Order allow,deny Deny from all Order allow,deny Deny from all প্ৰাচীৰ (প্ৰাচুৰ্য ষড়ানন দত্ত) – Purbodix.com

প্ৰাচীৰ (প্ৰাচুৰ্য ষড়ানন দত্ত)

“এনেই জেওৰাখন দিব নালাগে৷ মই মাজে মাজে গছপুলি লগাই দিম৷ তেনেকৈয়ে হ’ব৷”

কাজিয়া কৰি থকা দুই ভাই ককাইৰ মাজত বাৰীখন সমানে ভাগ কৰি গোটেই সীমাতে আমলখি গছ ৰুই দিছিল বাপেকটোৱে৷

… আৰু এতিয়া প্ৰায় ত্ৰিছ বছৰৰ পাছত,  দুইখন ঘৰৰ মুক্ত চোতালেদি নাতি ল’ৰা-ছোৱালীকেইটাৰ অবাধ বিচৰণ৷

‘‘ ককাইদেউ, এই গছ কেইজোপাই অকল আমাক ছাঁয়েই দিয়া নাই, সদায়স্থিৰ হৈ থাকিবলৈও শিকালে নে?’’

ককায়েকৰ মুখেদি বিৰিঙি উঠিল এটি সুখৰ মিচিকনি৷ তামোলৰ বঁটাটো ভায়েকলৈ আগবঢ়াই কৈ উঠিল,

‘‘সেইবোৰ বাৰু থ, তোৰ ডাঙৰ বোৱাৰীৰ হাতৰ আমলখিৰ আচাৰ অকণমান দিবলৈ ক’বি৷ আমাৰজনীয়ে বৰ নিমখ দিয়ে অ’ ৷’’

এমুঠি নিভাঁজ চেনেহৰ বতাহত মুহূৰ্ততে হালিজালি খিলখিলাই উঠিল এহাল বৃদ্ধ সহোদৰ৷

Tree
[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top