by Arup Kakoti
এইবাৰ আঁহো মোৰ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব লোৱা ঘৰখনলৈ Ballantrae Apartment ৰ সু-সজ্জিত এটি ঘৰ৷ মানুহ জীয়াই থাকিবলৈ প্ৰয়োজনীয় তিনিটা মৌলিক উপাদানেই হ’ল খাদ্য, বস্ত্ৰ আৰু বাসস্থান৷ বাসস্থানৰ পৰাই আৰম্ভ কৰোঁ৷
বাহিৰত সেউজীয়া গছ-গছনি , ফুলনিৰে ভৰা আৰু ভিতৰখন বৈদ্যুতিক সা-সঞ্জামেৰে ভৰপূৰ৷ Electric gas, stove oven , microwave, refrigerator, dish washer আদিৰে পাকঘৰটো পৰিপূৰ্ণ গোটেইবোৰ শিকিবলৈ দুটাদিন দৰকাৰ হৈছিল যদিও সৰু-সুৰা ঘটনা মাজে মাজে এতিয়াও ঘটাই থাকো৷ মানুহৰ একো হানি-বিঘিনি ঘটা নাই বাৰু এতিয়ালৈ৷ ঘৰ সৰা, মচা, কাপোৰ ধোৱা সকলো মেচিনেই কৰে৷ কাপোৰ যে পখৰ ৰ’দত শুকোৱাৰ নিচিনাকৈ মেচিনতো শুকাই ইয়াত আহিহে দেখিবলৈ পালোঁ৷ কম সময়ত ইয়াত একেলগে বহু কামেই কৰি দিব পাৰি৷ সুবিধা বহুত আছে সকলোক্ষেত্ৰতে৷


আমি থকা Apartment টোত বহুত সা-সুবিধা আছিল৷ আমোদ প্ৰমোদৰ সকলো ব্যৱস্থাই কৰা আছিল৷ ইয়াত মোৰ বাবে অতি প্ৰয়োজনীয় বস্তুটো Gym খন পালো ঘৰৰ লগতে৷ Swimming pool টো আছে যদিও পানীত নামিবলৈ বৰ এটা মন নগ’ল৷ লগতে সৰু ল’ৰা-ছোৱালীৰ বাবে অসংখ্য খেলা বস্তুৰে ভৰা এখন খেল পথাৰ৷ সন্ধিয়া ল’ৰা-ছোৱালীবোৰৰ খেল ধেমালি কৰা দেখি মনবোৰ কিবা অনাবিল সুখ এটাই ভৰি পৰে৷
ঘৰবোৰৰ সুৰক্ষা ব্যৱস্থাও অতি উচ্ছ মানদণ্ডৰ৷ আমি দহ ঘৰ মানুহ একেলগে আছো আৰু আমাৰ দহঘৰৰ বাবে এখন প্ৰধান দুৱাৰ আছে যিখন খুলিবলৈ এটা নিৰ্দিষ্ট চাবি স্কেন কৰিব লাগে৷ দহ ঘৰ আৱাসীৰ বাহিৰে অন্য কোনো লোকেই সোমাব নোৱাৰে৷ ২০৪ ঘৰ মানুহে গঠিত Ballantrae Apartment ৷
প্ৰত্যেক দহ-বাৰ ঘৰ মানুহৰ মাজত এখন মূখ্য দুৱাৰ আৰু প্ৰত্যেক ঘৰৰ মানুহৰ এটিকৈ নিৰ্দিষ্ট চাবি দিয়া থাকে মূখ্য দুৱাৰ খন খুলিবৰ বাবে৷ কোনোবা আলহী আহিলেও মূল দুৱাৰখন গৃহস্থই গৈ খুলি দিব লাগে৷ সকলো এপাৰ্টমেণ্টতে এই ব্যৱস্থাটো আছে, কিন্তু কিছুমান এপাৰ্টমেণ্টত ১০তকৈ অধিক আৱাসী থাকে৷ আচলতে কেইবাঘৰো একেলগে থকাৰ সুবিধা আছে৷ কিছুমান এপাৰ্টমেণ্টত সোমাই গ’লে হোটেলৰ ভিতৰলৈ সোমাই যোৱা যেন লাগে৷ কৰিড’টোৱে গৈ থাকিলে গমেই পোৱা নাযায়, এখন এখন দুৱাৰ ভিতৰত যথেষ্ট ডাঙৰ এটা এটা ঘৰ আছে বুলি ৷ ঘৰসমূহ এটাৰ পৰা চাৰিটালৈকে শুৱনি কোঠা আছে৷ আমি দুজন বাবে এটা বেড ৰূমৰ ঘৰ লৈছিলো৷ মানুহৰ সংখ্যা হিচাপত বেডৰূম ল’ব লাগে৷ সু-সজ্জিত পাকঘৰটোৰ সৈতে এটা ডাঙৰ ৰূম লগতে বেলকনিখন বৰ ভাল লাগে৷ বেডৰূমটো সুকীয়া৷ তাত কাপোৰ থ’বৰ বাবে আলমিৰা এটা৷ মানুহৰ সুবিধাৰ্থে আলমিৰা কেইবাটাও থাকে ঘৰবোৰত৷ বাথৰূমটো বৰ সুন্দৰ৷ বাথটাব আছে, গৰম ঠাণ্ডা পানী অনবৰতে পোৱা যায়৷ গৰম ঠাণ্ডা দুয়োটা পানী পাকঘৰটো পোৱা যায় সকলো সময়তে৷

