আপুনি বা মই অভিভাৱক হিচাপে কিমান সফল (ৰিজু বৰা) – Purbodix.com

আপুনি বা মই অভিভাৱক হিচাপে কিমান সফল (ৰিজু বৰা)

এগৰাকী শিক্ষয়িত্ৰী হিচাপে নিজকে বহুকেইজন সন্তানৰ অভিভাৱকৰ শাৰীত থিয় কৰি ৰাখিছোঁ৷ আৰু ইয়াৰ অভিজ্ঞতা আজি ভাগবতৰা কৰিবলৈ লৈছোঁ৷

নিজৰ শিক্ষা জীৱনৰ এটা অভিজ্ঞতা কওঁ  প্ৰথমেই৷ প্ৰথম হায়াৰ ছেকেণ্ডাৰীত এডমিচন লৈছোঁ৷ অসমীয়া মাধ্যমত মেট্ৰিক পাছ, তাকো চৰকাৰী বিদ্যালয়ৰ পৰা৷ ইফালে সাংঘাটিক চোকা নহয়৷ লগৰ সোঁৱেবাঁওৱে থকা প্ৰায় সংখ্যকেই যোৰহাটৰ নামজ্বলা প্ৰাইভেট স্কুলৰ পৰা যোৱা৷ কাৰ্মেল, চেণ্ট্ৰল ইত্যাদিৰ৷ ইফালে গ্লেমাৰৰ নামত ধুনীয়াৰ নাম মাত্ৰও চিন নাছিল৷ স্মাৰ্ট বুলি কোনো কথাই ব্যক্তিত্ব নাছিল৷ বৰ আচহুৱা পৰিৱেশ হৈছিল৷ তাৰ মাজতেই ফিজিক্সৰ প্ৰথম ক্লাছ সিদিনা৷ চাৰ আহিল, বুজাই মেলি ল৷ কি বুজালে একো নুবুজিলো কাৰণ এটা শব্দও অসমীয়াত নাছিল৷ ক্লাছৰ শেষৰ ফালে ছাৰে প্ৰশ্ন কৰিলে যে আমি কিয় বিজ্ঞান পঢ়িবলৈ আহিলোঁ৷ লাগে সকলোৱে৷ ইফালে একো বুজা নাই, তাৰ মাজতে আকৌ নিজক ভূত ভূত লাগিছে আনৰ তুলনাত, তাৰ মাজতে ছাৰে প্ৰথম বেঞ্চৰ প্ৰথমতেই বহি থকা মোকেই প্ৰশ্নৰ উত্তৰ দিবলৈ থিয় কৰালে৷ লাজ, ভয় সকলো একাকাৰ কৰি মাত্ৰ মুখৰ পৰা ওলাইছিল, ‘শিকিবলৈ তাৰ পিছত সকলোৱে উত্তৰ দি ল৷ কোনোৱে মাক দেউতাকৰ সপোন পুৰ কৰিবলৈ, কোনোৱে ডাক্তৰ ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, বিজ্ঞানী বলৈ পঢ়িবলৈ আহিছে৷ ছাৰে মোৰ বাদে সকলোকে বাঃ বাঃ দি ল৷ কোনেও মোৰ দৰে শিকিবলৈ বুলি এবাৰো নকলে৷ মই চকুপানী কোনোমতে ৰখাই ভাবি থাকিলোঁ, মই কিয় বিজ্ঞান পঢ়িবলৈ আহিলো? মোৰ কোনো সপোন কিয় নাই? মই মাদেউতাক সুখী কৰিব নিবিচাৰোঁ নেকি/ বহুত প্ৰশ্ন নিজৰ মনৰ মাজতে সেইকণ সময়ত ঘূৰি ফুৰিলে৷ সকলোকে বহিবলৈ কৈ মোক থিয় কৰি ৰাখিলে ছাৰে৷ অলপ পিছত তেওঁৰ কাষলৈ মাতি নিলে৷ মনত মাত্ৰ চিন্তা এটাই, পিছদিনাৰ পৰা আৰু কলেজ নাহো৷ হঠাৎ দেখিলো ছাৰৰ চকু দুটা চলচলীয়া৷ পুৰুষেও কান্দে/ তাকো এজন শিক্ষকো৷ তেতিয়াই কি কৰিম ভাবিব পৰা নাছিলোঁ৷ ছাৰে লাহেকৈ থিয় হৈ কৈছিল, যি শিকিবলৈ পঢ়িছে জীৱনত তেওঁহে সফল পাৰিব৷ ছাৰে নামটো সুধি, ঘৰ সুধি শ্ৰেণীকোঠাৰ পৰা গুচি ল৷ ছাৰৰ প্ৰতি উঠা খং অৱশ্যে মোৰ শাম কাটিছিল৷ প্ত টা বছৰে কলেজৰ সকলো ছাৰবাইদেৱে বৰ মৰমত ৰাখিছিল৷ নিজৰ ভাতৃ ভগ্নীৰ স্নেহৰ সম্পৰ্ক আছিল মোৰ আৰু তেওঁলোকৰ মাজত৷ তথাপিও মনৰ মাজত মোৰ সেই প্ৰশ্নটোৱে উকমুকনি তুলে, কিয় বা মোৰ কোনো সপোন নাই৷ 

আজি কিন্তু সেই প্ৰশ্নটো মই গৌৰৱেৰে মোৰ ছাত্ৰীসকলক কৰিব পাৰোঁ৷ সিহঁতক বুজিবলৈ সহজ হৈ পৰে মোৰ৷ যিসকলে মাকদেউতাকৰ কাৰণে পঢ়িবলৈ আহে তেওঁলোকে কেৱল এটা চাপত পঢ়িবলৈ আহে৷

Children In School

যি নম্বৰ বেছি পাব পাৰে কিন্তু জীৱনত সফল কাহানিও নোৱাৰে৷ নিজেই একো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকে৷ আনৰ কথাও মানিব নোৱাৰে৷ সপোন এটাই কেৱল মাকদেউতাকক পঢ়ি ভালকৈ পাছ কৰি দেখুৱাব পাৰিলেেই ল৷ মাকদেউতাক সন্তুষ্ট হৈ থাকে নিজৰ সন্তানক লৈ কিন্তু সন্তান কাহানিও সন্তুষ্ট নহয় মাকদেউতাকক লৈ৷ মাদেউতাকৰ জীৱনৰ ভাটি বেলাত সন্তানে নিজক বুজি পোৱা হয় আৰু জীৱন কি বুজি পোৱা হয়৷ তেতিয়াই আৰম্ভ হয় সংঘাত৷ ইমান দিলে তোমালোকৰ মতেই চব কৰিলোঁ, এতিয়া আৰু নকবা মোক, সন্তানে মুখ পাতি ধৰা হয়৷ এইখিনি সময়ত অভিভাৱকে ভাবিবলৈ বাধ্য হয়, ভুল কৰিলে৷ আমি অভিভাৱকে ভাবোঁ, আমাৰ সন্তান, সকলো আমাৰ মতেই লাগিব৷ আজিলৈ যিমানে এই উত্তৰ দিয়া পাইছো, তেওঁলোক কিন্তু বুজন হোৱাৰ পিছত একো একোজন বিফল পথিক হোৱাহে পাইছোঁ৷ মোৰ লগৰ সেইকেইজনৰ অৱস্থাও এতিয়া তথৈবচ৷

যি সকলে এটা বৃত্তিৰ বাবে পঢ়ে, তেওঁলোকে কেৱল এটাই সপোন দেখে, বৃত্তিটো৷ কিন্তু সেইটো বৃত্তি পাব পৰা তেওঁৰ ক্ষমতাখিনি আছে নে নাই বুজি পোৱাৰ আগতেই পিতৃ মাতৃয়ে সন্তানৰ মনত গাঢ় কৰি তুলিবলৈ সক্ষম হয়৷ সেইবাবেই ইয়াৰ মাজেৰ বহু সফল হয় আৰু বহু বিফল৷ সফল হোৱা সকলে হয় নিজৰ শিক্ষা সিমানতে সামৰে নহয় উচ্ছাকাংক্ষা পুৰ কৰিবলৈ সকলো পিছ পেলাই আগবাঢ়ি যায়৷ কিন্তু বিফল সকলে দিকবিদিক হেৰুৱাই পেলায়৷ অভিভাৱকে তেতিয়া ভাবে, এইটোৱে জানো জীৱনত কি কৰিব/ বা ভুল কৰিলোঁ/ মোৰ লগৰ কেইজনৰ বেছি কেইজনেই একো নোৱাৰিলে৷ না ডাক্তৰ না ইঞ্জিনিয়াৰ না প্ৰফেচাৰ বা বিজ্ঞানী না অন্যান্য৷

