শিক্ষা জাতিৰ মেৰুদণ্ড৷ শিক্ষা সমাজৰ দাপোণ, য’ত প্ৰতিফলিত হয় এখন সমাজৰ জীৱন ধাৰণৰ কৌশল, সাহিত্য, সভ্যতা আৰু সংস্কৃতি৷ শিক্ষাই মানৱ জীৱনক প্ৰদান কৰে পোহৰ, কৰ্মকুশলতা, স্বাৱলম্বিতা, জীৱন ধাৰণৰ উপায়, সৌন্দৰ্য্য আৰু আনন্দ৷ শিক্ষা অবিহনে কোনো লোককে যোগ্য, দায়িত্ববান মানুহ হিচাপে গঢ়ি তুলিব পৰা নাযাব আৰু শিক্ষা নহ’লে কোনো মানুহেই প্ৰকৃতাৰ্থত ব্যক্তিত্ব [Personality] অৰ্জন কৰিব নোৱাৰে৷ সেয়েহে হয়তো ৰাজা ৰামমোহন ৰায়ে কৈছিল–“শিক্ষাৰ উদ্দেশ্যই হৈছে মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহক এক প্ৰকৃত পৰিচয় প্ৰদান কৰা৷” আচলতে এই পৃথিৱীত সকলোৱে নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যক পূৰ্ণতা প্ৰাপ্তি ঘটাই সফল হ’ব বিচাৰে৷ সফলতা আমাৰ সকলোৰে কাম্য৷ সফলতাৰ এই যাত্ৰাত নিজকে চামিল কৰিবলৈ হ’লে ছাত্ৰ অৱস্থাতেই নিজকে উপযুক্ত ৰূপত গঢ়ি তুলিব লাগিব৷ কাৰণ
‘‘Today’s students are the citizen of tomorrow’’ আজিৰ যুৱ বা ছাত্ৰই কাইলৈ দেশৰ নাগৰিক৷ গতিকে বৰ্তমানৰ ভেঁটিতে ভৱিষ্যতৰ বীজ৷ এই কথাষাৰ মনত ৰাখিয়েই দেশৰ অনাগত ভৱিষ্যত ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত সুশিক্ষাৰে শিক্ষিত কৰি নিজৰ ভৰিৰ ওপৰত নিজেই থিয় দিব পৰা এজন দক্ষ, সামৰ্থবান ছাত্ৰ-ছাত্ৰী গঢ়ি তোলাৰ মানসেৰে নিৰৱচ্ছিন্ন সাধনাত ব্ৰতী হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ অভিজ্ঞতা শিক্ষা প্ৰতিষ্ঠান, মানুহ গঢ়াৰ কমাৰশাল–“UNIVERSITY
OF SCIENCE & TECHNOLOGY, MEGHALAY” চমুকৈ
USTM য়ে৷ অসমৰ গাতে লাগি থকা মেঘালয় জিলাৰ মনোৰম পৰিৱেশত অৱস্থিত এই অভিজাত শিক্ষা প্ৰতিষ্ঠানখনিকে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক জীৱন গঢ়াৰ এখন সুন্দৰ মঞ্চ [Platform] তৈয়াৰ কৰি সফল জীৱন গঢ়াত অৰিহণা যোগাই আহিছে আৰু এইক্ষেত্ৰত প্ৰতিষ্ঠানখনি এশ শতাংশই সফল হোৱা বুলি দাবী কৰিব পাৰি৷ ২০১১ চনতে কৰ্মযোগী তথা শিক্ষানুৰাগী ব্যক্তি প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা এই জ্ঞান বৃক্ষৰ পুলিটিয়ে সম্প্ৰতি এক বৃহৎ ৰূপ ধাৰণ কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে শৈক্ষিক জাগৰণেৰে সমাজত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে৷ ছাত্ৰ-ছাত্ৰীৰ সুন্দৰ ভৱিষ্যত গঢ় দিয়াতে অহৰহ ব্ৰতী হৈ থকা এই শিক্ষা প্ৰতিষ্ঠানখনিয়ে বিগত সময়ছোৱাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে শৈক্ষিক, বৌদ্ধিক, ক্ৰীড়া, কলা-সংস্কৃতি, সামাজিক, প্ৰশাসনিক তথা অৰ্থনৈতিক আদি সকলো ক্ষেত্ৰতে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে৷ ইতিহাসৰ সোণালী পৃষ্ঠা লুটিয়াই চালেই দেখা পোৱা যাব যে এই প্ৰতিষ্ঠানৰ কেইবাগৰাকীও প্ৰাক্তন শিক্ষীৰ্থীয়ে তেওঁলোকৰ স্বকীয়তাৰে, প্ৰতিজনৰে নিজা নিজা ক্ষেত্ৰত জিলিকি উঠিবলৈ সক্ষম হৈছে৷ শিক্ষা প্ৰতিষ্ঠানখনিৰ সুদক্ষ আচাৰ্য্য এম. হকৰ নেতৃত্বত প্ৰতিজন শিক্ষকেই দক্ষ আৰু মৰমীয়াল আৰু প্ৰতিটো দিশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে৷ ছাত্ৰ-ছাত্ৰীৰ মন আকৃষ্ট কৰিব পৰাকৈ উন্নত আন্তঃগাঁথনি যুগুত শিক্ষা প্ৰতিষ্ঠানখনত আটকধুনীয়া পুঁথিভৰাল, খেলা-ধূলাৰ সকলো ব্যৱস্থা, ছাত্ৰ নিবাস, ছাত্ৰী নিৱাস, অত্যাধুনিক প্ৰেক্ষাগৃহ আদি সকলো সুবিধাই উপলব্ধ৷ যিখিনি সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুটো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উন্নত শিক্ষাৰ বাবে লাখ লাখ টকা খৰচ কৰি বাহিৰলৈ ঢাপলি মেলিছে, সেইখিনি সময়ত উন্নত শিক্ষাৰ প্ৰতিশ্ৰুতিৰ লগতে অন্যান্য সকলো সা-সুবিধাৰে কম খৰচতে মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণৰ বাবে দুৱাৰ খোলা ৰাখিছে এই শিক্ষা প্ৰতিষ্ঠানখনিয়ে৷ লগতে অভিভাৱক সকলকো কিছু অৰ্থনৈতিক সকাহ দি তেওঁলোকৰ কাষত থিয় দিয়াৰ প্ৰয়াস কৰিছে৷ এই জ্ঞান মন্দিৰৰ যাত্ৰাৰ সফলতাৰ অৰ্থে ‘পূৰ্বদিশ’ আলোচনীৰ তৰফৰ পৰা যাচিলোঁ মুঠি মুঠি শুভকামনা৷শিক্ষা জাতিৰ মেৰুদণ্ড৷ শিক্ষা সমাজৰ দাপোণ, য’ত প্ৰতিফলিত হয় এখন সমাজৰ জীৱন ধাৰণৰ কৌশল, সাহিত্য, সভ্যতা আৰু সংস্কৃতি৷ শিক্ষাই মানৱ জীৱনক প্ৰদান কৰে পোহৰ, কৰ্মকুশলতা, স্বাৱলম্বিতা, জীৱন ধাৰণৰ উপায়, সৌন্দৰ্য্য আৰু আনন্দ৷ শিক্ষা অবিহনে কোনো লোককে যোগ্য, দায়িত্ববান মানুহ হিচাপে গঢ়ি তুলিব পৰা নাযাব আৰু শিক্ষা নহ’লে কোনো মানুহেই প্ৰকৃতাৰ্থত ব্যক্তিত্ব [Personality] অৰ্জন কৰিব নোৱাৰে৷ সেয়েহে হয়তো ৰাজা ৰামমোহন ৰায়ে কৈছিল–“শিক্ষাৰ উদ্দেশ্যই হৈছে মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহক এক প্ৰকৃত পৰিচয় প্ৰদান কৰা৷” আচলতে এই পৃথিৱীত সকলোৱে নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যক পূৰ্ণতা প্ৰাপ্তি ঘটাই সফল হ’ব বিচাৰে৷ সফলতা আমাৰ সকলোৰে কাম্য৷ সফলতাৰ এই যাত্ৰাত নিজকে চামিল কৰিবলৈ হ’লে ছাত্ৰ অৱস্থাতেই নিজকে উপযুক্ত ৰূপত গঢ়ি তুলিব লাগিব৷ কাৰণ
‘‘Today’s students are the citizen of tomorrow’’ আজিৰ যুৱ বা ছাত্ৰই কাইলৈ দেশৰ নাগৰিক৷ গতিকে বৰ্তমানৰ ভেঁটিতে ভৱিষ্যতৰ বীজ৷ এই কথাষাৰ মনত ৰাখিয়েই দেশৰ অনাগত ভৱিষ্যত ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত সুশিক্ষাৰে শিক্ষিত কৰি নিজৰ ভৰিৰ ওপৰত নিজেই থিয় দিব পৰা এজন দক্ষ, সামৰ্থবান ছাত্ৰ-ছাত্ৰী গঢ়ি তোলাৰ মানসেৰে নিৰৱচ্ছিন্ন সাধনাত ব্ৰতী হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ অভিজ্ঞতা শিক্ষা প্ৰতিষ্ঠান, মানুহ গঢ়াৰ কমাৰশাল–“UNIVERSITY
