১৪৪ ধাৰা বা ধাৰা ১৪৪ সম্পৰ্কত আমি প্ৰতিজনেই ক’ৰবাত নহয় ক’ৰবাত এবাৰলৈ হ’লেও জানিছো৷ এই ১৪৪ ধাৰাৰ দ্বাৰা আমি নিয়ন্ত্ৰিত হৈছো বা ইয়াৰ দ্বাৰা প্ৰভাৱিত আৰু শাসিত সময়ে সময়ে হোৱাৰ উপক্ৰম হওঁ৷ এই ১৪৪ ধাৰা সম্পৰ্কত আমি বিতংভাৱে নহ’লে থুলমুলকৈ আলোচনাৰ প্ৰয়াস কৰা হৈছে৷ সমাজৰ এজন নাগৰিক হিচাপে আমি আইন মানি চলাৰ লগতে আইনৰ জ্ঞান সম্পৰ্কত কিছু ধাৰণা থকাৰো প্ৰয়োজন৷ স্বাধীন ভাৰতৰ সংবিধানে ভাৰতীয় আইন আৰু গণতান্ত্ৰিক চেতনা বৰ্তাই ৰাখিলেও আৰু সমান্তৰালকৈ বহু আইন আমাৰ সমাজত বলৱৎ হৈ আছে৷ যিবোৰৰ প্ৰভাৱ পৰ্যায়ক্ৰমে প্ৰয়োজন অনুসৰি সমাজৰ প্ৰতিজন ব্যক্তিয়েই জীৱনত প্ৰভাৱিত হৈছে৷

এতিয়া আহোঁ ধাৰা ১৪৪নো কি? স্বাধীন ভাৰতৰ ফৌজদাৰী কাৰ্যবিধিৰ বাবে ভাৰতীয় সংসদে ১৯৭৩ চনত এখন সৰ্বগ্ৰহণীয় ভাৰত ভূ–খণ্ডত প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰীয় আইন প্ৰণয়ন কৰিছিল৷ যাক ‘ফৌজদাৰী কাৰ্যবিধি আইন,
১৯৭৩ [১৯৭৪ চনৰ ২ নং আইন]’ ইংৰাজীত The code of criminal Procedure, ১৯৭৩ (Act ত্ত্বপ্স–২ of ১৯৭৪গ্গ চমুকৈ
ট্ৰব্জPC. বুলি জনা যায়৷ এই আইনৰ দশম অধ্যায়ৰ [ধাৰা ১২৯১ পৰা ১৪৮]
সাৰ্বজনীন শৃংখলা আৰু শান্তিৰক্ষা (Maintenance of Punlc order and
tranquillity) এই গুৰুত্বপূৰ্ণ ধাৰাসমূহ তথা অধ্যয়নৰ অংশ বিশেষে হ’ল ১৪৪ ধাৰা৷
প্ৰকৃতাৰ্থত ১৪৪ ধাৰা এক আইন বলৱৎকাৰী ফৌজদাৰী আইনৰ ধাৰাহে৷ যাৰ দ্বাৰা শান্তি শৃংখলা শ্চLaw
and order) অটুট ৰখা আৰু সম্ভাৱনীয় বিপদ–আপদৰ পৰা ৰক্ষা কৰা তেনে কাৰ্য ৰোধৰ আইনী আহিলাহে৷ বা বে–আইনীভাৱে মানুহ সমাগম ৰোধ ইত্যাদিয়ো অন্তৰ্ভূক্ত৷ এই ক্ষেত্ৰত আমি ১৪৪ ধাৰাৰ সৈতে জড়িত বা ১৪৪ ধাৰা বলৱৎ কৰিব লগা বিধিগত বা আইনী অন্য কেইটামান ধাৰা আলোচনা কৰিলে বুজাত সহজ হৈ উঠিব৷
ফৌজদাৰী কাৰ্যবিধি আইন ধাৰা ১২৯ [ৰ]
অনুসাৰে– যদি কোনো ঠাইত বা বহু ঠাইত বা নিৰ্দিষ্ট ঠাইত প্ত জন বা তাতোকৈ বেছি ব্যক্তি বা থূপ বা ব্যক্তিৰ সমষ্টিয়ে–
ক] শান্তি–শৃংখলা ভংগ কৰে বা ভংগৰ প্ৰয়াস কৰে;
খ] বে–আইনী কৰ্মৰ বাবে এক গোট হয় বা পৰিকল্পনা কৰে তেনেহ’লে বা তাৎক্ষণিকভাৱে বা সামৰিক বা অসামৰিক কায়দাৰে বা বলৱৎ হোৱাকৈ
– কাৰ্যবাহী দণ্ডাধীশ বা
– ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বা
[নিৰ্দিষ্ট থানা এলেকা]
– সহকাৰী পৰিদৰ্শক [এছ আই উচ্ছ পৰ্যায়ৰ]
এজনে জনতাক বা সেই নিৰ্দিষ্ট কৰা ঠাইৰ সমবেত ছেদেলি–ভেদেলি হৈ যাবলৈ নিৰ্দেশ দিব পাৰে৷ উল্লেখ কৰা ভাল যে এই একে বিষয় অবৈধ বুলি বিবেচিত কাৰ্যকলাপ ৰোধ কৰাৰ বাবে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৪১ত ব্যাখ্যা স্পষ্টৰূপত পোৱা যায়৷ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪১
[১] [২] [৩]
[চ্ছ্ৰ] [প্ত] আৰু ১৪২ ধাৰাত অবৈধ জনতা
(Unlawful Assembly) বুলি অভিহিত কৰিছে৷ একেদৰে– ফৌজদাৰী আইনৰ ট্ৰব্জPC ১৩০ ধাৰাই অবৈধ জনতা শীৰ্ষক ব্যাখ্যা দাঙি ধৰিছে আৰু শান্তি ভংগ নিবাৰণৰ বাবে ১৪৪ ধাৰামতে নিষেধাজ্ঞা আৰোপৰ বিধান স্পষ্টকৈ দিয়া আছে৷
অন্য এটা বিষয়ে আজিৰ আলোচনাত উল্লেখ কৰা হৈছে যে অবৈধ জনতা বা বে–আইনী জনতা IPC অনুসৰি ধাৰা ১৪১ আৰু
ট্ৰব্জPC অনুসৰি ১৩০ সম্পৰ্কত যদি বিশেষ পৰিস্থিতিৰ উদ্ভৱ হয় বা হোৱাৰ উপক্ৰম হয় বা হৈ থাকে তেনে বিশেষ পৰিস্থিতিত আইন–শৃংখলাৰ লগত জড়িত সামৰিক শ–সস্ত্ৰ ব্যক্তিসকলে কাৰ্যবাহী দণ্ডাধীশৰ অনুপস্থিতিত বা অনুমতিৰ অবিহনে বা স্বেচ্ছাই সেই শান্তি ভংগকাৰীক অবৈধ বা বে–আইনী জনতাক–
ক] ছত্ৰ ভংগ দিয়াব পাৰে [বলপূৰ্বকভাৱে]
খ] ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰে৷
গ] অন্য আইনী ব্যৱস্থা বা গোচৰ ৰুজু কৰিব পাৰে৷ ফৌজদাৰী আইনৰ ১৩১ ধাৰা অনুসৰি৷

যাক সামৰিক বিষয়া বা আইন–শৃংখলাৰ লগত জড়িত সামৰিক ব্যক্তিসকলৰ বিশেষ ক্ষমতাৰ অধিকাৰী বুলি বহুতে অভিহিত কৰে যাক ইংৰাজীত
Power of certain armed force officers to disperse Assembly বুলি জনা যায়৷ এই কথা সকলোৱে মনত ৰখা ভাল হ’ব যে “ত্ত্বপ্স Prosecution Against any person for any Act purporting to be done under
section ১২৯, ১৩০
and ১৩১ of Crpc Shall be instituted in any criminal Court”
(Under Section-১৩২, protection against Prosecution)
ওপৰত উল্লেখ কৰা–
১] অসামৰিক বল প্ৰয়োগৰ দ্বাৰা জনতাক ছেদেলি–ভেদেলি কৰা [কাৰ্যবাহী দণ্ডাধীশৰ দ্বাৰা]
২] বে–আইনী জনতাক সামৰিক বাহিনী নিয়োগেৰে ছেদেলি–ভেদেলি কৰা [স–শস্ত্ৰ নীতিৰে]
৩] সামৰিক শক্তিৰে (Armed Force) জনতাৰ ওপৰত ক্ষমতা প্ৰয়োগ অৰ্থাৎ শান্তি ভংগ নিবাৰণ যিকোনো ব্যৱস্থা ধাৰা ১৪৪১ মতেই অৱলম্বন হ’ব বা আইন প্ৰয়োগ হ’ব বা অন্য আনুষংগিক আইনৰ দ্বাৰাও প্ৰযোজ্য হ’ব বা জামিনযোগ্য বা অযোগ্য অপৰাধসমূহ বিবেচিত হ’ব৷ অৰ্থাৎ ১৪৪ূ ধাৰাৰ সৈতে ওপৰত উল্লেখ কৰা পৰিৱেশ– পৰিস্থিতি, আইন–শৃংখলা, বিপদ–আপদ,
আশংকা আদি জৰুৰীভাৱে জড়িত হ’ব লাগিব৷
