মহিলাৰ মনোজগতখন (কৰৱী বৰ্মন কলিতা) – Purbodix.com

মহিলাৰ মনোজগতখন (কৰৱী বৰ্মন কলিতা)

নাৰীমন একোটা খুৱেই আৱেগিক আৰু সংবেদনশীল৷ কিন্তু সময়ে সময়ে নাৰীয়ে নিজৰ ধৈৰ্য হেৰুৱাই জীৱনৰ লক্ষ্য পথৰ পৰা বিচলিত হয়৷ ফলস্বৰূপে সময়ে সময়ে হতাশা আৰু অস্থিৰতাই মনৰ চাৰি কোঠাত ক্ৰিয়া কৰিবলৈ লয়৷ নাৰীমন ব্যাকুল হৈ পৰে৷ উচিত-অনুচিতৰ সুবিচাৰ কৰিব পৰা ক্ষমতাখিনি লোপ পাৱলৈ ধৰে তেতিয়া৷ বৰ্তমানৰ তথা কথিত সমাজখনত বহুতো নাৰীয়েই নিজৰ কৰ্মক্ষেত্ৰত অথবা পাৰিবাৰিক জগতখনত লগত জড়িত বিষয়সমুহৰ লগত খাপ খাৱ নোৱাৰি হতাশাগ্ৰস্ততাত অথবা অস্থিৰতাত ভুগিবলৈ লৈছে৷ এটা সুৰক্ষিত, শান্তিপূৰ্ণ জীৱন সকলোৰে কাম্য৷ তাৰ বাবে একোগৰাকী সন্তানক পিতৃ – মাতৃয়ে বহু কষ্টৰে ডাঙৰ-দীঘল কৰে৷ শিক্ষা-দীক্ষাৰে উপযুক্ত কৰি তোলে, নিজকে ভৱিষ্যত লৈ স্বাৱলম্বী হ’বলৈ উৎসাহ দিয়ে৷ কিন্তু কেতিয়াবা সেই চেষ্টা-যত্ন একোজন অভিভাৱকৰ বিফলে যায়৷ পিতৃ- মাতৃৰ সপোন পূৰণ কৰিব নোৱাৰি, নিজকে সফল আৰু সাৰ্থক ৰূপত প্ৰমাণ কৰিব নোৱাৰি, প্ৰায়ভাগ ছোৱালী সন্তানে বিপথগামী হয় , দিগভ্ৰান্ত হয়৷
নিজৰ পৰিচয়, লক্ষ্যক পাহৰি যিকোনো অনৈতিক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰা হয়৷ ফলত এক অন্ধকাৰময় জীৱন৷ আজিকালি আকৌ আধুনিকতাৰ ঢৌৰ লহৰে যুৱতীসকলক বাৰুকৈয়ে আকৃষ্ট কৰিবলৈ লৈছে৷ দেখাক দেখি অসংযত কিছুমান পশ্চিমীয়া সাজ পৰিধান কৰা, নিচা জাতীয় দ্ৰব্য সেৱন কৰা ইত্যাদিবোৰ যেন এক প্ৰকাৰ ফেশ্ব্যচনলৈ ৰূপান্তৰ হ’বলৈ লৈছে৷ কুসংগই কোনো এগৰাকী যুৱতীৰ জীৱনৰ গতিপথক সলনি কৰি দিয়াৰ উদাহৰণো অনেক সমাজত৷ জীৱনক ভুল মানদণ্ডৰে পৰিমাপ কৰাৰ বাবেই শেষলৈ মানসিক অস্থিৰতাত ভোগে তেওঁলোকে৷ বহু যুৱতীয়ে আকৌ উচ্ছ শিক্ষিতা হৈও স্ব- উৰ্পাজনৰ পথ এটি মোকলাব নোৱাৰি অস্থিৰ হৈ পৰে৷ হয়তো তাৰ বাবেই আৰু কিছুমান বিকল্প বাচি ল’বলৈ বাধ্য হৈ পৰে যি সম্পূৰ্ণ নৈতিক পৰিধিৰ বাহিৰৰ বিষয় হয়৷ যাৰ বাবে পুনৰ আকৌ নিজৰ পৰিচয় হেৰুৱাৰ হতাশাই ভিতৰখন নিঃশেষ কৰি পেলায় তেওঁলোকৰ৷ আকৌ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সময়চোৱাত অভিভাৱকৰ তাগিদাত, নিজৰ ৰুচিৰ বিৰnে¸দ্ধ পাঠ অধ্যয়নৰ হেঁচাই যুৱতী এগৰাকীক মানসিক অস্থিৰতাত পেলায়৷ এনে আনুসংগিক আৰু বহুতো উপকাৰণ নি(য় আছে , হতাশাৰ আঁৰত৷ যাৰ ফলত মনোবল হেৰুৱাই যুৱতী এগৰাকীয়ে নিজকে নিঃশেষ কৰিও পেলায়৷ উইলিয়াম গ্ৰে’ৰ মতে, ‘‘মানুহ য’তে আছে, সেইভাৱে সেই অৱস্থাতেই নিজক চিনিব আৰু জানিব লাগিব৷’’ নিজৰ ওপৰত থকা বিশ্বাসখিনি উপলব্ধি কৰিব পাৰিলে জীৱনত ব্যৰ্থতাই লগ দিব নোৱাৰে৷ এইক্ষেত্ৰত সামৰ্থ অনুসৰি সঠিক কামবোৰ সময়ত সমাধান কৰিব পৰা মনোভাৱ নিজৰ মাজত ৰখাৰ প্ৰয়োজন৷ জীৱনত অস্থিৰতাৰ সময়খিনিক কিদৰে সম্যক জ্ঞানেৰে পাৰ কৰিব পাৰি তাৰ বাবে প্ৰস্তুত থকাৰ প্ৰয়োজন৷ ঘাত-প্ৰতিঘাত জীৱনৰ অংশ বিশেষ৷ ইয়াৰ লগত যুঁজ দিবই লাগিব তেহে সফলতাৰ আশা কৰিব পৰা যায়৷ এই ক্ষেত্ৰত অভিভাৱকসকলেও নিজৰ জীয়ৰীজনীৰ মনটো পঢ়িবলৈ যত্ন কৰা উচিত হ’ব৷ পাৰস্পৰিক বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ মাধ্যমেৰে অভিভাৱক আৰু সন্তানৰ মাজৰ দূৰত্বখিনি লাঘৱ কৰিব পৰা যায়৷ গতিকে নিজৰ কন্যা সন্তানগৰাকীয়ে কি বিচাৰে তাকো অনুধাৱন কৰিবলৈ যত্ন কৰিব লাগে৷ জীৱনৰ জটিলতাসমুহক নেওচি সৎ, সাহসী কৰি তুলিবলৈ সন্তানগৰাকীক যত্নপৰ হ’ব লাগিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *