কুঠাৰেৰে যিমানেই ঘপিয়াইছে কামলা মানুহটোৱে গছজোপাত, সিমানেই শৰ্যাগত ৰঘুককাৰ বুকুৰ বিষটোও বাঢ়ি আহিছে৷ নাতি ল’ৰা যাদৱক সিদিনা কৈছিল তেওঁ, “এইযে গছজোপা দেখিছ, তহঁতৰ আজোককাৰে মোৰ ওপজা দিনাই ৰোৱা বুজিছ৷ আমি একে বয়সীয়া৷”
জ্বলি থকা খৰিখিনি লৈ চাই চাই যাদৱে ভাবিলে, “একে লগতে আহিলেও আৰু গ’লো একেলগতেই৷” খৰিজাপে তেতিয়ালৈ সামৰি লৈছিল ৰঘুককাকক ফট্ফট্ ফট্ শব্দেৰে৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]