OF SCIENCE & TECHNOLOGY, MEGHALAY” চমুকৈ
USTM য়ে৷ অসমৰ গাতে লাগি থকা মেঘালয় জিলাৰ মনোৰম পৰিৱেশত অৱস্থিত এই অভিজাত শিক্ষা প্ৰতিষ্ঠানখনিকে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক জীৱন গঢ়াৰ এখন সুন্দৰ মঞ্চ [Platform] তৈয়াৰ কৰি সফল জীৱন গঢ়াত অৰিহণা যোগাই আহিছে আৰু এইক্ষেত্ৰত প্ৰতিষ্ঠানখনি এশ শতাংশই সফল হোৱা বুলি দাবী কৰিব পাৰি৷ ২০১১ চনতে কৰ্মযোগী তথা শিক্ষানুৰাগী ব্যক্তি প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা এই জ্ঞান বৃক্ষৰ পুলিটিয়ে সম্প্ৰতি এক বৃহৎ ৰূপ ধাৰণ কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে শৈক্ষিক জাগৰণেৰে সমাজত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে৷ ছাত্ৰ-ছাত্ৰীৰ সুন্দৰ ভৱিষ্যত গঢ় দিয়াতে অহৰহ ব্ৰতী হৈ থকা এই শিক্ষা প্ৰতিষ্ঠানখনিয়ে বিগত সময়ছোৱাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে শৈক্ষিক, বৌদ্ধিক, ক্ৰীড়া, কলা-সংস্কৃতি, সামাজিক, প্ৰশাসনিক তথা অৰ্থনৈতিক আদি সকলো ক্ষেত্ৰতে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে৷ ইতিহাসৰ সোণালী পৃষ্ঠা লুটিয়াই চালেই দেখা পোৱা যাব যে এই প্ৰতিষ্ঠানৰ কেইবাগৰাকীও প্ৰাক্তন শিক্ষীৰ্থীয়ে তেওঁলোকৰ স্বকীয়তাৰে, প্ৰতিজনৰে নিজা নিজা ক্ষেত্ৰত জিলিকি উঠিবলৈ সক্ষম হৈছে৷ শিক্ষা প্ৰতিষ্ঠানখনিৰ সুদক্ষ আচাৰ্য্য এম. হকৰ নেতৃত্বত প্ৰতিজন শিক্ষকেই দক্ষ আৰু মৰমীয়াল আৰু প্ৰতিটো দিশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে৷ ছাত্ৰ-ছাত্ৰীৰ মন আকৃষ্ট কৰিব পৰাকৈ উন্নত আন্তঃগাঁথনি যুগুত শিক্ষা প্ৰতিষ্ঠানখনত আটকধুনীয়া পুঁথিভৰাল, খেলা-ধূলাৰ সকলো ব্যৱস্থা, ছাত্ৰ নিবাস, ছাত্ৰী নিৱাস, অত্যাধুনিক প্ৰেক্ষাগৃহ আদি সকলো সুবিধাই উপলব্ধ৷ যিখিনি সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুটো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উন্নত শিক্ষাৰ বাবে লাখ লাখ টকা খৰচ কৰি বাহিৰলৈ ঢাপলি মেলিছে, সেইখিনি সময়ত উন্নত শিক্ষাৰ প্ৰতিশ্ৰুতিৰ লগতে অন্যান্য সকলো সা-সুবিধাৰে কম খৰচতে মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণৰ বাবে দুৱাৰ খোলা ৰাখিছে এই শিক্ষা প্ৰতিষ্ঠানখনিয়ে৷ লগতে অভিভাৱক সকলকো কিছু অৰ্থনৈতিক সকাহ দি তেওঁলোকৰ কাষত থিয় দিয়াৰ প্ৰয়াস কৰিছে৷ এই জ্ঞান মন্দিৰৰ যাত্ৰাৰ সফলতাৰ অৰ্থে ‘পূৰ্বদিশ’ আলোচনীৰ তৰফৰ পৰা যাচিলোঁ মুঠি মুঠি শুভকামনা৷
