দোমোজা (ৰীমা ৰহমান) – Purbodix.com

দোমোজা (ৰীমা ৰহমান)

মানুহজনৰ নাম ভদ্ৰেশ্বৰ তামুলী৷ বয়স ৫০১ আশে-পাশে যদিও বয়সতকৈ কিন্তু দেখাত মানুহজনক ৬০ বছৰীয়া মানহে লাগে৷ ক’লা বৰণীয়া আয়তাকাৰ মুখখনত একোছা আধাপকা আধা কেঁচা মোচ৷ মোচ কোঁচা আকৌ দুয়োফালে ওলাই আহিছে৷ কিবা যেন ভাওনাৰ দৈত্যৰহে মোচ তেনে লাগে৷ দাঢ়ি বুলিবলৈ মানুহজনৰ এডালো নাই৷ পাতল চুলিখিনিত কিন্তু এটা ৰঙা ৰং ব্যৱহাৰ কৰিছে৷ মাৰুতি ৮০০ খনৰ পৰা নামি চিধাই তেওঁ মোৰ অফিচলৈ আহিছে৷পিন্ধনত এটি মেৰুণ ৰঙী টিচাৰ্ট এটি ক’লা পেKI× আৰু এজোৰ বগা চামৰাৰ চেণ্ডেল৷ পাতলকৈ দিয়া বৰষুণৰ দুই এটোপাল তেওঁৰ গাত পৰিছে৷ মুখৰ টোপালবোৰ তেওঁ ৰুমালখনেৰে মচি লৈছে আৰু গাত পৰা বৰষুণৰ টোপালবোৰ তেওঁৰ গাত লিপিত খাই ধৰিছে৷ পেটুৱা বুলি দূৰৰ পৰাই তেওঁক চিনিব পাৰি৷ তপনে দিয়া বিৱৰণ মতে মই তেওঁক ধৰিব পাৰিছো৷ তেওঁক দেখিয়েই মই ভিতৰৰ পৰা ওলাই আহি মাত এষাৰ দিয়েই চিধাই ওপৰ মহলাৰ চাদৰ ওপৰলৈ লৈ গ’লো৷ পাতল বৰষুণজাক একেবাৰে নোহোৱা হ’ল৷ অফিচৰ ভিতৰত যিটো গৰম আছিল পাতল বৰষুণজাকত কিন্তু সেই অৱসাদটো দূৰ হ’ল৷ ওচৰতে পাৰি থোৱা দুখন চকীৰ এখনত তেওঁক বহিব দি আন এখনত মই বহিলো৷ ঃ মোক তপনে পঠিয়ালে৷ সি মোৰ ঘৰৰ ল’ৰাৰ দৰে৷ তাৰ মুখতেই আপোনাৰ বিষয়ে জানি আপোনাক বিশ্বাস কৰি মই এইখিনি পালো৷ ঃ হয় তপনে মোক কৈছিল আপোনাৰ কথা৷ কথা কোৱাৰ মাজতে বেগটোৰ চেইনডাল খুলি ভিতৰত মাখন ৰঙী পলিথিনিৰে বান্ধি অনা পইচাৰ টোপোলাটো মোৰ হাতত দিলে৷ ঃ ইয়াত প্ত লাখ টকা আছে৷ প্ৰয়োজন হ’লে মই আৰু দিবলৈ ৰাজি আছো৷ দত্ত এতিয়া আপোনাৰ ওচৰতে মোৰ শেষ ভৰষা৷ যিকোনো প্ৰকাৰে ল’ৰাজনক চাকৰিটো দিয়ক৷
আপুনি হয়তো জানেই মোৰ সম্পত্তিৰ অভাৱ নাই৷ খাই শেষ কৰিব নোৱাৰাকৈ সম্পত্তি আৰ্জিছো৷ কিন্তু ল’ৰাটোৰ কিবা এটা গতি লাগক বুলিহে তাৰ চাকৰিৰ বাবে মূৰ ঘমাব লগা হৈছে৷ নহ’লে সি বৰ্বাদ হৈ গৈ আছে৷ ড্ৰাগছে তাক কোনোবা দিনাখন বৰ্বাদ কৰি পেলাব৷ মোৰ চকুৰ আগত তাক এনেকৈ ধ্বংস হৈ যোৱাটো চাই থাকিব নোৱাৰো৷ –তেওঁ তেওঁৰ মনৰ কথাখিনি অনৰ্গল কৈ গ’ল৷ কথাখিনি কওঁতে লাহে লাহে মানুহজনৰ মাতটো সৰু হ’ল৷ মই একো ক’ব নৌপাওতে আকৌ তেওঁ ক’লে ঃ চাকৰিটো পালে সি গোটেই দিন ব্যস্ত হৈ থাকিব পাৰিব৷ ছোৱালীজনীক বিয়া দিব পাৰিলে তাৰ বিয়াখনো সোনকালেই পাতি দিম৷ তপনৰ ভায়েক বিনয়ক যিদৰে চাকৰিটো আপুনিয়ে দিলে মোৰ ল’ৰাটোকো পৰ বুলি নাভাবিব দত্ত৷ – এইবাৰ তেওঁ এক দীৰ্ঘশ্বাস এৰি মোৰ উত্তৰলৈ বাট চালে৷ এইবাৰ মই এক ঈষৎ হাঁহি মাৰি পইচাৰ বেগটো পেণ্টৰ পকেটত ভৰাই তেওঁৰ মুখলৈ চাই হয় বুলি মূৰটো লৰালো৷ আৰু সঁচাকৈ হওঁক মিছাকৈ হওঁক পাৰিম বুলি এক আশ্বাস মানুহজনক দিলো৷ আৰু কিছুসময় লাগিব বুলি মানুহজনক কিছু মিছা আশ্বাস দি পঠিয়াই দিলো৷ মানুহজ নগ’ল৷ পিছফালৰ পৰা মানুহজনক কিবা হাতী এটাই খোজ কঢ়া যেন লাগিল৷ মই মুখ টিপি হাঁহিলো৷
ভিতৰি ভিতৰি মোৰ কিন্তু অলপ বেয়াও লাগিল৷ কিমান বিশ্বাসত মোক মানুহবোৰে টকা দি যায়৷ আৰু মই…/ অৱশ্যে আজি প্ত বছৰৰ আগত মই চাকৰি নিদিয়াকেও থকা নাই৷ বিনয়কে ধৰি আৰু চ্ছ্ৰ জনক ছাৰৰ হাতে ভৰি ধৰি হ’লেওটো চাকৰি দিয়াইছো৷ জীৱনত প্ৰথমবাৰৰ বাবে আজি মই অলপ চিন্তিত হৈছো৷ আৰু প্ৰথম বাৰৰ বাবে মোৰ কিবা অলপ বেয়া লগা অনুভৱ হৈছে৷ ইয়াৰ বাহিৰে মোৰ কেতিয়াও বেয়া লগা মনত নপৰে৷ এনেও মোৰ এইবোৰ বেয়া লগা চগা কমেই৷ আন কি মা-দেউতাৰ অকাল মৃত্যুটো মোৰ অলপো বেয়া নালাগিল৷ মা-দেউতাৰ মৃত্যুৰ খবৰ পাই বহুত মানুহ আহিছিল খবৰ ল’বলৈ৷ দেউতা-মাৰ নিৰ্জু স্বভাৱৰ বাবে বহু লোকে তেওঁলোকক ভাল পাইছিল৷ তাতে মোৰ মা-দেউতা শিক্ষক-শিক্ষয়িত্ৰী আছিল৷ তেওঁলোকৰ অকাল মৃত্যুত বহু লোকে চকুপানী টুকিছিল৷ দুজনমান স্কুলৰ ছাত্ৰ-ছাত্ৰীটো মূৰ ঘূৰাই পৰিও গৈছিল৷ প্ৰাতঃভ্ৰমণ কৰিব যোৱা মা-দেউতাক এখন ট্ৰাকে মহতিয়াই থৈ গৈছিল৷ লগে লগেই দুয়োটাৰ মৃত্যু হৈছিল৷ খুব বেছি কুঁৱলীৰ বাবে ট্ৰাকখন কোনোৱেও ধৰিব নোৱাৰিলে৷ মই মা-দেউতাক একেদিনাই হেৰুৱালো৷ তথাপিও মোৰ কোনো দুখ নালাগিল৷কন্দা কটা কৰি থকা মানুহবোৰক মইহে ওলোটাই ধমকৰ সুৰ দি বুজাইছিলো৷ জন্মিলে মৃত্যু অনিবাৰ্য৷ তাতকৈ বেছি খং উঠিছিল