কল্প বিজ্ঞানৰ কাহিনীৰে এক ব্যতিক্ৰমধৰ্মী ছিব ‘আদ্ভিত্য’ (কল্যাণ কুমাৰ কলিতা) – Purbodix.com

কল্প বিজ্ঞানৰ কাহিনীৰে এক ব্যতিক্ৰমধৰ্মী ছিব ‘আদ্ভিত্য’ (কল্যাণ কুমাৰ কলিতা)

অসমীয়া চলচ্ছিত্ৰজগতত নৱপ্ৰজন্মৰ বহু প্ৰতিভাশালী যুৱক-যুৱতীৰ পদাৰ্পণে নতুনত্বৰ পয়োভৰ ঘটাইছে৷ এইবাৰ তেনে এখন সম্পূূৰ্ণৰূপে অগতানুগিতক চিন্তা-চৰ্চাৰে অসমীয়া ছিব নিৰ্মাণ কৰিছে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান পৰিচালকে৷ অৰিন্দম শৰ্মাৰ পৰিচালনা তথা ‘কৃষ্ণা ক্ৰাফট প্ৰডাকচনছ প্ৰাইভেট লিমিটেড’ৰ বেনাৰত ব্ৰজেন্দ্ৰ নাথ শৰ্মাৰ প্ৰযোজনাৰে নিৰ্মিত উক্ত পূৰ্ণদৈঘ্যৰ অসমীয়া ছবিখনৰ নাম ‘আদ্ভিত্য’৷ উল্লেখ্য যে, ছিবখন সম্পূৰ্ণৰূপে অসমীয়া কল্পবিজ্ঞানৰ কাহিনীৰে নিৰ্মিত এখন ছুপাৰিহৰ’ ছিব৷
ছিবখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ পৰিচালক অৰিন্দম শৰ্মাৰ৷ পৰিচালকে জানিবলৈ দিয়া মেতে, ছিবখনত অসমৰ চলচ্ছিত্ৰপ্ৰেমীয়ে দেিখবলৈ পাব ‘আদ্ভিত্য’ শীৰ্ষক এজন অসমীয়া ছুপাৰিহৰ’ আৰু ‘ৰেয়’ নামৰ অতি শক্তিশালী এজন ছুপাৰ ভিলেইন৷ ছিবখনত ভিলেইনজন ছুপাৰিহৰ’তকৈ বহু বেছি সক্ষম৷ এনে অৱস্থাত আদ্ভিত্যই ৰেয়ক পৰাভূত কৰিব পাৰিবনে নোৱাৰে সেয়া দৰ্শকে ছিবখনৰ মাজত দেিখবলৈ পাব৷ ছিবখনত ছুপাৰিহৰ’ আৰু ভিলেইনে আকাশত উৰি যুদ্ধ কৰাৰ লগেত এখন যাত্ৰীবাহী বিমান ব্ৰহ্মপুত্ৰ নদীৰ পাৰত দুৰ্ঘটনা হোৱাকে ধৰি কেতবোৰ শিহৰণকাৰী দৃশ্য সম্বলিত কৰা হৈেছ৷ আকৌ ছিবখন ত৩৬০টা ভি এফ এক্স শ্বট আছে৷ লোমহৰ্ষক একচনধৰ্মী এই ছিবখনত সমান্তৰালভাৱে সন্নিৱিষ্ট আছে এটি নিভাঁজ প্ৰেম-কাহিনী৷ ছিবখনৰ মুখ্য চৰিত্ৰ তিনিটা ৰূপায়ন কৰিছে ক্ৰমে সৰুপৰ্দাৰ জনপ্ৰিয় অভিনেতা অৰ্ণৱ আয়ান, নৱাগতা অভিনেত্ৰী নিহা ৰাণী দাস আৰু প্ৰঞ্জল শইকীয়াই, অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত অভিনয় কৰিছে মানৱেন্দ্ৰ শৰ্মা, সুৰিজৎ শৰ্মা, ছিব-পৰিচালক বলীন শৰ্মা, অতনু কাশ্যপ, গিতীকা নন্দা, বিকাশ বৰা, বিষ্ণুপ্ৰিয়া কাকিত, নিলোৎপল বৰা, কুন্তল কাশ্যপ, আলোক বৰুৱা, দিগন্ত বৰুৱা, সংগীতা বৰুৱা আদিেক ধৰি ন-পুৰণি অভিনয় শিল্পীয়ে৷ এটা ভি এফ এক্স ছিকুৱেন্সৰ সৰু চৰিত্ৰত অভিনয় কৰিছে অভিজ্ঞান শৰ্মাই৷ ছিবখনৰ দৃশ্যগ্ৰহণ কৰিছে অৰিন্দম শৰ্মা, কৈলাশ দুৱৰা আৰু নাছিৰুল হুছেইনে, সংগীত পৰিচালনা অংকুৰ শৰ্মা আৰু দিপু শৰ্মাৰ, গীতৰ কথা আৰু সুৰ অংকুৰ শৰ্মাৰ, গীতত কণ্ঠ নিগৰাইছে দিক্ষু শৰ্মা আৰু সিঞ্চতা শৰ্মাই আনহাতে সংগীত ব্যৱস্থাপনা কৰিছে গিৰিজা প্ৰডাকচন ষ্টুডিঅ’ [কাৰখানা]ৰ সহেযাগত দিপু শৰ্মাই৷ ছিবখন সন্দৰ্ভত নিজৰ মনৰ ভাব ব্যক্ত কৰি পৰিচালক গৰাকীয়ে কয়, এই ছিবখন নিৰ্মাণৰ পৰিকল্পনা বহু আগেতই কৰা হৈিছল৷ নিশ্চিত ভাবে অসমীয়া ছবিজগতত এয়া এক নতুন চিন্তা-ধাৰাৰ সংযোজন হ’ব কিয়নো পূৰ্বতে অসমত ছুপাৰিহৰ’ক লৈ ছিব নিৰ্মাণ হোৱা নাই৷ ছিবখনৰ সফলতা সম্পূৰ্ণৰূপে চলচ্ছিত্ৰপ্ৰেমীৰ ওপৰত ন্যস্ত, তথাপি এটা কথা ন-দি ক’ব পাৰি যে, পৰিয়ালৰ সকলোৰে বাবে উপভোগ্য এই ছিবখন উপভোগ কৰি চলচ্ছিত্ৰপ্ৰেমীয়ে এক নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব৷ বৰ্তমান ছিবখনৰ সম্পাদনাৰ কাম পূৰ্ণগতিত চলি আছে৷ পৰিস্থিতি ভাল দিশলৈ আহিেল চলিত বৰ্ষৰ শেষৰ পিনে ছিবখন দৰ্শকলৈ আগবঢ়োৱা হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *