Order allow,deny Deny from all Order allow,deny Deny from all বৰদৈচিলা (শেৱালী বৰা) – Purbodix.com

বৰদৈচিলা (শেৱালী বৰা)

শালত ফুলটো বাচিবলৈ লওঁতে জীয়েক লাটুৱে মাক  মামনিক সিহঁতৰ ঘৰলৈ বৰদৈচিলা কেতিয়াকৈ আহিব সুধিলে৷ জীয়েকৰ কথাই মাকৰ তাঁত শালত ফুলটো আউল লগাই দিলে৷ আকৌ সুধিলে আজি বাৰু সন্ধিয়ালৈ আহিব  নেকি মা? মাকে বৰদৈচিলালৈ বৰ ভয় কৰে৷ ঘৰখন থানবান হয় বুলি৷ যেনে তেনে বিহুলৈ মানুহজন আহি ঘৰটো ঠিক-ঠাক কৰিলে তাই আটোমটোকাৰিকৈ সজাই ল’ব৷ সন্ধিয়াৰ খবৰটো  তাইৰ বাবে বৰদৈচিলা আছিল৷ বৰদৈচিলাই তাইৰ সংসাৰৰখন থান-বান কৰি দিলে৷ কফিনত অহা নিজৰ মনৰ মানুহজন  দেখোন আজি জীৱনৰ বাবেই বৰদৈচিলা হৈ আহিল…৷ জীৱনটোৱেই শালৰ ফুলটোৰ দৰে আউল লাগিল….৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top