নাৰীৰ প্ৰতি এক অৱজ্ঞা ভৰা দৃ.ষ্টি কেৱল ভাৰততে নহয়, পাশ্চাত্যৰ দেশসমূহতো ইয়াৰ প্ৰসাৰ দেখিবলৈ পোৱা যায়৷ নৰৱেৰ প্ৰখ্যাত নাট্যকাৰ ইবচেনৰ নাটকত দেখুওৱা হৈছে নাৰীক কেনেকৈ স্বাৰ্থপৰ পুৰুষে নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিছিল৷
ভাৰতীয় নাৰীৰ ইতিহাস অতি গৌৰৱোজ্বল৷ বৈদিক যুগত বৌদ্ধিক, সামাজিক সকলো ক্ষেত্ৰতে নাৰীৰ স্থান আছিল উচ্ছ শিখৰত৷ ৰামায়ণ, মহাভাৰততো নাৰীৰ গৌৰৱপূৰ্ণ স্থিতিৰ কথা গম পোৱা যায়৷ মুছলমানসকল ভাৰতলৈ অহাৰ পিছত ভাৰতীয় নাৰীসকল সম্পূৰ্ণৰূপে পৰ্দা আঁৰত সোমাই পৰে৷ সেই সময়ত সতী দাহ প্ৰথা, বাল্যবিবাহ, বহু বিবাহ আদিৰ যোগেদি নাৰীক দমনমূলক ব্যৱস্থাৰ মাজত বন্দী কৰি পেলোৱা হয়৷ ইংৰাজ ৰাজত্ব কালত নাৰীসকলৰ মুক্তিৰ কাৰণে ইংৰাজসকলে নাৰীমুক্তি আৰু নাৰীশিক্ষাৰ লগতে সতীদাহ আদি কু–প্ৰথাৰ নিবাৰণ কৰিলে৷

নাৰীৰ জীৱনটো সৰ্বগুণেৰে অলংকৃত কৰি আগুৱাই নিবলৈ আমাৰ সমাজ আৰু অভিভাৱকসকলৰ দায়িত্ব অনস্বীকাৰ্য, নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়৷ নাৰী অবিহনে, পৃথিৱীত এখন সফল সমাজ গঢ় দিব নোৱাৰি৷ গুৰুত্বপূৰ্ণ কথা এগৰাকী ছোৱালীক শিক্ষা দিয়াটো৷ কাৰণ এটি শিশুৰ প্ৰথম শিক্ষাগুৰু হ’ল তেওঁৰ মাতৃ৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে ‘‘দেশৰ মঙ্গলৰ অৰ্থে সমাজৰ কল্যাণৰ অৰ্থে নাৰীসকলে প্ৰধান ভূমিকা ল’ব পাৰে৷’’ নাৰীসকলৰ মাজত লুপ্ত হৈ থকা প্ৰতিভাক প্ৰকাশ কৰি সমাজ আৰু পৰিয়ালৰ প্ৰতি বৰঙণি আগবঢ়োৱাত সকলোৰে দায়িত্ব৷ বৰ্তমান ৰাষ্ট্ৰসংঘয়ো সামাজিক, ৰাজনৈতিক, অৰ্থনেতিক দিশত আগভাগ ল’বলৈ নাৰীসকলৰ অধিকাৰক স্বীকৃতি দিছে৷ বৰ্তমান সমাজত সঘনাই ঘটি থকা অপৰাধবোৰৰ ভিতৰত নাৰীজনিত অপৰাধৰ সংখ্যাই বেছি৷ নাৰী স্বাধীনতা আৰু নাৰীৰ সুৰক্ষাৰ বাবে বিভিন্ন ঠাইত সভা–সমিতি, প্ৰতিবাদ, ধৰ্মঘট পালন কৰি আহিছে যদিও ফলপ্ৰসু হোৱা নাই৷ বৰং অপৰাধৰ সংখ্যা দিনক দিনে বাঢ়িছে৷ নাৰীৰ ক্ষেত্ৰত আমাৰ সমাজখন সহনশীল হ’ব পাৰিব লাগিব৷
