by Arup Kakoti
কানিমুনি সন্ধিয়া জোৰেৰে চাইকেলখনৰ পেডেল মাৰি মাৰি বিনয়ে ভাবিলে, সি বাৰু দেৱদূতসকল দৰে ছাটানৰ নিচিনাকৈ স্বৰ্গচ্যুত হ’ল নেকি? সি পিতাকৰ বিৰুদ্ধাচাৰণ কৰিলে৷ তৰ্জন-গৰ্জন কৰি পিতাকে তাক এচিকটা মাটিত নিদিওঁ বুলি ক’লে৷ অৰুণাক ভাল পোৱাৰ কথা লৈও তাক কথা শুনালে৷ সমানে তিৰস্কাৰ কৰিলে মাকে৷ ঠিক আছে তহঁতৰ পইচাৰে নচলোঁ৷ মই ভাৱত সি যি ওলাই আহিল ককায়েকে মাতি মাতিও নিব নোৱাৰিলে৷
ময়ো চাই ল’ম৷ মই জাৱৰৰ পুতেকহে তেওঁ৷ বিনয়ৰ দেউতাকৰ উপনাম জাবৰ৷
চাইকেলখন মাৰি মাৰি সি মনতে ছাটানৰ কাহিনীকে পাগুলি আহিছিল৷ ই ছাটান কমটো নহয়৷ সাক্ষাৎ ভগৱানৰ ৰাজ সিংহাসনখনকে বিচাৰি বিদ্ৰোহ ঘোষণা কৰিলে৷ তাক সংগ দিয়া বাবে ছাপৰ্ট দিয়া দেৱদূতো এসোপা ওলাল৷ অঞ্জনাই কয়– মিŒI×নে ছাটানক একেবাৰে হিৰ’ বনাই দিলে৷ তাই আওৰায়–Mind is its own place and in itself can make a …. of hell, a hell of …… ধেমালিতে তাই তাক ছাটান বুলিও কয় আৰু ছাটানৰ উক্তিবোৰ গাই শুনায়৷ বপেকৰ লগত তৰ্ক কৰি ওলাই আহে তেওঁ৷ অঞ্জনাই মুখ বিকাটাই দেখুৱায়৷
বিনয় একেকোবে গৈ জেঠায়েকৰ ঘৰ পালে৷ জেঠায়েকে ক’লে–ওচৰৰ কলেজখনতে নাম লগাই ল’৷ পঢ়৷ ঘৰত থাকি বাপেকৰ লগত কাজিয়া কৰি থাকিব নালাগে৷ তইনো খাবি কিমান৷ পিন্ধিবি কিমান৷
মই টিউচন কৰি পঢ়িম, জেঠাই৷ দেউতাই মোৰ মাটিহে নিদিওঁ বুলিছে, মই ফুটাকড়ি এটাও নলও বাপেক্কে৷
–বাপেৰৰ হে পুতেক৷ জেঠায়েকেও নাহাঁহি নোৱাৰিলে৷

কথামতেই কাম৷ বিনয়ে কলেজত নাম নপালে৷ জেঠায়েকৰ ঘৰৰ পৰা ডেৰ কিল’মিটাৰ৷ দুই কিলোমিটাৰ আঁতৰত দুটা টিউচনো পালে৷ ‘‘হৈ যাব, মই কাৰো পৰা ফুটাকড়িও নলওঁ৷’ কাৰো পৰা মানে দেউতাকৰ পৰা৷ তাৰ লগত ল’ৰা-ছোৱালী, তাৰ প্ৰেমিকাও সকলোৱে তাৰ খং দেখি ৰস লয়৷
‘‘বৰ একাচেকা তই৷’’
মাক মাজে মাজে আহে৷ সি ঘৰলৈ নোযোৱা বাবে দুখ কৰে৷ জেঠায়েকে মাকক বুজায়–‘বুজা হ’লে যাব দে৷ এইখনো তাৰে ঘৰ৷’’