নিজৰ সন্তানে জ্ঞানৰ পোহৰ পাবলৈ আনুষ্ঠানিক শিক্ষা পাবই লাগিব৷ জীৱনটো সুন্দৰভাৱে পাৰ কৰিবলৈ এটা সুন্দৰ বৃত্তিৰ অধিকাৰী বলৈ আনুষ্ঠানিক শিক্ষাত কৃতকাৰ্য বই লাগিব৷ কিন্তু ইয়াৰ লগতে লাগিব জীৱনৰ জ্ঞান৷ নিজৰ জীৱনটো সুন্দৰ নহয় সূচাৰুৰূপে পৰিচালনা কৰিবলৈ লাগিব জীৱনৰ জ্ঞান, যি কেৱল অভিভাৱকৰ পৰাহে সম্ভৱ৷ সকলো সময়ত আনুষ্ঠানিক শিক্ষাই সেয়া নিদিয়ে৷ নিজৰ সন্তানক বিদ্যালয়মুখী কৰাৰ পিছত নম্বৰৰ তালিকা দেখি আনৰ লগত তুলনা কৰিব নালাগে৷ কম নম্বৰ পোৱাৰ বাবে শাস্তি আৰু বেছি নম্বৰ পোৱাৰ বাবে মৰম কৰি দেখুৱাব নালাগে৷ কোনো বিষয়ত কম পালে সেই বিষয়ত আগ্ৰহী কৰি তুলিবলৈ অভিভাৱকে যত্ন কৰিব লাগে৷ কিয় কম পালে সেই বিশেষ কাৰণটো জানিবলৈ চেষ্টা কৰিব লাগে৷কেলৈনো তুমি নোৱাৰানহয়মই দেখোন তুমি জানা বুলিহে গম পাওঁ’, সদায় সেই মনোভাৱ ৰাখিব লাগে নিজৰ সন্তানৰ প্ৰতি৷ সন্তানে কোনটো বিষয় আটাইতকৈ বেছি ভাল পায়, সেই বিষয়টোৰ ওপৰত যিমান scope আছে যিমানবোৰ কেৰিয়াৰ অপচন আছে সেয়া প্ৰথম অভিভাৱকসকলে জানি লৈ নিজৰ সন্তানৰ সন্মুখত খুলি দিয়ক৷ চাকৰি এটা পোৱাতো যিমান কষ্টসাধ্য, সেই একেটা চাকৰিতে সন্তোষ্ট হোৱাটো তাতকৈ কষ্টসাধ্য৷ নহলে চাকৰি পোৱাৰ পিছতো অনুভৱ হয় কি যে চাকৰিডাল পালোঁ৷ সন্তানক সৰু হৈ আছে বুলি ভাবি সিদ্ধান্ত লোৱাত বাধা দিব নেলাগে৷ সন্তানে যাতে সেই সিদ্ধান্তত সফল পাৰে তাৰ বাবেহে চেষ্টা কৰিব লাগে৷

Parents And Children

সফলতাৰ বাবে শিক্ষা নহয়, সফলতাৰ বাবে লাগে উদাস, আগ্ৰহ আৰু জ্ঞান৷ সেয়া কেনেকৈ সম্ভৱ কৰিব পাৰি সেয়াই অভিভাৱকৰ কৰ্তব্য৷ যদি সেয়া সম্ভৱ তেনেহলে অভিভাৱক হিচাপে নিজকে সফল বুলি পৰা যাব৷