ভাৰতৰ সাংবিধানে সকলো ভাৰতীয় নাৰীৰ বাবে সমতা [ধাৰা ১৪], ৰাষ্ট্ৰৰ দ্বাৰা বৈষম্যহীনতাৰ [ধাৰা ১৫[ৰ]], সম–সুযোগ [ধাৰা ১৬], তদুপৰি শিশু আৰু মাহিলাসকলৰ বাবে বিশেষ ব্যৱস্থা ল’বলৈ ৰাষ্ট্ৰক অনুমতি প্ৰদান কৰিছে [ধাৰা ১৫[৩]], মহিলাৰ হানিকাৰী কাম–কাজত নাকচ কৰিছে [ধাৰা ১৫]৷ আমাৰ দেশত অনেক আইনী অধিকাৰ আৰু সাংবিধানিক অধিকাৰ থকা স্বত্বেও নাৰীসকল পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বলি হয়৷

বৰ্তমানৰ সমাজত নাৰীৰ শিক্ষাৰ বহুত প্ৰয়োজনীয়তা আছে৷ শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰগতিৰ পথ দেখুৱায়৷ জৱাহৰলাল নেহেৰুৰ মতে, ‘‘এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে এটা পৰিয়ালক শিক্ষা দিয়া৷’’ ২০১১ চনত অসমত শিক্ষিতৰ হাৰ আছিল ৭৩.১৮ণ পুৰুষ হাৰ হ’ল ৭৮.৮১ণ আৰু মহিলাৰ হাৰ ৬৭.২৭ণ৷ নাৰী শিক্ষা বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা আজিও আমাৰ সমাজত বিদ্যমান৷ কিছুমান অঞ্চলত কুসংস্কাৰ আৰু ৰক্ষণশীল মনোভাৱৰ বাবে নাৰীয়ে পৰ–পুুৰুষক মুখ দেখুৱাব নোৱাৰে বুলি শিক্ষানুষ্ঠান যোৱাৰ পৰা বিৰত থাকে৷ আন একাবেকা অভিভাৱকে তেওঁলোকৰ কন্যা সন্তানজনীক পঢ়া–শুনাতকৈ বিয়া দিয়াতহে বেছি আগ্ৰহী হোৱা দেখা যায়৷ এইক্ষেত্ৰত সমাজৰ কু–সংস্কাৰ, নাৰী–পুৰুষৰ ভেদভাৱ আঁতৰ কৰি এক সুস্থ পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ নাৰীশিক্ষা প্ৰসাৰৰ বাবে নাৰীশিক্ষাৰ বিকাশৰ ক্ষেত্ৰত থকা সমস্যাসমূহ দূৰ কৰি নাৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব লাগিব৷ তেতিয়াহে নাৰী জাতিৰ শিক্ষাৰ আকাশৰ কলীয়া ডাৱৰ আঁতৰ হ’ব আৰু নাৰীয়ে সমাজৰ উন্নতিত হাত আগবঢ়াব পাৰিব৷ বৰ্তমান আমাৰ আধুনিক সমাজত নাৰীয়ে সাহিত্য, খেলা–ধূলা, শিক্ষা, সংস্কৃতি, বিজ্ঞান, ৰাজনীতি আদিত যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছে৷ আমাৰ সমাজত নাৰীৰ প্ৰতি মনোবৃত্তি এতিয়াও সংকীৰ্ণ হৈয়ে আছে৷ ভাৰতীয় পুৰুষ প্ৰধান সংস্কৃতিত এতিয়াও পুৰুষৰ সম অধিকাৰ পোৱাৰ সমৰ্থ হোৱা নাই, যদিও সম–অধিকাৰ থকা বুলি কোৱা হয়৷ নাৰী আৰু পুৰুষক ভিন্ন কৰি বিভিন্ন কাৰ্যৰপৰা আমাৰ সমাজে এতিয়াও নাৰীক বঞ্চিত কৰে৷ নাৰীয়ে প্ৰকৃত মৰ্যাদা নাপালে৷ সমাজৰ কেতিয়াও উন্নতি নহ’ব৷