অলপতে এখন চুটি চিনেমা ‘short movie’ চাবলৈ সৌভাগ্য [নে দুৰ্ভাগ্য] হৈছিল একেলগে, সৰুৰে পৰা পঢ়া দুজন প্ৰেমীয়ে ডাঙৰ হৈ বিয়া হ’ল৷ দুয়ো দুটা প্ৰতিষ্ঠিত কোম্পানীত কাম কৰে৷ আপাততঃ এটা সুন্দৰ জীৱন কটাই অহা জীৱনলৈ স্থৱিৰতা আহি পালে যেতিয়া নাৰীগৰাকীয়ে বিয়াৰ প্ৰায় দেৰ বছৰৰ পিছত মাকৰ ঘৰলৈ একেবাৰে গুচি আহিল আৰু তেতিয়াহে ওৰহি গছৰ ওৰ ওলাল৷ মাকে বাৰে বাৰে বুজাই থাকিল যে ইমান ভদ্ৰ, ভাল মৰমীয়াল জোঁৱায়েক জীয়েকে আৰু এই জীৱনত কেতিয়াও নাপায়৷ মাকৰ বাৰম্বাৰ প্ৰসংশাৰ আতিশয্যত অতিষ্ঠ হৈ ছোৱালীজনীয়ে এখন এখনকৈ কাপোৰ খুলি কামুক স্বামীৰ কামোৰ আৰু বেল্টৰ দাগবোৰ যেতিয়া দেখুৱালে তেতিয়াহে সকলো হতভম্ব হৈ পৰিল আৰু জীয়েকৰ মুখেৰে গম পালে কেনেকৈ তাইক যৌনমিলনৰ বাবে গিৰিয়েকে জোৰ কৰিছিল আৰু গিৰিয়েকৰ ইচ্ছামতে নুশুলেই কেনেকৈ তাইক প্ৰহাৰ কৰি ধৰ্ষণ কৰিছিল৷ অথচ সেই একেজন গিৰিয়েকেই যেতিয়া কৈশোৰ অৱস্থাত তাইৰ প্ৰেমিক
আছিল তাইৰ প্ৰথম পিৰিয়দৰ সময়ত স্কুলৰ পৰা আৰবেৰ দি ঘৰলৈ লৈ আহিছিল আৰু আজি সেই একেজন গিৰিয়েকেই শুবলৈ মন নাই বুলি কোৱা বাবেই অকথ্য নিৰ্যাতন চলাইছিল৷
এইটোও নহয় যে গিৰিয়েকে তাইক মৰম কৰা নাছিল নাইবা প্ৰত্যেকবাৰ অত্যাচাৰ কৰাৰ পিছতে ক্ষমাও খুজিছিল৷ আনকি ঘৰৰ পৰা একেবাৰে ওলাই অহাৰ সময়তো তাইৰ ভৰিত ধৰি কাবৌ কৌকালি কৰি ৰাখিবলৈ চেষ্টা কৰাৰ দৃশ্যও সংযোজন কৰিছে পৰিচালকে৷ কিন্তু তাই এইবাৰ তাৰ ঘৰিয়ালৰ চকুপানীলৈ ভ্ৰুক্ষেপ নকৰি ওলাই আহিছিল৷
এইযে বৈবাহিক ধৰ্ষণ নাইবা আইন সন্মত ধৰ্ষণ প্ৰায়বোৰ পৰিয়ালতে ঘটি থকা এটা নিত্যনৈমিত্তিক ঘটনা যিটো সদায় সমাজৰ অজ্ঞাতে বা জ্ঞাত হ’লেও এটা অৱধাৰিত কথা বুলিয়ে থাকি যায়৷ তাক আৰু টানি লৈ ফুৰা নাযায়৷ এতিয়াও কিছুলোকৰ মতে বিয়া মানে হৈছে এজনী নাৰীৰ শৰীৰৰ ওপৰত কব্জা কৰিব পৰা অনুষ্ঠান [ইয়াত কিছুলোকৰ কথাহে কোৱা হৈছে কাৰণ আমাৰ সমাজত এতিয়া বহুলোক আছে যিয়ে নাৰীক সন্মানেৰে এতিয়াও চায় ]৷ আজিৰ এই আলোচনাত অন্যবোৰ ধৰ্ষণক সামৰি লোৱা হোৱা নাই অকল বিবাহৰ অন্তৰ্ভুক্ত ধৰ্ষণখিনিকহে সামৰা হৈছে৷ বিশ বা ত্ৰিশ দশকৰ সময়ত বিয়াবোৰ আছিল দুখনীয়া৷ এখন আগবিয়া ছোৱালীৰ শান্তি বিয়াৰ আগত আৰু এখন পাছবিয়া শান্তিবিয়া হোৱাৰ পিছত৷ মোৰ মামা আইতাই কোৱা