ট্ৰাকখনৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলো৷ সেই কথাটোৱেহে মোক মাজে মাজে খুলি খায়৷ চাল্লা এতিয়া পাব লাগিছিল কুচিয়া মাছৰ মোত চেলোৱাদি চেলাই পেলালোহেঁতেন৷ মানুহবোৰে কোৱা কুই আৰম্ভ কৰিছিল আৰু মোক পাষাণ হৃদয়ৰ লোক বুলি কৈছিল৷ মানুহে যি কয় কৈ থাকক মোৰ কোনো আহে নাযায়৷ মা-দেউতাৰ প্ৰতি কিন্তু মোৰ শ্ৰদ্ধা ভক্তি মৰম সদায় আছে৷ প্ৰতিবছৰে ২ ছেপ্তেম্বৰ তাৰিখে মা-দেউতাৰ মৃত্যুতিথিত মই ঘৰত ব্ৰাহ্মণ মাতি মা-দেউতাৰ সকাম ভাগ পাতো৷ একমাত্ৰ ভনীজনীকো ডাঙৰ-দীঘল কৰি অইন এজনৰ হাতত তুলি দিয়াৰ দিনাও কিন্তু মোৰ অলপো চকুপানী নোলাল৷ বিদায় পৰত তাই মোৰ ডিঙিত জোৰকৈ ধৰি কান্দিছিল ‘দাদা মোক কিয় বিয়া দিলি?’ মোৰ একো প্ৰতিক্ৰিয়াই নহ’ল৷ বৰং তাইক মই ধমকহে দিছিলো৷ মোৰ পত্নীয়ে মোক কৈছিল– ঃ হেৰি কি মানুহহে আপুনি? ভগৱানে আপোনাক মমতা বুলি কিবা এটা দিবলৈ একেবাৰে পাহৰিয়ে গ’ল চাগে৷ মোৰ কিন্তু এই কন্দা-কটা মানুহবোৰক দেখিলে অইন এটা ভাবহে জন্মে৷ এই চকুপানীবোৰ মানুহবোৰে কত জমাকৈ ৰাখি থৈ দিয়ে বাৰু৷ বৰষুণ সৰা দিযে সৰি থাকে৷ তাকে ভাবি মোৰ মাজে মাজে হাঁহিহে উঠে৷ লোকক চাকৰি দিম বুলি লোৱা পইচাৰে লাগ বুলিলেই ঘৰ, গাড়ী সকলো কৰি লৈছো৷ চাকৰি দিম বুলি কিমানক যে ঠগিলো৷ কি কৰিম চাকৰিত যিকেইটা পইচা পাওঁ সেই পইচাৰে ভালকৈ খাই লৈহে থাকিব পাৰি৷ ঘৈণী ল’ৰা-ছোৱালীৰ Standard মেইনতেইন কৰিব নোৱাৰি৷ টেবুলৰ তলেৰেও অবেশ্যে দুই এটকানো লোৱাকৈ নাথাকো৷ কিন্তু ল’ৰা-ছোৱালী ডাঙৰ হোৱাৰ পিছত এইবোৰ নোজোৰা হৈ যায়৷ তথাপিও মোৰ লোভ নমৰে৷ পইচা দেখিলেই মোৰ এক দুৰ্বলতা জাগি উঠে৷ জিভাখন কিবা দীঘল হৈ গৈছে৷ মোৰ আৰু এটা বেয়া স্বভাৱ আছে সেইটো হ’ল –মোৰ হাতত পইচা জমা নাথাকে৷ লাখ লাখ টকা আহে ঠিকেই কিন্তু বেংকত জমা কৰিবলৈ নিয়াৰ আগতেই চব চাফা৷ ঘৈণী ল’ৰা-ছোৱালী তিনিও ভগাই মেলি লয়৷ অৱশ্যে সেই পইচাৰে ঘৈণীয়ে ঘৰখনৰ বাবেই বহুত বস্তু কৰিছে৷ ল’ৰা-ছোৱালীহালে পইচা কি কৰে মই কোনোদিন নোসোধো৷ এতিয়া ডাঙৰ হৈছে সিঁহত৷ জানিব কি কৰিব লাগে নালাগে৷ ইয়াৰ পিছতো বহুতে আকৌ মোক কৃপণ বুলিও ভাবে৷ ভাবক কি আহে যায় মোৰ৷ কিমান মানুহ চাকৰিৰ আশা কৰি কৰি মৰি ভূতেই হ’ল৷ থাকোতে ছাৰৰ লগত হাত নথকা নহয়৷ আগত চাকৰিও দিলো চ্ছ্ৰ জনক৷ কিন্তু এতিয়া মই পইচা দেখিলে লোভ সামৰিব নোৱাৰো৷ পইচা গৈ ওপৰ মহলা নাপায়গৈ৷ কোনোবাই যদি ওভতাই পইচা খোজা আৰম্ভ কৰে, কওঁ– ঃ ‘তেন্তে হ’ব লৈ যাওঁক পইচা৷ এই সপ্তাহতে চাকৰি হোৱাৰ কথা আছিল৷ যোৱা কালি ছাৰৰ লগত কথাও পাতিলো এই বিষয়ে৷ এই চাওক যোৱা কালি ছাৰৰ লগত তোলা ফটো৷ দুবছৰ আগতে ছাৰৰ লগত তোলা ফটোকেইখনে মোক বহুত কামত দিয়ে৷ মুখ টিপি হাঁহো মই৷ কেনেকৈ যে উল্লু বনাই থাকো মই মানুহবোৰক৷ কিন্তু এইবাৰ ভদ্ৰেশ্বৰ তামুলীৰ কামটো মই কিবা প্ৰকাৰে কৰিবই লাগিব৷ তপনে কৈছে মানুহজন খঙাল প্ৰকৃতিৰ৷ খেদাও বুলি মোৰ ইজ্জত খেদাই দিব পাৰে৷ মোৰ নাকটো ক’ত থাকিব তেতিয়া৷ ছাৰক লাগিলে এইবাৰ হাতে ভৰি ধৰি হ’লেও চাকৰিটো লোৱাই দিব লাগিব৷ কথাবোৰ মনত পাগুলিয়াই থাকোতে কেতিয়া মই ঘৰ পালো গমকে নাপালো৷ ঘৰ পাই দেখো মোৰ পত্নীৰ পেটৰ বিষ৷ অসহ্য বিষত চটফটাই আছে৷ ল’ৰাজন ঘৰত নাই৷ মাৰুতিখন লোৱাৰ পিছৰ পৰা তাক ঘৰত দেখিবলৈকে নোপোৱা হৈছে৷ ক’ত ক’ত যে ঘূৰি থাকে এই ল’ৰাটো৷ তাকো কিবা এটা গতি লগাই দিব লাগিব এইবাৰ৷ নহ’লে অবাটে যাওঁতে বেছি পৰ নালাগিব৷ ছোৱালীজনী ওচৰত বহি চিন্তাত কাতৰ হৈ আছে৷ ওচৰৰ ফাৰ্মাচীৰ পৰা বিষৰ টেবলেট দুটা আনি দিলো৷ এটা খালে৷ বিষটো কিছু ভালেই পালে৷ বিষটো নাই নে নাই এসপ্তাহ নাই৷ কিন্তু হঠাত আকৌ সেই একেই বিষ৷ আকৌ বিষৰ টেবলেট খাই বিষটো কমি থাকে৷ আকৌ ভাল পায়৷ এনেকৈ মাজে মাজে বিষ হয় আকৌ ভাল পায়৷ এনেকৈ প্ৰায় ৰ মাহ পত্নীয়ে এনেকৈ চলি থাকিল৷ মোৰো এনেকৈয়ে অফিচ ঘৰ চলি আছে৷ আজি ভদ্ৰেশ্বৰ তামুলীৰ কথাখিনি ছাৰৰ লগত পাতিব যোৱাৰ কথা৷ কিন্তু হঠাত কি জানো হ’ল মোৰ পত্নীয়ে এইবাৰ বোলে উশাহ-নিশাহ লোৱাত কষ্ট পাইছে৷ ছোৱালীজনীয়ে খঙত ফোন কৰিম বুলি কওঁতেহে মোৰ গা লৰিল৷ অফিচৰ পৰা সোনকালেই ঘৰলৈ আহিলো৷ এইবাৰ মোৰ কিন্তু অলপ চিন্তা হ’ল৷ এনে মই এইবোৰ বেমাৰ -আজাৰক নিজেও লায় নিদিও আৰু আনৰ হ’লেও