অৰ্থাৎ শান্তিভংগ নিবাৰণ বা সমাজৰ স্বাভাৱিক অৱস্থা বৰ্তাই ৰখাৰ ক্ষেত্ৰত যিকোনো ব্যৱস্থা ১৪৪ ধাৰাৰ মতেই অৱলম্বন হ’ব বা বলৱৎ হ’ব বা আইনৰ শক্তি প্ৰয়োগ কৰা হ’ব৷ ১৪৪ ধাৰাৰ সৈতে এই নিৰ্দিষ্ট কৰা ধাৰাই বিশেষভাৱেই ক্ষতিকাৰক বা আশংকাজনক বা সম্ভাৱনীয় বিপদ (Ahprehended danger) ক্ষেত্ৰত ৰোধৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হ’ব৷ যেনে– মহামাৰীৰ ৰোধৰ ক্ষেত্ৰত ইয়াক সুনিশ্চিত লগতে বহু সময়ত বানপানী সম্পক¹য় বিপদ শংকাৰ ক্ষেত্ৰত ১৪৪ ধাৰা প্ৰয়োগ কৰাৰ উদাহৰণ আছে৷ অৱশ্যে জিলা মেজিষ্ট্ৰেট, মহকুমা দণ্ডাধীশ বা ৰাজ্য চৰকাৰৰ বিশেষ ক্ষমতাপ্ৰাপ্ত কাৰ্যবাহী দণ্ডাধীশে পুংখানুপুংখভাৱে তদাৰক কৰিব লাগে৷ দেখা যায় ১৪৪ধাৰাৰ সৈতে দুৰ্যোগ প্ৰশমন আইনখনৰো বহু ধাৰা সমভাৱে প্ৰযোজ্য হয়৷ ১৪৪ ধাৰাৰ আদেশ জাৰি কৰাৰ দিনৰ পৰা দুমাহতকৈ বেছি দিন বলৱৎ নহ’ব৷ কিন্তু সেই বিশেষ এলেকা, জিলা, মহকুমা, অঞ্চলৰ পৰিৱেশ পৰিস্থিতি বা বিষয় সম্পৰ্কত যেনে–
–জনসাধাৰণৰ বিপদ–আপদ;
–স্বাস্থ্য–চিকিৎসা, ৰোগ নিৰ্বাপণ বা খোঁচৰা ব্যাধি ৰোধ কৰা;
–সামূহিক নিৰাপত্তা;
–আন্দোলন–বিদ্ৰোহ বা দণ্ড নিৰ্মূলৰ ক্ষেত্ৰত৷১৪৪ ধাৰা ছমাহলৈ বলৱৎ হ’ব পাৰে৷ কিন্তু শিথিলতা কঠোৰতা কথাও সমানে বিবেচিত হ’ব৷থাউকতে উল্লেখ কৰা ভাল হ’ব যে ১৪৪ ধাৰা সৈতে বা ফৌজদাৰী আইনৰ ১৪৪ ধাৰা সম্পক¹য় অপৰাধৰ সৈতে ‘কাৰ্ফিউ’ আৰু ‘লকডাউন’ ক একাকাৰ কৰিব নোৱাৰি৷ Crpc ১৪৪ ধাৰা, কাৰ্ফিউ আৰু লকডাউন তিনিওটা পৃথক বিষয়ত বিদ্যমান৷ আৰু প্ৰয়োজনীয়তায়ো ভিন্ন ভিন্ন৷ কিন্তু বিশেষ পৰিস্থিতিত তিনিওটা বিষয় বা আইনী ব্যৱস্থা সমভাৱে বা পৰ্যায়ক্ৰমে বলৱৎ হয়৷
উল্লেখ থাকিল যে–
১] ১৪৪ ধাৰাই সাধাৰণতে অবৈধ জনসমাগম (Public gethering) ৰোধ কৰে
২] কাৰ্ফিউ (Curfew) এ জনসাধাৰণক জোৰ কৰি আইনী শক্তি প্ৰয়োগ কৰি ঘৰৰ ভিতৰত থাকিবলৈ বাধ্য কৰায়৷
৩] লকডাউনে সম্পূৰ্ণ বন্ধৰ কথাকে বুজায় যদিও বিশেষ সেৱা বা জনসেৱা বা জীৱন আৰু স্বাস্থ্য সম্পক¹য় বিষয়বোৰত শিথিলতা থাকে৷
শেষত ইয়াকো দোহৰা হওক যে ভাৰতীয় সংবিধানে ভাৰতীয় প্ৰতিজন নাগৰিকক স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিছে৷ অনুচ্চেদ ১৯
[১] [খ] কোৱা হৈছে নাগৰিক সমাজে শান্তিপূৰ্ণভাৱে সমৱেত হোৱা অধিকাৰৰ কথা৷ কিন্তু বহু ক্ষেত্ৰত ১৪৪ ধাৰা দোহাই দি জনসাধাৰণৰ মৌলিক অধিকাৰ বা মানৱ অধিকাৰ ৰাষ্ট্ৰই খৰ্ব কৰা দেখা যায় বা বহু ক্ষেত্ৰত সমবেত জনতাইয়ো নিজকে অবৈধ বা বে–আইনী ৰূপলৈ প্ৰতিফলিত কৰায়৷ কিন্তু আইন ভংগকাৰী শাস্তি ভাৰতীয় দণ্ডবিধি নিৰ্দিষ্ট ধাৰা অনুসৰি বলৱৎ থাকে৷
ই–মেইল– dr.chittaranjanphdঞ্ঝgmail.com
অধিবক্তা, গুৱাহাটী