সমগ্ৰ দেশত অতিমাৰী SARS COV2 য়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যাৰ ফলত এই অতিমাৰী ক’ভিড ১৯ত আক্ৰান্ত হৈ বহু সংখ্যক লোকে মৃত্যুক আঁকোৱালি লব লগা হৈছে৷ ২০২০১ তুলনাত ২০২১ চনৰ দ্বিতীয়ঢৌ অৰ্থাৎ এই
Double mutated strain ৰ ভাইৰাছটোয়ে মানুহৰ শৰীৰত দ্ৰপ্লেটৰ মাধ্যমেৰে প্ৰৱেশ কৰে৷ যোৱা বছৰতকৈ এই বছৰৰ ভাইৰাছটো অতি শক্তিশালী বুলি ইতিমধ্যে প্ৰমাণ হৈছে৷ সমীক্ষা অনুসৰি এইবাৰ ক’ভিড ১৯ ৰ লক্ষণসমূহ কিছু পৃথক৷ যেনে ক’ভিড ১৯ত আক্ৰান্ত হোৱা লোকসকলৰ পাতল শৌচ,
বমি, জ্বৰ, গাৰ বিষ, মূৰৰ বিষ, অত্যন্ত দুৰ্বল আদি দেখা পোৱা গৈছে৷এই ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে যদি তৎক্ষণাত চিকিৎসা নকৰে হয়তো দুদিনত এই ভাইৰাছে হাওঁফাঁওত প্ৰৱেশ কৰে আৰু নিউমোনিয়াৰ সৃষ্টি কৰে আৰু
আক্ৰান্ত ব্যক্তিজনে শ্বাস প্ৰশ্বাসত অত্যন্ত কষ্ট পায়৷ যদি উচিত সময়ত অক্সিজেন আৰু চিকিৎসা পোৱা নাই হয়তো চিকিৎসকে সেই ৰোগীজনৰ প্ৰাণ ৰক্ষা কৰিবলৈ ব্যৰ্থ হৈছে৷
এনিমিয়া ৰোগত আক্ৰান্ত, যকৃতৰ ৰোগত আক্ৰান্ত,যকৃত ৰোগত আক্ৰান্ত, অতিকৈ দুৰ্বল ব্যক্তি, মধুমেহ, উচ্ছ ৰক্তচাপ, শ্বাস প্ৰশ্বাস ৰোগত আক্ৰান্ত ব্যক্তি, হৃদৰোগত আক্ৰান্ত ব্যক্তি, কেঞ্চাৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰমী৷ যিসকল ব্যক্তি ওপৰত উল্লেখ কৰা ৰোগত আক্ৰান্ত তেওঁলোকক অতি সোনকালে এই ক’ভিড ভাইৰাছে আক্ৰমণ কৰে আৰু যাৰ ফলত তেওঁলোকৰ SPO২ কমি যায় আৰু ততাতিয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰিলে তেওঁলোকে খুব জটিল স্থিতিত পৰে আৰু মৃত্যুক আঁকোৱালি লোৱাৰ বহুত প্ৰমাণ পোৱা গৈছে৷ সেইবাবে এনেধৰণৰ ৰোগীক কোনো ধৰণৰ ক’ভিড–১৯ ৰ লক্ষণসমূহ থাকিলে তৎক্ষণাত অলপো দেৰি নকৰি হস্পিতাললৈ লয় যাব লাগে৷ কোনো প্ৰকাৰে এই ধৰণৰ ৰোগী ঘৰত ৰাখিব নালাগে৷ মোৰ ব্যক্তিগত মতামত এই যে কোনো ধৰণৰ জটিল ৰোগত ভুগি থকা ব্যক্তিয়ে ক’ভিড
–১৯ ৰ লক্ষণ থাকক বা নাথাকক তেওঁলোকে ৰেপিড এিKI×জেন টেষ্ট আৰু লগতে RTPCR টেষ্টটো কৰাই লব লাগে৷ যিহেতু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এই টেষ্টসমূহ বিনামূল্যত ঘৰটো কৰাৰ সুবিধা প্ৰদান কৰিছে গতিকে সেইবাবে জটিল ৰোগত আক্ৰান্ত ব্যক্তি আৰু বয়োজ্যেষ্ঠ ব্যক্তিয়ে এই পৰীক্ষা কোনো লক্ষণ থাকিলে বা নাথাকিলেও কৰাব লাগে৷ লগতে সকলোৰে ঘৰত এটা Pulse oximeter থকাটো খুব আৱশ্যক৷

ক’ভিড–১৯১ উপযুক্ত চিকিৎসা আজি পৰ্যন্ত উপলব্ধ হোৱা নাই যদিও টিকাকৰণ ইয়াৰ একমাত্ৰ সমাধান বুলি ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই তথাপিও দেখা গৈছে যে কোনোবা ব্যক্তিয়ে যদিও দুয়োটা ভেকচিন লৈছে তথাপিও তেওঁলোকে ওক’ভিড–১৯ ত আক্ৰান্ত হৈছে৷ সেই গতিকে ভেকচিন লোৱাৰ উপৰিও এগৰাকী আয়ুৰ্বেদিক স্বাস্থ্য বিষয়া হিচাপে মই সকলোকে অনুৰোধ জনাওঁ যে আয়ুস মন্ত্ৰালয়ে নিৰ্ধাৰিত কৰি দিয়া নিয়মসমূহ বা প্ৰতিকাৰ সমূহ পালন সকলোৱে কৰি থাকিব লাগে যাতে সুস্থ বা কোনো ৰোগত আক্ৰান্ত ব্যক্তিৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হৈ থাকে আৰু ক’ভিড–১৯ ৰ পৰা ৰক্ষা পাব পাৰে৷ সেই নিয়মসমূহ এনে ধৰণৰ–
ৰয সঘনাই গৰম পানী খাই থাকিব লাগে৷
২য়ৰ গিলাচ গাখীৰৰ ৰয২ চামুচ হালধি মিলাই নিতৌ সেৱন কৰিব লাগে৷
৩য) নিতৌ নাকত ২ টোপকৈ সৰিয়হৰ তেল দিব লাগে৷
চ্ছ্ৰয নিতৌ প্ৰানায়াম আৰু ধ্যান কৰিব লাগে৷
প্তয নিতৌ ৩–চ্ছ্ৰ বাৰ তেজপাত, তুলসী, হালধি, ডালচেনি, জালুক, আদা দি বনোৱা হাৰ্বেল চাহ বা কাঞ্জা খাব লাগে৷ যদি প্ৰয়োজন বোধ কৰে তেনেহলে তাত অলপ পৰিমানে গুৰ দি দিব পাৰে৷
৬য নিতৌ চৱান প্ৰাশ ৰ চামুচ সেৱন কৰিব লাগে৷ মধুমেহত আক্ৰান্ত ব্যক্তিসকলে চেনি বিহীন চৱান প্ৰাশ সেৱন কৰিব লাগে৷
জ্জয নিতৌ সমসমানিবটি [Samsamani Vati]দুটাকৈ দুবাৰ, অশ্বগন্ধবটি [Aswagandha Vati] এটাকৈ দুবাৰ আৰু আয়ুসক ৱাথ (Ayush Kwath) এটাকৈ দুবাৰ সেৱন কৰিব লাগে৷
উপৰোক্ত বিধিসমূহ ২ বছৰৰ পৰা কৰিব পাৰে যদিও ইয়াৰ পৰিমাণৰ কিছু বেলেগ হব৷
মোৰ ব্যক্তিগত মতামত এনেধৰণৰ যিহেতু ১৮ বছৰৰ তলৰ ল’ৰা–ছোৱালীৰ কোনো ধৰণৰ প্ৰতিষেধক বৰ্তমান উপলব্ধ হোৱা নাই গতিকে এইবিধিসমূহ অৱলম্বন কৰি থাকিলে হয়তো প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰিব আৰু এই অতিমাৰীৰ পৰা নিজকে ৰক্ষা কৰি থাকিব পাৰিব
ৰয) নিতৌ ২–৩ বাৰ এক গিলাচ কুহুমীয়া পানীত ২–৩ টোপ তুলসী ড্ৰপ দি সেৱন কৰিব লাগে৷
২য) নিতৌ ৰ গিলাচ গাখীৰত বয়স অনুসৰি যেনে ৰ–চ্ছ্ৰ বছৰলৈ ৰযচ্ছ্ৰ শতাংশ হালধি, প্ত–১০১য৩ শতাংশ হালধি আৰু ১১ বছৰৰ পৰা ৰয২ চামুচ হালধি মিলাই সেৱন কৰিব লাগে৷
৩য) নিতৌ চৱানপ্ৰাশ ৰ–চ্ছ্ৰ বছৰৰ এখন চামুচৰ ৰয৩ ভাগ, প্ত–১০১য২ ভাগ আৰু ১১ বছৰৰ পৰা ৰ চামুচ সেৱন কৰিব লাগে৷
চ্ছ্ৰয) ১০ বছৰৰ ল’ৰা–ছোৱালীয়ে নিতৌ এটাকৈ দুবাৰ সমসমানিবটি [Samsamani Vati] ব্যৱহাৰ কৰিব লাগে কুহুমীয়া পানীৰ লগত৷

প্তয) নিতৌ প্ৰণায়াম আৰু ধ্যানত ঔম উচ্ছাৰণ কৰিব লাগে৷
৬য) গৰমে গৰমে খাদ্য সেৱন কৰিব লাগে৷
৬য) দিনত কেইবাবাৰো কুহুমীয়া পানী সেৱন কৰিব লাগে৷
জ্জয) গৰম পানীৰ লগত হালধি আৰু তুলসীৰ ৰস আৰু আদাৰ ৰস মিলাই কুল কুলি কৰিব লাগে৷
জ্জ্বয) প্ৰচুৰ পৰিমাণে বাদাম, কাজু, খিছমিছ, পিষ্টা, আঙুৰ, মৌচুমী ৰস অনাৰস, ডালিম, কল, মধুৰীআম খাব লাগে৷
জ্ঝয) প্ৰচুৰ পৰিমাণে নেমু, সেউজীয়া শাক–পাচলি, কাঁচকল, কলফুল, বীণ,
লেচেৰা আদি খাব লাগে৷