কিছু কথা আজিও মনত আছে৷ ছোৱালীজনীৰ বয়স যেতিয়া নৰ পৰা বাৰ বছৰ হয় ল’ৰাজনৰ বয়স তেতিয়া ত্ৰিশৰ পৰা পয়ত্ৰিশ বছৰ হয় আৰু ভাবক কেনেকুৱা অৱস্থা হ’ব এজনী সদ্যযৌৱনা কিশোৰীৰ মনঃস্থিতি৷ আইতাই সেইসময়ৰ কইনাবোৰৰ কথা ক’বলৈ গৈ
নিজৰেই কথা হয়তো কৈ পেলাইছিল৷ কিদৰে সহিছিল শৰীৰৰ অকথ্য যন্ত্ৰণা৷ পিছলৈ প্ৰায় ছমাহমান পিছৰ পৰা সামান্য দোষতে কেনেকৈ হালোৱা এচাৰিৰে কোমল দেহ চিৰাচিৰ কৰিছিল সেই সকলোবোৰ দৃশ্য আইতাই কৈ যাওঁতে মোৰ চকুৰ আগত জ্বলজ্বল পতপতকৈ ভাহি উঠিছিল আৰু বছৰে সন্তান জন্ম দিয়া মেচিন হৈ পৰা আইতাহঁতৰ দেহবোৰে কাচিত কেতিয়াবাহে অনুভৱ কৰিছিল চৰম সুখ৷ প্ৰতিৰাতি নিজৰ অনিচ্ছাতো শৰীৰ দিব লগা হোৱাত ভাঙি পৰিছিল দেহৰ লগতে মনো৷
বিবাহ [marriage] এক সামাজিক বান্ধোন৷ সামাজিকভাবে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন
হয়৷ বৈবাহিক ধৰ্ষণ লৈ নানা বিতৰ্ক হৈয়ে থাকে৷ এটা গোচৰত বৈবাহিক ধৰ্ষণ অপৰাধ নহয় বুলি ৰায় দিছিল চুপ্ৰীম কোৰ্টে ৷ চুপ্ৰিম কোৰ্টৰ মতে স্ত্ৰীৰ বয়স যদি ১৫ বছৰৰ ওপৰৰ হয় তেন্তে স্বামীৰ বলপূৰ্বক মিলনক বৈবাহিক ধৰ্ষণ বোলা নহ’ব ৷ স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনিব পাৰিবনে? শ্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে জনাইছে যে আইন সংশোধনৰ তেওঁলোক বিৰোধী নহয় যদিও ইয়াৰ পৰ্যালোচনা কৰাৰ বিশেষ প্ৰয়োজন আছে৷ আইন কমিশ্যনে সেই কাম কৰিব আৰু আইন কমিশ্যনৰ ৰিপোৰ্ট পালে কেন্দ্ৰই উচিত পদক্ষেপ গ্ৰহণ কৰিব৷ স্বামী–স্ত্ৰীৰ যৌনমিলনৰ ইচ্ছা অনিচ্ছাৰ ক্ষেত্ৰত আলোচনা বহুত হৈছে৷ বৈবাহিক ধৰ্ষণক ফৌজদাৰী আইনৰ আওতালৈ আনিবলৈ দীৰ্ঘদিন ধৰি বিভিন্ন শিবিৰ সৰৱ হৈ আছে৷ ইয়াকে লৈ ৰাজ্যসভাত এটা বেচৰকাৰী বিল আনিছিল কংগ্ৰেছৰ অৱিনাশ পাণ্ডেই ৷ চৰকাৰৰ পক্ষৰ পৰা উত্তৰ দিছিল কিৰেন ৰিজিজুৱে৷ তেওঁ কৈছিল যে চৰকাৰ এইবিষয়টোৰ বিৰোধ নহয় যদিও বহুত পৰ্যালোচনাৰ কৰাৰ থল আছে৷
বাংগালোৰত KLE চোচাইটিৰ আইন কলেজত চিফ জাষ্টিচ দীপক মিশ্ৰই বক্তৃতা দিওতে যেতিয়া বৈবাহিক ধৰ্ষণৰ প্ৰসংগ উঠিছিল তেওঁ কৈছিল যে বৈবাহিক ধৰ্ষণ ভাৰত প্ৰেক্ষাপটত অপৰাধ বুলি গণ্য কৰিব পৰা নাযায় ৷ কাৰণ তেনেকুৱা হ’লে পৰিয়ালৰ মাজত অৰাজকতা সৃষ্টি হ’ব আৰু আমাৰ ভাৰতবৰ্ষৰ পৰিয়াল আৰু পাৰিবাৰিক মূল্যবোধৰ ওপৰতে প্ৰতিষ্ঠিত হৈ আছে ৷ দীপক মিশ্ৰ হ’ল চুপ্ৰিম ক’ৰ্টৰ সেইজন প্ৰধান বিচাৰপতি যিয়ে ৩৭৭ ধাৰাৰ পৰিমাৰ্জনা কৰি সমকামীক অপৰাধ মুক্ত কৰিছে ৷ তেওঁ আৰু এটা ঐতিহাসিক ৰায় দি কৈছিল যে পৰকীয়া প্ৰেমৰ ক্ষেত্ৰত কোনো বাধা থাকিব নোৱাৰে কাৰণ নাৰীৰ শৰীৰ তাইৰ স্বামীৰ সম্পত্তি নহয় যে সম্পত্তি বেলেগৰ হ’লে অধিগ্ৰহণকাৰী অৰ্থাৎ স্ত্ৰীৰ প্ৰেমিকে শাস্তি পাব৷ নাৰীগৰাকীয়ে যদি সন্মতি দিছিল সেই প্ৰেমত তেন্তে কোনো অপৰাধ হ’ব নোৱাৰে৷
দীপক মিশ্ৰই কৈছিল যে নাৰীশৰীৰ পুৰুষৰ সম্পত্তি নহয় আৰু আকৌ তেঁৱেই কৈছিল যে বৈবাহিক ধৰ্ষণৰ গোচৰ অবান্তৰ৷ এতিয়া যদি আমি ভালকৈ চিন্তা কৰো গম পাম যে সেয়া তেওঁৰ প্যাৰাডক্সৰ বাদে একো নহয়৷
এতিয়া কথা হ’ল মেৰিটেল ৰেপ অথবা বৈবাহিক ধৰ্ষণনো কি?
যেতিয়া বিবাহিত স্বামীয়ে জোৰ কৰি অথবা ভয় খুৱাই স্ত্ৰীৰ অসন্মতিত যৌন সম্পৰ্ক স্থাপন কৰে সেয়াই বৈবাহিক ধৰ্ষণ যিটো গৃহহিংসাৰ অংগ বুলিও ক’ব পৰা যায়৷ এতিয়া প্ৰশ্ন হয়, ক’ত সুৰক্ষিত আমাৰ কন্যা, ভগ্নী, পত্নী ? কেইটিমান উদাহৰণ দিয়া যাওক৷
ৰয কৰবী এখন ৰক্ষণশীল পৰিয়ালৰ ছোৱালী৷ য’ত যৌনতাৰ কথা মুকলিকৈ পতাটো দুৰৰেই কথা ভবাটোও পাপ৷ বিয়া এক পবিত্ৰ বন্ধন বুলিয়েই গণ্য কৰা হয় সেইখন ঘৰত৷ বিয়াৰ পিছত স্বামীৰ স’তে যৌনক্ৰিয়া কৰি সন্তান জন্ম দিয়াটো বাধ্যতামূলক বুলি শুনি ডাঙৰ হোৱা ছোৱালীজনী যেতিয়া প্ৰথম ৰাতিতে গিৰিয়েকৰ চৰ,
