
মোৰ গৃহস্থ বেছি মৰমীয়াল৷ তেওঁ সীমাৰ কথা নাভাবে৷ দেখি আছোঁ ছোৱালীজনীৰ আশা বাঢ়ি গৈ আছে৷ ল’ৰাটোৰ তেতিয়া জন্ম হোৱাই নাই৷ তেওঁ বাধা দিলেওঁ নুশুনে৷ কি কৰা যায়/
বহুত ভাবি খৃষ্টমাছৰ সময়ত তাইক লৈ গৈ খৃষ্টমাছ ট্ৰী কিনি আনিলোঁ৷ লগতে গছজোপা সজাবলৈ তৰা, সৰু সৰু পৰী আদি৷ তাইৰ লগত মিলি গছজোপা সজালোঁ৷ খৃষ্টমাছ আৰু ছান্তাক্লজৰ বিষয়ে তাই জানে৷ তাইক কৈছো ছান্তাক্লজে চব দেখি থাকে৷ তুমি যদি ভাল কাম কৰা তোমাক গুড
points দিব৷ কিন্তু তুমি যদি বেয়া কাম কৰা তোমাক badpoints
দিব৷ ছান্তাক্লজে ভাল কাম কৰিলে বহুত ভাল পায়৷ তেওঁ সকলোকে
ভাল পায়৷ ভাল কাম কৰাবোৰক বেছি ভাল পায়৷ খৃষ্টমাছত সকলোকে উপহাৰ দিয়ে৷ তুমিও তোমাৰ ৱিশ্বলিষ্টখন ‘তাইৰ যি যি পাবৰ মন আছে’ বনোৱা৷ ছান্তাক্লজলৈ চিঠি এখন লিখা৷ লগত ৱিছলিষ্টখনো দিবা৷ গছজোপাৰ তলত থৈ দিবা৷
তাৰ পিচত ল’ৰাটো আমাৰ জীৱনলৈ আহিল৷ তেওঁলোকে সৰু সৰু হাতেৰে ছান্তাক্লজলৈ চিঠি লিখে৷ যি যি বিচাৰে লিখি দিয়ে৷ মই দিব পৰা বস্তুবোৰ বিভিন্ন ধৰণৰ ৰঙীন কাগজেৰে মেৰিয়াই মনে মনে গছজোপাৰ তলত থৈ দিওঁ৷
তেওঁলোকে যেতিয়া পেকেটবোৰ খোলে, তেতিয়া তেওঁলোকৰ জ্বলমলাই থকা মুখবোৰ দেখিলে মোৰ ভিতৰখন অনিৰ্বচনীয় আৱেগত দ্ৰৱীভূত হৈ যায়৷ ছোৱালীজনীৰ পোৱাৰ ইচ্ছাবোৰ তেনেই নম্ৰ৷ ল’ৰাটো তাতকৈ বেলেগ৷ তাৰ ইচ্ছাবোৰৰ তালিকা দীঘলীয়া হয়৷ দুয়োটাই সেইকেইদিন সপোনত বুৰ গৈ থাকে৷ তাৰ পিচত আহে গছৰ তলত ভৰি থকা ৰঙীন উপহাৰবোৰ পোৱাৰ আৰু খোলাৰ মুহূৰ্তবোৰ৷ সেই আনন্দ, সেই বিষ্ময়, সেই উদ্দীপনাৰে ভৰা মুহূৰ্তবোৰে মোৰ জীৱন আৰু বেছি অৰ্থবহ, আৰু বেছি পৰিপূৰ্ণ কৰি তোলে৷
দীঘলীয়া ৱিশ্বলিষ্টৰ কিছু পায়৷ কিছু নাপায়৷ ছান্তাক্লজে কিয় নিদিলে বুলি প্ৰথমবাৰ দুখ কৰিছিল৷ বিশেষকৈ ল’ৰাটোৱে৷

“দুখ নকৰিবা৷ বেয়াও নাপাবা৷ পৃথিৱীৰ হাজাৰ হাজাৰ ল’ৰা ছোৱালীয়ে ছান্তাক্লজলৈ চিঠি লিখিছে৷ তেওঁতো সকলোকে দিব লাগিব৷ তোমালোককেই যদি চব দি দিয়ে সকলোকে যে দিব নোৱাৰিব৷ তেওঁৰ পিঠিৰ বেগটোত বহুত বস্তু ধৰে৷ কিন্তু সকলোৱে বিচৰা সকলো বস্তু তাত কেনেকৈ আটিব? যি বিচাৰা সকলো দিব নোৱাৰে৷ ভগাই দিব লাগে৷ যিখিনি দিছে তেওঁ ভাবি চিন্তি যিমান দিব লাগে সিমানহে দিছে৷ তেওঁক ধন্যবাদ দিয়া৷
লাহে লাহে সহজ হয় তেওঁলোক৷ আশা আৰু ইচ্ছাৰ সীমা কাক কয় লাহে লাহে শিকে৷ যি পায় সেইখিনিতেই সন্তুষ্ট হ’বলৈ শিকে৷ যি পায় তাকেই লৈ সুখী হ’বলৈ শিকে৷ শিকে–সকলো আশা, সকলো ইচ্ছাই পূৰণ হ’ব বুলি আশা কৰাটো ভুল৷
এতিয়া তেওঁলোক ডাঙৰ হৈছে৷ তেওঁলোকে ভালকৈ জানে আশা আৰু ইচ্ছাক কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে৷মই নিশ্চিন্ত৷