সমগ্ৰ পৃথিৱীত যিমানখিনি ধ্যানৰ পদ্ধতি আছে তাৰ ভিতৰত ‘শাম্ভৱী মুদ্ৰা’ বা ‘শাম্ভৱী মহামুদ্ৰা’ আৰু
‘উন্মানী মুদ্ৰা’ই অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে৷ এই দুই মুদ্ৰাত চকুৰ স্থান অতি গুৰুত্বপূৰ্ণ৷ এই দুই মুদ্ৰা লৈ সাধক–সাধিকা, যোগী–যোগীনিৰ মাজত বিভ্ৰান্তি [Confusion]ৰ সৃষ্টি হয় বা চিন্তিত হয়, কাৰণ দুইটা মুদ্ৰাৰ নাম বেলেগ বেলেগে কিন্তু কৰাৰ শৈলী কি সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়৷ কাৰণ দুয়োটা চকুৰ সহায়তে কৰা হয় আৰু প্ৰায় একেই৷ এই মুদ্ৰা একপ্ৰকাৰৰ ধ্যান বুলিয়েই ক’ব পাৰি৷
‘ধ্যান’ শব্দৰ প্ৰয়োগ বিভিন্ন ধৰণে কৰা যায়৷ যদি বিশেষ এটা বস্তুত একাগ্ৰ হোৱা যায় তেতিয়াও ধ্যান কৰা বুলি কোৱা হয়৷ যদি কোনো এটা বিচাৰ বাৰে বাৰে চিন্তা কৰি থকা হয় সেইটোকো ধ্যান বুলিয়েই কোৱা হয়৷ যদি কোনো বিশেষ এটা ধবনি বা বিশেষ এটা মন্ত্ৰ বাৰে বাৰে উচ্ছাৰণ কৰি থাকে, সেইটোও ধ্যান বুলিয়েই কোৱা হয়৷ ঠিক সেইদৰে যদি নিজে মানসিক ভাবে ওচৰে–পাজৰে হৈ থকা কাৰকবোৰৰ প্ৰতি বা শাৰীৰিকভাৱে হৈ থকা বস্তুবোৰৰ প্ৰতি সজাগ হৈ কি ঘটি আছে একাগ্ৰতাৰে অনুধাৱন কৰা হয় তাকো ধ্যান বুলিয়ে গণ্য কৰা হয়৷ কিন্তু শাম্ভৱী মুদ্ৰা বা শাম্ভৱী ক্ৰিয়া এইবোৰৰ এটাৰ ভিতৰতো অন্তভূৰ্ক্ত নহয়৷
আজিকালি দিন এনেকুৱা আহি পালেহি যে যদি কোনো ক্ৰিয়া কৰি আপোনাৰ ভিতৰখনত ভাল লগা অনুভৱ কৰিছে তেন্তে সেইটোৱেই মানুহে যথেষ্ট বুলি নাভাবে যেতিয়ালৈকে তাক বৈজ্ঞানিকভাৱে পৰীক্ষা নিৰীক্ষা কৰা নহয়৷ এই মুদ্ৰা সমূহৰো পৰীক্ষা নিৰীক্ষা কৰা হৈছে৷ বৈজ্ঞানীকভাৱে পৰীক্ষা কৰি পোৱা গৈছে যে,
যি এই শাম্ভৱী ক্ৰিয়াৰ দৈনন্দিন অভ্যাস কৰে তেওঁলোকৰ কাৰ্টিচল হৰমন [Cortisol Hormone] সক্ৰিয় হোৱাৰ ক্ষমতা বহুত বাঢ়ি যায়, যি হৰম’নে দুচিন্তা, হতাশা আদি কমাই ৰাখে৷ ইয়াৰ নিৰন্তৰ অভ্যাসে ‘কৰ্টিসল’ জাগ্ৰত কৰাৰ, ক্ষমতা, আন সামন্য মানুহতকৈ
বহুত গুণ বেছি কৰি দিয়ে৷ এই ক্ৰিয়াই মন প্ৰফুল্লিত কৰি ৰাখে৷ নিৰাশা আঁতৰাই যিকোনো সিদ্ধান্ত সঠিকভাৱে ল’ব পৰাৰ ক্ষমতা আনি দিয়ে৷ মনৰ শান্তি বহুত গুণ বাঢ়ি যায়৷ আপুনি শান্তিপূৰ্ণ, আনন্দদায়ক হোৱাৰ লগতে আপোনাৰ মস্তিষ্কৰ সক্ৰিয়তাও বাঢ়ি যায়৷ এই মুদ্ৰাই আমাৰ তৃতীয় নক্ষত্ৰ [Thrid Eye] খুলি দিয়ে৷