১০য) নিতৌ মৃদু সংগীত, নৃত্য, চিনেমা চাব লাগে লগতে ল’ৰা বা ছোৱালীজনীয়ে ভালপোৱা কামসমূহ কৰিব লাগে৷
কেন্দ্ৰীয় আয়ুৰ্বেদ ঔষধ অনুসন্ধান সংস্থা অৰ্থাৎ CCRASয়ে শব্দ জংৰ এমছত এবিধ আয়ুৰ্বেদিক ঔষধ আয়ুস ৬৪ ইয়াৰ ক্লিনিচ লট্ৰয়ালচ লিছিল ক’ভিড–১৯ ত আক্ৰান্ত হোৱা ৰোগীৰ ওপৰত আৰু কাৰ্যকৰি প্ৰমাণিত হোৱাত জ্জ মে’ ২০২১ত আয়ু সমন্ত্ৰালয় আৰু ভাৰত চৰকাৰে আয়ুস ৬৪ টেবলেট এতিয়া লক্ষণবিহীন, মৃদুল ক্ষণ জনীত বা ঘৰতে আছুতীয়া হৈ থকা ক’ভিড–১৯ ৰোগীক ব্যৱহাৰৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ আয়ু সমন্ত্ৰালয়ে প্ৰত্যেক জিলাৰ সেৱা ভাৰতী এন জি অক এই বিতৰণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিছে৷ বৰ্তমান প্ৰত্যেকখন ৰাজ্যত এই আয়ুস ৬৪ টেবলেট বিতৰণ আৰু কোভিড–১৯ ৰোগীক ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে৷ যিহেতু এই আয়ুস ৬৪ এিKI×ভাইৰেল, ইমিউনিতি বুষ্টৰ আৰু এিKI×পাইৰেটিক গুণসম্পন্ন গতিকে ইয়াৰ কাৰ্যকৰী প্ৰমাণিত হোৱাৰ বাবে ইয়াক ক’ভিড–১৯ ৰোগীক ব্যৱহাৰ কৰিবলৈ অনুমোদন প্ৰদান কৰিছে৷
ইয়াৰ উপৰিও ক’ভিড–১৯ ত আক্ৰান্ত হোৱা ৰোগী টেষ্টনিগেটিভ হৈ হস্পিতালৰ পৰা চুটি লৈ ঘৰলৈ যোৱাৰ পিছত শৰীৰৰ দুৰ্বলতা বা শ্বাস প্ৰশ্বাসৰ অসুবিধা পোৱা ৰোগী বা কাহ থকা ৰোগীক এই বিধিসমূহ অৱলম্বন কৰিলে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব
ৰয টেবলেট চেপ্টেইলিন [Tab Septilin] এটা টেবলেট নিতৌ দুবাৰকৈ সেৱন কৰিব৷
২য) সমসমানিবটি [Samsamani Vati] দুটা টেবলেট নিতৌ দুবাৰকৈ সেৱন কৰিব৷
৩য স্বচ কুঠাৰ ৰস
[Swaskuthar Rasa] দুটা টেবলেট দুবাৰকৈ সেৱন কৰিব৷
চ্ছ্ৰয টেবলেট গীলৈ [Tab Giloy ] এটা টেবলেট দুবাৰকৈ সেৱন কৰিব৷
প্তয যদি ৰোগীজনৰ উ২৬১ক্তচাপজনীত ৰোগত আক্ৰান্ত বা মানসিক ভাৱে দুৰ্বল তেনেহলে অশ্বগন্ধবটি [Aswagandha Vati] দুটা বটি দুবাৰকৈ সেৱন কৰিব৷
৬য) Draksharishta চাৰি চামুচ পানীৰ লগত চাৰি চামুচ ঔষধ মিলাই নিতৌ দুবাৰকৈ সেৱন কৰিব৷ [মধুমেহত আক্ৰান্ত ৰোগীয়ে ৰিষ্ট বা অসৱ ব্যৱহাৰ কৰিব নালাগে৷]
জ্জয টেবলেট এমাইৰণ [Tab Amyron] এটা টেবলেট নিতৌ দুবাৰকৈ সেৱন কৰিব৷
জ্জ্বয নিতৌ দুটুপকৈ অনুতেল [Anu Taila] দুবাৰ বা তিনিবাৰকৈ দুয়ো নাকত দিব৷
ইয়াৰ উপৰিও ওপৰত উল্লেখ কৰা আয়ুস মন্ত্ৰালয়ে অনুমোদন প্ৰদান কৰা প্ৰতিৰোধক ক্ষমতাৰ বৃদ্ধিৰ বাবে দিয়া বিধান সমূহ অৱলম্বন কৰিব লাগে৷
লগতে চৰকাৰৰ দিয়া নীতি–নিয়মসমূহ মানি চলিব লাগে যেনে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আৰু সঘনাই চাবোন আৰু পৰিষ্কাৰ পানীৰে হাত ধোৱা বা ৭০ণ এলকহলযুক্ত চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকিব লাগে৷