এপাৰ্টমেণ্টবোৰ চোৱা-চিতা কৰা, ভাড়াবোৰ লোৱা, নতুন আৱাসী আহিলে সকলো নথি-পত্ৰ চোৱা, এইবোৰ কামৰ বাবে কিছুলোক নিয়োগ কৰি দিয়া থাকে৷ সুন্দৰকৈ অফিচ এটাও থাকে৷ তেওঁলোকে সকলোৰে সমস্যাবোৰ যিমান পাৰে সিমান সোনকালে সমাধা কৰি দিয়ে৷ কিন্তু ভাড়াৰ ক্ষেত্ৰত বৰ কাঢ়া৷ সময়সীমা পাৰহৈ গ’লে ফাইন বহুত দিব লাগে৷ ঘৰবোৰৰ একো অনিষ্ট কৰিব নোৱাৰি, ঘৰ লেতেৰা বা ঘৰৰ কিবা আচ-বাবৰ হানি-বিঘিনি ঘটিলে সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগে৷ নিয়মবোৰ কঠোৰ৷ সেইবাবেই চাগে বহু পুৰণি ঘৰবোৰো নতুন হৈয়ে থাকে সদায়৷
এটা বস্তুৱে মোক বাৰুকৈয়ে আকৰ্ষিত কৰে সেয়া হৈছে ইয়াৰ প্ৰত্যেকটো কাম ইমান নিখুঁত৷ মাজে সময়ে ঘুৰি ফুৰোতে আমি আৱাসীক অঞ্চলসমুহৰ মাজেদিও আহো৷ ইয়াৰ আৱাসিক এলেকাসমূহৰ আমেজেই সুকীয়া৷ সকলোৰে ঘৰবোৰ দেখাত প্ৰায় একেই৷ ভিতৰখন দেখাৰ সৌভাগ্যকন এতিয়ালৈকে পিছে মোৰ হোৱা নাই৷ দুটা ঘৰৰ মাজৰ সীমাত মই পকীবেৰ দেখা পোৱা নাই এতিয়ালৈকে যিমানকেইটা ঘৰ দেখিছোঁ৷ কিন্তু দুই এঘৰত কাঠৰ বাতাঁমৰ বেৰা নথকা নহয়৷ নিয়াৰিকৈ ৰাখে ঘৰৰ বাহিৰৰ পৰিৱেশটো৷ কেইজোপামান নিৰ্দিষ্ট গছ সকলোৰে ঘৰত থাকে৷ বিভিন্ন ধৰণৰ ফুলসমূহে ঘৰৰ সৌন্দৰৰ্য্য দুগুণে চৰায়৷ বাহিৰখনেই ইমান পৰিপাটি ভিতৰখন চাবলৈও মোৰ অনিসন্ধিৎসু মনটোৱে বাৰুকৈয়ে আমনি কৰে৷ গাড়ীৰে গৈ থাকোঁতে মাজে মাজে জুমি নোচোৱা নহয় বাৰু৷ ফটো তুলি আনিবলৈ মন এটা নথকা নহয় মোৰ, কিন্তু ইয়াৰ নিয়মবোৰ ইমান কঠোৰ যে গাড়ী ৰাখিব নোৱাৰি য’তে ত’তে৷ বহুপৰ ৰৈ ফটো তুলি থাকিলে কাৰোবাৰ যদি মনত কিবা সন্দেহ উপজি পুলিচক ফোন কৰে তেন্তে জেলখন দেখাৰ সৌভাগ্য নঘটিব৷ কিন্তু মোৰ পিছে মন যোৱা নাই জেল চাবলৈ সেই বাবে ফটো তোলাৰ আশাটোও ত্যাগ কৰিলো৷ ইয়াত আৰু এটা কথা মই মন কৰিছোঁ ফুৰিবলৈ যায় ফুৰে সৌন্দৰৰ্য্য উপভোগ কৰে, হাঁহি ধেমালিৰে সময়খিনি পাৰ কৰে ফটো তোলা বা অন্য কিবা কামত কাকো লাগি থকা নেদেখোঁ৷ হাতত কেমেৰা বা ম’বাইল লৈ ফটো তুলি নাথাকে৷
ইয়াৰ সকলো ঠাই ইমান চাফা, পৰিষ্কাৰ পৰিচন্ন হোৱাৰ মূলতে হৈছে মানুহখিনি বহুত সচেতন আৰু জাৱৰ পেলাবলৈ সু-ব্যৱস্থা আছে সকলোতে৷ অগ্নিনিৰ্বাপক ব্যৱস্থাও অতি উচ্ছ মানদণ্ডৰ, যিহেতু ঘৰবোৰ কাঠৰ গতিকে সকলো ঘৰতে ফায়াৰ এলাৰ্মৰ সুন্দৰ ব্যৱস্থা আছে৷ জুই লগাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ আমেৰিকাত প্ৰায় সকলো লোকৰে গাড়ী থাকে৷ গাড়ীখন নিত্য প্ৰয়োজনীয় সামগ্ৰীত পৰে, বিলাসীতাৰ চিন নহয়৷ এই গাড়ীসমূহৰ বাবেও সুন্দৰ ব্যৱস্থা আছে এপাৰ্টমেণ্টসমূহত৷ বগা ৰঙেৰে আঁচ টনা থাকে গাড়ী ৰখাবলৈ বাহিৰত৷ গেৰেজৰো ব্যৱস্থা নথকা নহয়, কিছু মূল্যৰ বিনিময়ত গেৰেজটো ৰাখিব পাৰি৷ বাহিৰত আৰামত থ’ব পাৰি একো অসুবিধা নহয়৷ মুঠৰ ওপৰত এক কথাত ক’বলৈ গ’লে সকলো সু-পৰিকল্পিত৷