শম্ভুৰ দৰে চকু যেতিয়া হ’ব সেইটোৱেই শাম্ভৱী মুদ্ৰা৷ অৰ্থাৎ যি ক্ৰিয়া কৰোতে শম্ভুৰ দৰে চকু হয় সেয়ে শাম্ভৱী মুদ্ৰা৷ এই মুদ্ৰাক শাম্ভৱী মুদ্ৰা বুলি এইকাৰণেই কোৱা হয়, কাৰণ ই ভগৱান শম্ভুৰ স্বৰূপৰ দ্বাৰা প্ৰেৰিত৷ শম্ভু মানে শিৱ শম্ভু, ভগৱান শিৱ৷ ভগৱান শিৱই প্ৰায়েই এই মুদ্ৰাত বহি ধ্যান কৰিছিল বুলি কোৱা হয়৷

ভগৱান শিৱই ধ্যানত বহি যিদৰে ওপৰলৈ চাই আছে,
চকু অলপ বন্ধ, অলপ খোলা–সেই অৱস্থা, যদি নিজৰ কিবা বদ অভ্যাস আছে,
যিটো ত্যাগ কৰিবলৈ বিচাৰিও কৰিব পৰা নাই,
তেন্তে শাম্ভৱী মুদ্ৰাতকৈ উত্তম উপায় নাই, যদি আপুনি শান্তিৰ বাবে চেষ্টা কৰিছে, তেতিয়াও এই মুদ্ৰাৰ বাহিৰে বেলেগ উত্তম উপায় নাই৷
সেইদৰে উন্মানী মুদ্ৰাৰো গুৰুত্ব নথকা নহয়৷ ইও অতি মহত্বপূৰ্ণ কোনো কোনো ব্যক্তিৰ মস্তিষ্ক এনেকুৱা হৈ যায় যে, ব্যক্তিজন বহুত জেদি, বহুত ক্ৰুৰ স্বভাৱৰ হৈ পৰে৷ তেতিয়া যদি শাম্ভৱী কৰিবলৈ দিয়া হয় তেন্তে হয়তো তেওঁৰ চকুৰ মণি স্থিৰ কৰিব নোৱাৰিব, ইফালে সিফালে কৰি থাকিব৷ কঁপিব পাৰে, মন স্থিৰ নহ’ব পাৰে৷ তেনে স্থলত উনমপি কৰিব লাগে৷ অৰ্থাৎ উন–মন৷ যেতিয়া কোনো ব্যক্তি মনৰ স্থিতিৰ পৰা৷ মনৰ বিচাৰবোৰৰ পৰা ওপৰলৈ গুচি যাব পাৰে সেই স্থিতিকেই উন্মনী, মুদ্ৰা বুলি কোৱা হয়৷
এই দুই মুদ্ৰাৰ ওপৰত বিভিন্ন গুৰুৰ বিভিন্ন মত৷ বিভিন্ন গুৰুৱে নিজৰ নিজৰ শৈলী বা বিধিৰ দ্বাৰা বিভিন্ন ধৰণে কৰে৷ এই শৈলীবোৰ ভুল বুলি ক’ব নোৱাৰি৷ কাৰণ, বিভিন্ন ঋষি মুণিয়ে আমাক বিভিন্ন ধৰণে শিকাই থৈ গৈছে আৰু বিভিন্ন গুৰু বিভিন্ন ঋষিৰ দ্বাৰা প্ৰেৰিত৷
শাম্ভৱী মুদ্ৰা কৰোঁতে সিদ্ধাসন, পদ্মাসন, সুখাসন আদি নিজৰ সুবিধা অনুসৰি যি কোনো আসনত বহি লৈ মেৰুদণ্ড পোন কৰিব লাগে৷ যদি এইদৰে বহাত অসুবিধা তেন্তে চকিত মেৰুদণ্ড পোন কৰি ল’ব৷ হাতত জ্ঞান মুদ্ৰা লৈ দুই হাত আঁঠুৰ ওপৰত ৰাখিব৷ চকু দুটা খোলাকৈ দুই চকুৰ মণি মাজলৈ আনি ঠিক অলপ ওপৰলৈ চাব লাগে৷ আধা চকু ওপৰত, ওপৰৰ চকু আধা তলত৷ অৰ্থাৎ চকু অলপ খোলা আছে আৰু চকুৰ মণি ওপৰৰ ফালে থাকিব তাকো চকুৰ পতাৰফালে আধা ঢকা অৱস্থাত থাকিব৷ উশাহ চকু ওপৰলৈ নিওঁতে ল’ব লাগে আৰু অলপ দেৰী উশাহ ৰখাই লালে হালে উশাহ এৰি চকু জপাব লাগে৷ এইদৰে ৩–চ্ছ্ৰ বাৰ পুনাৰাবৃত্তি কৰিব৷ কিন্তু প্ৰত্যেকবাৰ মাজত চকু বন্ধ কৰি অলপ দেৰি ৰ’ব৷ প্ৰথমে যদি উশাহ ৰখাই থ’বলৈ অসুবিধা হয় তেন্তে স্বাভাৱিক উশাহ লৈ থাকিব৷ কোনো কোনোৱে উশাহটো এনেকুৱা স্থিতিত ৰখাবলৈ কয় য’ত উশাহ অকণমান ভিতৰলৈ আৰু অকণমান বাৰিহলৈ আহিছে৷ উশাহ যেন ৰাখি আছে কিন্তু সম্পূৰ্ণ বন্ধ কৰা নাই৷ কোনো কোনো গুৰুৱে স্বাভাৱিক উশাহ–নিশাহ লৈ চকু ওপৰলৈ নি তাতে চকু বন্ধ কৰিও শাম্ভৱী কৰিব দিয়ে৷
সেইদৰে উনমণি মুদ্ৰা মুদ্ৰাতো চকুৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ এই মুদ্ৰা কৰোতেও সুখাসন, সিদ্ধাসন, পদ্মাসন, বক্সাসন আদিত বহি হাতত ‘জ্ঞান মুদ্ৰা’ লৈ আঁঠুত হাত ৰাখি একান্তভাৱে কৰিব লাগে৷ চকাত বহিও কৰিব পাৰে৷ মেৰুদণ্ড সম্পূৰ্ণ পোন হৈ থাকিব৷ এই মুদ্ৰাত চকুৰে ওপৰলৈ চোৱা আৰু চকু সম্পূৰ্ণ মেলি ৰাখি ভ্ৰুকুটিক চোৱাৰ প্ৰয়াস কৰিব লাগে৷ উনমপি মুদ্ৰা কৰোঁতেও উশাহ লৈ চকু ওপৰলৈ নি উশাহ অলপ দেৰি ৰখাই এৰি দিব লাগে৷ যেতিয়া উশাহ লোৱা হয়, কোৱা হয় যে তেতিয়া নতুন বিচাৰ, নতুন উৰ্জা, নতুন উশাহ নিজৰ মস্তিষ্কত প্ৰৱাহিত হ’বলৈ ধৰে৷ যেতিয়া উশাহ এৰি দিয়ে আপোনাৰ বিচাৰ বাহিৰলৈ ওলাই আহে৷ ভিতৰৰ অশুদ্ধ বায়ু বাহিৰলৈ ওলাই আছে৷

কিন্তু যেতিয়া উশাহ ৰখাই থোৱা হয় তেতিয়া আপোনাৰ বিচাৰ বিবেচনাৰ ওপৰত আংশিক নিয়ন্ত্ৰণ হ’বলৈ ধৰে, বিচাৰ অলপ অলপ ৰ’বলৈ ধৰে আৰু এনেকুৱা স্থিতিত আপুনি বিচাৰ–বিবেচনাৰ দোধোৰ–মোধোৰ অৱস্থাৰ পৰা সামান্যভাৱে, ওপৰলৈ উঠি যায়৷ আৰু ই স্থিতিয়েই ‘উন–মন’
অৱস্থা৷
শেষত উল্লেখ কৰা প্ৰয়োজন যে প্ৰথম অৱস্থাত এই দুই মুদ্ৰা গুৰুৰ তত্ত্বাৱধানত ভালদৰে শিকি লৈ অভ্যাস কৰাটো উত্তম৷ কাৰণ প্ৰথম অৱস্থাত কোনো কোনো ব্যক্তিৰ মূৰ ঘূৰাব পাৰে, চকুত বিষ অনুভৱ কৰিব পাৰে৷ যদি বেছি বলপূৰ্বকভাৱে কৰে তেন্তে অলপ দেৰিৰ পিছতে তৰা দেখাৰ দৰে অসুবিধাৰ সৃষ্টি হ’ব পাৰে৷ এই ধৰণৰ অসুবিধা হ’লে চকু বন্ধ কৰি অলপ দেিৰ ৰেষ্ট ল’ব৷ জ্জ বছৰৰ [সাত] ওপৰৰ যিকোনো বয়সৰ ব্যক্তিয়ে এই অভ্যাস কৰিব পাৰিব৷
সাধাৰণতে যোগ সাধনা পুৱাৰ ভাগত অভ্যাস কৰা উত্তম বুলি কোৱা হয়৷ কাৰণ সেই সময়ত মন শান্ত হৈ থাকে৷ হুলস্থূল নাথাকে৷ একাগ্ৰ হৈ অভ্যাস কৰিব পৰা যায়৷ কিন্তু কোনো ব্যক্তিৰ যদি ৰাতিপুৱা সময় নাথাকে, তেন্তে সন্ধ্যাও যোগ অভ্যাস কৰিব পাৰে৷ কিন্তু পৰিৱেশ শান্তিপূৰ্ণ হোৱাটো খুবেই জৰুৰী৷ সেইদৰে পেট খালী থাকিব লাগে৷
আমাৰ চাৰিওফালে যি আতিমাৰি চলি আছে,
এনেস্থলত আসন, প্ৰাণায়াণ, ধ্যান কৰাটো অত্যন্ত জৰুৰী৷ তেতিয়া আমি শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ–সৱল হৈ থাকিব পাৰিম৷
আশাকৰো এই লেখাৰ দ্বাৰা পাঠক–পাঠিকা সকল সামান্যভাৱে হ’লেও উপকৃত হ’ব৷