তাৰে ঘৰ বোলোতে বোলোতে বিনয়ৰ সঁচা সঁচিকৈ জেঠায়েকৰ ঘৰখনহে আপোন হৈ পৰিল৷ কিয় জানো নগৰৰ পৰা উপকণ্ঠত অৱস্থিত সেই ঠাইকণ তাৰ ভালে লাগে৷ জেঠায়েকৰ মৰম নে তাৰ মনৰ ভিতৰত দেহটোৱে তাক সেই ঠাইকনতে বান্ধি ৰাখিলে৷
বুধবাৰে বুধবাৰে নগৰৰ অলপ আঁতৰত আহল-বহল মুকলি পথাৰখনত বজাৰ বহে৷ ওচৰ-পাঁজৰৰ গাঁৱৰ মানুহে শাক-পাচলি, গুৰ, গাখীৰ বিক্ৰিবলৈ আনে৷ চানাচুৰৱালা আহে৷ ফল-মূলৰ বেপাৰী আহে৷ কবিৰাজী দেৱাই বিক্ৰী কৰা গাড়ী মানুহ এজনো বহেহি৷ ৰঙা-নীলা পনীয়া দেৱাই ভৰাই থোৱা বটলবোৰ সন্মুখত লৈ কেঁচুমুৰীয়া তেজ-হাগনিৰ দেৱাই বিক্ৰী কৰাবলৈ কিনিবলৈ মানুহক চিঞৰি চিঞৰি বিশিষ্ট সুৰ এটাৰে বিজ্ঞাপন দিয়ে৷ কলেজৰ go as you like ত এবাৰ সি এনেকুৱা কবিৰাজ এজন হৈ দ্বিতীয় পুৰস্কাৰ পালে৷ এটা নিৰ্দিষ্ট সুৰত সি গাইছিল–কেঁচু-মুৰীয়াৰ দেৱাই, শৌচ হাগনিৰ দেৱাই, আপোনাৰ যদি অজীৰ্ণ হৈছে অজীৰ্ণৰ দেৱাই–ধেৰ বাৰে বিংকৰা… বেমাৰৰ নাম কৈ সি দৰৱ বিক্ৰী কৰাত লাগিল৷ ল’ৰা-ছোৱালীবোৰে তাক হহুৱাবলৈ নানান কাৰচাজি কৰিও বিফল হ’ল৷
‘‘আজি ছাটান যে কবিৰাজ হৈ ওলাল৷’’
ছাটান লগত Fallen Angel সকল ক’ত গ’ল আজি?’’
নানান তিৎকাৰি৷ তাৰ লগৰ ৰনবীৰে দেখিলে বিনয়েচোন ভাল নাটক কৰিব পাৰিব৷ সেই সময়ত কলেজৰ বছৰেকীয়া খেল-ধেমালিও কৰিবৰ বাবে সি এখন নাটক লিখি আছিল৷ সি গৈ বিনয়ক লগ ধৰিলে৷ ব’ল নাটক কৰো৷
– কৰিব পাৰি৷ তই যদি ভাবিচ’নে মই নাটক কৰিব পাৰোঁ, কৰিব পাৰি৷
– পাৰিবি, কিয় নোৱাৰিবি৷
– ব’ল আজি মোৰ মেচতে থাকিবি৷
– জেঠাইক কৈ আহিবগৈ লাগিব৷
– কৈ আহ যা৷
জেঠায়েকৰ গাঁওখনত বছেৰেকত এবাৰ হ’লেও ভাওনা হয়৷ সি ভাওনা চাইছেহে৷ এবাৰো কৰি পোৱা নাই৷ হ’লেও ভাওনাৰ বচন মাজে মাজে আওৰায়৷ শকুনিৰ প্ৰতিশোধ, পাপী কৰ্ণৰ কথোপকথন আওৰায়৷
নিষাদ পুত্ৰ একলব্যৰ বচন আওৰায়৷ ৰনবীৰৰ নাটক কৰাৰ কথা কোৱাত সি ভালেই পালে৷
জেঠায়েকক কৈ সি পোনচাটেই ৰনবীৰ মেচ পালেগৈ৷ পদুলি পাইয়েই বিনয়ে জোৰে জোৰে টিলিঙা বজালে৷ কোন অ’ ইমানকৈ শব্দ কৰিছ? ৰনবীৰ লগৰে হাঁহি হাঁহি ক’লে– চাইকেলত ছাটান৷
