মই পৰিৱেশে কৈছোঁ
প্ৰতিনিয়ত ধাৰাল তৰোৱালত ভৰি থৈ
শোণিতেৰে ৰাঙলী মোৰ বুকুখনত
স্তুপিকৃত কৰাল মৰা তেজৰ চেকুৰা৷
মইতো জনক নন্দিনী সীতা নহওঁ
প্ৰতিপল কাঁইটীয়া পথেৰে প্ৰতিবাদহীন
যাত্ৰা কৰিম নতুবা অগ্নিপৰীক্ষা দি যাম
মই নহওঁ পাঞ্চালৰ ৰাজকণ্যা পঞ্চালী
বুকুত অব্যক্ত বেদনা লৈ নিৰ্বিবাদে
পাণ্ডুপুত্ৰ পাঁচোজনকে স্বামী বুলি জাপি
দিয়া সিদ্ধান্তকে মোৰ পাতি ল’বলৈ৷
আৰু ৰাধাও হ’ব নোৱাৰো মই কেতিয়াও
প্ৰাপ্য প্ৰতিদানৰ পৰা বঞ্চিত মোৰ
আকুণ্ঠ প্ৰেমৰ চিৰ যুগমীয়া স্মৃতি বুকুত
সাবটি চিৰ প্ৰবাহমান হৈ বোৱাই
থাকিবলৈ সঁচা প্ৰেমৰ বোৱতী নদী৷
শুনিছানে সকলোৱে মোৰ যন্ত্ৰণাৰ ভাষা
ব্ৰজহুংকাৰ দি সকলোকে সকীয়াইছোঁ
মোক আৰু উন্মাদ, উলংগ নকৰিবা
নকৰিবা নিঃস্ব বুকুখন চিৰাছিৰি কৰি
জীয়াই ৰাখা পৰিৱেশক
জীৱকুলৰ ভৱিষ্যতক৷৷