰসমনৰ চিন্তা আইনীভাৱেই বলবৎ হয়৷ ইফালে লকডাউন ভংগ কৰাৰ সম্পৰ্কত বা ভংগকাৰীৰ ওপৰত আইনী ব্যৱস্থা Epidemic Diseases Act ১৮৯৭ ৰ শাস্তিৰ ব্যৱস্থা আৰু আইনী অনুশাসন IPC ১৮৬০ ৰ Section–১৮৮ অনুসৰি বলৱৎ হ’ব৷ ধাৰা ৩ [তিনি] ED Act ১৯৯৭ ৰ লগতে IPC ১৮৬০ দুয়োখন আইনে লকডাউন বা নিষেধাজ্ঞাকাৰীক Act of Violence হিচাপে বিবেচিত কৰি জামিনবিহীন গোচৰ ৰুজু কৰিব পাৰে আৰু শাস্তিৰ কথা স্পষ্ট উল্লেখ আছে৷ আৰু DM Act ২০০৫ Section ৫১ to ৬০ অনুসৰি শাস্তিৰ অন্য এক ব্যৱস্থা আছে৷ এইবাৰ উল্লেখ কৰা হ’ল যে বীজাণু-ভাইৰাচ Epidemic বা Pendemic হওক বা যিয়ে নহওক বা যি পৰিসৰত ইয়াৰ উপস্থিতি বা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বা অন্য সাৰ্বভৌম ভূ-খণ্ডৰ আইন বা আইনী ব্যৱস্থা ইত্যাদি৷ দেখা যায় ভাৰতৰ লগতে আমাৰ চুবুৰীয়া বাংলাদেশ নেপাল, ভূটান, শ্ৰীলংকা, ম্যানমাৰ, চীন আদি দেশ সমূহে নিজ আইনী ব্যৱস্থাৰে আৰু আন্তঃৰাষ্ট্ৰীয় আইনী সহযোগিতাৰে বিশ্ব, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় বীজাণু সম্পৰ্কে দুযোৰ্গ প্ৰতিৰোধ আৰু নিৰ্মূলৰ ব্যৱস্থা আছে৷ উদাহৰণস্বৰূপে ম্যানমাৰৰ Prevention and control of communicable diseases Law ১৯৯৫, নেপালৰ Infection Diseases Act ১৯৬৪ বাংলাদেশৰ The Infectious Diseases Act ২০০৪, শ্ৰীলংকাৰ Quarantine and prevention of Diseases Law ১৯৯৭, চুবুৰী ৰাষ্ট্ৰ ভূটানেও একেদৰে ৰয়েল চৰকাৰৰ সাংবিধানিক নীতিৰে বৃহৎ স্বাস্থ্য সেৱা আচনি ১৯৭০ চনৰ পৰাই আইনী ব্যৱস্থা নিধাৰ্ৰণ কৰিছে৷ পিছলৈ The medical Council Act ২০০২ , The Medicine Act, ২০০৩ ব্যৱস্থা গ্ৰহণ কৰে৷ লগতে ৰয়েল ভূটান চৰকাৰে প্ৰাকৃতিক আৰু পৰম্পৰাগত দৰৱ আৰু ঔষধি বনদৰৱক সাংবিধানিকভাৱে মান্যতা দিয়ে ইত্যাদি৷ শেষত ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত দুখন বিশেষ আইন আৰু আইনৰ বিশেষ ধাৰাক ঢাল হিচাপে লৈ – ৰ] Indian Penal Code ১৮৬০, Act এ ১৬০ বছৰে; ২] Epidemic Diseases Act ১৮৯৭, এ ১২৩ বছৰে–সময়ে সময়ে হোৱা Epidemic আৰু Pendemic পৰিসৰত হোৱা মহামাৰীৰ সৈতে ভাৰতীয় মানৱ জাতিৰ সন্মুখৰ পৰা আইনী প্ৰতিৰোধৰ অস্ত্ৰ হিচাপে থিয় দি আছে৷ Email-dr.chittarajanphdঞ্ঝgmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *