কেইজনমানে উত্তৰ দিলে যে ছাঁ লাগে বাবে আমি গছ পুলি ৰুব লাগে৷ উত্তৰবোৰ শুনি বৰ ৰস পালে পণ্ডিতে৷
শেষত তেওঁ গিৰিশলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে৷ সি ইঙ্গিতেৰে বুজাবলৈ চেষ্টা কৰিলে উত্তৰটো৷ পণ্ডিতে তাৰ সকলো কথা বুজি পায় যদিও সি কি বুজাব খুজিছে, ঠিক ধৰিব নোৱাৰিলে৷
চাৰি-পাঁচ বাৰ গিৰিশে ইঙ্গিত দিয়াৰ মূৰকত পণ্ডিতে তাৰ ক’বলগাখিনি বুজিলে৷
সি কৈছে –‘‘হাঁওফাওঁৰ এফাল তাৰ বুকুত আছে, আনটো ফাল গছজোপাত ওলমি আছে ’’
পণ্ডিতে তাৰ কথা বুজি সি দেখুৱাই দিয়া গছজোপালৈ চালে৷ পণ্ডিতৰ ককাক কলাৰাম বৈষ্ণৱে এসময়ত ৰুইছিল অৰ্জুনজোপা৷
অৰ্জুনজোপাই কথা ক’ব নোৱাৰে, গিৰিশৰ দৰেই৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]