July 10, 2021July 21, 2021 by Arup Kakoti ‘হে কানাই পাৰ কৰাহেবেলিৰ পৰিল চঁয়া [এ] নষ্ট হৈ’ল দুধেৰ ভাণ্ডাৰবাজাৰ গৈ’ল ব’য়া’ দূৰৈৰ পৰাই কাৰ কণ্ঠতৰিণি–ৰিণিকৈ ভাহি আহিছিলঘামে ধোৱা আবেলিৰ বিয়াকুল সুৰকোলাহলৰ নীৰৱতাৰ মাজেৰে গৈ থাকিলোঁপালোঁগৈ কোন এই নদীৰ তীৰ কেনে মায়াৰে গঁথা?জীৱনৰ নিৰিবিলি নিবিড়ি ছায়াগোলাপ পাহিও লাহ লাগি জ্বলেগলে শোকৰ বাটনে ভোকৰ ভাতএইটিচোন অঘৰীৰ ঘাট অ’ অঘৰী ককাই তইকোন ঘাটে বাবি নাওএফালে যায় বীণ বৰাগীআনফালে বেহাবলে’ যায় বেপাৰীৰ ভাওক’চোন কোন নদীৰ পাৰত আছিল তোৰ ঘৰ ?নদীৰ খহনীয়াইবুকুৰ চপৰা খহাইকোনটি বানে তোক কৰিলে উচন শিলত খাজকাটি যাগৈ এবাৰ ভটিয়াইচাগৈ আছেনে তোৰ গাঁওখনি জীয়াইআছেনে জী তোৰ আই–পিতাই ?নে পথাৰত পোত গৈ আছে তোৰ বুকুৰ হাড়কি জানিবা হাড়ৰৰ বীণাটিয়েআছে তাতে বিনায় তই যে নাই তই যে নাই৷ Share on FacebookTweetFollow us