বচ হৈ গ’ল মোৰ নাটকৰ নামো হৈ গ’ল৷ ইমান সুন্দৰ নাম৷
মোৰ নাটকৰ হিৰ’ইও দেউতাকৰ লগত মতানৈক্য হৈ গুচি যাব ঘৰ এৰি৷ তাৰ ঘৰলৈ মনত পৰিব৷ বাৰে বাৰে ঘৰলৈ ঘূৰি যাও বুলি ভাবিও কাৰো ওচৰত তল নপৰা গোড়াৰ স্বভাৱৰ বাবে সি ঘৰলৈ নগৈ হোষ্টেলতে থাকিব৷ মাকৰ পৰা মনে মনে পইচা আনি চলিব৷ এদিন হঠাতে উগ্ৰপন্থী সংগঠন এটাৰ মুৰববী নেতৃস্থানীয় ব্যক্তিক লগ পাই উগ্ৰপন্থী সংগঠনত যোগ দিব৷ সি সৰল-চিধা মানুহ৷ এদিন মোহভংগ উগ্ৰপন্থী সকলে surrender কৰি ঘূৰি আহি কৌটিপতি হ’ব৷ কোনোবা মিনিষ্টাৰ, এম. এল এ হ’ব৷ সি একো কৰিব নোৱাৰে৷ সি নাই ঠিকাদাৰী কৰিব পাৰে, নাই ডকা-হকা দি পইচা আনিব পাৰে৷ লাহে লাহে অকলশৰীয়া হ’ল৷ ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰিল৷ আহি দুবাৰ দুটা সৰু চাকৰি নোসোমোৱা নহয়৷ দুয়ো বাৰেই ওপৰৱালাৰ লগত কাজিয়া কৰি গুচি আহিল৷ ঘৰৰ মানুহৰো সি চকুৰ কূটা দাঁতৰ হুল৷ অলপ বয়স হ’লত, সি বুজিলে যে এনেকৈ হ’লে নচলিব৷ স্থানীয় এম এল এজনৰ লগা ভগা কাৰোবাক কৈ সি এটা হালধি-মচলা পিছা মেচিন পালে আৰু ওচৰৰ পাজৰৰ গাঁওসমূহৰ পৰা হালধি-মচলা আনি মেচিনত গুড়ি কৰি পেকেট কৰে৷ পেকেটবোৰ মোনা দুটাত ভৰাই সি গাঁৱে গাঁৱে, দোকানে দোকানে বিক্ৰী কৰি ফুৰে৷ ক’লা টকা ধনী হোৱা বিক্ৰী যোৱা উগ্ৰপন্থীৰ বিপৰীতে এটা হোজা প্ৰাক্তন উগ্ৰপন্থীৰ চৰিত্ৰ ৰনবীয়ে ততালিকে নাটখনৰ নাম দিলে–‘চাইকেলত চইতান’৷ সি নাটকখন এতিয়া একাংক নাটক হিচাপে লিখিলেও পিছলৈ পূৰ্ণাংগ নাটক হিচাপে লিখাৰ পৰিকল্পনা কৰিয়েই পেলালে৷ তাত Milton-ৰ Paradise lost ৰ ছাটান কেনেকৈ স্বৰ্গৰ পৰা বিতাৰিত হৈ নৰকত জুইৰ মাজত পৰি আছিল, ছাটানৰ মুখৰ কথা কিছুমানে সংলাপৰ ৰূপত দিব৷ আদাম আৰু ইভক লৈও এটা নতুন ধৰণৰ দৃশ্য সংযোজন কৰিব৷
তই ছাটান নাম লৈ বৰ ভাল কৰিলি বিনয়৷ চাইকেলত উঠি এনেকৈ মোৰ ঘৰলৈ আহি আৰু ভাল কৰিলি৷ চিৰঞ্জীৱী হ৷
তাৰ পিছত পুৰাদমে নাটকৰ ৰিহাৰ্চেল চলিল৷ কলেজ উইকলৈ দুদিন মান থাকোতে নাটকৰ মূল নায়ক বিনয় ওৰফে ছাটান উধাও৷
অঞ্জনাইহে কান্দি কান্দি জনালে সি উগ্ৰপন্থী সংগঠনত যোগ দিছে৷ জেঠায়েকৰ গাত কঁপনি উছিল৷ ইমান দিনে নিজৰ ল’ৰাৰ দৰে তুলি-তালি তাক ডাঙৰ-দীঘৰ কৰিলে এতিয়া আকৌ সি দেশ স্বাধীন কৰিবলৈ যায়৷ ই সঁচাই উপৰুৱা৷ মাক-বাপেকৰ ওচৰত মই কেনেকৈ মুখ দেখুৱাওঁ৷
‘‘ছাটানৰ চাইকেলখন ক’ত?’’ ইকবালে হেমন্তক সুধিলে৷ ছাটান, ছাটান বোলোতে বিনয় নামটো কাহানিবাই তল পৰিল৷
‘নৈৰ পাৰত শৈলেনহঁতৰ ঘৰ৷ শৈলেনক আজিয়ে ধৰি লৈ গৈছে৷’’
‘‘ই বেটাই নিজেতো মৰিছেই, আনকো বিপদত পেলাই গৈছে৷’’ কোনোবাই মন্তব্য দিলে৷
‘‘একো খেলি-মেলি নাপাই আৰ্মিয়ে শৈলেনক এৰি দিছে৷ শৈলেনে কোৱা মতে ছাটান চাইকেল লৈ তাৰ ঘৰলৈ যোৱাটো হয়৷ দুপৰীয়া ভাত খাই নৈৰ পাৰলৈ গৈ ঘূৰি অহা নাই৷’’
ঘটনাটোৱে বেছ কিছু দিন কলেজ আৰু ওচৰ চৌপাশৰ অঞ্চল সমূহৰ ছেনচেশ্যন সৃষ্টি কৰি থাকিল৷ ‘কলেজ উইকত যেনে তেনে একাংকিকা নাটকখন মঞ্চস্থ হ’ল যদিও মূল চৰিত্ৰটোৱে সংলাপ মনত ৰাখিব নোৱাৰাৰ বাবে আশা কৰা মতে পুৰস্কাৰ পাবলৈ সক্ষম নহ’ল৷
‘কলেজ উইক’ৰ পোন্ধৰ দিন মান পিছত বিধস্ত যেন দেখা বিনয় হঠাতে জেঠায়েকৰ ঘৰ ওলালহি৷ তাকো ৰাতি৷
‘‘ভাত খাওঁ৷ মোক একো নুসুধিব৷’’
অঞ্জনা আৰু সি যে জানিলে বিনয়ৰ পুৰণা বন্ধু, আত্মসমৰ্পণকাৰী জিতেনে তাক পইচাৰ প্ৰলোভন, লগতে ব্লেকমেইল কৰি নাটকখনৰ পৰা বিৰত ৰাখিলে৷
‘‘এইখন নাটক তই কৰিব নোৱাৰ৷ মই লৈছো নহয়৷’’ তেন্তে মই কেনেকৈ কওঁ৷ নাটক হ’বলৈ মাথো পাঁচদিন আছে৷
‘‘মই উপায় উলিয়াম৷ অ’ কালিলৈ নৈৰ পাৰলৈ আহিবি৷’’
কথামতেই কাম৷ মাজতে টকা দহ হাজাৰো লাভ, জিতেন থাকিলে আৰ্মিৰো ভয় নাই৷’’
‘‘তই এইটো কথা মৰিলেও নক’বি অঞ্জনা, কাকোৱেই নক’বি৷’’
‘‘তই পিছে কলেজ কি কৰিবি? কি কৰোঁ চাওঁ৷’’
ৰাতিৰ গভীৰ হৈ অহা আন্ধাৰত বিনয় ভাৱত নিমগ্ন হ’ল৷ কিবা এটা কৰিব লাগিব৷