শিক্ষয়িত্ৰী হিচাপে মই বিদ্যালয়ত যিমান চাগৈ ছাত্ৰীসকলক পিটো ঘৰত গৈ চাগৈ কোনো অভিভাৱকেই ইমান নিপিটে৷ আৰু বিদ্যালয়ত মোক যিমান সিহাঁতে ভয় কৰে আন কালৈ চাগৈ ভয় নকৰে৷ কিন্তু মোৰ লগত সিহঁতৰ ইমানেই Intimate যে আন কাৰো লগত নহয়৷ জীৱনৰ কাকো নকবলগীয়া কথাও খুলি কয়, নিজৰ দুখৰ কথাও খুলি কয়৷ বিপদত পৰিলেও উপায় বিচাৰি কাষ চাপে৷ নিজৰ কাপোৰ খুলিও গাত থকা ক্ষত অংশ দেখুৱাই যাতে উচিত চিকিৎসা কৰাই দিব পাৰোঁ, যিখিনি ঠাই নিজৰ মাতৃ গৰাকীকো দেখুৱাবলৈ লাজ কৰে৷ যদি অভিভাৱক বিচাৰে সিমানলৈ নামি যাওঁক৷ এছাৰিৰ কোব যাতে যন্ত্ৰণা নহয়, তালৈ মন কৰিব৷ এছাৰিৰ কোবত যাতে জীৱনে কষ্ট নাপায়, তালৈ মন কৰিব৷ এছাৰিৰ কোব কেৱল পাহৰাখিনি যাতে পুনৰ নাপাহৰে তাৰ বাবেহে৷ নিজৰ খংটো সামৰাৰ উপায় এছাৰিৰ কোব নহয়৷

মোক সেই ফিজিক্সৰ ছাৰে সিদিনা কৈছিল, যি কেৱল শিকিবলৈ পঢ়ে তেওঁ মৃত্যুৰ সময়তো শিকিয়েই যায়৷ কোনো ব্যক্তিয়ে জন্মতে একো শিকি নাহে৷ তেওঁ মৃত্যু পৰ্যন্ত শিকিব লাগিব৷ যাৰ উদ্দেশ্যই শিকাৰ তেওঁ কেতিয়াও নিজৰ বিফলতাত বিমৰ্ষ নহয়৷ এই কথাষাৰ মই মোৰ জীৱনত প্ৰমাণ পালোঁ৷ বিফল হৈছোঁ কিন্তু তাৰ পৰাই সফলতাৰ চাবি বিচাৰিবলৈও সক্ষম হৈছোঁ৷ আজি

 নিজেই অনুভৱ কৰোঁ নিজৰ সন্তান কিমান সফল তাক তুলাচালনীত তোলাৰ আগত অভিভাৱক হিচাপে নিজেই কিমান সফল তাক জানিবলৈ নিজক এবাৰ তুলাচালনীত তুলি দিব লাগে৷ যদি অভিভাৱক সফল, সন্তানে জীৱনত বিফলতাৰ সন্মুখীন নালাগে৷

আহকচোন, সকলো পিতৃমাতৃয়ে নিজৰ সন্তানক এবাৰ প্ৰশ্ন কৰক কিয় তেওঁলোকে পঢ়িছেনো৷ অৱশ্যে কণমানিহঁতে ইয়াৰ সঠিক উত্তৰ দিব নোৱাৰে কিন্তু ১২ বছৰৰ ওপৰৰ শিশুৱে চিন্তা কৰি উত্তৰ দিবলৈ সক্ষম পাৰে বুলি ভাবোঁ৷ বিশেষ পাৰদৰ্শী বহু শিশুৱে কিন্তু প্ত বছৰ বয়সতেই নিজৰ লক্ষ্য স্থিৰ কৰি পাৰে৷ সন্তানে যেতিয়া দশম শ্ৰেণীৰ পাছত কি পঢ়িব ভাবে, তাৰ আগত এবাৰ  প্ৰশ্ন কৰক কিয় তেওঁলোকে পঢ়িব বিচাৰে৷ আৰু তাৰ উত্তৰৰ ওপৰত ভিত্তি কৰি জীৱন আগবঢ়াবলৈ সহায় কৰক৷

Leave a Reply

Your email address will not be published. Required fields are marked *