গুৰুত্ব নিদিও৷ ল’ৰা-ছোৱালী দুটাৰ খেচ খেচনিতহে ডক্টৰৰ ওচৰলৈ লৈ যাম বুলি থিৰাং কৰিলো৷ লৈ গ’লো৷ ছাৰলৈ যোৱাৰ কাম পেলাই থৈ গ’লো পত্নীক লৈ ডাক্তৰৰ ওচৰলৈ৷ ড:ঃ শইকীয়াই ঘৈণীৰ মুখত বেমাৰৰ নমুনা শুনি লগে লগে পৰীক্ষা কেইটামান লিখি দিলে৷ আৰু test কেইটা সেই দিনাই কৰিব ক’লে৷ হস্পিতালতে পৰীক্ষাকেইটা কৰি আমি গুচি আহিলো৷ আৰু দুদিনৰ পিছত মই ৰিপোৰ্ট আনিব গ’লো৷ ভাবিলো ডক্টৰে কিবা ঔষধ পাতি লিখি দিব লৈ যাম৷ কিন্তু মোৰ ভবা কথাবোৰ নফলিল৷ এনেও কথাতে আছে নহয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷ যাব লাগিছিল ছাৰৰ তাতে আহিব লগা হৈছে ডক্টৰৰ তাত৷ কিন্তু ডক্টৰে ঔষধ পাতি দিব ক’ত৷ মোকহে বহিব ক’লে৷ ভিতৰি ভিতৰি অলপ খঙো উঠিল৷ আৰু বাকি মান সময় বহাই মাৰে৷ বেমাৰ হৈছে ঔষধহে দিব লাগে৷ পৰহিৰ পৰা এনেকৈ দৌৰাই মাৰি আছে৷ সন্মুখত পাৰি থোৱা চকীখনত বহি তেওঁৰ মুখলৈকেই চাই থাকিলো৷ আৰু ভাবিও থাকিলো ডক্টৰ হোৱাই ভাল৷ ইমান পইচা আহে দিনটোত৷ ৰোগীৰ গাত হাত দিলেই চাৰিশ পাঁচশ টকা পায়৷ এইবাৰ ডক্টৰে আগবঢ়াই দিয়া Prescription খন পঢ়ি ডক্টৰৰ মুখৰ ফালে ৰ’ লাগি চাই ৰ’লো৷ ডক্টৰৰ পকোৱা আখৰবোৰ মই ভালকৈ ধৰিবও পৰা নাই৷ মুখলৈ চাই থাকিলো৷ একমিনিট মান নীৰবতাৰ পিছত ডক্টৰে এক হুমুনিয়াহ কাঢ়ি ক’লে যে মোৰ পত্নীৰ বৃহদান্ত্ৰত কলন কেঞ্চাৰ নামৰ এক ৰোগে বাহ লৈছে হেনো৷ জীৱনত প্ৰথমবাৰ এই ৰোগৰ নাম শুনি আচৰিত হৈ পৰিলো মই৷ ছাৰ এয়া আৰু কি বেমাৰ? এইবাৰ তেওঁ মোৰ চকুৰ ফালে চাই আৰম্ভ কৰিলে ঃ বিভিন্ন কাৰণ বশত কলনৰ কোষবোৰ তথ কাডি এন. এবোৰৰ উৎপৰিৱৰ্তন হয়৷ সেই কোষবোৰ মাত্ৰাধিক বৃদ্ধি হয় আৰু এটা সময়ত সেইবোৰ মৰি যায়৷ কাৰণ শৰীৰৰ ৰোধ প্ৰতিৰোধ ক্ষমতাই তাক আক্ৰমণ চলাই থাকে৷ তাৰ ভিতৰত কিছু কোষে ৰোধ প্ৰতিৰোধ ক্ষমতাৰ পৰা পলাই বৃহদান্ত্ৰত টিউমাৰ গঠন কৰে৷ সেই টিউমাৰৰ পৰা লাহে লাহে কেঞ্চাৰলৈ ৰূপান্তৰিত হয়৷ ডক্টৰৰ কথাখিনি থিৰেৰে শুনাৰ পিছত মই অস্থিৰ হৈ পৰিলো৷ চিকিৎসাৰ কথা সোধাত কলে যে এই বেমাৰৰ চিকিৎসা বোলে অসমত নাই৷ পাৰিলে মোক আমেৰিকালৈ লৈ যাব কলে