তথা উপৰ্যু্যপৰি ধৰ্ষণৰ বলি হ’ল তেতিয়াহে বুজি পাইছিল যে আগলৈ কিবা এটা সাংঘাটিক বেয়া ঘটিবলৈ গৈ আছে তাইৰ লগত৷ কিন্তু তথাপি তাই ধৰ্ষক আৰু স্বামীক একে শাৰীতে থ’ব নোৱাৰিলে৷
তাইৰ মতে ধৰ্ষকবোৰ ৰাষ্টা–ঘাট, বস্তি–গাঁৱতহে থাকে৷ কিন্তু সেইযে অৱচেতন মনত কিবা এটা হতাশা সোমাই গ’ল সিয়ে কালৰূপ হৈ তাইৰ মানসিক স্বাস্থ্য ভাঙি চুৰমাৰ কৰি দিলে৷ আজিও তাই ডিপ্ৰেশ্যনৰ টেবলেট খাই গিৰিয়েকৰ লগতে থাকি মৰি মৰি জীয়াই আছে৷
২য ৰেজীয়াৰ স্বামী দেখাই–শুনাই কামেকাজে একেবাৰে ভদ্ৰলোক৷ কিন্তু ডেকা হোৱাৰ পৰাই তেওঁৰ দেশী–বিদেশী সস্তীয়া পৰ্ণ চোৱা অভ্যাস৷ বিয়াৰ পিছত প্ৰথমে ৰেজীয়াকো নানা ধৰণৰ অপ্ৰাকৃতিক উপায়েৰে যৌনক্ৰিয়া কৰিবলৈ বাধ্য কৰাব ধৰিলে৷ ৰেজীয়াই সেইবোৰ কৰিবলৈ অগ্ৰাহ্য কৰাত প্ৰথমতে কেছটো ধমকি, অশান্তিৰে আৰম্ভ হৈ শেষলৈ ডিভোৰ্চলৈ গুচি গ’ল৷
৩য নিৰ্জু স্বভাবৰ মিলি বিয়া হৈছিল এখন সুশিক্ষিত যৌথ পৰিয়াললৈ৷ বিয়াৰ পিচতেই দুবাৰকৈ গৰ্ভপাত কৰিবলগীয়া হৈছিল একান্ত স্বামীৰ নিৰ্দেশমতেই কাৰণ স্বামীয়ে ইমান সোনকালে সন্তান বিচৰা নাছিল৷ তৃতীয়বাৰ গৰ্ভৱতী হওঁতে স্বামীক কোৱাৰ আগতে শাহুৱেকক কোৱাত সকলোৱে

কথাটো জানি খুব আনন্দ কৰিছিল৷ সেইটোৱে কাল হ’ল৷ স্বামীয়ে তেওঁক অমান্য কৰা বুলি খঙত জ্বলি–পকি সকলোৰে অলক্ষিকে তাইক হস্পিটেললৈ লৈ গৈ দুটা অপাৰেচন কৰাই লৈ আহিল৷ এটা এবৰচনৰ আনটো বন্ধ্যাকৰণৰ আৰু তাইৰ আগত যুক্তি দিলে যে এতিয়া আৰু বাৰে বাৰে এবৰচন কৰোৱাৰ জামেলা নাথাকিব আৰু ইচ্ছামতে যৌনসম্ভোগ কৰি থাকিব পাৰিব৷ আজিও মিলি সেইখন ঘৰতে যৌনকৰ্মীৰ দৰেই বাস কৰি আছে৷
চ্ছ্ৰয হনিমুনলৈ চিংগাপুৰলৈ যোৱা চেনোৰিটাই দুদিন পাচতে অকলে উধাতু খাই ঘুৰি আহিল৷ ডাক্তৰৰ পৰীক্ষাত ওলাইছিল যে তাইৰ স্বামীয়ে যৌনাংগত ব্লেদেৰে ৰেপি তাৰ পিছত নৰপিশাচৰ দৰে
তিনিবাৰকৈ সম্ভোগ কৰিছিল৷ তাই যন্ত্ৰনা পোৱা বাবে গিৰিয়েকে হেনো আনন্দত টকালি পাৰিছিল৷ হস্পিটেলৰ পৰা ঘুৰি অহাৰ পিচত তাই এতিয়াও কাউন্সেলিং লৈ থাকিবলগীয়া হৈ আছে৷
এয়া মাত্ৰ কেইটিমান উদাহৰণহে৷ নাম সলাই লিখা ওপৰৰ সত্য ঘটনাবোৰত দেখা গৈছে যে এইসকলৰ কিছুমানে পিছলৈ যদিও ডিভোৰ্চ কৰিছে কিছুমানে কিন্তু এতিয়াও সেই সম্পৰ্কটোত থাকিয়ে গৈছে৷ ৰাতিপুৱা বান্দীৰ দৰে খাটি ৰাতি গিৰিয়েকৰ স’তে বেশ্যাৰ দৰে শোৱা নাৰীৰ সংখ্যাই হয়তো আমাৰ সমাজত অধিক ওলাব৷
অত্যাচাৰৰ বলি হোৱাৰ পিছতো এগৰাকী মহিলাৰ বিচ্ছেদ নোহোৱাৰ হাজাৰটা সামাজিক–অৰ্থনৈতিক কাৰণ থাকিব পাৰে৷ এওঁলোকৰ বেছিভাগেই নাজানে যে তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে যিবোৰ ঘটি আছে সেইবোৰো একপ্ৰকাৰ ধৰ্ষণেই৷ আনকি যদি কিবাকাৰণত বিচ্ছেদো হয় তেতিয়াও উকিলৰ আগত যৌন নিৰ্যাতনৰ ঘটনাখিনি ক’বলৈ নিবিচাৰে৷ তেওঁলোকে ভাবে যে আপত্তি কৰিলে মতাই বেয়া পাব৷ কাৰণ সেয়া তেওঁৰ অধিকাৰ৷
যিখন দেশত নাৰীৰূপক শক্তিদায়িনী, জ্ঞানদায়িনী, সৌভাগ্যদায়িনী হিচাপে পূজা কৰা হয়,
সেইখন দেশতে নাৰী অসুৰক্ষিত৷ ইয়াতকৈ লজ্জাজনক আৰু ঘৃণনীয় কি হ’ব পাৰে আমাৰ বাবে? এনে আসুৰিকতাই জন্ম দিয়া শংকাৰ বীজে লাহে–লাহে ছানি ধৰিছে কিশোৰী, যুৱতী আৰু সভ্যসকলৰ মন–মস্তিষ্ক৷ সু–সংস্কাৰৰ অবিহনে শিক্ষাও অৰ্থহীন৷ বিভিন্ন উচ্ছ পদবীত থকা লোকৰ ঘৃণনীয় যৌন কেলেংকাৰিবোৰে এই কথাই প্ৰমাণ কৰে৷
সম্প্ৰতি নাৰী আৰু শিশু বিষয়ক মন্ত্ৰী মেনকা গান্ধীয়ে পাৰ্লিয়ামেKI×ত কৈছে যে
‘দাৰিদ্ৰ, শিক্ষাৰ অভাৱ , ধৰ্মান্ধতা আৰু সামাজিক প্ৰথাৰ কাৰণে এইধৰণৰ আইন কৰা সম্ভৱ হোৱা নাই৷ নাৰী অধিকাৰৰ কৰ্মীসকলে ইয়াৰ জোৰদাৰ বিৰুদ্ধাচৰণ কৰিছে৷ কিন্তু মেনকা গান্ধীয়ে কৈছে যে
‘এইটো এটা স্পৰ্শকাতৰ বিষয়, কাৰণ আপুনি মানুহৰ শোৱাঘৰত সোমাব লগা হ’ব’৷
ভাৰতীয় আইন অনুসৰি স্ত্ৰীৰ বয়স ১৫ বছৰৰ কম নহ’লে স্ত্ৰীৰ ইচ্ছাৰ বিৰুদ্ধে সহবাস কৰিলেও সেয়া ধৰ্ষণ
কেতিয়াও নহয়৷ আনকি পাৰিবাৰিক নিৰ্যাতনৰো খুব সামান্য শাস্তি আছে পুৰুষৰ৷ ইয়াৰ কাৰণে সৰ্ব্বোচ্ছ দণ্ড মাত্ৰ তিনিবছৰৰ কাৰাদণ্ড৷ নাৰী অধিকাৰ কৰ্মীসকলে কৈছে যে কঠোৰ শাস্তিসহ ইয়াৰ বিৰুদ্ধে শক্তিশালী আইন নহ’লে নাৰীসকল নিজৰ ঘৰতে নিৰাপদে থাকিব নোৱাৰিব৷ তেওঁলোকে কৈছে যে এইধৰণৰ আইন হ’লে স্বামীসকলে নিজৰ স্ত্ৰীসকলক ধৰ্ষণ কৰাৰ আগত অন্ততঃ একবাৰ হ’লেও ভাবিব৷
দুবছৰ আগতে ইন্দোৰৰ নেশ্যনেল চেKI×াৰ ফৰ ৰিচাৰ্চ অন উইমেন আৰু জাতিসংঘৰ পপুলেশ্যন ফাণ্ড, ভাৰতে কৰা জৰিপত ওলাইছিল যে আধাসংখ্যকেই নাৰী তেওঁলোকৰ স্বামীসকলৰ দ্বাৰা যৌন হিংসাৰ চিকাৰ হৈছে৷ ষাঠি শতাংশ পুৰুষেও স্বীকাৰ কৰিছে যে তেওঁলোকে নিজৰ স্ত্ৰীৰ ইচ্ছাৰ বিৰুদ্ধে যৌনমিলন কৰি নিৰ্যাতন কৰিছে৷
দাম্পত্য বলাতৎকাৰৰ বিষয়ে ‘মনুসংহিতা’ৰ
তৃতীয় অধ্যায়ৰ ৪৫ নম্বৰ শ্লোকত আছে–
‘‘ঋতুকালাভিগামী স্যাত স্বদাৰনিৰতঃসদা
পৰ্ববৰ্জং ব্ৰজেচ্ছৈনাং তদ ব্ৰতো ৰাতিকাম্যয়া’’
ইয়াৰ অৰ্থ হ’ল,
ঋতুকালত নিজ পত্নীত গমন কৰিব লাগে৷ কামনিৰসনৰ বাবে পৰ্ব বা পাৰ্বনত কিম্বা শুভ অনুষ্ঠানত কিন্তু এয়া নিষিদ্ধ৷
আপাত দৃষ্টিত ইয়াতে দাম্পত্য ধৰ্ষণ লৈ কোনো নিষেধাজ্ঞা নজৰত নপৰিলেও কুল্লুকভট্টৰ টিকা বা বাখ্যা পঢ়িলে বুজা যায় যে আচাৰ্য মনুই বৈবাহিক ধৰ্ষণক বৈধ বুলি কোৱা নাই৷ সংহিতাত কোৱা হৈছে যে পত্নীৰ ইচ্ছাবশত ঋতুকালত নাইবা অন্যসময়ত, পৰ্বৰ দিনবোৰ বাদ দি অন্যদিনত স্ত্ৰী গমন কৰা চলিব, ৰমন কৰাৰ ইচ্ছাতে কাম কৰিলে নহ’ব৷ এইখিনিতে পত্নীৰ ইচ্ছাৰ বিষয়টো খুবেই গুৰুত্বপূৰ্ণ৷
অনেকে অৱশ্যে বৃহদাৰণ্যক উপনিষদৰ এটি শ্লোক [৬যচ্ছ্ৰযজ্জ]ত দাম্পত্য ধৰ্ষণৰ সপক্ষে তুলি ধৰাৰ চেষ্টা কৰিছে৷ স্ত্ৰী সন্মত নহ’লে তাইক ক্ৰয় কৰাৰ [উপহাৰ সামগ্ৰী দি]
বা যদি তথাপিও অনমনীয় হৈ থাকে, তাইক লাঠিৰে নাইবা হাত উঠাই আঘাত কৰিব পাৰে নাইবা এনেকৈও ক’ব পাৰে মই তোমাৰ মৰ্যাদাহানি কৰিব পাৰো৷
পৃথিৱীৰ বহু দেশত বৈবাহিক বলাতৎকাৰ নিষিদ্ধ৷ ইছলাম ধৰ্ম মতেও কোৰাণৰ দ্বিতীয় সুৰাত বাকাৰাৰ ২২৩ আয়াতৰ কথা কৈ দাম্পত্য বলাতৎকাৰক বৈধ ক’বলৈ বিছৰা হৈছে৷ তাত কোৱা হৈছে তোমাৰ স্ত্ৰী হৈছে তোমাৰ শস্যক্ষেত্ৰ ৷ তুমি যি ভাবে ইচ্ছা কৰা তাক ব্যৱহাৰ কৰা৷
‘কামসূত্ৰ’ এই দেশৰ এখন প্ৰাচীন গ্ৰন্থ৷ মহৰ্ষি বাত্সায়ন হৈছে ইয়াৰ লেখক৷ তেওঁ এই গ্ৰন্থখনত কৈছে যে যৌনতাৰ এটা উদ্দেশ্য সন্তান উৎপাদন হ’ব পাৰে কিন্তু সেইটোৱে একমাত্ৰ উদ্দেশ্য নহয়৷ স্ত্ৰীসকল পশু নহয় তেওঁলোকেও আনন্দ কৰিবলৈও যৌনতা বিচাৰে৷ আৰু যদি কোনোবা স্ত্ৰীয়ে গম পায় যে তেওঁৰ স্বামী সন্তোষজনক যৌনসংগী নহয়,
তেন্তে তেওঁ সেই যৌনসংগীক ত্যাগ কৰিব পাৰে৷ বিধবাও যৌনতৃপ্তিৰ বাবে সংগী বিচাৰিব পাৰে৷ এই প্ৰাচীন গ্ৰন্থখন এখন বৈল্পৱিক গ্ৰন্থ৷
এই কঠিন সময় অকল নাৰীৰ বাবে নহয়৷ এই যুঁজ এচাম বৰ্বৰৰ বিৰুদ্ধে এখন সভ্য সমাজৰ৷ বাকী থাকিল নিৰক্ষৰতা, অবৈধ প্ৰবজন আৰু যুৱ চামৰ মস্তিষ্কক ছানি ধৰা পৰ্ণ ছাইট সমূহ৷ চৰকাৰৰ সঠিক পদক্ষেপ অবিহনে এইবোৰৰ সমাধান অসম্ভৱ৷ বেছিভাগ ক্ষেত্ৰতে এনে অপৰাধী লালিত–পালিত হয় এনে পৰিবেশত য’ত বৌদ্ধিক বিকাশৰ কোনো অৱকাশেই নাই৷ সন্তানে কি কৰিছে চকু দিবলৈ অভিভাৱকৰ সময় আৰু আগ্ৰহ দুয়োটাৰে অভাৱ৷ সৰুকালতে হাতত একোটা মবাইল, আৰু মবাইলত পৰ্ণছবিৰ পয়োভৰ, বিপথগামী মনবোৰক নিষিদ্ধ জগতৰ পৰা আঁতৰাই আনি সুস্থ পথ দেখুৱাবলৈ অভিভাৱক অপাৰগ৷ একোজন ধৰ্ষণকাৰীৰ জন্ম হ’ব পৰাকৈ এইখিনি সমলেই যথেষ্ট হৈ পৰে৷ ছাইবাৰ সংক্ৰান্তীয় কঠোৰ আইনৰ অভাৱৰ বাবেই যুৱক–কিশোৰ চাম মবাইলৰ নিষিদ্ধ জগতত সোমাই পৰিছে, তাৰ পৰিণতি ভোগ কৰিব লগা হয় কোনোবা নিৰপৰাধীয়ে৷ অসুস্থ, অনুন্নত পৰিবেশত ডাঙৰ হোৱা সকলৰ এক বুজন অংশ বিকৃত মানসিকতাৰ চিকাৰ হৈছেই কিন্তু সুস্থ আৰু সন্তুলিত পৰিবেশৰ পৰা অহা সকলৰ মাজতো অপৰাধ প্ৰৱণতা বাঢ়িছে আৰু ই নি(য়কৈ চিন্তনীয়৷ সমাজৰ ক্ৰমবদ্ধমান ভোগবাদী আৰু বস্তুবাদী মানসিকতাও ইয়াৰ এক অন্যতম কাৰণ৷ যেতিয়া লৈকে এচামৰ মন–মস্তিষ্কত নাৰী ভোগৰ সামগ্ৰীজাতীয় ধাৰণা জীয়াই থাকিব, তেতিয়ালৈকে নিতৌ এনেধৰণৰ ধৰ্ষণকামী চৰিত্ৰৰ জন্ম হ’ব৷ এই মানসিকতা দূৰ কৰাৰ বাবেই প্ৰয়োজন শিক্ষা আৰু সু–সংস্কাৰৰ৷ দেশৰ আইন ব্যৱস্থাও এই ক্ষেত্ৰত কঠোৰতকৈও কঠোৰ হোৱা উচিত যাতে এনে ধৰণৰ অমানবীয় আচৰণ কৰাৰ আগতে অপৰাধী স্বামীসকলে এশবাৰ ভাবিবলৈ বাধ্য হয়৷