নাইবা চেন্নাইলৈ অতি সোনকালে লৈ যোৱাৰ বাবে অৱগত কৰালে৷ এইবাৰ মই বহাৰ পৰা উঠি থিয় হ’লো৷ খুব বেছি ঘাঁমিছো মই৷ ঃ দেৰি কৰি লাভ নাই৷ যদি পত্নীক বচাবৰ মন আছে তেন্তে কালিয়েই চেন্নাইলৈ যাওঁক৷ মোৰ মুখৰ মাত হেৰাল৷ মই আৰু অলপো দেৰি নকৰি গুচি আহিলো৷ মনতে ঠিৰাং কৰি পেলালো কালিলৈ পত্নীক চেন্নাই লৈ যাম৷ ঘৰলৈ আহি পত্নীক বেমাৰৰ কথাষাৰ নুশুনালো৷ বৰং মিছাকৈ কৈ থ’লো৷ ঃ কিমান বেমাৰ বেমাৰকৈ থাকা আৰু ব’লা ফুৰি আহো চেন্নাইৰ পৰা৷ একেলগে এই সুযোগতে দুয়োটাৰে বডি দুটাও চেক কৰি আহিম৷ ১০ দিনৰ বাবে অফিচৰ পৰা চুটি ল’লো৷ পত্নীয়ে হয়তো কিবা এক উমান পাইছিল৷ মাথো এটি শেতা হাঁহি মাৰি ঠিক আছে বুলি কৈছিল৷ ল’ৰা- ছোৱালী দুটাৰ আগত সঁচা কথাটো আলোচনা কৰি কালিয়েই লৈ যাম বুলি থিৰাং কৰি পেলালো৷ ছোৱালীজনী মাকে নেদেখাকে মনে মনে উচুপি আছে৷ হাতত আছে ভদ্ৰেশ্বৰ তামুলীয়ে দি যোৱা প্ত লাখ টকা৷ চিন্তা নাই হৈ যাব লাগে এইখিনিৰে৷ আহি কিবা এটা মেনেজ কৰিম বাৰু৷ আজি কিন্তু মোৰ এটা কথা উপলব্ধি হৈছে হাতত জমা-জৰি অলপ হ’লেও থাকিব লাগে৷ ৰাতিতে কাপোৰ-কানিবোৰ ঠিক-থাক কৰি থম বুলি বেগত ভৰাব ল’লো৷ ছোৱালীজনীয়েও লাগতিয়াল বস্তু-বাহানিবোৰ বেগ এটাত ভৰাই থৈছে৷ অচিন ঠাই এখনলৈ যাম যেতিয়া বস্তু বাহানি লৈ যোৱাটো ভাল৷ তাতে আকৌ মই হিন্দী, ইংৰাজী দুয়োটাই ভালকৈ কব নাজানো৷ খুলখালী ল’ৰাটো আকৌ এইবোৰত ভাল৷ তাৰ কোনোবা খুলশালীৰ ভৰি ভাগোতে অকলেই পাটনালৈ লৈ গৈছিল৷ সি আৰু মইয়ে লৈ যাম৷ তাৰ লগত কথা পাতি ফোনটো থৈছোহে মাত্ৰ৷ আকৌ বাজি উঠিল এইটো এই মোবাইলটোৰ পৰাও শান্তি নাই৷ যিটো দেখিছো চুইটচ অফ কৰিয়ে থ’ব লাগিব৷ চাই দেখো ভদ্ৰেশ্বৰ তামুলীৰ ফোন৷ ৰিচিভ কৰিলো৷ সেইফালৰ পৰা ভদ্ৰেশ্বৰ তামুলীৰ কণ্ঠস্বৰ ভাঁহি উঠিল৷ ঃ দত্ত ল’ৰাই চাকৰি নকৰে৷ সিবোলে বিজনেচহে কৰিব৷ সি ড্ৰাগচ এৰি দিলে৷ সেই প্ত লাখ টকা সি বিজনেচত খটুৱাব৷ কালিলৈ মই গৈ আছো৷ অফিচতে লগ কৰিম আপোনাক৷ মই হা-না একো ক’বলৈয়ে নাপালো ফোনটোৰ সংযোগ বিচ্ছিন্ন হৈ গ’ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *